ৰেখা

সংজ্ঞা: বিন্দুৰ গতিপথকে (locus) ৰেখা বোলে। বিন্দুৱে দিশ নসলোৱাকৈ পোনে পোনে গতি কৰিলে সৰল ৰেখা আৰু বক্ৰপথত গতি কৰিলে বক্ৰৰেখাৰ সৃষ্টি হয়। একোডাল ৰেখা অসংখ্য বিন্দুৰ সমষ্টি। ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে সৰলৰেখাৰ সহায়ত ত্ৰিভুজ, চতুৰ্ভূজ, আয়তক্ষেত্ৰ, ৰম্বাছ, সামান্তৰিক, পঞ্চভূজ ইত্যাদি তৈয়াৰ কৰা হয়। আনহাতে বক্ৰৰেখাৰ সহায়ত বৃত্ত, উপবৃত্ত, অধিবৃত্ত ইত্যাদি তৈয়াৰ কৰা হয়। ইঞ্জিনিয়াৰিং বা পদাৰ্থবিজ্ঞান প্ৰভৃতি বিষয়ত গণনাকাৰ্য্যত ৰেখাৰ গুৰুত্ব অপৰিসীম।

ৰেখা
এডাল সৰল ৰেখা

চিত্ৰকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ৰূপকৰ সহায়ত শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকন কৰে।

.ৰেখাখণ্ড॰

ৰেখা 
এডাল বন্ধ ৰেখাখণ্ডৰ জ্যামিত্যিক সংজ্ঞা: A বা তাৰ সোঁফালৰ বিন্দুবোৰৰ সৈতে B বা তাৰ বাঁওফালৰ বিন্দুবোৰেৰে গঠিত অংশ
ৰেখা 
ঐতিহাসিক চিত্ৰ – এডাৰ ৰেখা খণ্ড আঁকা (১৬৯৯)

ৰেখাখণ্ড হৈছে এডাল ৰেখাৰ এটা খণ্ড বা অংশ। ৰেখা এডালত থকা যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্বকেই ৰেখা খণ্ড বুলিব পাৰি। অৰ্থাৎ ৰেখাখণ্ড এডাল দুটা প্ৰান্ত বিন্দুত সীমিত হৈ থাকে। সেয়ে ৰেখা খণ্ড এডালৰ দৈঘ্যৰ মাপ নিৰ্ণয় সম্ভৱ। উদাহৰণ স্বৰূপে ত্ৰিভুজ, বৰ্গ, আয়ত আদিৰ বাহুবোৰ একো একোডাল ৰেখাখণ্ড। আকৌ এটা বৃত্তৰ ক্ষেত্ৰত বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ, জ্যা আদিবোৰ হৈছে একো একোডাল ৰেখাখণ্ড।

ৰশ্মি

ৰশ্মি হৈছে এডাল ৰেখাৰ এটা অংশ। ৰশ্মিৰ এটা প্ৰান্ত বিন্দু থাকে আৰু ইয়াৰ আনটো মূৰ অসীমলৈ বিস্তৃত। ৰেখাৰ দৰে ৰশ্মিৰ মান নিৰ্ণয় সম্ভৱ নহয়। এডাল ৰেখাৰ যিকোনো এটা বিন্দুৰ পৰা আৰম্ভ হৈ দুয়ো মূৰে দুডাল বিপৰীতমুখী ৰশ্মিয়ে গতি কৰে।

ৰেখা 
ৰশ্মি
ৰেখা 
তিনিডাল ৰেখা — ৰঙা আৰু নীলা ৰেখাকেইডালৰ ঢাল একে, আনহাতে ৰঙা আৰু সেউজীয়া দুডালে y−অক্ষক একে বিন্দুত কটাকটি কৰিছে।


তথ্যসূত্ৰ

  • Faber, Richard L. (1983). Foundations of Euclidean and Non-Euclidean Geometry. প্ৰকাশক New York, United States: Marcel Dekker. ISBN 0-8247-1748-1. 

বাহ্যিক সংযোগ

Tags:

ৰেখা .খণ্ড॰ৰেখা ৰশ্মিৰেখা তথ্যসূত্ৰৰেখা বাহ্যিক সংযোগৰেখাআয়তক্ষেত্ৰচতুৰ্ভূজত্ৰিভুজবৃত্তৰম্বাছ

🔥 Trending searches on Wiki অসমীয়া:

অসীমত যাৰ হেৰাল সীমামাইলছ ব্ৰনছনসমাজশিক্ষামহাসাগৰসংগীত নাটকযৌন সংগমবিল গেট্‌ছলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানসিন্ধু সভ্যতাপাৰিজাত হৰণ নাটবাৰ ভূঞানাট্য শাস্ত্ৰকমলাকান্ত ভট্টাচাৰ্য্যঅসমীয়া প্ৰতিদিনএচিদ বৰষুণঅসম আন্দোলনৰাজনীতিঅতুল চন্দ্ৰ হাজৰিকাহলায়ুধনামেৰি ৰাষ্ট্ৰীয় উদ্যানচান্দ সদাগৰসৌৰভ কুমাৰ চলিহাছাইমন কমিশ্যনপৃথিৱীমিচিং জনগোষ্ঠীঈয়াৰুইঙ্গমজাতীয়তাবাদভাৰতৰ জাতীয় পতাকাপ্ৰাক-ইতিহাসশকুন্তলাপ্ৰেমচন্দআৰ্যভট্টপাচনচুটিগল্পৰাজহুৱা ক্ষেত্ৰসংস্কৃতিজিএছটিঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণগুণাভিৰাম বৰুৱাগুণমালাভাৰত ত্যাগ আন্দোলনভঠেলিগণতন্ত্ৰপৰ্যাবৃত্ত তালিকামে ডাম মে ফিবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনগায়ন-বায়নভাষাবিজ্ঞানভাৰতৰ নিৰ্বাচন আয়োগহেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)নাৰীবাদপৰিৱেশ অধ্যয়নশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহবিহুৰ বাদ্যযন্ত্ৰঅৰ্থব্যৱস্থাকালিকা পুৰাণবধকাব্যবিশ্বনাথ ঘাটস্বাভাৱিক সংখ্যাজলবিদ্যুৎপাৰিপাৰ্শ্বিক সংঘাতমিচিং নৃত্য আৰু গীত মাতগগনাকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ উচ্চতম ন্যায়ালয়পুঁজিবাদভূপেন হাজৰিকাহিউৱেন-চাংজল সংৰক্ষণকৃষ্ণকান্ত সন্দিকৈদ্বিতীয় বিশ্বযুদ্ধক্ৰা দাদি জিলাভাৰতীয় দৰ্শন🡆 More