চ'জুন

চ'জুন, আৰনাম কেথে বা সৰগ পূজা হৈছে কাৰ্বিসকলৰ এক কৃষি কেন্দ্ৰিক ব্যক্তিগত পূজা। এই পূজা সাধাৰণতে মাঘ বা ফাগুন মাহত উদযাপন কৰা হয়। কাৰ্বি সকলৰ সৰহ সংখ্যকেই হিন্দু ধৰ্মাৱলম্বী। সেয়ে তেওঁলোকে দেৱ-দেৱতাৰ পূজাত বিশ্বাস কৰে। চ'জুন পূজাৰ মূল পূজ্য দেৱতা ইন্দ্ৰ (ছিনিংৰিছ) যদিও এই পূজাত 'হেম্ফু' অৰ্থাৎ বিষ্ণু (গৃহ দেৱতা)কো পূজা কৰা হয়। আনহাতে বৰুণ (হাৰাতা) আৰু তেওঁৰ সহযোগী 'হাৰাতা আমপৰতক', ইন্দ্ৰৰ দূত বিৰণে, লংলে-আ-হি-ই অৰ্থাৎ লক্ষ্মী দেৱী, গৃহস্থৰ আদি পুৰুষ ছাৰ সূৰ্য্যদেৱতা আৰণি আৰু গৃহস্থৰ পূৰ্বপুৰুষ আৰ আনথক সকলক দেৱতা জ্ঞান কৰি পূজা – অৰ্চনা কৰাৰ নিয়ম আছে। চ'জুন পূজা সাধাৰণতে তিনিটা পৰ্য্যায়ত কৰা হয়। চাৰি, পাঁচ বা ন বছৰৰ অন্তৰালত কাৰ্বি লোক সকলে নিজৰ ঘৰত এই পূজা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰে। পূজাত গাহৰি আৰু কুকুৰা চৰাই বলি দিয়া হয়। পূজাৰ অন্তত বিশেষ বিশেষ ব্যক্তি সকলক স-সন্মানে মদ আৰু মাংস আগবঢ়োৱা হয়।

আয়োজন

পূজাৰ আগদিনা ৰাতি আয়োজকৰ ঘৰত নাম-কীৰ্তন কৰি পূজ্য দেৱতা সকলক পূজালৈ সাদৰে আমন্ত্ৰণ কৰাৰ নিয়ম আছে। সেইদিনা খাৰ, আঞ্জা ৰান্ধি দেৱতা সকললৈ আগ বঢ়োৱা হয় আৰু পূজাৰীয়ে মন্ত্ৰপাঠ কৰি দেৱতা সকলক স্মৰণ কৰে। পূজাৰ দিনা পুৱাতে আয়োজকৰ ঘৰতেই মন্ত্ৰপাঠেৰে দেৱতা সকলক প্ৰথম পূজা আগবঢ়োৱা হয়। ইয়াৰ পিছতে মুকলি ঠাই বা পথাৰৰ নিৰ্দিষ্ট ঠাইত পূজাৰ বাবে প্ৰয়োজন হোৱা বেদী, পূজাৰীসকল আৰু আমন্ত্ৰিত ব্যক্তি সকল বহাৰ ঠাই, পৰিয়ালৰ লোক সকল বহাৰ ঠাই, মহিলা সকলৰ বাবে আছুতীয়াকৈ বহাৰ ব্যৱস্থা কৰা হয়। পানী ৰখা ঠাই, মদ বা হৰলাং থোৱা ঠাই আৰু মঙহ ৰখা ঠাই সমূহ সাধাৰণতে কলপাতেৰে চালি বা বেৰ দি তৈয়াৰ কৰা হয়।

পূজাৰ পদ্ধতি

পূজাৰ বেদী স্থাপন

চ'জুন পূজাৰ বাবে দেৱতাৰ বেদীবোৰ মুকলি পথাৰত পূব মুৱাকৈ স্থাপন কৰা হয়। বেদীবোৰ মাটিৰে ওখকৈ সজোৱা হয়। মাটিৰ সেই ঢিপ বা বেদীৰ কাষতে হৰবংছ অৰ্থাৎ তিতালাও স্থাপন কৰি লাংথে লাংপং অৰ্থাৎ বাঁহৰ চুঙা দুফাল - কৰি সেই বেদীত স্থাপন কৰে। কাৰ্বি সকলৰ লোক বিশ্বাস মতে লাংথে লাংপং দুফাল কঁৰোতে এফাল তলমুৱা আৰু আনফালে ওপৰমুৱাকৈ পৰিলে আয়োজকৰ মংগল হয় বুলি ভৱা হয়। ইয়াৰ পিছত পূজাৰ বেদীত বনৰীয়া আমগছ সদৃশ লৰু গছৰ পাত ৰখা হয়। সেই লৰু গছৰ পাতবোৰত তিনিবাৰ চাউল থোৱা হয় আৰু মাজৰ ভাগত পিতলৰ খাৰু বা খাকি ৰখা হয়।

চ'জুন পূজাৰ মুখ্য দেৱতা ইন্দ্ৰৰ মূল বেদীটো কিছু পৰিমাণে ডাঙৰকৈ পূব দিশত স্থাপন কৰা হয়। ইয়াৰ কাষতে 'হেম্ফু' অৰ্থাৎ বিষ্ণু দেৱতাৰ বেদীটোও স্থাপন কৰা হয়। ইন্দ্ৰ দেৱতাৰ বেদীটো পাতসহ 'ফংৰং' অৰ্থাৎ মাকৰী শাল গছৰ ডালেৰে চাৰিওফালে চাৰিটা বাঁহৰ খুঁটি পুতি আৰু মাজত এটা ঘাই খুঁটি পুতি চাং সাজি স্থাপন কৰা হয়। এইদৰে তৈয়াৰ কৰা চাঙত উঠিবলৈ ফংৰং গছৰ ডালত লৰুৰ পাতেৰে মেৰিয়াই মুঠ নটা খটখটি সজোৱা হয়। চাঙৰ ওপৰত কাপোৰেৰে বন্ধা এটা দোণ ৰখা হয় আৰু ইয়াত দেৱতাৰ বাবে হৰবংছ (তিতালাও) থাকে। ফংৰং গছৰ খুঁটিত সৰু কলগছৰ পুলিত মিৰটাকছু, চেহেলেবৰ আৰু চৰলেঙৰ (বনৰীয়া গছ) পাত বন্ধা থাকে। সেইদৰে চাঙৰ তলত হৰবংছ আৰু লাংটুং মাছ থোৱা পাত্ৰ থাকে। লাংটুঙৰ ভিতৰত অকৰেং (জীয়া মিছামাছ, কেঁকোৰা আৰু চেঙেলি মাছ) আৰু তাৰ কাষত এখন বলিকটা দা ‘নকজিৰ’ থাকে।

বৰুণ দেৱতা আৰু তেওঁ পত্নীৰ বাবে দুটা হাৰাতা বেদীও স্থাপন কৰা হয়। এই বেদীত কলগছ, খেৰৰ মূৰ্তি বা নমুনা, তিনিটা খটখটিৰে সৰু চাং, হৰবং, লাংথে লাংপং, সৰু এটি গাতত হণী, তুহগুৰি আৰু লৰু গছৰ পাত ব্যৱহাৰ কৰা হয়। চাঙৰ ওপৰৰ অংশত চাউল-খাৰু ৰখা হয়।

অন্য বেদীতকৈ সূৰ্য্য দেৱতাৰ বেদীটো কিছু পৃথক আৰু ধুনীয়া। এই বেদীটো মধ্য স্থলৰ পৰা কিছু বাঁওদিশে ছাৰআনথক'ৰ পাঁচোটা বেদীৰ কাষত সজোৱা হয়। আৰণিক নানা ৰং-বিৰঙৰ পিঠাগুড়িৰে সূৰ্য্যাকৃতিৰ আঙঠি তৈয়াৰ কৰা হয়। ইয়াৰ কাষতে ডাঙৰ পাতৰ এবিধ বনৰীয়া গছৰ পুলি পুতি গছৰ গুৰিত মুৰ্গী চৰাইৰ পোৱালি বা মুৰ্গীৰ কণী বান্ধি দিয়ে। তাৰ ঠিক কাষতে হৰবংছ, লাংথে লাংপং থোৱা হয়। অন্যান্য দেৱতাৰ বাবে ফংৰং গছো স্থাপন কৰে। ছাৰআনথকৰ সোঁৱৰণত সৰুকৈ পাঁচোটা সাধাৰণ বেদী সজোৱা হয়। ছাৰ বেদী আৰণি বেদীৰ সোঁহাতে, ছাৰ বেদীৰ কাষত লংলে-আ-হি-ঈ বা লক্ষ্মীদেৱীৰ বেদী স্থাপন কৰে। আনহাতে ছিনিংৰিছ বেদীৰ বাঁওহাতে হাৰাতা আমপৰতক বেদী আৰু তাৰ বাওঁহাতে হাৰাতা বেদী সজোৱা হয়। ইফালে এই সকলো বেদীৰ সন্মুখত (আগত) ডাঙৰকৈ মূল বেদী (মুখ্য) স্থাপন কৰাৰ নিয়ম আছে।

মন্ত্ৰ পাঠ

পূজা আৰম্ভ হোৱাৰ পূৰ্বে পূজাৰী আৰু সহযোগী সকলে মদ (হৰলাং) খাই মন্ত্ৰ পাঠ কৰে। এই অনুষ্ঠানক ছেকাছাদি বুলি কোৱা হয়। মন্ত্ৰ পাঠ কৰি প্ৰতিটো বেদীৰ দেৱতালৈ কুকুৰা আৰু গাহৰি উছৰ্গা কৰা হয়। বিষ্ণু দেৱতালৈ এটি সৰু কুকুৰা আগ বঢ়োৱা হয়। সেইদৰে হাৰাতা, হাৰাতা আমপৰতকলৈও এটিকৈ কুকুৰা দিয়া হয়। আৰণি সূৰ্য্যলৈ কণী আৰু বগা মতা কুকুৰা আগবঢ়োৱা হয়। ছাৰআনথকলৈ কোনো বলি আগ বঢ়োৱা নহয়। ইয়াৰ পৰিবৰ্তে তেওঁলোকলৈ কেৱল ভাত-মাংস উৎসৰ্গা কৰাৰ নিয়ম প্ৰচলিত। মন্ত্ৰপাঠেৰে উছৰ্গা শেষ হ'লে ৰান্ধনিসকলে ভাত মাংস ৰান্ধে। গাভৰু আৰু ডেকা সকলে ভাত আৰু মদ বিতৰণ কৰে। অৱশ্যে প্ৰথমে দেৱতা সকলৰ বেদীত ভাত-মাংস-পেটুকা আদি উছৰ্গা কৰাৰ পাচত বগৱাৰ নাম স্মৰণ কৰি সমবেত ৰাইজে আসন গ্ৰহণ কৰে যদিও আয়োজকে বিশিষ্ট সকলক মাংস আগ বঢ়ায়। এই সময়তে পূজাৰীকে ধৰি পূজাত থকা ছৰথে, হিমা আচাৰ, ৱফং-আচাৰ, লুমজং-আচাৰ আদি সকলে কুকুৰাৰ পোৰা মূৰ একোটাকৈ মান হিচাপে পায়।

তথ্যসূত্ৰ

Tags:

চ'জুন আয়োজনচ'জুন পূজাৰ পদ্ধতিচ'জুন তথ্যসূত্ৰচ'জুন

🔥 Trending searches on Wiki অসমীয়া:

অণুবীক্ষণ যন্ত্ৰকেঁচুযক্ষ্মাপৃথিৱীসূৰ্যকুমাৰ ভূঞাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগভাৰতৰ উপৰাষ্ট্ৰপতিমৰিগাঁও জিলামহাসাগৰভবেন্দ্ৰ নাথ শইকীয়াচ'মাংকানসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাজামুগুৰিহাটসংবিধান দিৱস (ভাৰত)জল সংৰক্ষণইংৰাজী ভাষাৱিকিমিডিয়া ফাউণ্ডেশ্যনশালস্তম্ভ ৰাজবংশঅসমৰ ৰেচম শিল্পআনন্দৰাম ঢেকিয়াল ফুকনইয়াণ্ডাবু সন্ধিলীলা গগৈসতী সাধনীঅসমৰ পুৰণি স্থাপত্যকলাখাৰমে ডাম মে ফি২৭ এপ্ৰিলঅগ্নিগড়প্ৰতিমা (কাব্য গ্ৰন্থ)বড়ো জনগোষ্ঠীমদন কামদেৱ দেৱালয়ভাৰতীয় নাগৰিকত্ব আইনবানপানীশদিয়াধৰিত্ৰী দিৱসগৰু বিহুতথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাহিন্দী ভাষাআন্তৰ্জাতিক মানৱ অধিকাৰ আইনমুগা (ৰেচম)ইয়াত এখন অৰণ্য আছিলসমাৰ্থক শব্দদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাশিৱসাগৰৰ শিৱদৌলএলবাৰ্ট আইনষ্টাইনউপনিষদমৰাণ জনগোষ্ঠীসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকামাছকেশৱ মহন্তউদ্ভিদপ্ৰশান্ত মহাসাগৰপঞ্চভুজপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যবকুল ফুলৰ দৰে (গ্ৰন্থ)সাম্যবাদী সমাজপুঁজিবাদম’বাইল ফোনমৰুভূমিনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতামানুহদক্ষিণপাট সত্ৰলক্ষ্মীনাথ বেজবৰুৱাপাইক প্ৰথাঅসমৰ পৰম্পৰাগত সাজ- পাৰআগ্নেয়গিৰিবেদইণ্টাৰনেটভাস্কৰ (প্ৰথম)নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯হেমচন্দ্ৰ গোস্বামীএৰিষ্ট'টল🡆 More