২০২২ কমনৱেলথ গেমছত ভাৰত

২০২২ চনৰ ২৮ জুলাইৰ পৰা ৮ আগষ্টলৈকে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ কমনৱেলথ গেমছত ভাৰতে সফলতাৰে অংশগ্ৰহণ কৰে। কমনৱেলথ গেমছত এয়া আছিল ভাৰতৰ ১৮ সংখ্যক অংশগ্ৰহণ।

২০২২ কমনৱেলথ গেমছত ভাৰতবৰ্ষ
২০২২ কমনৱেলথ গেমছত ভাৰত
ভাৰতৰ জাতীয় পতাকা
চিজিএ ক'ড  IND
চিজিএ ভাৰতীয় অলিম্পিক সংঘ
ৱেবছাইটolympic.ind.in
বাৰ্মিংহাম, ইংলেণ্ড
২৮ জুলাই ২০২২ (2022-07-28) - ৮ আগষ্ট ২০২২ (2022-08-08)
প্ৰতিযোগী ২১০ জন (১০৬ জন পুৰুষ আৰু ১০৪ গৰাকী মহিলা) ১৬ টা ক্ৰীড়াত
আৰম্ভনি পতাকা বহনকাৰী মনপ্ৰীত সিং
পি. ভি. সিন্ধু
সামৰণি পতাকা বহনকাৰী নিখাত জাৰিণ
অচন্ত শৰৎ কমল
পদক
স্থান: ৪
স্বৰ্ণ
২২
ৰূপ
১৬
ব্ৰঞ্জ
২৩
মুঠ
৬১
কমনৱেলথ গেমছত ভাৰতবৰ্ষ (ইতিহাস)
১৯৩৪ * ১৯৩৮ * ১৯৫০ * ১৯৫৪ * ১৯৫৮ * ১৯৬২ * ১৯৬৬ * ১৯৭০ * ১৯৭৪ * ১৯৭৮ * ১৯৮২ * ১৯৮৬ * ১৯৯০ * ১৯৯৪ * ১৯৯৮ * ২০০২ * ২০০৬ * ২০১০ * ২০১৪ * ২০১৮ * ২০২২

২০২২ চনৰ জুলাই মাহত কমনৱেলথ গেমছৰ ১৬টা বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ১০৬ জন পুৰুষ খেলুৱৈ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈৰে গঠিত এটা দল প্ৰেৰণ কৰা হৈছিল। এই গেমছত ভাৰতে ৩x৩ বাস্কেটবল, বিচ ভলীবল, নেটবল আৰু ৰাগবী চেভেনছত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল। ভাৰতীয় পেৰা এথলীটসকলে এথলেটিকছ, পেৰা পাৱাৰলিফটিং, ছুইমিং আৰু টেবুল টেনিছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

প্ৰতিযোগিতাৰ আৰম্ভণী অনুষ্ঠানত ভাৰতীয় হকী খেলুৱৈ মনপ্ৰীত সিং আৰু বেডমিণ্টন খেলুৱৈ পি. ভি. সিন্ধুৱে দেশৰ ৰাষ্ট্ৰীয় পতাকা বহন কৰে। মাত্ৰ ১৪ বছৰ বয়সৰ স্কোয়াছ খেলুৱৈ অনাহত সিঙ বৰ্তমানলৈকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। ৪৫ বছৰীয়া লন বলৰ খেলুৱৈ সুনীল বাহাদুৰ আছিল এই দলটোৰ আটাইতকৈ বয়সস্থ খেলুৱৈ। ভাৰতৰ হৈ প্ৰতিযোগিতাখনত প্ৰথমটো পদক লাভ কৰে শংকেত সৰগাৰে। তেওঁ ভাৰোত্তোলনত ৰূপৰ পদক লাভ কৰে।

২০২২ কমনৱেলথ গেমছত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰে সাইখোম মীৰাবাই চানুৱে

মহিলাৰ চাৰিজনীয়া লন বল দলে সোণৰ পদক লাভ কৰাৰ পিছত লন বলত ভাৰতে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হয়, আৰু লগতে পুৰুষ চাৰিজনীয়া লন বল দলে ৰূপৰ পদক লাভ কৰে। টেবুল টেনিছত শৰৎ কমলে চাৰিটা (৩টা সোণ আৰু ১টা ৰূপ) পদক লাভ কৰে।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অপাৰেটিং চিষ্টেমবাজেটসপ্তকাণ্ড ৰামায়ণযতীন বৰাশব্দ (অভিধান)আনন্দ চন্দ্ৰ আগৰৱালাশোণিতপুৰ জিলাভাৰতীয় নাগৰিকত্ব আইনবীৰেন্দ্ৰনাথ দত্তপাইক প্ৰথাউচ্চ ৰক্তচাপবিজ্ঞাপনসমাজউপভাষাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাধৰিত্ৰী দিৱসব'হাগ বিহুঅসমৰ মাছ ধৰা সঁজুলিবিল গেট্‌ছপ্ৰাকৃতিক পৰিৱেশমাজুলীআহোম-মোগলৰ সংঘৰ্ষগান্ধাৰীজীৱনী২৪ এপ্ৰিলঅসীমত যাৰ হেৰাল সীমাপাৰিজাত হৰণ নাটবাংলাদেশমুগা (ৰেচম)মঙ্গলদৈ (লোকসভা সমষ্টি)ব্লগঅখণ্ড সংখ্যাতোলনি বিয়াসুন্দৰীদিয়া সত্ৰপদাৰ্থৰ অৱস্থাঘৰমহাকাব্যলোকসভাআউনীআটী সত্ৰছুনামিভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাযতীন্দ্ৰ নাথ দুৱৰাযৌগিক সংখ্যালাচিত বৰফুকনঅসম আন্দোলনবুঢ়ী আইৰ সাধুমহাদেশগড়গাঁওবড়ো ভাষাঅসমৰ পুৰণি স্থাপত্যম'হৰ শিঙৰ পেঁপাবিজ্ঞানঅতুল চন্দ্ৰ হাজৰিকাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাৰাজনৈতিক দলসূৰ্যকুমাৰ ভূঞাবেটুপাতশূন্যফাকে জনগোষ্ঠীঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদমৃত্যুঞ্জয়নলিনীবালা দেৱীমাঘ বিহুসন্ধিঅসমৰ সাধুকথাশৰৎ ঋতুচ্যু-খ্ৰুং-ফা🡆 More