ৰামন প্ৰভাৱ

ৰামন প্ৰভাৱ বা ৰামন বিক্ষেপণ (ইংৰাজী: Raman effect বা Raman scattering) হৈছে ফ'টন (Photon) কণাসমূহৰ অস্থিতিস্থাপক বিকিৰণ। ১৯২৮ চনত চি ভি ৰামন আৰু তেওঁৰ ছাত্ৰ কে এছ কৃষ্ণণে তৰল পদাৰ্থত ৰামন প্ৰভাৱ আৱিষ্কাৰ কৰিছিল। চি ভি ৰামনৰ নামেৰে নামকৰণ কৰা এই পৰিঘটনাটো ১৯২৩ চনত আডল্ফ স্মেকালে তাত্ত্বিকভাৱে পূৰ্বানুমান কৰিছিল।

ৰামন প্ৰভাৱ অনুুসৰি পোহৰ কোনো পাৰদৰ্শী মাধ্যমেৰে পাৰ হ'লে ইয়াৰ প্ৰকৃতি তথা স্বভাৱ সলনি হয়। যেতিয়া ফ'টন কণাসমূহ বিক্ষিপ্ত হয়, তেতিয়া সৰহ সংখ্যক ফ'টন অস্থিতিস্থাপকভাৱে এনেদৰে বিক্ষিপ্ত হয় যে বিক্ষিপ্ত কণাসমূহৰ শক্তি (তৰংগ দৈঘ্য আৰু কম্পনাংক) আপতিত ফ'টন কণাৰ সৈতে সমান হয়। আপতিত ফ'টন কণাৰ কম্পনাংকতকৈ বিক্ষিপ্ত ফ'টন কণাৰ কম্পনাংক বেছি হ'লে অল্প সংখ্যক ফ'টন কণা পুনৰ বিক্ষিপ্ত হয়। গেছৰ ক্ষেত্ৰত শক্তিস্তৰৰ পৰিৱৰ্তনৰ লগে লগেই আণৱিক শক্তিৰো পৰিবৰ্তন ঘটে। ইয়াৰ দৃশ্যমানতা বিক্ষিপ্ত অণু সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

ৰামনে প্ৰথমবাৰৰ বাবে ১৯২১ চনত ইউৰোপ ভ্ৰমণৰ সময়ত ঘটনাটো লক্ষ্য কৰিছিল। ভূমধ্য সাগৰ আৰু আইচবাৰ্গৰ নীলা ৰং লক্ষ্য কৰি তেওঁ এই আকৰ্ষণীয় ঘটনাটোৰ কাৰণ বুজিব বিচাৰিছিল। তেওঁ স্বচ্ছ বৰফৰ খণ্ড আৰু পাৰাৰ আৰ্ক লেম্পৰ পোহৰৰ সৈতে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছিল। তেওঁ বৰফৰ টুকুৰাৰ জৰিয়তে পোহৰ জ্বলোৱাৰ পিছত তৰংগদৈৰ্ঘ্যৰ পৰিৱৰ্তন নথিভুক্ত কৰিছিল।

যদিও ঘটনাটো পৰ্যবেক্ষণ কৰা প্ৰথম ব্যক্তি নহয়, ৰামনে প্ৰথমে ১৯২৮ চনত পৰ্যৱেক্ষণবোৰ প্ৰকাশ কৰিছিল। ৰাছিয়াৰ পদাৰ্থবিজ্ঞানী গ্ৰিগোৰী লেণ্ডচবাৰ্গ আৰু লিওনিড মেণ্ডেলষ্টামে প্ৰথমে ৰমনৰ মাত্ৰ এসপ্তাহ আগতে প্ৰভাৱটো লক্ষ্য কৰিছিল। অৱশ্যে, তেওঁলোকে ৰমনৰ কেইমাহমান পিছত তেওঁলোকৰ ফলাফল প্ৰকাশ কৰিছিল।

এইটো এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছিল যিয়ে ভৱিষ্যতৰ কেইবাটাও বৈজ্ঞানিক বিকাশৰ পথ প্ৰশস্ত কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত প্ৰতিষ্ঠিত পদাৰ্থবিজ্ঞানীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু ভাৰতীয় যুৱক-যুৱতীসকলক তেওঁৰ পদাংক অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাচি ভি ৰামন

🔥 Trending searches on Wiki অসমীয়া:

পিম্পৰা গুচোৱাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাআগ্নেয়গিৰিতিৱা জনগোষ্ঠীভাৰতৰ প্ৰধানমন্ত্ৰীদৰ্শনঅসমৰ মাছ ধৰা সঁজুলিঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাযোৰহাট জিলাসম্ৰাট অশোকসত্যনাথ বৰাকাৰ্বি জনগোষ্ঠীশ্ৰী সূৰ্য পাহাৰ২৬ এপ্ৰিলস্বাভাৱিক সংখ্যাচিপাহী বিদ্ৰোহ ১৮৫৭ঈয়াৰুইঙ্গমবীৰেন্দ্ৰনাথ দত্তঢোলঅসমৰ পৰম্পৰাগত সাজ-পাৰব’হাগঅণুগল্পপ্ৰদূষণঅসমৰ বাঁহ-বেতৰ শিল্পইয়াত এখন অৰণ্য আছিলভাৰতৰ নিৰ্বাচন আয়োগঅসমীয়া ব্যাকৰণবৰপেটা (লোকসভা সমষ্টি)শিৱসাগৰআত্মজীৱনীধ্যান চান্দভাৰতীয় ভাষাশৰাইঘাট দলংতথ্য জনাৰ অধিকাৰ আইন, ২০০৫মদন কামদেৱ দেৱালয়নৱকান্ত বৰুৱাভাৰতৰ উপৰাষ্ট্ৰপতিভূপেন হাজৰিকাপতঞ্জলিৰ যোগসূত্ৰবায়ু প্ৰদূষণমহামায়া ধামব্যাকৰণআলেকজেণ্ডাৰউদাৰনৈতিকতাবাদভাৰতীয় ৰেলঅসমৰ ধান খেতিৰ সঁজুলিসমূহইজৰাইলঘৰচিৰিকাত্ৰিপিটকডি এন এমহাদেশবেলিমাৰ (নাটক)যক্ষ্মাসুন্দৰীদিয়া সত্ৰচামেলি মেমচা'বখাদ্য সুৰক্ষাদামোদৰ দেৱআলেকজেণ্ডাৰ গ্ৰাহাম বে'লমাছঅসমৰ পৰম্পৰাগত সাজ- পাৰপাচন তন্ত্ৰকোকৰাঝাৰ (লোকসভা সমষ্টি)আধুনিকতাবাদকবিতাব্যক্তিত্বশ্ৰীমদ্ভগৱতগীতামানৰ অসম আক্ৰমণসাঁথৰৱিকিমিডিয়া ফাউণ্ডেশ্যনসূৰ্যপৰিৱেশ তন্ত্ৰএককোষী জীৱ🡆 More