মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০

উৰণ সংখ্যা MH-370 নামৰ আন্তঃৰাষ্ট্ৰীয় উৰাজাহাজ এখন মালায়ছিয়াৰ কুৱালালামপুৰ চহৰৰ পৰা চীনদেশৰ বেইজিং চহৰলৈ গৈ থকাৰ মাজ আকাশত নোহোৱা হৈ যায়৷ ২২৭জন যাত্ৰী, দুজন বিমানচালক আৰু ১০গৰাকী পৰিচাৰীকাৰে সৈতে উৰাজাহাজখন ৮-মাৰ্চ-২০১৪-ৰ মাজনিশা স্থানীয় ০১:২০ বজাত উৰিবলৈ আৰম্ভ কৰাৰ ৪৫ মিনিটমানৰ পিছতে সকলোবোৰ ৰাডাৰ পৰ্দাৰ পৰা হেৰাই যায়৷ ভূমিস্থ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ লগতো সকলো ৰেডিঅ’ সংযোগ হেৰাই যায়৷

মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০
মালয়েছিয়া এয়াৰলাইন্সৰ এক Boeing 777 বিমান
নিৰুদ্দেশ হোৱা মালয়েছিয়া এয়াৰলাইন্সৰ 9M-MRO বিমানখন, ২০১১ চনত
নিৰুদ্দেশৰ সাৰাংশ
তাৰিখ ৮ মাৰ্চ ২০১৪ (2014-03-08);
১০ বছৰ পূৰ্বে
সংক্ষিপ্ত বিবৰণ কাৰণ জনা নাযায়, বিমানৰ কিছু অংশ উদ্ধাৰ হৈছে
স্থান দক্ষিণ ভাৰত মহাসাগৰ (অনুমান)
যাত্ৰীৰ সংখ্যা ২২৭
কৰ্মচাৰীৰ সংখ্যা ১২
নিহত ২৩৯ (অনুমান)
জীৱিত থাকে ০ (অনুমান)
বিমানৰ ধৰণ Boeing 777-200ER
পৰিচালক মালয়েছিয়া এয়াৰলাইন্স
পঞ্জীয়ন 9M-MRO
যাত্ৰাৰ আৰম্ভনি কুৱালালামপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ
লক্ষ্যস্থান বেইজিং কেপিটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

লগে লগে এক বিশাল আন্তৰ্জাতিক অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা যায়৷ প্ৰথমতে উৰাজাহাজখন দক্ষিণ চীন উপসাগৰ য’ৰ পৰা অন্তৰ্ধান হৈছিল তাৰ দাঁতীকাষৰীয়া অঞ্চলসমূহত অনুসন্ধান চলোৱা হয়৷ কিছুদিনৰ ভিতৰতে এই অনুসন্ধান মালাক্কা প্ৰণালী, আন্দামান সাগৰ আদিলৈও সম্প্ৰসাৰিত হয়৷ প্ৰত্যক্ষভাৱে জড়িত মালায়ছিয়া, চীনা, ভিয়েটনাম আদিৰ লগতে ভাৰত, থাইলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া আদি মুঠ ২৬খন দেশ এই অভিযানত জড়িত হৈ পৰে৷

উপৰোক্ত অঞ্চলসমূহত উৰাজাহাজখনৰ কোনো ভগ্নাংশ নোপোৱাত, ৰাডাৰ আৰু কৃত্ৰিম উপগ্ৰহত পোৱা সংকেত বিশ্লেষণ কৰি এতিয়া ই ভাৰত মহাসাগৰৰ দক্ষিণত অষ্ট্ৰেলিয়াৰ পাৰ্থ-নগৰৰ পৰা পশ্চীম দিশে প্ৰায় ২০০০ কি.মি. দূৰত সাগৰৰ তলীত পৰি আছে বুলি অনুমান কৰা হৈছে৷ সেইবাবে মালায়ছিয়াৰ অনুৰোধত, অষ্ট্ৰেলীয়াৰ নেতৃত্বত ভাৰত মহাসগৰৰ দক্ষিণ অংশত এক বিশাল অভিযান চলোৱা হয়৷ কেইবাখনো উচ্চ প্ৰযুক্তিৰ বিমান, নৌ-সেনাৰ জাহাজ আদিয়ে ৪৫০০ মিটাৰতকৈয়ো দ পানী থকা, নিকততম ভূখণ্ডৰ পৰা ১০০০-২০০০ কি.মি. নিলগত এই দুৰ্গম্য অঞ্চলৰ এক বৃহত অংশত কেইবাদিনো ধৰি অনুসন্ধান চলায়৷ তাৰে এটা অংশৰ পৰা অৱশেষত এক ধ্বনি-সংকেত পোৱা যায়, ইয়াক অন্তৰ্ধান হোৱা উৰাজাহাজখনৰ black-box-ৰ পৰা অহা সংকেত বুলি ঠাৱৰ কৰা হয়৷ সেই নিৰ্দিষ্ট অংশত অত্যাধুনিক স্বয়ংচালিত শিহুজাহাজৰ সহায়ত অনুসন্ধান চলোৱা হয়৷ কিন্তু তাতো এতিয়ালৈকে একো পোৱা নগ’ল৷

এই ঘটনাটিয়ে ইতিমধ্যে মানৱ উৰণ-প্ৰযুক্তিৰ বুৰঞ্জীত সবাতোকৈ ৰহস্যজনক আৰু অসমাধিত ঘটনা বুলি পৰিগণিত হৈছে৷

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

পৰিমেয় সংখ্যাএশিঙীয়া গঁড়ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমাতৃভাষাঅসমৰ কাঁহ শিল্পমোৰো এটা সপোন আছেমিজোৰামঅভিধানযকৃৎচকলংৱিকিপিডিয়াকাৰেঙৰ লিগিৰীপথেৰ পাঁচালীমৌ-মাখিভূমিকম্পখেৰাইপৰম্পৰাৰাষ্ট্ৰসংঘ দিৱসক্ৰা দাদি জিলামহাভাৰতকাতি বিহুমৰাণ জনগোষ্ঠীঅসমৰ নদীসমূহৰ তালিকাপ্ৰাকৃতিক পৰিৱেশভাস্কৰ (প্ৰথম)পাৰিপাৰ্শ্বিক সংঘাতশামুকবিত্তীয় বজাৰসপ্তকাণ্ড ৰামায়ণভাৰতৰ সংবিধানকৰ্কট ক্ৰান্তিএহাত ডাবাজ্যামিতিপাচন তন্ত্ৰবৃহস্পতি গ্ৰহনাগৰিকত্ববড়ো জনগোষ্ঠীতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অশ্বিনী কুমাৰ বৰুৱাচিলাৰায়যুগ্ম সংখ্যাঅৰ্থব্যৱস্থাচ্যু-কা-ফাৰাতি বিহুবেদসংঘাতউদ্ভিদভাৰতৰ সংৰক্ষণ ব্যৱস্থাবাজেটনীলমণি ফুকন (জ্যেষ্ঠ)জৈৱ বৈচিত্ৰ্যবুৰঞ্জী সাহিত্যইণ্টাৰনেটগদ্যনীলমণি ফুকন (কনিষ্ঠ)নামঘৰমিচিং নৃত্য আৰু গীত মাতমৌলিক সংখ্যাআনন্দৰাম বৰুৱাবায়ু প্ৰদূষণবাৰেচহৰীয়া ভাওনা মহোৎসৱসৌৰজগতকৰ্কট ৰোগআহোম ৰাজ্যবহনক্ষম উন্নয়নৰ লক্ষ্যমহামায়া ধামপ্ৰেমচন্দঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাজুবিন গাৰ্গঅসমীয়া লোকসাহিত্যধতুৰাপঞ্চভুজবৰপেটা (লোকসভা সমষ্টি)স্বাভাৱিক সংখ্যাঅসমৰ নৃ-প্ৰজাতীয় গাঁথনি🡆 More