সুচেতা কৃপলানী

সুচেতা কৃপলানী (জন্মতে: সুচেতা মজুমদাৰ; ২৫ জুন ১৯০৮ – ১ ডিচেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদবীত আৰোহণ কৰা প্ৰথম গৰাকী মহিলা। তেওঁ ১৯৬৩ চনৰ পৰা ১৯৬৭ চনলৈ উত্তৰ প্ৰদেশৰ ৰাজ্যৰ চতুৰ্থ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

সুচেতা কৃপলানী
উত্তৰ প্ৰদেশৰ চতুৰ্থ মুখ্যমন্ত্ৰী
কাৰ্যকাল
২ অক্টোবৰ ১৯৬৩ – ১৩ মাৰ্চ ১৯৬৭
পূৰ্বসূৰী চন্দ্ৰ ভানু গুপ্তা
উত্তৰসূৰী চন্দ্ৰ ভানু গুপ্তা
ব্যক্তিগত তথ্য
জন্ম
সুচেতা মজুমদাৰ

২৫ জুন ১৯০৮
আম্বালা, পঞ্জাব, ব্ৰিটিছ ভাৰত
মৃত্যু ১ ডিচেম্বৰ ১৯৭৪ (৬৬ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী আচাৰ্য কৃপলানী

প্ৰাৰম্ভিক জীৱন

১৯০৮ চনৰ ২৫ জুন তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত পঞ্জাব প্ৰদেশৰ আম্বালাৰ এক বাঙালী ব্ৰাহ্মণ পৰিয়ালত সুচেতা কৃপলানীৰ জন্ম হৈছিল। তেওঁ ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয় আৰু পঞ্জাব বিশ্ববিদ্যালয়ৰত শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত সাংবিধানিক ইতিহাস বিষয়ৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৩৬ চনত তেওঁ তেওঁতকৈ ২০ বছৰ ডাঙৰ স্বাধীনতা সংগ্ৰামী আচাৰ্য কৃপলানীৰ লগত বিবাহপাশত আবদ্ধ হয়। দুয়োপক্ষৰ পৰিয়ালৰ লগতে মহাত্মা গান্ধীয়েও প্ৰথমে এই বিবাহত সন্মতি প্ৰদান কৰা নাছিল।

স্বাধীনতা আন্দোলন

সুচেতা কৃপলানীয়ে তেওঁৰ সহযোগী অৰুণা আছফ আলি আৰু ঊষা মেহতাৰ সৈতে ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ভাৰতৰ বিভাজনৰ সময়ত তেওঁ মহাত্মা গান্ধীৰ লগত ঘনিষ্ঠভাবে কাম কৰিছিল। সেই সময়তে ১৯৪৬ চনত তেওঁ গান্ধীজীৰ লগত নোৱাখালিলৈ গৈছিল। তেওঁ সংবিধান সভালৈ নিৰ্বাচিত হৈছিল আৰু ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা উপ-সমিতিৰ সদস্য আছিল। ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে সাংবিধানিক সভাৰ স্বাধীনতা সত্ৰত জৱাহৰলাল নেহৰুৰ ব্যক্তব্যৰ আগত তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম গাইছিল। ১৯৪০ চনত স্থাপন হোৱা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।

স্বাধীনোত্তৰ কাল

সুচেতা কৃপলানী 
১৯৪৯ চনতউল্লা লিনষ্ট্ৰম, বাৰবাৰা কেছেল, কাইৰেইন ৱিলচন আৰু ইলেনৰ ৰুছভেল্টৰ সৈতে সুচেতা কৃপলানী

ভাৰতৰ স্বাধীনতাৰ পিছতো তেওঁ সক্ৰিয়ভাৱে ৰাজনীতিৰ লগত জড়িত হৈ থাকে। ১৯৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনত তেওঁ নতুন দিল্লী লোকসভা সমষ্টিৰ পৰা তেওঁৰ স্বামী আচাৰ্য কৃপলানীৰ পাৰ্টি কিচান মজদূৰ পাৰ্টিৰ টিকটৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ কিছুদিনৰ বাবে এই পাৰ্টিৰ সদস্য আছিল। এই নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ মনমোহিনী চেহগালক পৰাস্ত কৰিছিল। পাঁচ বছৰ পিছত একে সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে তেওঁ দ্বিতীয় লোকসভালৈ নিৰ্বাচিত হয়। ১৯৬৭ চনত তেওঁ শেষৰবাৰৰ বাবে উত্তৰ প্ৰদেশৰ গণ্ডা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰে।

একেসময়তে তেওঁ উত্তৰ প্ৰদেশ বিধানসভালৈও নিৰ্বাচিত হয়। ১৯৬০ চনৰ পৰা ১৯৬৩ চনলৈ তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ শ্ৰম, জনউন্নয়ন আৰু উদ্যোগ মন্ত্ৰী আছিল। ১৯৬৩ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰথম মহিলা মুখ্যমন্ত্ৰী। তেওঁৰ কাৰ্যকালত ঘটা উল্লেখযোগ্য ঘটনা হল ৰাজ্যিক কৰ্মচাৰীৰ ধৰ্মঘট। তেওঁৰ কাৰ্যকালত প্ৰথমবাৰৰ বাবে ৰাজ্যিক কৰ্মচাৰী সকলে ৬২ দিনৰ ধৰ্মঘট কৰিছিল। যেতিয়া কৰ্মচাৰী নেতা সকলে নিজৰ দাবী সমূহ শিথিল কৰাত হে তেওঁ মান্তি হৈছিল। ১৯৭১ চনত তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

১৯৭৪ চনৰ ১ ডিচেম্বৰ তাৰিখে তেওঁৰ মৃত্যু হয়।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

সুচেতা কৃপলানী প্ৰাৰম্ভিক জীৱনসুচেতা কৃপলানী স্বাধীনতা আন্দোলনসুচেতা কৃপলানী স্বাধীনোত্তৰ কালসুচেতা কৃপলানী তথ্য উৎসসুচেতা কৃপলানী বাহ্যিক সংযোগসুচেতা কৃপলানীউত্তৰ প্ৰদেশ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত-চীন যুদ্ধবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণব্যক্তিত্বশোণিত কুঁৱৰীৰাসোৎসৱৰূপালীমধেমাজি জিলাদীৰ্ঘেশ্বৰী দেৱালয়গঙ্গা নদী২৬ এপ্ৰিলনলিনীবালা দেৱীঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাশিৱসাগৰঅসমীয়া সাহিত্যত মালিতানুৰ জাহানঅসমৰ তেল শোধনাগাৰঅসমীয়া যুক্তাক্ষৰমোগল সাম্ৰাজ্যৱিকিমিডিয়া ফাউণ্ডেশ্যনবেদসালোক সংশ্লেষণঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাকৃত্ৰিম বুদ্ধিমত্তাগুৰু আসনধুবুৰী (লোকসভা সমষ্টি)বাথৌ পূজাবহনক্ষম ভূমি ব্যৱস্থাপনাঅসমীয়া গালি-গালাজডিব্ৰুগড় জিলাৰাজহুৱা ক্ষেত্ৰজাভাহস্তীবিদ্যাৰ্ণৱঅসমীয়া গীতি সাহিত্যশীতল যুদ্ধসঁফুৰা (শিশু আলোচনী)বিৰিঞ্চি কুমাৰ বৰুৱাযোগ দৰ্শনকাতি বিহুউদ্বিগ্নতাভীমৰাও ৰামজী আম্বেদকাৰপ্ৰথম বিশ্বযুদ্ধহীৰেন ভট্টাচাৰ্যঅসমৰ বনৌষধিৰামধেনু (আলোচনী)চিত্ৰা মণ্ডলবহল ব্যাকৰণএককোষী জীৱজিকিৰপ্ৰতিমা (কাব্য গ্ৰন্থ)নেতাই ধুবুনী ঘাটআহোম ৰাজবংশবিশেষ শিক্ষাচ'মাংকানকানাই বৰশী বোৱা শিলালিপিপ্ৰাকৃতিক পৰিৱেশদামোদৰ দেৱমৃত্যুভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহযোৰহাটমহেঞ্জোদাৰোকৃষ্ণচূড়াকলঅমিয় কুমাৰ ভূঞাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানশ্ৰী সূৰ্য পাহাৰবৈচাগুবুৰঞ্জীমিচিং জনগোষ্ঠীৰ সাজপাৰআধা লেখা দস্তাবেজনেপালভাৰতৰ প্ৰধানমন্ত্ৰীব’হাগজ'মাট'🡆 More