ৰং পঞ্চমী

ৰং পঞ্চমী (সংস্কৃত: रंगपंचमी, ৰোমানিক: Raṅgapañcamī) হৈছে হিন্দু মাহৰ দ্বিতীয় পষেকৰ পঞ্চম দিন ই এটা ফাগুন মাহৰ কৃষ্ণ পঞ্চমীত পালন কৰা হিন্দু উৎসৱ। হোলী উৎসৱৰ পিছৰ পঞ্চম দিনা ইয়াক পালন কৰা হয়।ধূলিবন্দনৰ পৰা আৰম্ভ হোৱা বসন্ত উৎসৱ, পাঁচ দিনৰ দিনা ৰংপঞ্চমীৰ দিনটোত সম্পূৰ্ণ হয়। ৰংপঞ্চমীৰ সময়ত মানুহে হোলীৰ দৰেই ইজনে সিজনৰ ওপৰত ৰঙীন গুড়ি ছটিয়াই বা লেপ দিয়ে । ৰং পঞ্চমীত মানুহে ইজনে সিজনৰ ওপৰত ৰঙীন পানীও ছটিয়াই। এই উৎসৱৰ উৎপত্তি মহাৰাষ্ট্ৰত হোৱা বুলি ধাৰণা কৰা হয় আৰু ইয়াক শিমগা নামেৰেও জনা যায়। কোনো কোনো ঠাইত মানুহে কোনো দেৱতাৰ প্ৰতিমূৰ্তি লৈ সৰু সৰু শোভাযাত্ৰা কৰে আৰু ওচৰৰ নদী বা পুখুৰীত দেৱতাক বিসৰ্জন দি শোভাযাত্ৰা শেষ কৰে। ৰংপঞ্চমী মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, আৰু কৰ্ণাটকৰ জনপ্ৰিয় উৎসৱ ।

ৰং পঞ্চমী
কৃষ্ণয়ে গোপীৰ লগত ৰংপঞ্চমী খেলাৰ সময়ত
ৰং পঞ্চমী
ৰং পঞ্চমী

বিৱৰণ

ঐশ্বৰিক দম্পতী ৰাধা কৃষ্ণৰ সৈতে জড়িত প্ৰেম আৰু ৰঙৰ উৎসৱ হিচাপে ৰংপঞ্চমী পালন কৰা হয়। আন এটা কিংবদন্তি অনুসৰি ইয়াক অসুৰ ৰজা হিৰণ্যকশিপুৰ ভগ্নী প্ৰহ্লাদৰ পেহী হোলিকাই জ্বলোৱা অগ্নিকুণ্ডৰ পৰা পৰিত্ৰাণৰ পৰিঘটনা হিচাপে গণ্য কৰা হয়।

ইতিহাস

দ্বাপৰ যুগত বাল/কুমাৰ কৃষ্ণই গোকুলত থকা নিজৰ গোপালক সকলৰ ওপৰত ৰঙীন পানী ছটিয়াই গ্ৰীষ্মকালৰ গৰম কমাই দিছিল। ৰংপঞ্চমীৰ ৰূপত আজিও একে প্ৰথা চলি আছে। মধ্যযুগত অনুষ্ঠান, ৰজাসকলে হোলী আৰু ৰংপঞ্চমী উৎসৱ পালন কৰিছিল। ৰাধা আৰু কৃষ্ণই একেলগে ৰং খেলি ভাল পাইছিল বুলি বিশ্বাস কৰা হয় এই দিনটোত। কৃষ্ণৰ লগতে এই দিনটোত ৰাধাকো পূজা কৰা হয়।

ৰং পঞ্চমীৰ তাৎপৰ্য্য

নামটোত কোৱাৰ দৰে ৰংপঞ্চমীৰ পাঁচটা ৰং আছে আৰু ই মানৱ শৰীৰ আৰু মহাবিশ্ব গঠন কৰা পাঁচটা উপাদানক প্ৰতিনিধিত্ব কৰে। পঞ্চ তত্ত্ব (পাঁচটা মৌল) অগ্নি (অগ্নি), পৃথ্বী (পৃথিৱী), জল (পানী) বায়ু (বায়ু) আৰু লগতে আকাশ (মহাকাশ) ৰংপঞ্চমীৰ দিনা খেলি উদযাপন কৰে। বহু ঠাইত ফাগুনৰ পূৰ্ণিমা তিথিত হোলী উৎসৱ আৰম্ভ হয় আৰু ৰংপঞ্চমীৰ দিনা শেষ হয়। এই দিনটোত নিষ্ঠাৰে অন্তৰৰ পৰা দুৰ্গা দেৱীৰ পূজা কৰিলে তেওঁৰ আশীৰ্বাদ লাভ কৰে বুলি বিশ্বাস কৰা হয়। এওঁৰ স্মৰণেও আপোনাৰ কুণ্ডলীত থকা দোষবোৰ নোহোৱা কৰে বুলি বিশ্বাস।

আগতে এটা নিৰ্দিষ্ট বতৰত কেইবাদিনো হোলী উদযাপন চলিছিল । সেই সময়ত ৰংপঞ্চমীৰে হোলীৰ উৎসৱৰ অন্ত পেলাইছিল। কিন্তু সত্যটো হ’ল ৰংপঞ্চমী মাথোঁ হোলীক প্ৰতিনিধিত্ব কৰাৰ আন এটা উৎসৱহে যিটো চৈত্ৰ মাহত কৃষ্ণ পক্ষৰ কৃষ্ণ পঞ্চমী তিথিত পালন কৰা হয়।হিন্দুসকলৰ বাবে ৰংপঞ্চমী অত্যন্ত শুভ আৰু এক উল্লেখযোগ্য প্ৰথা হিচাপে গণ্য কৰা হয়। জনা মতে হোলীৰ এদিন আগত একোৰা ডাঙৰ জুইৰ দ্বাৰা'হোলিকা দাহন'ৰ দ্বাৰা জ্বলোৱা জুইয়ে বায়ুমণ্ডলত থকা সকলো ৰাজসিক আৰু তামাসিক কণা বিশুদ্ধ কৰে। ই অঞ্চলটোত এক বিশুদ্ধ আভা উৎপন্ন কৰে আৰু পৰিৱেশটোক এক বিশাল ইতিবাচক প্ৰভাৱেৰে ভৰাই তোলে যিয়ে ৰঙৰ বিভিন্ন দেৱতাক মুকলি কৰাত সহায় কৰে। ৰংপঞ্চমী সুখৰ ভাগ-বতৰা কৰা এক উৎসৱ। জীৱনৰ তিনিটা বৈশিষ্ট্য হ’ল ক্ৰমে তামছ (অলসতা আৰু কঠিনতাৰ প্ৰৱণতা), ৰজ (উচ্চাকাংক্ষা আৰু কাৰ্যকলাপৰ প্ৰৱণতা) আৰু সত্ত্ব (নিস্বাৰ্থ সেৱাৰ প্ৰৱণতা)। জীৱনৰ প্ৰতি সন্তুষ্টি আৰু অনুভূত মানসিক চাপ হৈছে মানুহৰ জীৱনৰ মানদণ্ডৰ গুৰুত্বপূৰ্ণ নিৰ্ণায়ক। ৰংপঞ্চমীও ৰজ আৰু তামছৰ ওপৰত জয়লাভৰ চিন, যিয়ে ‘পাঞ্চ তত্ত্ব’, বিশ্বব্ৰহ্মাণ্ড (পৃথিৱী, পোহৰ, পানী, আকাশ, আৰু বতাহ)ক সন্মান জনায়। মানুহৰ শৰীৰটোও পাঁচটা মৌলৰে গঠিত হোৱাৰ কথা। ৰংপঞ্চমী দিৱসত দেৱতাসকলক শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

গুৰুত্ব

ৰংপঞ্চমী এটা গুৰুত্বপূৰ্ণ বসন্ত উৎসৱ। এই উৎসৱ গৰমৰ আৰম্ভণিতে পালন কৰা হয়। গৰম কম কৰিবলৈ আৰু ঠাণ্ডা হ'বলৈ ইজনে সিজনৰ ওপৰত পানী পেলোৱাৰ প্ৰথা।

আৰ্হি

ৰংপঞ্চমী সমগ্ৰ ভাৰততে পালন কৰা হয়।

দেশৰ কোনো কোনো ঠাইত এই জনপ্ৰিয় উৎসৱৰ বিশেষ ধৰ্মীয় তাৎপৰ্য আছে। এই উৎসৱ বলাৰাম মন্দিৰত বসন্ত পঞ্চমীৰ পৰা আৰম্ভ হয়। এই দিনটোত হোলীৰ সৈতে জড়িত লোকগীত গোৱা হয়। যিহেতু কৃষ্ণ আৰু বালাৰামে ব্ৰজা অঞ্চলত হোলী উৎসৱ উপভোগ কৰে বুলি বিশ্বাস কৰা হয়, সেয়েহে উত্তৰ প্ৰদেশত হোলী উদযাপনৰ ধৰ্মীয় তাৎপৰ্য্যও আছে।

এই উৎসৱক এই অঞ্চলত দুলাহাণ্ডী বুলি কোৱা হয়। দেউৰ আৰু ননন্দৰ সৈতে ৰঙৰ খেল উপভোগ কৰাৰ প্ৰথা ইয়াত প্ৰচলিত।

মধ্যপ্ৰদেশত হোলী উপলক্ষে গোৱা গীতবোৰক ফাগ বুলি কোৱা হয়। এই গীতসমূহৰ উৎপত্তি বুণ্ডেলখণ্ডত বুলি বিশ্বাস কৰা হয়। ভক্তসকলে শিৱ মন্দিৰলৈ গৈ ভগৱানক বিশেষ উৎসৱৰ পূজা আগবঢ়ায়।


বৰ্তমান অৱস্থা

শেহতীয়াকৈ পাৰ্শ্বক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাসায়নিক ৰঙৰ সলনি প্ৰাকৃতিক ৰং ব্যৱহাৰ বৃদ্ধি পাইছে। এই দিনটোত মানুহে ৰং খেলি আনন্দ অনুভৱ কৰে। ফুলৰ পাহি, হেনা, গোলাপ ফুলৰ পাত, টমেটো, হলুদ, দালিৰ আটা, হলুদ, বুট আদি প্ৰাকৃতিক উপাদানৰ পৰাও ৰং তৈয়াৰ কৰা হয়।

চিত্ৰ গেলেৰী

লগতে চাওক

  • হোলী
  • শ্বিগমো
  • মহাৰাষ্ট্ৰৰ হিন্দু উৎসৱৰ তালিকা

তথ্যসূত্ৰ

Tags:

ৰং পঞ্চমী বিৱৰণৰং পঞ্চমী ইতিহাসৰং পঞ্চমী ৰ তাৎপৰ্য্যৰং পঞ্চমী গুৰুত্বৰং পঞ্চমী আৰ্হিৰং পঞ্চমী বৰ্তমান অৱস্থাৰং পঞ্চমী চিত্ৰ গেলেৰীৰং পঞ্চমী লগতে চাওকৰং পঞ্চমী তথ্যসূত্ৰৰং পঞ্চমীহোলী

🔥 Trending searches on Wiki অসমীয়া:

গমধৰ কোঁৱৰলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানশিশু সাহিত্যআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডপ্ৰকৃতিচাহবাঁহীছাইমন কমিশ্যনপিঠাফাকে জনগোষ্ঠীবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰাতি বিহুসংঘাতসমাজতত্ত্বটুক্ৰেশ্বৰী দেৱালয়নেপালী জনগোষ্ঠীনিচুকনি গীতচীনা-তিব্বতীয় ভাষাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহবিজ্ঞানবৰাক উপত্যকাদুৰ্গাঅৰুণ শৰ্মাশকুন্তলা (চলচ্চিত্ৰ)২০২১ৰ অসম বিধানসভা নিৰ্বাচনকানাই বৰশী বোৱা শিলালিপিপুথিভঁৰালঅসমীয়া লোক-সংস্কৃতিচুটিগল্পঅসমৰ পৰম্পৰাগত সাজ- পাৰজাতি লাউউদয় শংকৰবিহুভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাশিৱসাগৰৰ শিৱদৌলৱিকিমিডিয়া ফাউণ্ডেশ্যনআহোম ৰাজ্যযোৰহাটএশিঙীয়া গঁড়অতুল চন্দ্ৰ হাজৰিকামৃণাল কলিতাকাতি বিহুমাঘ বিহুঅসমৰ বাঁহ-বেতৰ শিল্পভাৰতীয় টকাওজাপালিদক্ষিণপাট সত্ৰহেমচন্দ্ৰ গোস্বামীভাৰতৰ সংবিধানগাঁও পঞ্চায়তকথা-ভাগৱতদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাম’বাইল ফোনৰাজনীতিমদন কামদেৱ দেৱালয়শিক্ষামৰুভূমিঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিকম্পিউটাৰআনন্দ চন্দ্ৰ আগৰৱালাসুতুলীহেমকোষৰজনীগন্ধাব্যৱস্থাপনামহেশ্বৰ নেওগলীলা গগৈবাল্য বিবাহগণৰাজ্য দিৱস (ভাৰত)ভূপেন হাজৰিকাৱিকিপিডিয়াফুলগুৰি ধেৱা🡆 More