ট্ৰান্সজেণ্ডাৰ

ট্ৰান্সজেণ্ডাৰ বা ৰূপান্তৰিত লিংগ (ইংৰাজী: Transgender) বুলিলে যিসকল ব্যক্তিয়ে জন্মতে লাভ কৰা ‘জৈৱ লিংগ’ বা সমাজে আৰোপিত ‘সাংস্কৃতিক লিংগ’ৰ সৈতে নিজৰ লৈংগীক পৰিচয়ৰ লগত প্ৰভেদ পোৱা বুজায়। ট্ৰান্সজেণ্ডাৰসকলে মানসিক ভাৱে আৰোপিত লিংগৰ সলনি নিজকে আন লিংগ হিচাপে গণ্য কৰে আৰু সেই লিংগৰ লৈংগীক অভিব্যক্তি গ্ৰহণ কৰে। এই ব্যক্তিসকলে এনে ধৰণৰ এক যৌন পৰিচয়ৰ অভিজ্ঞতা লাভ কৰে যে ঐতিহ্যগতভাৱে তেওঁলোকৰ নিৰ্ধাৰিত যৌনতাৰ লগত স্থিতিশীল নহয় আৰু তেওঁলোকে নিজক চিকিৎসা শাস্ত্ৰৰ সহায়ত স্থায়ীভাৱে সেই লিংগলৈ পৰিৱৰ্তন কৰিবলৈ বিচাৰে আৰু নিজকে ৰূপান্তৰকামী হিচাপে পৰিচয় দিয়ে। ট্ৰান্সজেণ্ডাৰক প্ৰায়ে চুটিকৈ ট্ৰান্স বোলা হয়। ট্ৰান্সজেণ্ডাৰ শব্দটোয়ে ঘাইকৈ সামাজিক পুৰুষ আৰু মহিলা লিংগৰ বিপৰীতে নিজকে পৰিচয় দিয়া ট্ৰান্সমেন বা ৰূপান্তৰিত পুৰুষ আৰু ট্ৰান্সৱমেন বা ৰূপান্তৰিত নাৰী বুজোৱাৰ উপৰিও এলজিবিটি+ শ্ৰেণীৰ কেইবাটাও ভিন ভিন লৈংগীক সংখ্যালঘু সম্প্ৰদায়ক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ট্ৰান্সজেণ্ডাৰ বুলিলে তৃতীয় লিংগকে আদি কৰি নিজকে পুৰুষ আৰু মহিলা দুয়ো হিচাপে চিনাক্ত নকৰা ননবাইনেৰী বা জেণ্ডাৰ কুইয়াৰ, পুৰুষ আৰু মহিলা দুয়ো হিচাপে চিনাক্ত কৰা বাইজেণ্ডাৰ, বহু লিংগৰ সৈতে চিনাক্ত কৰা পেনজেণ্ডাৰ, সততে লিংগৰ ধাৰণা সলনি কৰা জেণ্ডাৰফ্লুইড, কোনো লিংগকে নিজৰ বুলি চিনাক্ত নকৰা এজেণ্ডাৰ ইত্যাদি সামৰি লৈছে। ইয়াৰ লগতে ট্ৰান্সজেণ্ডাৰে বহল দৃষ্টিত আৰোপিত লিংগৰ কাপোৰ নিপিন্ধি বা সাজ-সজ্জা নকৰি আন লিংগৰ কাপোৰ বা সাজ-সজ্জা গ্ৰহণ কৰা ক্ৰছড্ৰেচাৰ সকলকো বুজায়।

ট্ৰান্সজেণ্ডাৰ
ট্ৰান্সজেণ্ডাৰ গৌৰৱ পতাকা

ট্ৰান্সজেণ্ডাৰ যৌন অভিমুখীতাৰ পৰা সম্পূৰ্ণ স্বাধীন আৰু পৃথক বিষয়। ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে নিজকে বিপৰীতকামী, সমকামী, উভকামী, অযৌন ইত্যাদি হিচাপে যৌন অভিমুখী হব পাৰে। ট্ৰান্সজেণ্ডাৰ বা ৰূপান্তৰিত লিংগ 'ইণ্টাৰচেক্স' বা 'উভয়লিংগ' নামৰ অৱস্থাৰ পৰা পৃথক। উভয়লিংগ ব্যক্তিয়ে পুৰুষ আৰু মহিলা দুয়োৰে প্ৰজনন অংগৰ সৈতে জন্ম লাভ কৰে আৰু তেওঁলোকক দ্বিলিংগ পদ্ধতিত পুৰুষ বা মহিলা বুলি চিনাক্ত কৰা টান। ট্ৰান্সজেণ্ডাৰৰ বিপৰীত শব্দ সৈতে চিচজেণ্ডাৰ। চিচজেণ্ডাৰ ব্যক্তিয়ে জন্মতে লাভ কৰা জৈৱিক লিংগক নিজৰ পৰিচয় হিচাপে গ্ৰহণ কৰে।

যদি কোনো ব্যক্তি তেওঁৰ নিৰ্ধাৰিত জৈৱিক যৌনতাক স্বীকৃত জীৱনযাপন কৰিবলৈ বিচাৰে অথবা যদি কোনো ব্যক্তি তেওঁৰ লিংগ পৰিচয়ৰ ফলস্বৰূপে সামাজিক দুৰ্ব্যৱহাৰ আৰু হতাশা অনুভৱ কৰেসেই ক্ষেত্ৰত তেওঁলোকৰ লিংগ হতাশাৰ (Gender Dysphoria) সমাধান হিচাপে চিকিৎসা বিজ্ঞানত এই সমস্যাক এক অসুস্থতা হিচাপে গ্ৰহণ কৰি ইয়াৰ বিশ্লেষণ আৰু সঠিক কাৰণ নিৰ্ণয় কৰা হয়। বহুতো ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে হৰমন ৰিপ্লেচমেণ্ট থেৰাপি, চেক্স ৰিএচাইনমেণ্ট চাৰ্জাৰী বা চাইক'থেৰাপিৰ যোগেৰে লিংগ সলনি কৰিবলৈ বিচাৰে। কিন্তু সকলো ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে এনে ব্যৱস্থা গ্ৰহণ নকৰে। বিত্তীয়, চিকিৎসা সংক্ৰান্তিয়, আইনী আৰু সামাজিক ব্যৱস্থা ইয়াৰ মুখ্য কাৰণ।

বহু ট্ৰান্সজেণ্ডাৰ ব্যক্তিয়ে সমাজত অৱহেলাৰ চিকাৰ হয়। লগতে তেওঁলোক কৰ্মক্ষেত্ৰত বৈষম্যৰ বলি হয়। ইয়াৰ লগতে তেওঁলোক উপযুক্ত স্বাস্থ্য সেৱাৰ পৰাও বঞ্চিত হোৱা দেখা যায়। বহু ঠাইত তেওঁলোক বৈষম্য আৰু সামাজিক বহিষ্কাৰৰ পৰা আইনী ৰক্ষা লাভ নকৰে। ভাৰতত ট্ৰান্সজেণ্ডাৰ ব্যক্তিক নিজৰ লিংগ সলনি কৰা আইনী বিধান আছে। ইয়াৰ লগতে তৃতীয় লিংগকো ভাৰতে স্বীকৃতি প্ৰদান কৰিছে।

অসমত ট্ৰেন্সজেণ্ডাৰ

অসমৰ ট্ৰেন্সজেণ্ডাৰ সমাজৰ মূলভেটি ৰূপে সদৌ অসম ট্ৰেন্সজেণ্ডাৰ সংঘ (All Assam Transgender Association) প্ৰধান। স্বতী বিধান বৰুৱা অসমৰ বিখ্যাত ট্ৰেন্সজেণ্ডাৰ গৰাকীয়ে ২১ বছৰ বয়সত নিজৰ লিংগ পৰিবৰ্তনৰ বিষয়ত ন্যায়ালয়ৰ কাষ চাপি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছিল। পাছত তেখেত অসমৰ সৰ্বপ্ৰথম ৰূপান্তৰলৈঙ্গিক ন্যায়াধীশ হয়।

লগতে চাওক

তথ্য উৎস

Tags:

ট্ৰান্সজেণ্ডাৰ অসমত ট্ৰেন্সজেণ্ডাৰট্ৰান্সজেণ্ডাৰ লগতে চাওকট্ৰান্সজেণ্ডাৰ তথ্য উৎসট্ৰান্সজেণ্ডাৰ বাহ্যিক সংযোগট্ৰান্সজেণ্ডাৰইংৰাজী ভাষাএলজিবিটিকুইয়াৰতৃতীয় লিংগৰূপান্তৰকামিতা

🔥 Trending searches on Wiki অসমীয়া:

হিমন্ত বিশ্ব শৰ্মাৰাজিয়া চুলতানাএৰিষ্ট'টলপিঠাএলবাৰ্ট আইনষ্টাইনসন্ধিমৃত্যুঞ্জয়তথ্যমাধৱদেৱশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯শিক্ষাআত্মজীৱনীছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)কাছমদন কামদেৱ দেৱালয়কলিতা জনগোষ্ঠীযোগাত্মক বিপৰীত সংখ্যাৰামকৃষ্ণ পৰমহংসৰজনীকান্ত বৰদলৈচৈয়দ আব্দুল মালিকভূমি প্ৰদূষণপুৰুষোত্তম দাসপালি ভাষাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবিষুৱ ৰেখাধেমাজি জিলাফণী শৰ্মাবৰদৈচিলাশব্দ (অভিধান)কুকুৰাৰাতি বিহুকামিনী কাঞ্চনসমাজৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসমসৌৰজগতঅসম বিধানসভাগোপীনাথ বৰদলৈডিব্ৰুগড়ওৰাং ৰাষ্ট্ৰীয় উদ্যানলক্ষ্মীধৰ শৰ্মাআজান পীৰৰ দৰগাহঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকাগুৱাহাটী বিশ্ববিদ্যালয়যোৰানামবিবাহঅসমৰ কাঁহ শিল্পপ্লাষ্টিকগায়ত্ৰী মহন্তঢেঁকীভবেন্দ্ৰ নাথ শইকীয়াবায়ু প্ৰদূষণভেঁকুৰভৌগোলিক স্বীকৃতিজোনবিৰি (অলংকাৰ)হেপাটাইটিছ বিবিশেষ্য পদশৰ্কৰাতলাতল ঘৰপৰিৱেশ তন্ত্ৰঅভ্যাসফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাকলউত্তৰ-পূব ভাৰতসাধুকথাসমাজবাদযক্ষ্মাঅংগৰাগ মহন্তশালস্তম্ভ ৰাজবংশঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকানিধানপুৰ তাম্ৰলিপিমানস ৰাষ্ট্ৰীয় উদ্যানবৰহমথুৰিসংগীতমিয়া খলিফাইউটিউবআবেগউইলিয়াম শ্বেইকছপীয়েৰ🡆 More