হেমকোষ

হেমকোষ (ইংৰাজী: Hemkosh) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান। ইয়াক ১৯০০ চনত পি.

আৰ. গাৰ্ডেন আৰু হেমচন্দ্ৰ বৰুৱাৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল। টেঙ-ঙাই ম'হুংৰ দ্বাৰা ৰচিত প্ৰথম টাই আহোম-অসমীয়া অভিধান হ'-মু'ঙ নামৰ বৰ কাকতখনৰ প্ৰায় এক শতিকাৰ পাছত দ্বিতীয় অভিধানখন ৰচনা কৰা হৈছিল। প্ৰথম অৱস্থাত এই অভিধানত এহেজাৰ পৃষ্ঠা আৰু ২২,৩৪৬টা শব্দ আছিল। বৰ্তমান ইয়াত এক লাখতকৈও অধিক শব্দ সংযোগ কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পাছত নাতি দেৱানন্দ বৰুৱাই হেমকোষ প্ৰিণ্টাৰ্ছ স্থাপন কৰি হেমকোষৰ প্ৰকাশনৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ হেমকোষৰ ১০টা সংবৰ্ধিত সংস্কৰণ প্ৰকাশ হয় আৰু এই অভিধানত বৰুৱাই ৮০ হাজাৰৰো অধিক শব্দৰ সংযোগ কৰে।

হেমকোষ  
হেমকোষ
হেমকোষৰ ২০০৬ চনৰ সংস্কৰণ
লেখক হেমচন্দ্ৰ বৰুৱা
দেশ অসম, হেমকোষ ভাৰত
ভাষা অসমীয়া
বিষয় অভিধান
প্ৰকাশক হেমকোষ প্ৰকাশন
প্ৰকাশ ১৯০০
মিডিয়া প্ৰকাৰ মুদ্ৰণ

প্ৰণেতা

হেমচন্দ্ৰ বৰুৱা (ইংৰাজী: Hemchandra Barua) (১৮৩৫-১৮৯৬) অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক আছিল। তেওঁক অসমীয়া ভাষাৰ ওজা নামেৰে সম্বোধিত কৰা হৈছিল। ১৮৩৫ চনৰ ১০ ডিচেম্বৰত অসমযোৰহাট জিলাৰ ৰজা-বাহৰ গাঁৱত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল ৰূপহী দেৱী

প্ৰস্তুতি পৰ্ব

হেমকোষ অভিধান প্ৰস্তুত কালত প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই নানা অসুবিধাৰ সম্মুখীন হ’বলগীয়াত পৰিছিল৷ হেমচন্দ্ৰ বৰুৱাই শ্ৰীৰামপুৰীয়া কাগজৰ দুই-তিনিখন বহীত গোটেই অভিধানখন লিখিছিল৷ আজিকালিৰ ফুলস্কেপ কাগজতকৈ শ্ৰীৰামপুৰীয়া কাগজৰ আকাৰ ডাঙৰ আছিল৷ য’ত বৰুৱা শুইছিল, সেই কোঠাৰ মেজতে বহীকেইখন ৰাখিছিল আৰু যেতিয়াই মনত পৰিছিল, তেতিয়াই তেওঁ, আনকি ৰাতি শোৱাৰ পৰা উঠিও তেওঁ শব্দ মনত পৰিলে লিখি ৰাখিছিল৷ অফিচত কাম কৰি থাকোঁতেও তেওঁ কোনো শব্দৰ কথা মনলৈ আহিলে টুকি থৈ ঘৰলৈ আহি পোনতে তাক বহীত সন্নিৱিষ্ট কৰিছিল৷ এনে কৰোঁতে বহুত কটাকুটা হৈছিল আৰু ওপৰাওপৰিকৈয়ো লিখা হৈছিল৷ লিখা প্ৰায় শেষ হৈছিল যদিও সেই সময়ত অসমত অভিধান ছপাব পৰা ছপাশাল নাছিল আৰু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ কলিকতালৈ যাবও পৰা নাছিল৷ হেমকোষ প্ৰকাশৰ আগতেই ১৮৯৬ চনত হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু হয়৷

প্ৰকাশ পৰ্ব

হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত ছাব-ডেপুটী কালেক্টৰ মিষ্টাৰ গেইটে হেমচন্দ্ৰ বৰুৱাই অভিধান লিখি থৈ যোৱা বুলি গম পাই কামৰূপ জিলাৰ ডেপুটী কমিচনাৰলৈ চিঠি লিখি অভিধানখন চৰকাৰী উদ্যোগত ছপাবলৈ অনুৰোধ কৰে৷ সেই সময়ত কলিকতাত পঢ়ি থকা অসমীয়া ছাত্ৰসকলেও ধন সংগ্ৰহ কৰি অভিধানখন ছপাবলৈ মন কৰিছিল যদিও বহু ধনৰ প্ৰয়োজন হোৱাৰ অনুমান কৰি হেমকোষখন চৰকাৰকে ছপাবলৈ দিয়া হয়৷ কিন্তু দুখৰ কথা যে, ছপা কাম আৰম্ভ হওঁতেই শ্বিলঙত হোৱা ১৮৯৭ চনৰ ডাঙৰ ভূঁইকঁপত শ্ৱিলঙৰ প্ৰায়বোৰ অফিচ ঘৰৰ লগতে চৰকাৰী ছপাশালো ভাঙি যায় আৰু হেমকোষৰ পাণ্ডুলিপিখনো মাটিৰ তলত পোত যায়৷ ইয়াৰ ফলত অভিধানখনৰ বহু পাত ছিঙি যায়৷ পিছত বহু কষ্ট কৰি হেমচন্দ্ৰ গোস্বামীয়ে পুথিখন উদ্ধাৰ কৰি প্ৰকাশৰ উপযোগী কৰি তোলে৷ কিন্তু এইসময়তে গেইট চাহাব অসম এৰি যায় আৰু ইমানতে হেমকোষ ছপা কৰাৰ কথা তল পৰি যায়৷ ভূঁইকঁপৰ বৃহৎ ক্ষতিৰ পিছত চৰকাৰেও সতকাই অভিধান ছপোৱাৰ কামত মনোনিৱেশ নকৰিব বুলি ধাৰণা কৰা হৈছিল যদিও ১৯০০ চনত কলিকতাৰ বেপ্তিষ্ট মিছন প্ৰেছত কৰ্ণেল গৰ্ডনে চৰকাৰৰ হৈ হেমকোষখন ছপা কৰি উলিয়ায়৷ হেমকোষ সন্দৰ্ভত পদ্মনাথ গোহাঞি বৰুৱাই ১৮৯৯ চনত লিখা ‘হেমচন্দ্ৰ বৰুৱা’ শীৰ্ষক কবিতাত লিখিছে-
‘হেমৰ কোষে’ৰে দুটি দৌল বান্ধি
ভাষাক সাৰথি কৰি
নুমাবলগীয়া অসমীয়া নাম
জ্বলালে উজ্বল কৰি
লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৫ চনত ‘বাঁহী’ আলোচনীত হেমকোষ সম্পৰ্কে ‘অসম সংগীত’ শীৰ্ষক দীঘলীয়া গীতি কবিতাটোত লিখিছে-
হেমকোষ ৰচি হেমচন্দ্ৰ হেৰা
ভাষা আকাশৰ জোন
স্বদেশ ভাষাত এনে শব্দকোষ
ভাৰতত ৰচিলে কোন

লগতে চাওক

তথ্য সংগ্ৰহ


Tags:

হেমকোষ প্ৰণেতাহেমকোষ প্ৰস্তুতি পৰ্বহেমকোষ প্ৰকাশ পৰ্বহেমকোষ লগতে চাওকহেমকোষ তথ্য সংগ্ৰহহেমকোষঅভিধানঅসমীয়া ভাষাইংৰাজী ভাষাটেঙ-ঙাই ম'হুংদেৱানন্দ বৰুৱাহেমচন্দ্ৰ বৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

অৰ্থনীতিমাজুলীৱিকিপিডিয়াআৱাহন (আলোচনী)পৰিৱেশ অধ্যয়নআন্তৰ্জাতিক মাতৃভাষা দিৱসবৰহমথুৰিভাৰতৰ সংৰক্ষিত আৰু নিষিদ্ধ অঞ্চললক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানজয়মতী কুঁৱৰীব্যাস ওজাপালিমাৰ্ক্সবাদগাৰো জনগোষ্ঠীৰংঅসমত দেখা চৰাইবোৰদেৱকান্ত বৰুৱাবৰ-মানিমুনিবকুল ফুলৰ দৰে (গ্ৰন্থ)বেণুধৰ শৰ্মাফলৰ তালিকাতৎসমকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানঅখণ্ড সংখ্যাভাৰতৰ ৰাষ্ট্ৰপতিঢোলপ্ৰাঞ্জল শইকীয়াদৰ্শনচীনপানীচিপকো আন্দোলনব্ৰহ্মপুত্ৰ নদজাপানঅসমীয়া জাতিহৰপ্পাজীৱনৰ বাটতৰাম গগৈমৌৰ্য সাম্ৰাজ্যৰঘুনাথ দাস মহন্তভাৰতত মহিলা শিক্ষাফুলগুৰি ধেৱাকমলাকান্ত ভট্টাচাৰ্য্যহীৰেন গোহাঁইপিঠাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদনলিনীবালা দেৱীদৰং জিলাস্বাভাৱিক সংখ্যাবড়ো জনগোষ্ঠীঅসমৰ বনৌষধিসুভাষ চন্দ্ৰ বসুসৰ্বেশ্বৰ বসুমতাৰীপৰিৱেশ তন্ত্ৰগৰু বিহুপৰিমেয় সংখ্যালীলা গগৈআহোম ৰাজ্যঈদ-উল-ফিটৰবংগোপসাগৰমৰাণ জনগোষ্ঠীপদ্মনাথ গোহাঞি বৰুৱাঅভিধানগোলকীকৰণনৃত্যমূলা গাভৰুতেজপুৰবলজিকিৰনাইট্ৰ'জেনব্যাকৰণলোকাচাৰঅসমৰ ৰেচম শিল্পব্ৰিটিছ ৰাজ🡆 More