ৰিয়াধ: চৌদি আৰৱৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ

ৰিয়াধ (আৰৱী: الرياض অৰ্থ উদ্যান) চৌদি আৰৱৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ নগৰ । ই চৌদি আৰৱৰ ৰিয়াধ প্ৰান্তৰ ৰাজধানী হোৱাৰ উপৰিও নেজ্দ আৰু আল য়ামামাৰ দৰে ঐতিহাসিক ক্ষেত্ৰৰ লগতো ইয়াৰ সম্পৰ্ক আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ২৫০০ ফুট উচ্চতাত আৰৱ মালভূমিত ৰিয়াধ অৱস্থিত ।

ৰিয়াধ নগৰ
الرياض
ৰিয়াধ: নামকৰণ, ইতিহাস, প্ৰতিষ্ঠান
পতাকা
ৰিয়াধ: নামকৰণ, ইতিহাস, প্ৰতিষ্ঠান
Coat of arms
ভৌগোলিক স্থানাংক: 24°38′N 46°43′E / 24.633°N 46.717°E / 24.633; 46.717
দেশ ৰিয়াধ: নামকৰণ, ইতিহাস, প্ৰতিষ্ঠান চৌদি আৰৱ
প্ৰান্ত ৰিয়াধ প্ৰান্ত
চৰকাৰ
 - মেয়ৰ আব্দুল্লাহ বিন আব্দুলৰহমান আলমগবেল
 - ৰাজ্যপাল ফেইজল বিন বান্দাৰ আল চাউদ
মাটিকালি
 - মুঠ ১,৩০০ কি.মি. 
(৫০১.৯ বৰ্গ মাইল)
জনসংখ্যা (২০১০)
 - মুঠ ৫৭,০০,০০০ জন
 - জনঘনত্ব ৪,৩৮৪.৬ প্ৰতি বৰ্গ কি.মি. 
(১১,৩৫৬.১ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল পূ.আ.স. (গ্ৰী.মা.স.+৩)
 - গ্ৰীষ্ম (দি স স) পূ.আ.স. (গ্ৰী.মা.স.+৩)
ডাক সংকেত (৫ অংকৰ)
অঞ্চল কোড +৯৬৬-১
ৱেবছাইট www.arriyadh.com

নামকৰণ

আৰৱীত ৰিয়াধৰ আক্ষৰিক অৰ্থ উদ্যান বা বাগিচা । খেজুৰ আৰু ফলৰ বাগিচাৰ বাবে ই বিখ্যাত ।

ইতিহাস

১৯০২ চনত যুৱক আব্দুল আজীজে ৰিয়াধৰ নিয়ন্ত্ৰণ গ্ৰহণৰ পিছত লোহিত সাগৰ পৰ্যন্ত বিস্তৃত আৰৱ উপদ্বীপৰ বিশাল অঞ্চলৰ ওপৰত ক্ৰমান্বয়ে আধিপত্য প্ৰতিষ্ঠাৰ ভিত্তি হিচাপে ৰিয়াধক তেওঁ ব্যৱহাৰ কৰিছিল । এই অঞ্চল ১৯৩২ চনত চৌদি আৰৱীয় ৰাজতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা পায়। বৰ্তমান ৰিয়াধ অত্যাধুনিক স্থাপত্যত অগ্ৰণী আৰু এক ব্যস্ত মহানগৰী। আৰৱ উপদ্বীপৰ হজ্জযাত্ৰী সকলৰ যাত্ৰাপথত এক প্ৰাক্তন ব্যৱসায় কেন্দ্ৰ হিচাপে ৰিয়াধ বহু শতাব্দী আগৰে পৰা মানুহৰ প্ৰধান আকৰ্ষণ আছিল।

প্ৰতিষ্ঠান

ৰিয়াধত দুখন বিশ্ববিদ্যালয় আছে, চিটিজ কিং চৌদ আৰু ইমাম মোহম্মদ বিন চৌদ ইচলামিক বিশ্ববিদ্যালয় । ইয়াৰোপৰি আছে সেনা আৰু নিৰাপত্তা মহাবিদ্যালয়, তথ্য- সাংস্কৃতিক আৰু সাংস্কৃতিক কেন্দ্ৰ, খেলাধুলাৰ সুযোগ আৰু ষ্টেডিয়াম , আৰু পুথিভঁৰাল। ফুটবল

জলবায়ু

ৰিয়াধৰ জলবায়ু গৰমকালি মহাদেশীয়, গৰম আৰু শুষ্ক আকৌ শীতকালত মৃদুভাৱাপন্ন। গৰমত তাপমাত্ৰা ৪০ ডিগ্ৰীৰ পৰা ৪৭ ডিগ্ৰী চে. আকৌ শীতৰ সময়ত তাপমাত্ৰা শূন্যৰ তলত নামি যায়। আদ্ৰতা গড়ে ৩৫%। নবেম্বৰ আৰু মে' মাহত খুব সামান্য বৰষুণ হয়। শীতকালত বতাহ শান্ত থাকে আকৌ গৰমৰ সময়ত উত্তৰৰ ধুলিময় আৰু শুকান বতাহ বয়।

বিমানবন্দৰ

নগৰৰ পৰা ৩৫ কি.মি. উত্তৰত অৱস্থিত বাদশাহ খালিদ আন্তৰ্জাতিক বিমান বন্দৰ ৰিয়াধৰ একমাত্ৰ আন্তৰ্জতিক বিমানবন্দৰ ।

জনসংখ্যা

ঐতিহাসিক জনসংখ্যা
বছৰ জনসংখ্যা ±%
1918 18,000
1924 30,000 +66.7%
1944 50,000 +66.7%
1952 80,000 +60.0%
1960 1,50,000 +87.5%
1972 5,00,000 +233.3%
1978 7,60,000 +52.0%
1987 13,89,000 +82.8%
1992 27,76,000 +99.9%
1997 31,00,000 +11.7%
2009 48,73,723 +57.2%
2013 58,99,528 +21.0%
উৎস: লোকপিয়লৰ তথ্য

২০০৭ চনত ৰিয়াধৰ মুঠ জনসংখ্যা আছিল ৫৭,০০,০০০ জন। ১৯৭৪ ৰ পৰা ১৯৯২ লৈ ৰিয়াধৰ গড় বৃদ্ধিৰ হাৰ ৮.২% প্ৰতি বছৰ। ১৯৩৫ চনত চহৰ খনৰ জনসংখ্যা আছিল ৪০,০০০ জন আৰু ১৯৪৯ চনত ই ৮৩,০০০ জনলৈ বৃদ্ধি পায়। চহৰ খনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি উচ্চ; ১৯৬০ চনৰ ১,৫০,০০০ জনৰ পৰা বৃদ্ধি পায় ২০১০ চনত ৫ নিযুতকৈও অধিক হয়গৈ। ২০১০ চনৰ লোকপিয়ল মতে চহৰ খনৰ ৬৫% পৰিয়াল চৌদি আৰু বাকী ৩৫% পৰিয়াল হৈছে অনা-চৌদি।

দৰ্শনীয় স্থান সমূহ

  • দিৰা স্কোয়াৰ
  • মাসমাক দুৰ্গ
  • প্ৰত্নতাত্ত্বিক আৰু নৃ-তত্ত্ব যাদুঘৰ
  • মুৰাব্বা প্ৰসাদ

চিত্ৰমালা

ৰিয়াধ: নামকৰণ, ইতিহাস, প্ৰতিষ্ঠান 
Manfuha Al-Jadidah in South Riyadh
ৰিয়াধ: নামকৰণ, ইতিহাস, প্ৰতিষ্ঠান 
Masmak Fortress
ৰিয়াধ: নামকৰণ, ইতিহাস, প্ৰতিষ্ঠান 

তথ্যসূত্ৰ

Tags:

ৰিয়াধ নামকৰণৰিয়াধ ইতিহাসৰিয়াধ প্ৰতিষ্ঠানৰিয়াধ জলবায়ুৰিয়াধ বিমানবন্দৰৰিয়াধ জনসংখ্যাৰিয়াধ দৰ্শনীয় স্থান সমূহৰিয়াধ চিত্ৰমালাৰিয়াধ তথ্যসূত্ৰৰিয়াধচৌদি আৰৱ

🔥 Trending searches on Wiki অসমীয়া:

অলিম্পিকইষ্ট ইণ্ডিয়া কোম্পানীব্ৰহ্মগুপ্তঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসমৰ জিলাসমূহগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকামহাকাব্যযতীন্দ্ৰ নাথ দুৱৰাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাশ্ৰীনিবাস ৰামানুজনশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মহাসাগৰমিৰি জীয়ৰীবিয়া নামঅসমৰ চাহ জনগোষ্ঠীঅসমৰ লোকবাদ্যঅসমীয়া উপন্যাসঅসমৰ ৰাজ্যপালসকলৰ তালিকাঅসমত গঁ‌ড়ৰ চোৰাং চিকাৰহস্তীবিদ্যাৰ্ণৱতোলনি বিয়াঅপৰিমেয় সংখ্যাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাহিউৱেন-চাংঅন্তৰীপ (উপন্যাস)কবিতালীলা গগৈচ্যু-কা-ফাপৰিয়ালহেমচন্দ্ৰ গোস্বামীবড়ো ভাষাপাঠ্যক্ৰমশব্দ প্ৰদূষণঅংকীয়া নাটবীৰেন্দ্ৰনাথ দত্তছ'ভিয়েট সংঘঅসমৰ ৰেচম শিল্পঅপাৰেটিং চিষ্টেমগমধৰ কোঁৱৰৰামায়ণনগাঁও (লোকসভা সমষ্টি)পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰহোমেন বৰগোহাঞিব্ৰজাৱলী ভাষাশেৱালি ফুলঅসমৰ বাঁহ-বেতৰ শিল্পলোকাচাৰফলৰ তালিকাভাইৰাছলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীগৱেষণাগোৱালপৰীয়া লোকগীতব্ৰহ্মপুত্ৰ নদআন্তৰ্জাতিক শ্ৰমিক দিৱসৰেখাজ'মাট'গুণাভিৰাম বৰুৱাউৎপাদন (অৰ্থনীতি)ধান২৪ এপ্ৰিলপদ্মনাথ গোহাঞি বৰুৱাঅৰ্কিডআফগানিস্তানঅসীমত যাৰ হেৰাল সীমাবিষ্ণুপ্ৰসাদ ৰাভামৈদামসমাজবাদশিক্ষা মনোবিজ্ঞানমাজুলীকৃষ্ণবিশ্বকোষফুলহৰপ্পা🡆 More