সময়

সময় হৈছে পদাৰ্থবিজ্ঞানৰ এক মৌলিক একক, বিভিন্ন পৰিঘটনাৰ অনুক্ৰম, পৰিঘটনাসমূহৰ ব্যাপ্তি (duration) বা সংঘটনৰ পৰিসৰ, বিভিন্ন পৰিঘটনাৰ সংঘটনৰ মাজৰ অন্তৰাল আৰু কোনো ৰাশি(quantity)ৰ পৰিৱৰ্তনৰ হাৰ, যেনে পদাৰ্থৰ গতি ইত্যাদি মাপনৰ বাবে ব্যৱহৃত পৰিমাপন প্ৰণালীৰ এক অংশ। সংঘটন সমূহৰ লৌকিক স্থানাংক তাৎক্ষণিক বৰ্তমানৰ সাপেক্ষে নীৰৱছিন্ন ভাৱে পৰিৱৰ্ত্তিত হয়। পৰিঘটনা সংঘটিত হয়, আৰু সংঘটনৰ স্থানাংক ক্ৰমে দূৰৱতী অতীতলৈ পৰ্যবসিত হয়। যুগ যুগ ধৰি সময় বা কাল ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ বাবে বহুলভাৱে আলোচ্য বিষয় হৈ আহিছে। সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰালস্য প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱা নাই। ইয়াৰ এক সৰলতম সংজ্ঞা হৈছে, "ঘড়ী বা কাল মাপন যন্ত্ৰৰ দ্বাৰা মাপিত ৰাশিটোৱেই হৈছে সময়"।

সময়
বালিঘড়িৰ বালিৰ প্ৰবাহক সময় গণনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ওপৰ আৰু তলৰ অংশৰ বালিৰ পৰিমাণে ক্ৰমে আহিবলগা আৰু পাৰ হৈ যোৱা সময় সুচিত কৰিছিল।

সম্যক ব্যাখ্যা

আন্তঃৰাষ্ট্ৰীয় একক পদ্ধতিত অন্তৰ্ভুক্ত সাতটা মৌলিক এককৰ এটা হৈছে সময়। অন্যান্য ভৌতিক ৰাশি, যেনে বেগৰ সংজ্ঞাৰ বাবে সময় ব্যৱহৃত হয়; সেয়ে এনেধৰণৰ ৰাশিৰ দ্বাৰা সময়ৰ সংজ্ঞা নিৰ্ধাৰণ কৰিবলৈ চলোৱা প্ৰচেষ্টাই "সংজ্ঞাৰ ঘূৰ্নীয়ত্ব" জটিলতাৰহে সৃষ্টি কৰে। সময়ৰ এটা কাৰ্যকৰী সংজ্ঞা নিম্নোক্ত ধৰণে আগবঢ়োৱা হয়--কোনো চক্ৰীয় সংঘটন, যেনে মুক্ত ভাৱে দোলিত এটা দোলকৰ নিৰ্দিষ্ট সংখ্যক দোলনৰ পুনৰাবৃত্তিৰ পৰিসৰ পৰ্যবেক্ষণৰ দ্বাৰা সময়ৰ এক মানক একক; যেনে ছেকেণ্ড, নিৰ্ধাৰণ কৰিব পৰা যায়। এই মানক সময় উচ্চস্তৰীয় পৰীক্ষা-নিৰীক্ষা অথবা দৈনন্দিন পৰিক্ৰমা-এই দুয়ো ক্ষেত্ৰতে প্ৰযোজ্য আৰু ব্যৱহাৰ্য হয়। "সময়" নামৰ কোনো ৰাশিৰ প্ৰকৃতপক্ষে অস্তিত্ব আছেনে-সেই প্ৰশ্ন সম্পৰ্কে সময়ৰ কাৰ্যকৰী সংজ্ঞা নিমাত। এই সংজ্ঞাই ওপৰত উল্লেখ কৰাৰ দৰে মাথোঁ বোৱতী আৰু মাপনযোগ্য সময়ৰ গণনাকহে অন্তৰ্ভুক্ত কৰে। স্থান-কাল নামৰ একক সাতত্যক(continuum)ৰ সমীক্ষণে স্থান আৰু কাল বা সময় সম্পৰ্কীয় বহুতো প্ৰশ্নৰ উদ্ৰেক ঘটায়। এই প্ৰশ্নসমূহৰ শিপা প্ৰাকৃতিক দৰ্শন অধ্য়য়নৰ আদিভাগৰ সমীক্ষক সকলৰ চিন্তাধাৰা আৰু কৰ্মত ৰোপিত হৈ আছে।

সময় 
চিপ-স্কেল পাৰমাণৱিক ঘড়ী; গোলকীয় স্থানাংক পদ্ধতিত ব্যৱহাৰযোগ্য।

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নীলকণ্ঠী ব্ৰজকাঞ্চন (উপন্যাস)ৰাজ্যসভাইণ্ডোনেছিয়াভীমৰাও ৰামজী আম্বেদকাৰপায়ু সংগমকমলাকান্ত ভট্টাচাৰ্য্যগুৱাহাটী (লোকসভা সমষ্টি)আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডজামুগুৰিহাটসেউজ গৃহ প্ৰভাৱক্ৰিকেটচৰ্যাপদকেঁচুশ্ৰীনিবাস ৰামানুজনকাৰেঙৰ লিগিৰীবিৰিঞ্চি কুমাৰ বৰুৱাবিশ্ব স্বাস্থ্য সংস্থাচৈয়দ আব্দুল মালিকঅসমৰ চিত্ৰকলাৰ ইতিহাসকোণকামৰূপ ৰাজ্যসপ্তকাণ্ড ৰামায়ণভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঅসমীয়া পুৰণি সাহিত্যসন্ধিউৎসৱভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাশিক্ষকধুবুৰী (লোকসভা সমষ্টি)অসমৰ জিলাসমূহভাৰতীয় নাগৰিকত্ব আইনপদুমকছাৰী ৰাজ্যলুৰিন জ্যোতি গগৈআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিদীৰ্ঘেশ্বৰী দেৱালয়শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘমই আৰু নেফামৰাণ জনগোষ্ঠীউপন্যাসঢেঁকীপানীসূৰ্যসাপঘৰভঠেলিলোকবিশ্বাসযৌগিক সংখ্যাবিষুৱ ৰেখাএচিদ বৰষুণঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহসম্ৰাট অশোকউগ্ৰতাৰা দেৱালয়পথৰুঘাটৰ ৰণমাৰ্ঘেৰিটা মহকুমাশিশু সাহিত্যঅৰ্জুন ভঞ্জনহুঁচৰিপঞ্চভুজৰসায়ন বিজ্ঞানপুৰাণবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবেটুপাতঅসমীয়া সাহিত্যত মালিতামহামায়া ধামবৰ্মণ ৰাজবংশবায়ু প্ৰদূষণগোৱালপৰীয়া লোকগীতহাজোঅসমৰ লোকবাদ্যৰজনীকান্ত বৰদলৈকমলাবাৰী সত্ৰগান্ধীবাদ🡆 More