কলিকতা বিশ্ববিদ্যালয়

কলিকতা বিশ্ববিদ্যালয় (ইংৰাজী: University of Calcutta) পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়। ভাৰতত কলিকতা বিশ্ববিদ্যালয়য়ে 'পঞ্চতাৰকাযুক্ত বিশ্ববিদ্যালয়' আৰু ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ দ্বাৰা 'এ' গ্ৰেড লাভ কৰিছে। ইয়াৰ লগতে বিশ্ববিদ্যালয় অনুদান আয়োগে এই বিশ্ববিদ্যালয়খনক 'বিশেষ ক্ষেত্ৰত উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন কেন্দ্ৰ' আৰু 'উৎকৃষ্টতাৰ প্ৰতিশ্ৰুতিসম্পন্ন বিশ্ববিদ্যালয়' হিচাপে চিহ্নিত কৰিছে।

কলিকতা বিশ্ববিদ্যালয়
কলিকতা বিশ্ববিদ্যালয়
মূলমন্ত্ৰ Advancement of Learning
স্থাপিত ২৪ জানুৱাৰী ১৮৫৭; ১৬৭ বছৰ আগত (1857-01-24)
ধৰণ ৰাজহুৱা বিশ্ববিদ্যালয়
আচাৰ্য পশ্চিমবংগৰ ৰাজ্যপাল
উপাচাৰ্য সোণালী চক্ৰৱৰ্তী বেনাৰ্জী
শিক্ষাৰ্থী ২২,৫২০
স্নাতক শিক্ষাৰ্থী ৩,৭১৫
স্নাতকোত্তৰ শিক্ষাৰ্থী ১৫,৭৫০
ডক্টৰেট শিক্ষাৰ্থী ১,৬৩১
স্থান কলকাতা, পশ্চিমবংগ, ভাৰত
22°34′35″N 88°21′43″E / 22.57639°N 88.36194°E / 22.57639; 88.36194 88°21′43″E / 22.57639°N 88.36194°E / 22.57639; 88.36194
চৌহদ চহৰীয়া
ৰং      বগা
     আকাশী নীলা
উপনাম চিইউ
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ, ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ, ভাৰতীয় বিশ্ববিদ্যালয় সংঘ, সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ
ৱেবছাইট www.caluniv.ac.in

বিশ্ববিদ্যালয়খনৰ সৰ্বমুঠ ১৪টা চৌহদ কলকাতা মহানগৰ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। ২০১২ চনলৈ মুঠ ১৩৬খন মহাবিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। ভাৰত চৰকাৰৰ মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়ে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান মূল্যাঙ্কন তালিকাতৰ '২০১৯ চনৰ শ্ৰেষ্ঠ ভাৰতীয় বিশ্ববিদ্যালয়'-ৰ তালিকাত কলিকতা বিশ্ববিদ্যালয়ে পঞ্চম স্থান লাভ কৰিছিল।

কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী আৰু অধ্যাপকে ৰাষ্ট্ৰৰ মুৰব্বী, চৰকাৰৰ মুৰব্বী, সমাজ সংস্কাৰক, এগৰাকী অস্কাৰ বঁটা বিজয়ী আৰু দিৰাক পদক বিজয়ী, কেইবাগৰাকী ৰয়েল ছোচাইটিৰ সভ্য, পাঁচ গৰাকী ন'বেল বঁটা বিজয়ী ইত্যাদি ভাৰত তথা বিশ্বৰ আগশাৰীৰ ব্যক্তিত্ব। কলিকত বিশ্ববিদ্যালয় ৰাষ্ট্ৰসংঘৰ একাডেমীক ইমপেক্ট প্ৰকল্পৰ সদস্য।

কলিকতা বিশ্ববিদ্যালয়
ৰবীন্দ্ৰনাথ ঠাকুৰ, প্ৰথম ভাৰতীয় আৰু এছিয়ান ন'বেল বঁটা বিজয়ী
কলিকতা বিশ্ববিদ্যালয়
অমৰ্ত্য সেন, অৰ্থনীতিত ন'বেল বঁটা বিজয়ী
কলিকতা বিশ্ববিদ্যালয়
অভিজিৎ বেনাৰ্জী, অৰ্থনীতিত ন'বেল বঁটা বিজয়ী

ইতিহাস

১৮৫৭ খনৰ ২৪ জানুৱাৰী তাৰিখে কলিকতা বিশ্ববিদ্যালয় বিধেয়ক কাৰ্যকৰী হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ আঁচনি প্ৰস্তুতকৰণৰ বাবে ৪১ গৰাকী সদস্যৰ চিনেট গঠন কৰা হৈছিল। বিশ্ববিদ্যালয়খনৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি দ্বাৰভাংগাৰ মহাৰাজ মহেশ্বৰ সিং বাহাদুৰে দান কৰিছিল। ঐতিহাসিক ভাবে বিশ্ববিদ্যালয়খনে ব্ৰিটিছ ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে ইয়াৰ ভৌগোলিক পৰিসৰ পূবে ৰেংগুনৰ (বৰ্তমান ম্যানমাৰত) পৰা উত্তৰ-পশ্চিমে লাহোৰলৈ (বৰ্তমান পাকিস্তানত) আৰু দক্ষিণে সিংহললৈ (বৰ্তমান শ্ৰীলংকা আছিল। ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ভৌগোলিক পৰিসৰৰ হিচাপে এয়া সৰ্ববৃহৎ।

১৯০৬ চনৰ পৰা ১৯১৪ চনলৈ ছাৰ আশুতোষ মুখাৰ্জী দুবছৰীয়া চাৰিটা কাৰ্যকালৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য আছিল। ১৯২১ চনত তেওঁ পঞ্চমবাৰলৈ উপাচাৰ্য পদত নিযুক্তি লাভ কৰিছিল। পাঁচ গৰাকী নোবেল বঁটা বিজয়ী ক্ৰমে : ছাৰ ৰোনাল্ড ৰছ, ৰবীন্দ্ৰনাথ ঠাকুৰ, চন্দ্ৰশেখৰ ভেংকটৰমন, অমৰ্ত্য সেন আৰু অভিজিত বেনাৰ্জী কলিকতা বিশ্ববিদ্যালয়ৰ লগত জড়িত।

চৌহদসমূহ

কলিকতা বিশ্ববিদ্যালয় 
আশুতোষ শিক্ষা প্ৰাংগণ, কলেজ ষ্ট্ৰীট চৌহদ

কলিকতা বিশ্ববিদ্যালয়ৰ মুঠ ১৪টা চৌহদ কলকাতা মহানগৰ আৰু ইয়াৰ আশে-পাশে সিঁচৰত হৈ আছে। ইয়াৰ মুখ্য চৌহদ সমূহ হল: আশুতোষ শিক্ষা প্ৰাংগণ (কলেজ ষ্ট্ৰীট), ৰাসবিহাৰী শিক্ষা প্ৰাংগণ বা ৰাজাবাজাৰ বিজ্ঞান কলেজ (ৰাজাবাজাৰ), তাৰকানাথ পালিত শিক্ষা প্ৰাংগণ (বালীগঞ্জ) আৰু শ্বহীদ খুদিৰাম শিক্ষা প্ৰাংগণ (আলিপুৰ)।

অন্যান্য চৌহদ সমূহ হ'ল : হাজৰা ৰোড চৌহদ, বিশ্ববিদ্যালয় প্ৰেছ আৰু বুক ডিপো, বি.টি. ৰোড চৌহদ, বিহাৰীলাল কলেজ অফ হম চাইন্স কেম্পাছ, বিশ্ববিদ্যালয় স্বাস্থ্য সেৱা, হাৰিংঘাটা চৌহদ, ঢাকুৰীয়া লেক চৌহদ বিশ্ববিদ্যালয় পথাৰ আৰু টেণ্ট, মৈদান।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

কলিকতা বিশ্ববিদ্যালয় ইতিহাসকলিকতা বিশ্ববিদ্যালয় চৌহদসমূহকলিকতা বিশ্ববিদ্যালয় তথ্য উৎসকলিকতা বিশ্ববিদ্যালয় বাহ্যিক সংযোগকলিকতা বিশ্ববিদ্যালয়ইংৰাজী ভাষাএছিয়া মহাদেশকলকাতাপশ্চিমবংগবিশ্ববিদ্যালয় অনুদান আয়োগৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ

🔥 Trending searches on Wiki অসমীয়া:

কলাজস্বৰ্গকোচ ৰাজবংশঅৰুণ শৰ্মাহেমকোষহীৰেন ভট্টাচাৰ্যবলসদৌ অসম ছাত্ৰ সন্থানিৰুপমা বৰগোহাঞিধাতুড়ৰাভা জনগোষ্ঠীডাকৰ বচনসৌৰভ কুমাৰ চলিহাকৰম পূজানাহৰবাগ্‌ধ্বনিঅসমৰ পুৰণি স্থাপত্যকপিলীপৰীয়া সাধুৰামধেনু (আলোচনী)তিৱা জনগোষ্ঠীহাঁচতিগগনাপৰিৱেশবাদসময়মুহাম্মাদশাল গছসেউজ গৃহ প্ৰভাৱমিৰি জীয়ৰীপানীভৌতিক সংস্কৃতিশামুকআৱাহন (আলোচনী)ৰামচৰণ ঠাকুৰহোমেন বৰগোহাঞিগৱেষণা৯ জুনঅশোক ফুলভাৰতীয় শিল্পকলাপৰিৱেশ অধ্যয়নৰাজনৈতিক দল২৯ মাৰ্চবধকাব্যতেজপুৰভাৰতৰ উচ্চতম ন্যায়ালয়বৰাক নদীৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগনেপালী জনগোষ্ঠীদীপলিনা ডেকাসাধুঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাপ্ৰযুক্তিঅসমভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভূপেন হাজৰিকাৰ সাহিত্যস্বৰাজভাৰতীয় ভাষাভাৰতীয় ৰিজাৰ্ভ বেংকবিজয় (অভিনেতা)ফুটবলৰঘুনাথ দাস মহন্তবৌদ্ধ দৰ্শনউত্তৰ-পূব ভাৰতভাৰত ৰত্নৰুবুল মাউতৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানবগীবিল দলংঅনন্ত কন্দলিৰঘুনাথ চৌধাৰীবৰপেটা জিলাঅনুবাদহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যতথ্য🡆 More