অসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ

পুৰণি অসমত প্ৰাপ্ত বিভিন্ন অভিলেখ আৰু পুথি-পাঁজিৰ সহায়ত অসম ভূখণ্ডত বসবাস কৰা বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়ৰ বিষয়ে ধাৰণা এটা কৰিব পাৰি।

বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়সমূহ

অসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ 
মাছমৰীয়া

ব্ৰাহ্মণ

লিপিসমূহে প্ৰমাণ দিয়ে যে ব্ৰাহ্মণসকল তেওঁলোকৰ বেদশাখা, গোত্ৰ তথা প্ৰবৰৰ ওপৰত প্ৰতিষ্ঠিত আছিল। বনমাল বৰ্মাৰ তেজপুৰ শাসনত শাণ্ডিল্য গোত্ৰৰ, বলবৰ্মাৰ নগাঁও শাসনত কপিল গোত্ৰৰ কন্বশাখাৰ, বৰাগাঁও দানলিপিত পৰাশৰ গোত্ৰৰ, ৰত্নপালৰ শুৱালকুছি দানপত্ৰত ভৰদ্বাজ গোত্ৰৰ আৰু ইন্দ্ৰপালৰ শুৱালকুছি তাম্ৰশাসনত কাশ্যপ গোত্ৰৰ ব্ৰাহ্মণৰ উল্লেখ আছে।

অন্যান্য সম্প্ৰদায়সমূহ

পুৰণি প্ৰাগজ্যোতিষৰ অভিলেখমালাত কৰণ, কায়স্থ, দৈৱজ্ঞ আৰু লেখক- এই বৃত্তিয়াল সম্প্ৰদায়ৰ নাম পোৱা যায়। কৰণ, কায়স্থ আৰু লেখকসকলৰ বৃত্তিৰ মিল মন কৰিবলগীয়া। প্ৰস্থান কলশ নামৰ বৈদ্য বিশেষে ৰচনা কৰা শুভংকৰ পাটক অভিলেখৰ বৈদ্যসকল পৰৱৰ্তী কালত ওজা ৰূপে পৰিচিত হ’ল। লিপিমালাত কৈৱৰ্ত তথা মাছমৰীয়া সম্প্ৰদায়ৰ কথা উল্লেখ আছে। কুম্ভকাৰ (কুমাৰ) আৰু তন্তুবায় (তাঁতী) সম্প্ৰদায়ৰো উল্লেখ নথকা নহয়। পুষ্পভদ্ৰা অভিলেখত উল্লিখিত হাড়ীৰ নাম পৰৱৰ্তী সাহিত্যতো পোৱা যায়। ভাগৱত-পুৰাণৰ অনুবাদ কৰোঁতে মহাপুৰুষে উল্লেখ কৰা যবন কংক গোৱাল আৰু ৰজক তুৰুকৰ গোৱাল-ৰজক হ’ল বৃত্তিয়াল সম্প্ৰদায়। শংকৰদেৱৰ লেখাতে কমাৰ, কুমাৰ, চমাৰ, চঁড়াল, নট, বণিয়া, সূতাৰ প্ৰভৃতিৰ উল্লেখ পোৱা যায়। গুৰু-চৰিতসমূহত কাটনী, খৰীয়া, তাঁতী, ধোবা, নাপিত, শালৈ, হীৰা প্ৰভৃতি বৃত্তিয়াল লোকৰ নাম সঘনে উল্লিখিত হৈছে। বুৰঞ্জীসমূহতো কমাৰ, কঁহাৰ, কাটনি, কাঠকটীয়া, খনিকৰ, গুণা কটীয়া, চমাৰ, জৰাধৰা, জোলা, তাঁতী, তেলী, দুলীয়া, ধোবা, নাপিত, পটীয়া, বাঢ়ৈ, বেজ, মৰীয়া, মালী, মুচীয়াৰ, লেখাৰু, শিলাকুটী, সোণাৰী, সোণোৱাল প্ৰভৃতি অগণন বৃত্তিয়াল লোকৰ নাম পোৱা যায়।

তথ্য সংগ্ৰহ

Tags:

অসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়সমূহঅসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ তথ্য সংগ্ৰহঅসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহঅসম

🔥 Trending searches on Wiki অসমীয়া:

কল্পনা চাওলাইটাখুলিৰ ৰণপানীধানঊষাবজ্ৰাংগী আইলক্ষ্মীধৰ শৰ্মাবাঁহী (আলোচনী)অসমীয়া ব্যাকৰণঅসমৰ জনগোষ্ঠীলভিতাবৰষুণললিত কলা একাডেমীভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাসিন্ধু সভ্যতাৰেখাভবেন্দ্ৰ নাথ শইকীয়াস্বামী বিবেকানন্দসাঁচিপাতৰ পুথি (উপন্যাস)তেজবেংক অৱ মহাৰাষ্ট্ৰভূপেন হাজৰিকাৰ সাহিত্যহেম বৰুৱাভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধানলক্ষ্মীনন্দন বৰাঅসমৰ কাঁহ শিল্পঅসম দিৱসপঃৰাগইউকো বেংকমাধৱদেৱমোহনদাস কৰমচান্দ গান্ধীএৰিষ্ট'টলদশাৱতাৰযোগেশ দাসপাইথেগাৰাছমিৰি জীয়ৰীভিয়েটনামঅসমীয়া ভাষা আন্দোলনৰাজিয়া চুলতানালিংগঅৰুণ শৰ্মাজীৱনীদশম স্কন্ধৰ আদিছোৱাফ্ৰান্সআহোম-মোগলৰ সংঘৰ্ষৰাজনীতিপীতাম্বৰ কবিআধুনিকতাবাদসাধুভাৰত ত্যাগ আন্দোলননিৰ্মলপ্ৰভা বৰদলৈআহোম ৰাজবংশদীপলিনা ডেকাপ্ৰাকৃতিক সম্পদলালকিল্লাঅৰ্পণা কোঁৱৰবৰাইল পৰ্বতগুপ্ত সাম্ৰাজ্যভাৰত-চীন যুদ্ধবিহুৰামমোহন ৰায়শ্ৰীকৃষ্ণকীৰ্তনবীৰবলআমেৰিকা যুক্তৰাষ্ট্ৰউষ্ণতাজ্ঞানপীঠ বঁটাঅংগনবাদীমোৰো এটা সপোন আছেহিচাপবিদ্যাঅন্তৰীপ (উপন্যাস)সত্ৰীয়া নৃত্যমনোবিজ্ঞানধ্ৰুৱবাদনেপাল🡆 More