অৰুন্ধতী কাট্‌জু

অৰুন্ধতী কাট্‌জু (ইংৰাজী: Arundhati Katju, জন্ম: ১৯ আগষ্ট, ১৯৮২) এগৰাকী ভাৰতীয় অধিবক্তা। তেওঁ ভাৰত আৰু নিউয়ৰ্কত আইনৰ অনুশীলন কৰে। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত বহুতো উল্লেখযোগ্য গোচৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে জনাজাত। ইয়াৰে ভিতৰত উল্লেখযোগ্য সমূহ হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ গোচৰ, এগৰাকী ট্ৰান্সমেন ব্যক্তিক তেওঁৰ পিতৃ-মাতৃৰ দ্বাৰা অবৈধভাৱে সীমাবদ্ধ কৰাৰ গোচৰ, আগষ্টা ৱেষ্টলেণ্ড উৎকোচৰ গোচৰ, ২জি স্পেক্ট্ৰাম দুৰ্নীতিৰ গোচৰ আৰু জেচিকা লাল হত্যাৰ গোচৰ। তেওঁ ঘাইকৈ আইন অনুশীলনত বগা কলাৰযুক্ত প্ৰতিৰক্ষা, সাধাৰণ অসামৰিক গোচৰ আৰু ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ জড়িত।

অৰুন্ধতী কাট্‌জু
জন্ম ১৯ আগষ্ট, ১৯৮২
এলাহাবাদ, উত্তৰ প্ৰদেশ, ভাৰত
শিক্ষানুষ্ঠান কলম্বিয়া ল' স্কুল
ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়
পেচা অধিবক্তা

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮২ চনৰ ১৯ আগষ্ট তাৰিখে এলাহাবাদত অৰুন্ধতী কাট্‌জুৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বিবেক কাট্‌জু আৰু মাতৃ গীতা কাট্‌জু। তেওঁ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কণ্ডেয় কাট্‌জু ভাগিনী। তেওঁ ২০০০ চনত নতুন দিল্লীৰ বায়ু সেনা বাল ভাৰতী বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।

তাৰপিছত অৰুন্ধতীয়ে ২০০৫ চনত ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা সন্মানসহ আইন আৰু কলাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। প্ৰায় ১১ বছৰ ভাৰতীয় বাৰত অনুশীলন কৰাৰ পিছত তেওঁ ২০১৭ চনত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত আইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰে। ইয়াত তেওঁ এগৰাকী মানৱ অধিকাৰ সভ্য, জেমছ কেণ্ট স্কেলৰ আৰু ৰাজহুৱা স্বাৰ্থ অনাৰি আছিল। তেওঁ ফ্ৰেংকেলষ্টাইন ফেল' হিচাপে কলম্বিয়া বিশ্ববিদ্যালয়ত ভাৰতত অপৰাধী আৰু সাংবিধানিক আইনৰ ওপৰত গৱেষণা কৰিছে।

২০১৯ চনত চিএনএন ফেৰেদ জাকাৰিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ অধিবক্তা মেনকা গুৰুস্বামীৰ সৈতে সমকামী সম্পৰ্কত আছিল।

কৰ্মজীৱন

অৰুন্ধতীয়ে ২০০৫ চনত ভাৰতীয় বাৰত অন্তৰ্ভুক্ত হৈছিল আৰু জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথৰাৰ চেম্বাৰত যোগদান কৰিছিল। তেওঁ লুথৰাৰ ওচৰত পাঁচ বছৰৰ বাবে অপৰাধী প্ৰতিৰক্ষা অধিবক্তা হিচাপে অনুশীলন কৰিছিল। এজন বগা কলাৰ প্ৰতিৰক্ষা অধিবক্তা হিচাপে, তেওঁ ২জি স্পেকট্ৰাম উৎকোচ গোচৰ আৰু জেচিকা লাল হত্যা গোচৰত আৰু কেছ ফৰ কুৱেশ্যনৰ বাবে অনুসন্ধানী সাংবাদিকসকলক প্ৰতিনিধিত্ব কৰিছিল।

তেওঁ ২০১১ চনত নতুন দিল্লীত নিজৰ আইনৰ চেম্বাৰ আৰম্ভ কৰিছিল। উচ্চতম ন্যায়ালয় আৰু দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ অনুশীলনত অপৰাধী, অসামৰিক আৰু সাংবিধানিক আইনৰ ক্ষেত্ৰ আৰু ইয়াৰ লগতে মধ্যস্থতাও সামৰি লোৱা হৈছে।

২০১৬ চনত তেওঁ নৱতেজ সিং জোহৰ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ গোচৰত মুখ্য আবেদনৰ খচৰা প্ৰস্তুত কৰিছিল। তেওঁ সুৰেশ কুমাৰ কৌশাল বনাম নাজ ফাউণ্ডেচন (২০১৩) আৰু শিৱানী ভাট বানান জিএনচিটি অৱ দিল্লী (২০১৫) কে ধৰি ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ এলজিবিটি অধিকাৰ গোচৰৰত যুক্তি দৰ্শাইছিল।

তেওঁ বিভিন্ন মঞ্চত ভাৰতৰ আগশাৰীৰ ৰাজহুৱা বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (২০১৩-২০১৬) প্ৰতিনিধিত্ব কৰিছে আৰু দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ (২০০৮-২০০৯) অধিবক্তাও আছিল।

তেওঁৰ বাণিজ্যিক অনুশীলনৰ সৈতে তেওঁ তিনি বছৰৰ বাবে দিল্লী উচ্চ ন্যায়ালয় আইন সেৱা সমিতিৰ বাবে অপৰাধী আবেদনত প্ৰায় ১০০ গৰাকী ব্যক্তিক প্ৰতিনিধিত্ব কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে আমিকাছ কুৰী হিচাপে তেওঁক অপৰাধী বিষয়ত কেইবাবাৰো নিযুক্ত কৰিছে।

২০১৮ চনত তেওঁ নিউয়ৰ্কত আইন অনুশীলন বাৰত অন্তৰ্ভুক্ত হৈছিল।

সমকামীতাৰ সাংবিধানিক বৈধতা

২০১৬ চনৰ এপ্ৰিলত মাহত অৰুদ্ধতী কাট্‌জুয়ে মেনকা গুৰুস্বামী আৰু সৌৰভ কৃপালকে ধৰি অধিবক্তাৰ এটা দলৰ সৈতে ভাৰতীয় দণ্ড বিধি, ১৮৬০ৰ ধাৰা ৩৭৭ ৰ সাংবিধানিক বৈধতাৰ প্ৰত্যাহ্বান জনাই নৱতেজ সিং জোহৰৰ নেতৃত্বত পাঁচজন এলজিবিটি আবেদনকাৰীৰ হৈ এখন আবেদন দাখিল কৰে। এলজিবিটি ভাৰতীয় নাগৰিকসকলে প্ৰকৃততে তেওঁলোকৰ মৌলিক অধিকাৰ উলংঘনৰ অভিযোগ কৰি ৰিট আবেদন দাখিল কৰা এয়া প্ৰথম নিদৰ্শন আছিল। ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে প্ৰাপ্তবয়স্কসকলক সন্মতি প্ৰদান কৰাৰ বাবে ধাৰা ৩৭৭ প্ৰযোজ্য নহয় ঐতিহাসিক ৰায়দান প্ৰদান কৰিছিল।

তেওঁ ২০১৩ চনত বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলৰ হৈ সমকামিতাৰ সংবিধানিক বৈধতাৰ বিষয়ে সুৰেশ কুমাৰ কৌশাল বনাম নাজ ফাউণ্ডেচনৰ গোচৰটো উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল।

অবৈধ সীমাবদ্ধতাৰ গোচৰ

শিৱানী ভাট বনাম ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আৰু অন্যান্য গোচৰত তেওঁ ১৯ বছৰীয়া ট্ৰান্সমেন শিৱানী ভাটক প্ৰতিনিধিত্ব কৰিছিল। শিৱানীৰ পিতৃ-মাতৃয়ে প্ৰতাৰণাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ আনিছিল। অৰুন্ধতীয়ে হাৰাশাস্তিৰ পৰা সুৰক্ষা আৰু আমেৰিকালৈ উভতি যোৱাৰ অধিকাৰৰ বাবে ভাটৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত এটা ৰিট আবেদন দাখিল কৰিছিল। দিল্লী উচ্চ ন্যায়ালয়ে শিৱানীৰ পক্ষত ৰায় দিছিল। লগতে ন্যায়ালয়ে শিৱানীৰ মাক-দেউতাকে তেওঁৰ ভ্ৰমণৰ নথিপত্ৰ ঘূৰাই দিব লাগিব যাতে তেওঁ আমেৰিকা লৈ ঘূৰি যাব পাৰে বুলি ৰায় প্ৰদান কৰিছিল। আদালতে তেওঁৰ আত্মসংকল্প, ভ্ৰমণ আৰু শিক্ষাৰ অধিকাৰ ৰক্ষা কৰে।

আগষ্টা ৱেষ্টলেণ্ড ভিভিআইপি চপাৰ কেলেংকাৰী

আগষ্টা ৱেষ্টলেণ্ড দুৰ্নীতিৰ গোচৰত মধ্যস্থতাকাৰী আৰু ভাৰতীয় বিষয়াসকলে হেলিকপ্টাৰ ক্ৰয় কৰাৰ চুক্তিত অৰুন্ধতীয়ে মেনকা গুৰুস্বামীৰ সৈতে চিবিআইৰ এক বিশেষ আদালতত প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বল এচ পি ত্যাগীক প্ৰতিনিধিত্ব কৰিছিল। গ্ৰেপ্তাৰৰ পিছত তেওঁ সফলতাৰে তেওঁৰ জামিনৰ বাবে যুক্তি দিছিল। ২০১৮ চনত ত্যাগীৰ বিৰুদ্ধে এটা অভিযোগপত্ৰ দাখিল কৰা হৈছিল আৰু গোচৰটো বৰ্তমান স্থগিত হৈ আছে।

দিল্লী উচ্চ ন্যায়ালয় আইনী সেৱা সমিতি

দিল্লী উচ্চ ন্যায়ালয় আইনসেৱা সমিতিৰ পেনেল অধিবক্তা হিচাপে তেওঁ প্ৰায় ১০০টা গোচৰত ধৰ্ষণ, হত্যা, শিশু যৌন উৎপীড়ন, নিচাযুক্ত অপৰাধৰ গোচৰত অভিযুক্ত অভাৱী ব্যক্তিসকলৰ হৈ আপীল আৰু গোচৰৰ লগত জড়িত আছিল।

আমিকাচ কুৰী

২০০৯ চনৰ পৰা বহুবাৰ চুৰি, যৌতুকৰ ফলত মৃত্যু আৰু হত্যাৰ ক্ষেত্ৰত অভিযুক্ত আৰু অভিযোগকাৰী দুয়োজনক প্ৰতিনিধিত্ব কৰিবলৈ অপৰাধী আবেদনত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক আমিকাচ কুৰী হিচাপে নিযুক্ত কৰিছে।

শৈক্ষিক জীৱন

তেওঁ ২০১৭ চনত চেণ্টাৰ ফৰ ষ্টাডি অৱ ল' এণ্ড কালচাৰ, কলম্বিয়া ল' স্কুলত ভাৰতীয় অপৰাধী আৰু সাংবিধানিক আইনৰ বিষয়ত গৱেষণা কৰিছিল। তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত বগা কলাৰ প্ৰতিৰক্ষাৰ শিক্ষা প্ৰদান কৰিছিল। অৰুন্ধতীয়ে ২০১০ চনত শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ ক্ষেত্ৰত অপৰাধী পৰীক্ষণৰ বাবে বিশেষ প্ৰক্ৰিয়া প্ৰস্তুত কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সৈতে কাম কৰিছিল। যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন, ২০১২ৰ খচৰা প্ৰস্তুত কৰোঁতে আয়োগৰ প্ৰস্তাৱিত বিধেয়কখন বিবেচনা কৰা হৈছিল।

তেওঁ আইন বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে আৰু বাতৰি কাকত আৰু অনলাইন নিউজ পৰ্টেলত লিখা মেলা কৰে।

বঁটা আৰু সন্মান

২০১৬ চনত অৰুন্ধতী কাট্‌জুয়ে কলম্বিয়া বিশ্ববিদ্যালয়ৰ সন্মানীয় মানৱ অধিকাৰ ফেল'শ্বিপ আৰু নিউয়ৰ্কৰ আন্তৰ্জাতিক গৃহত মহিলা আন্তৰ্জাতিক নেতৃত্ব কাৰ্যসূচী ফেল'শ্বিপ লাভ কৰে। তেওঁক কলম্বিয়া ল' স্কুলৰ হাৰমেন এন ফ্ৰেংকেলষ্টাইন মেমৰিয়েল ফেল'শ্বিপ (২০১৮-১৯) প্ৰদান কৰা হৈছিল। ২০১৮ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ-ইটালী যুৱ নেতা ফেল' আছিল। ২০১৯ চনৰ এপ্ৰিল মাহত তেওঁৰ নাম মেনকা গুৰুস্বামীৰ সৈতে টাইম আলোচনীৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰদৰ্শিত হৈছিল। তেওঁক ফৰ্বছ ইণ্ডিয়াৰ মহিলা-পাৱাৰ ট্ৰেলব্ৰেজাৰ, ২০১৯ৰ তালিকাতো প্ৰদৰ্শিত কৰা হৈছে।

তথ্য উৎস

Tags:

অৰুন্ধতী কাট্‌জু প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাঅৰুন্ধতী কাট্‌জু কৰ্মজীৱনঅৰুন্ধতী কাট্‌জু শৈক্ষিক জীৱনঅৰুন্ধতী কাট্‌জু বঁটা আৰু সন্মানঅৰুন্ধতী কাট্‌জু তথ্য উৎসঅৰুন্ধতী কাট্‌জুইংৰাজী ভাষাট্ৰান্সজেণ্ডাৰভাৰতৰ উচ্চতম ন্যায়ালয়

🔥 Trending searches on Wiki অসমীয়া:

পাইথাগোৰাছৰ উপপাদ্যবৈচাগুসদৌ অসম ছাত্ৰ সন্থাভাৰতৰ মুখ্য ন্যায়াধীশদশম স্কন্ধৰ আদিছোৱাবলবধকাব্যভাৰতীয় জনতা পাৰ্টিটকা (বাদ্য)বাগৰুম্বাতেজপুৰৰঘুনাথ দাস মহন্তচ'মাংকানঅসমপালি ভাষাবগীবিল দলংপ্ৰথম বিশ্বযুদ্ধতিৱা জনগোষ্ঠীপৰিসংখ্যাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবাঁহী (আলোচনী)উমাচল শিলালিপিশিল্প বিপ্লৱচ্যু-খ্ৰং-ফাকোণভাৰতত বাল্য বিবাহউৎসৱদৈনিক অসমৰাষ্ট্ৰসংঘগোৱালপৰীয়া লোকগীতৰামায়ণবিয়া নামঅসম বিধানসভাস্বামী বিবেকানন্দচন্দ্ৰপ্ৰভা শইকীয়ানীঅভিমন্যুচ্যু-কা-ফাপ্ৰাকৃতিক পৰিৱেশম'লসুমিত্ৰা চৰত ৰামবৌদ্ধ দৰ্শনভাৰতৰ ৰাষ্ট্ৰপতিনাৰীবাদবনলতা সেন (কবিতা)অসমৰ জনগোষ্ঠীহিউৱেন-চাংখেলমা জনগোষ্ঠীদেওধনী নৃত্যআমেৰিকা যুক্তৰাষ্ট্ৰডিম্পু বৰুৱামাঘ বিহুমাটিভাৰতৰ উচ্চতম ন্যায়ালয়ডালিমীঅসমৰ সত্ৰসমূহৰ তালিকাঅখণ্ড সংখ্যানলিনীবালা দেৱীঅসমীয়া খাদ্যাভ্যাসএ পি জে আব্দুল কালামভাষাবিজ্ঞানবিঘাপাচন তন্ত্ৰঅসমীয়া সাহিত্যত মালিতানাগৰিকত্বব্ৰহ্মপুত্ৰ উপত্যকাসাহিত্যগোলকীয় উষ্ণতা বৃদ্ধিঅসমৰ সাধুকথাঅসম আন্দোলনঅশোক বনগান্ধীবাদদাণ্ডী যাত্ৰাখেৰাইব্যাকৰণগুণমালাহুঁচৰিঅসমৰ পৰম্পৰাগত খেল-ধেমালি🡆 More