শঙ্কৰ দয়াল শৰ্মা

শঙ্কৰ দয়াল শৰ্মা (ইংৰাজী: Shankar Dayal Sharma;  pronunciation (সহায়·তথ্য); ১৯ আগষ্ট ১৯১৮- ২৬ ডিচেম্বৰ ১৯৯৯) ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল। তেখেতৰ কাৰ্যকাল আছিল ১৯৯২-১৯৯৭। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটাৰমণৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপ-ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল। কেবিনেট মন্ত্ৰীও (১৯৫৬- ১৯৬৭) আছিল। ১৯৭২ৰ পৰা ১৯৭৪লৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আৰু ১৯৭৪ৰ পৰা ১৯৭৭লৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল।

শঙ্কৰ দয়াল শৰ্মা
শঙ্কৰ দয়াল শৰ্মা
নৱম ভাৰতৰ ৰাষ্ট্ৰপতি
কাৰ্যকাল
২৫ জুলাই ১৯৯২ – ২৫ জুলাই ১৯৯৭
প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও
অটল বিহাৰী বাজপায়ী
এইচ ডি দেৱেগৌড়া
ইন্দৰ কুমাৰ গুজৰাল
উপ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণন
পূৰ্বসূৰী আৰ ভেংকটাৰমণ
উত্তৰসূৰী কে আৰ নাৰায়ণন
অষ্টম ভাৰতৰ উপৰাষ্ট্ৰপতি
কাৰ্যকাল
৩ চেপ্তেম্বৰ ১৯৮৭ – ২৫ জুলাই ১৯৯২
ৰাষ্ট্ৰপতি আৰ ভেঙ্কটৰমন
প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী
বিশ্বনাথ প্ৰতাপ সিং
পূৰ্বসূৰী আৰ ভেঙ্কটৰমন
উত্তৰসূৰী কে আৰ নাৰায়ণন
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল
কাৰ্যকাল
৩ এপ্ৰিল ১৯৮৬ – ২ চেপ্তেম্বৰ ১৯৮৭
মুখ্যমন্ত্ৰী শঙ্কৰৰাও চাৱন
পূৰ্বসূৰী কোনা প্ৰভাকৰ ৰাও
উত্তৰসূৰী কাচু ব্ৰহ্মানন্দ ৰেড্ডী
পঞ্জাবৰ ৰাজ্যপাল
চণ্ডীগড়ৰ প্ৰশাসক
কাৰ্যকাল
২৬ নৱেম্বৰ ১৯৮৫ – ২ এপ্ৰিল ১৯৮৬
মুখ্যমন্ত্ৰী সুৰজিৎ সিং বাৰ্নালা
পূৰ্বসূৰী হকিচে চেমা
উত্তৰসূৰী সিদ্ধাৰ্থ শঙ্কৰ ৰয়
অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল
কাৰ্যকাল
২৯ আগষ্ট ১৯৮৪ – ২৬ নৱেম্বৰ ১৯৮৫
মুখ্যমন্ত্ৰী নাদেন্দলা ভাস্কৰ ৰাও
এন টি ৰামাৰাও
পূৰ্বসূৰী ঠাকুৰ ৰামলাল
উত্তৰসূৰী কুবেদিন মুনিশঙ্কৰ যোশী
ব্যক্তিগত তথ্য
জন্ম ১৯ আগষ্ট ১৯১৮
ভূপাল, ভূপাল প্ৰদেশ, ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ মধ্যপ্ৰদেশ, ভাৰত)
মৃত্যু ২৬ ডিচেম্বৰ ১৯৯৯
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী বিমলা শৰ্মা
সন্তান ২জন পুত্ৰ, ১জনী জীয়ৰী
শিক্ষানুষ্ঠান লক্ষ্ণৌ বিশ্ববিদ্যালয়
কেম্ব্ৰিজ বিশ্ববিদ্যালয়
লিঙ্কনচ্ ইন
হাভাৰ্ড বিশ্ববিদ্যালয়
জীৱিকা ওকালতি, ৰাজনীতি
স্বাক্ষৰ শঙ্কৰ দয়াল শৰ্মা

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

ড॰ শৰ্মাই উচ্চশিক্ষা চেইণ্ট জনচ্ কলেজ, এলাহাবাদ বিশ্ববিদ্যালয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়, ফিটজ ৱিলিয়াম কলেজ, কেমব্ৰিজ বিশ্ববিদ্যালয় আৰু লিংকনচ্ ইন এণ্ড হাভাৰ্ড ল কলেজত গ্ৰহণ কৰিছিল। তেখেতে ইংৰাজী, হিন্দী আৰু সংস্কৃত ভাষাত প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ উপাধি লৈছিল। লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে এল.এল.এমতো প্ৰথম স্থান পাই উত্তীৰ্ণ হৈছিল। তেখেতে কেমব্ৰিজৰ পৰা আইন বিষয়ত পি.এইচ.ডি. লাভ কৰিছিল। সমাজ সেৱাৰ বাবে তেখেতে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা চক্ৰৱৰ্তী সোণৰ পদক পাইছিল।

তেখেতে লক্ষ্ণৌ আৰু কেমব্ৰিজ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল। কেমব্ৰিজত তেখেত টেগ'ৰ চোচাইটি এণ্ড কেমব্ৰিজ মজলিচৰ কোষাধ্যক্ষ আছিল। পিছলৈ তেখেত হাভাৰ্ড ল স্কুলৰ ফেল' হৈছিল।

ৰাজনৈতিক দীক্ষা

১৯৪০ত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ পৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছত অংশ গ্ৰহণ কৰিছিল। জীৱনৰ বাকীচোৱা সময় তেখেতে এই দলটোৰ প্ৰতি অনুগত হৈ থাকিল। দেশে স্বাধীনতা লাভ কৰাৰ পিছত ভোপালৰ নৱাবে ভূপাল প্ৰদেশ ভাৰতৰ লগত চামিল নহৈ এখন সুকীয়া ৰাজকীয় প্ৰদেশ হিচাপে থকাৰ মন কৰিলে, যাৰ বাবে প্ৰদেশখনৰ প্ৰজা নৱাবৰ প্ৰতি বিদ্ৰোহী হৈ উঠিল। ১৯৪৮ৰ ডিচেম্বৰত শঙ্কৰ দয়াল শৰ্মাই এই বিদ্ৰোহৰ নেতৃত্ব দিলে; যাৰবাবে তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। জনসভা অনুষ্ঠিত কৰাত থকা নিষেধাজ্ঞা ভঙ্গ কৰা বাবে ২৩ জানুৱাৰী ১৯৪৯ত তেখেতক ৮ মাহৰ কাৰাদণ্ড বিহা হ'ল। পিছত ৰাইজৰ হেঁচাত সেও মানি নৱাবে তেখেতক কাৰাগাৰৰ পৰা মুকলি কৰি দিলে আৰু ভোপাল প্ৰদেশক ভাৰত গণৰাজ্যত চামিল কৰাৰ চুক্তিত চহী কৰিলে। ১৯৫২ চনত তেখেত ভূপাল প্ৰদেশৰ মুখ্যমন্ত্ৰী। তেখেতেই আছিল সেই সময়ৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী। ৰাজ্য পুনৰ্গঠন নোহোৱালৈ তেখেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থাকিল। ১৯৫৬ত ভোপালকে ধৰি আৰু কেইখনমান ৰাজ্য লগলাগি মধ্যপ্ৰদেশ গঠন কৰা হয়।

সক্ৰিয় ৰাজনৈতিক জীৱন

১৯৬০ৰ দশকত ইন্দিৰা গান্ধীয়ে কংগ্ৰেছৰ নেতৃত্ব দিয়াটোক সমৰ্থন কৰিছিল। ১৯৭২ত তেখেত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি হৈছিল আৰু এ.আই.চি.চি.ৰ কলকাতা অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯৫৬ৰ পৰা ১৯৬৭লৈ তেখেত মধ্যপ্ৰদেশ চৰকাৰৰ শিক্ষা,আইন, ৰাজহুৱা সেৱা, উদ্যোগ আৰু বাণিজ্য,ৰাষ্ট্ৰীয় সম্পদ আৰু পৃথক ৰাজহ দপ্তৰৰ কেবিনেট মন্ত্ৰী, ১৯৭৪-১৯৭৭ লৈ কেন্দ্ৰীয় চৰকাৰৰ যোগাযোগ মন্ত্ৰী হৈছিল।

তেখেতে ৩ চেপ্তেম্বৰ ১৯৮৭ৰ পৰা ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱালৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ হৈ আছিল। তাৰ আগত তেখেতে তিনিখন ৰাজ্য, অন্ধ্ৰপ্ৰদেশ, পঞ্জাব আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপালো আছিল।

ৰাষ্ট্ৰপতি নিৰ্বাচন

শঙ্কৰ দয়াল শৰ্মা ১৯৯২ত ৰাষ্ট্ৰপতি হোৱালৈকে উপ-ৰাষ্ট্ৰপতি হৈ আছিল। প্ৰতিদ্বন্দ্ব্বী জৰ্জ গিলবাৰ্ট স্বেলৰ বিৰুদ্ধে ৬৬% ভোট পাই তেখেত নিৰ্বাচিত হৈছিল। পাঁচবছৰীয়া কাৰ্যকালত তেখেতে তিনিজনকৈ প্ৰধানমন্ত্ৰীক শপতগ্ৰহণ কৰোঁৱাইছিল।

মৃত্যু

জীৱনৰ শেষ পাঁচবছৰ শঙ্কৰ দয়াল শৰ্মাৰ শৰীৰ ৰোগ-ব্যাধিয়ে আগুৰি ধৰিছিল। ১৯৯৯ৰ ২৬ ডিচেম্বৰৰ দিনা গুৰুতৰ হাৰ্ট এটেক হোৱা বাবে তেখেতক দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰা হৈছিল আৰু তাতেই তেখেতৰ মৃত্যু হৈছিল। কৰ্মভূমিত তেখেতৰ শৱ সৎকাৰ কৰা হৈছিল। মৃত্যুৰ সময়ত তেখেতে প্ৰথম পত্নীৰ ফালৰ পৰা এজন পুত্ৰ সতীশ দয়াল শৰ্মা আৰু দ্বিতীয় পত্নী বিমলা শৰ্মাৰ ফালৰ পৰা আন এজন পুত্ৰ আশুতোষ দয়াল শৰ্মাক এৰি থৈ যায়। তেখেতৰ জীয়াৰী গীতাঞ্জলীক স্বামী কংগ্ৰেছ সাংসদ ললিত মাকেনৰ সৈতে ১৩ জুলাই, ১৯৮৫ত নতুনদিল্লীৰ কীৰ্তি নগৰৰ মাকেনৰ বাসভৱনত খালীস্তানী উগ্ৰপন্থী হৰিন্দৰ সিং, সুখদেৱ সিং আৰু ৰঞ্জিতসিং ওৰফে কুক্কিয়ে গুলিয়াই হত্যা কৰে।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

শঙ্কৰ দয়াল শৰ্মা শিক্ষা আৰু প্ৰাৰম্ভিক জীৱনশঙ্কৰ দয়াল শৰ্মা ৰাজনৈতিক দীক্ষাশঙ্কৰ দয়াল শৰ্মা সক্ৰিয় ৰাজনৈতিক জীৱনশঙ্কৰ দয়াল শৰ্মা ৰাষ্ট্ৰপতি নিৰ্বাচনশঙ্কৰ দয়াল শৰ্মা মৃত্যুশঙ্কৰ দয়াল শৰ্মা তথ্য উৎসশঙ্কৰ দয়াল শৰ্মা বাহ্যিক সংযোগশঙ্কৰ দয়াল শৰ্মাSds.oggইংৰাজী ভাষাএই শব্দটোৰ বিষয়েচিত্ৰ:Sds.oggভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাৱিকিপিডিয়া:Media help

🔥 Trending searches on Wiki অসমীয়া:

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিকাৰেঙৰ লিগিৰীমদন কামদেৱ দেৱালয়পাৰিপাৰ্শ্বিক সংঘাতঅসমৰ চলচ্চিত্ৰইয়াণ্ডাবু সন্ধিব-দ্বীপমৌখিক ইতিহাসস্বাধীনতা দিৱস (ভাৰত)পাচন তন্ত্ৰভাৰত ৰত্নভাৰতৰ ইতিহাসমাধৱ কন্দলিনীলমণি ফুকন (জ্যেষ্ঠ)নামচিংবিশ্বনাথ ঘাটহাজং জনগোষ্ঠীশ্ৰী শ্ৰী বটদ্ৰৱা থানপৰ্যাবৃত্ত তালিকাঅপভ্ৰংশপোহৰগৌতম বুদ্ধশোণিত কুঁৱৰীপৰিৱেশ বিজ্ঞানকাৰ্বি জনগোষ্ঠীপ্ৰাকৃতিক পৰিৱেশতলাতল ঘৰমানৱ ভূগোলমামৰে ধৰা তৰোৱালবিহুৰ সাজ-পোচাক আৰু অলংকাৰভেঁকুৰদীৰ্ঘেশ্বৰী দেৱালয়অসমীয়া সাহিত্যদৰং জিলাঅসমৰ পৰম্পৰাগত সাজ- পাৰৰুবুল মাউতভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহভাৰত-ইউৰোপীয় ভাষা পৰিয়ালমহাভাৰতভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫পায়ু সংগমখোলঅসমৰ মাছশৰাইঘাটৰ যুদ্ধনদীমালিনী থানশিৱসাগৰ জিলাশচীন তেণ্ডুলকাৰবিশ্ব মেলেৰিয়া দিৱসফুটবলচুতীয়া ৰাজ্যলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানজোনাকী (আলোচনী)অসমৰ মন্ত্ৰ-সাহিত্যমানুহমুগা (ৰেচম)কম্পিউটাৰভাৰতীয় ৰেলসিন্ধু সভ্যতাবেণুধৰ শৰ্মাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়সিন্ধী ভাষাকামৰূপ ৰাজ্যহৃদযন্ত্ৰঅসমৰ ৰেচম শিল্পপথৰুঘাটৰ ৰণদশাৱতাৰকালিকা পুৰাণনৱ-বৈষ্ণৱ ধৰ্মনামঘোষাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকামাইলছ ব্ৰনছনজয় দৌলপৰিৱেশ অধ্যয়নভগদত্ত🡆 More