কেশৱ চন্দ্ৰ গগৈ

কেশৱ চন্দ্ৰ গগৈ (ইংৰাজী: Kesab Chandra Gogoi, ১৯২৫ – ১৯৯৮) অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮২ চনৰ ১৩ জানুৱাৰীৰ পৰা সেই বছৰৰে ১৯ মাৰ্চলৈকে মুখ্যমন্ত্ৰীৰ পদত তেওঁ আছিল। তেওঁ ডিব্ৰুগড় সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

কেশৱ চন্দ্ৰ গগৈ
কেশৱ চন্দ্ৰ গগৈ
অসমৰ মুখ্যমন্ত্ৰী
কাৰ্যকাল
১৩ জানুৱাৰী, ১৯৮২ – ১৯ মাৰ্চ, ১৯৮২
পূৰ্বসূৰী চৈয়দা আনোৱাৰা টাইমূৰ
উত্তৰসূৰী হিতেশ্বৰ শইকীয়া
বিধায়ক (ডিব্ৰুগড় সমষ্টি)
ব্যক্তিগত তথ্য
জন্ম ২৯ আগষ্ট, ১৯২৫
লংকা গাঁও, শিৱসাগৰ জিলা
মৃত্যু ৫ আগষ্ট, ১৯৯৮ (৭২ বছৰ)
শিক্ষানুষ্ঠান বাণাৰসী হিন্দু বিশ্ববিদ্যালয়
জীৱিকা অধিবক্তা
পিতৃ ভোগৰাম গগৈ

চমু পৰিচয়

১৯২৫ চনৰ ২৯ ছেপ্তেম্বৰত শিৱসাগৰ জিলাৰ লংকা গাঁৱত কেশৱ চন্দ্ৰ গগৈৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ভোগৰাম গগৈ। তেওঁ ১৯৪৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বাণাৰসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ শিৱসাগৰ কাছাৰীত ওকালতি আৰম্ভ কৰে। কেশৱ চন্দ্ৰ গগৈ নানা সামাজিক অনুষ্ঠানত ঘনিষ্ঠভাৱে জড়িত আছিল। তেওঁ তিনিচুকীয়া আইন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, ডিব্ৰুগড় উকীল সন্থাৰ সভাপতি, অসম উচ্চ ন্যায়ালয়ৰ প্ৰবীণ অধিবক্তা আৰু অসম ৰাজহ ব’ৰ্ডৰ এগৰাকী সদস্য। তেওঁ কিছুদিন ধৰি ডিব্ৰুগড় আইন কলেজত অধ্যাপনা কৰিছিল।

১৯৪২ চনত কেশৱ চন্দ্ৰ গগৈয়ে ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰিছিল। সেয়ে তেওঁক বাণাৰসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

ৰাজনৈতিক জীৱন

১৯৭৮ চনত জনতা দলৰ প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। সেইবাৰ গোলাপ বৰবৰাৰ মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী আছিল। ১৯৮০ চনত তেওঁ চৈয়দা আনোৱাৰা টাইমূৰৰ মন্ত্ৰীসভাৰো মন্ত্ৰী আছিল।

মুখ্যমন্ত্ৰী পদত

১৯৮২ চনৰ ১৩ জানুৱাৰীত কিছুদিনৰ বাবে কেশৱ চন্দ্ৰ গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে। ইয়াৰ আগতে অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈ আছিল। তেওঁ মন্ত্ৰীসভা গঠন কৰাৰ লগে লগে অসমত ৰাষ্ট্ৰপতি শাসনৰ অন্ত পৰে। সেই চনৰে ১৯ মাৰ্চত তেওঁৰ মন্ত্ৰীসভা সন্মুখীন হৈ পদত্যাগ কৰে। ইয়াৰ পিছত অসমত পুনৰ ৰাষ্ট্ৰপতি শাসনৰ প্ৰৱৰ্তন হয়।

মৃত্যু

১৯৯৮ চনৰ ৩ আগষ্টত কেশৱ চন্দ্ৰ গগৈৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

Tags:

কেশৱ চন্দ্ৰ গগৈ চমু পৰিচয়কেশৱ চন্দ্ৰ গগৈ ৰাজনৈতিক জীৱনকেশৱ চন্দ্ৰ গগৈ মৃত্যুকেশৱ চন্দ্ৰ গগৈ তথ্য সংগ্ৰহকেশৱ চন্দ্ৰ গগৈঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মোৰ জীৱন সোঁৱৰণভাৰতৰ ৰাষ্ট্ৰপতিঅসমলৈ মুছলমান সকলৰ প্ৰবজননলবাৰী জিলাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাশিৱসাগৰ পুখুৰীশৰাইঘাটৰ যুদ্ধভট্টদেৱকলনামদাঙৰ শিলৰ সাঁকোঅসমৰ জিলাসমূহমোৰো এটা সপোন আছেঅৰুণ শৰ্মাকম্পিউটাৰদেও লাংখুইকপিলীপৰীয়া সাধুবড়ো ভাষাঅসমীয়া লোক-সংস্কৃতিজন গণ মনএৰিষ্ট'টলচিত্ৰ-ভাগৱতকোৰআনজল প্ৰদূষণবৰ্মণ ৰাজবংশলভিতালোকসভাৰ অধ্যক্ষজেৰুজালেমনলিনীবালা দেৱীঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাঅসম দিৱসঅসমীয়া ভাষাৰ শব্দসম্ভাৰ৩০ মাৰ্চআৰ্লিং হালেণ্ডকল্পনা চাওলাৰামচৰণ ঠাকুৰসদৌ অসম ছাত্ৰ সন্থাশ্ৰী সূৰ্য পাহাৰবাজেটসত্য প্ৰসাদ বৰুৱামোহনদাস কৰমচান্দ গান্ধীবাটৰ নাটছ'ভিয়েট সংঘব্যাকৰণহিন্দ স্বৰাজআহোম জনগোষ্ঠীপৰিৱেশ অধ্যয়নঅসম বিধানসভামহাকাব্যঅৰ্থনীতিসাহিত্য অকাডেমি বঁটানাট্য শাস্ত্ৰবজ্ৰাংগী আইঅসমত দেখা পোৱা স্তন্যপায়ী প্ৰাণীসমূহফিফা বিশ্বকাপছক্ৰেটিছমাৰ্ক্সবাদকৃষিলক্ষ্মীনাথ বেজবৰুৱাবাৰেচহৰীয়া ভাওনা মহোৎসৱপৃথিৱীদশাৱতাৰঅসমীয়া ভাষা আন্দোলনচিৰ চেনেহী মোৰ ভাষা জননীবৰপেটাজোনবিৰি (অলংকাৰ)ভাৰতৰ উপৰাষ্ট্ৰপতিবলঅখণ্ড সংখ্যানয়নতৰাঅসমৰ কুঁহিলা শিল্পসুমিত্ৰা চৰত ৰামচিলাৰায়জ্যোতিপ্ৰসাদ আগৰৱালা🡆 More