মাইকেল মধুসূদন দত্ত (২৫ জানুৱাৰী ১৮২৪ – ২৯ জুন ১৮৭৩) ১৯ শতিকাৰ অন্যতম শ্ৰেষ্ঠ বঙালী কবি, নাট্যকাৰ আৰু প্ৰহসন লেখক। তেওঁক বাংলা নৱজাগৰণৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। পৰম্পৰাক অৱজ্ঞা কৰি নতুনত্বৰ প্ৰৱৰ্তনৰ বাবে তেওঁক আধুনিক বাংলা সাহিত্যৰ প্ৰথম বিদ্ৰোহী কবি বুলিও অভিহিত কৰা হয়। ব্ৰিটিছ ভাৰতৰ (বৰ্তমান বাংলাদেশ) জেছৌৰ জিলাৰ এটা সম্ভ্ৰান্ত কায়স্থ পৰিয়ালত জন্মগ্ৰহণ কৰিলেও মধুসূদনে যৌৱনত খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি মাইকেল মধুসূদন নাম গ্ৰহণ কৰি পশ্চিমীয়া সাহিত্যৰ আকৰ্ষণৰ বাবে ইংৰাজী ভাষাত সাহিত্য লিখাত মনোনিৱেশ কৰে। জীৱনৰ দ্বিতীয় পৰ্যায়ত মধুসূদনে নিজৰ মাতৃভাষাৰ প্ৰতি মনোযোগ দিছিল। এই সময়ছোৱাত তেওঁ বাংলা ভাষাত নাট, প্ৰহসন আৰু কবিতা ৰচনা কৰিছিল। মাইকেল মধুসূদন দত্তই বাংলা ভাষাত প্ৰথম ছনেট আৰু অমিত্ৰাক্ষৰ ছন্দৰ সৃষ্টি কৰিছিল। তেওঁৰ সৰ্বশ্ৰেষ্ঠ সাফল্য হৈছে অমিত্ৰাক্ষৰ ছন্দত ৰামায়ণ মহাকাব্যৰ আধাৰত ‘মেঘনাদ বধ’ কাব্য নামৰ মহাকাব্য। মধুসূদনৰ ব্যক্তিগত জীৱন আছিল নাটকীয় আৰু বেদনাদায়ক। এই মহাকবি গৰাকীয়ে ৪৯ বছৰ বয়সত কলিকতাত এক দুখজনক অৱস্থাত মৃত্যুবৰণ কৰে।
মাইকেল মধুসূদন দত্ত | |
---|---|
মাইকেল মধুসূদন দত্ত | |
জন্ম | ২৫, ১, ১৮২৪ বাংলাদেশৰ জেছৌৰ |
মৃত্যু | ২৯, ০৬, ১৮৭৩ কলিকতা, বেংগল ৰেচিডেন্সি |
পেচা | লেখক, কবি, নাট্যকাৰ |
দাম্পত্যসংগী | ৰেবেকা মেকটিভিছ |
সন্তান | ৪ |
মধুসূদন দত্তৰ জন্ম হৈছিল ১৮২৪ চনৰ ২৫ জানুৱাৰীত বংগ প্ৰেচিডেন্সিৰ জেছৌৰ জিলাৰ সগৰদণ্ডি গাঁৱৰ এটা সম্ভ্ৰান্ত হিন্দু কায়স্থ পৰিয়ালত (বৰ্তমানৰ বাংলাদেশৰ জেছৌৰ জিলাৰ কেশবপুৰ উপজিলা)। তেওঁ আছিল ৰাজনাৰায়ণ দত্ত আৰু তেওঁৰ প্ৰথম পত্নী জাহ্নৱী দেৱীৰ একমাত্ৰ সন্তান। ৰাজনাৰায়ণ দত্ত আছিল কলিকতাৰ সদৰ দেৱানী আদালতৰ এজন প্ৰখ্যাত অধিবক্তা। মধুসূদনৰ তেৰ বছৰ হোৱাৰ পৰাই পিতৃ কলিকতাত থাকিব লগা হৈছিল।
মধুসূদনৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল মাতৃ জাহ্নৱী দেৱীৰ পৰা। জাহ্নৱী দেৱীয়ে তেওঁক ৰামায়ণ, মহাভাৰত, পুৰাণ আদিৰ লগত পৰিচয় কৰাই দিছিল। তেওঁৰ প্ৰাৰম্ভিক শিক্ষাৰ আৰম্ভণি হৈছিল সাগৰদাণ্ডীৰ ওচৰৰ গাঁও শ্বেখপুৰা মছজিদৰ ইমাম মুফতি লুতফুল হকৰ পৰা। তেওঁ বিদ্বান ইমামৰ অধীনত বাংলা, পাৰ্চী আৰু আৰবী ভাষা অধ্যয়ন কৰিছিল। মধুসূদনে শৈশৱ কটাইছিল সাগৰদানীত। মধুসূদন তেৰ বছৰ বয়সত কলিকতালৈ আহিছিল। কিছুসময় স্থানীয় বিদ্যালয় এখনত পঢ়া-শুনা কৰি পিছলৈ হিন্দু কলেজ (বৰ্তমান প্ৰেচিডেন্সি ইউনিভাৰ্চিটি )ত যোগদান কৰে। মধুসূদন আছিল এজন মেধাৱী ছাত্ৰ। গতিকে অলপ দিনৰ পিছতে কলেজৰ অধ্যক্ষ কেপ্তেইন ডি. এল. ৰিচাৰ্ডছনৰ তেওঁ প্ৰিয় ছাত্ৰ হৈ পৰিল। ৰিচাৰ্ডছনে মধুসূদনৰ মনত কবিতাৰ প্ৰতি প্ৰেম জগাই তুলিছিল। হিন্দু কলেজৰ প্ৰাক্তন অধ্যাপক ডেৰ’জিঅ’ৰ দেশপ্ৰেমমূলক স্মৃতিয়েও তেওঁক বিশেষভাৱে আপ্লুত কৰিছিল।
১৮৪৩ চনত মধুসূদনে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ ইচ্ছা ৰেভাৰেণ্ড কৃষ্ণমোহন বন্দ্যোপাধ্যায়ৰ ওচৰত প্ৰকাশ কৰে। সেই বছৰৰ শেষৰ ফালে ৯ ফেব্ৰুৱাৰীত তেওঁ ‘অল্ড মিছন চাৰ্চ’ নামৰ এংলিকান গীৰ্জালৈ গৈ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। তেতিয়া তেওঁৰ নাম ৰাখিলে "মাইকেল" আৰু তেতিয়াৰেপৰাই তেওঁ "মাইকেল মধুসুদন দত্ত" নামেৰে পৰিচিত হয়। তেওঁৰ ধৰ্মান্তৰকৰণে সমাজত এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছিল। ৰাজনাৰায়ণ দত্তই তেতিয়াই তেওঁক নিজৰ অবৈধ পুত্ৰ, ত্যজ্যপুত্ৰ বুলি ঘোষণা কৰে। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত মধুসূদনে শিৱপুৰৰ বিচপ কলেজত অধ্যয়ন অব্যাহত ৰাখে। ইয়াত তেওঁ গ্ৰীক, লেটিন, সংস্কৃত আদি ভাষা শিকিছিল। যদিও ৰাজনাৰায়ণ দত্তই তেওঁক পৰিত্যাগ কৰিছিল, তথাপিও তেওঁ বিচপ কলেজত পঢ়া-শুনাৰ খৰচ দিছিল। অৱশ্যে চাৰি বছৰৰ পাছত তেওঁ টকা পঠোৱা বন্ধ কৰি দিছিল। অৱশেষত বিচপ কলেজত পঢ়া-শুনা সমাপ্ত কৰি মধুসূদনে কলিকতাত চাকৰি বিচাৰিবলৈ চেষ্টা কৰে। তাৰ পিছত মধুসূদনে তেওঁৰ মাদ্ৰাচী বন্ধুৰ সৈতে চাকৰিৰ সন্ধানত মাদ্ৰাজ (বৰ্তমান চেন্নাই )লৈ যায়। কোৱা হয় যে তেওঁ আত্মীয়ৰ অজ্ঞাতে নিজৰ পাঠ্যপুথি বিক্ৰী কৰি সেই টকাৰইে মাদ্ৰাজলৈ গৈছিল।
মধুসূদনে মাদ্ৰাজত টকা ঘটাৰ বিশেষ সুবিধা লাভ কৰিব নোৱাৰিলে যদিও স্থানীয় খ্ৰীষ্টান আৰু ইংৰাজসকলৰ সহায়ত তেওঁ এখন স্কুলত ইংৰাজী শিক্ষকৰ চাকৰি পালে। অৱশ্যে তেওঁ তাত লাভ কৰা দৰমহাই নিজৰ খৰচ বহন কৰিব পৰা নাছিল। এই সময়ত তেওঁ ইংৰাজী বাতৰি কাকতত লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ কবিতাসমূহ ‘মাদ্ৰাজ ক্ৰনিকল’ নামৰ এখন আলোচনীত ছদ্মনামেৰে প্ৰকাশ পাইছিল। তেওঁ সেই সময়তে ‘হিন্দু ক্ৰনিকল’ নামৰ এখন আলোচনীও সম্পাদনা কৰিছিল। কিন্তু কম সময়ৰ ভিতৰতে আলোচনীখন বন্ধ কৰিব লগা হ’ল। পঁচিশ বছৰ বয়সত তেওঁৰ প্ৰথম কবিতা ‘The Captive Lady’ অতি দৰিদ্ৰতাত পৰি লিখে। সেই সময়ৰপৰাই তেওঁ এজন কবি আৰু এজন নিপুণ ইংৰাজী সাহিত্যিক হিচাপে পৰিচয় লাভ কৰে।
মাদ্ৰাজত উপস্থিত হোৱাৰ কিছু দিনৰ পিছতে মধুসূদনে ‘ৰেবেকা মেকটিভিছ’ নামৰ ইংৰাজী ছোৱালী এজনীক বিয়া কৰায়। ৰেবেকাৰ গৰ্ভত মধুসূদনৰ দুই পুত্ৰ আৰু দুগৰাকী কন্যাৰ জন্ম হয়। মাদ্ৰাজত জীৱনৰ অন্তিম পৰ্যায়ত ৰেবেকাৰ পৰা বিবাহ বিচ্ছেদ হোৱাৰ কিছু দিনৰ পিছতে মধুসুদনে ‘এমিলিয়া হেনৰিটা ছফিয়া’ নামৰ এগৰাকী ফৰাচী যুৱতীক বিয়া কৰায়। ১৮৫৬ চনত মধুসূদন কলিকতালৈ উভতি আহে। সেই সময়ত অৱশ্যে তেওঁ নিজৰ পত্নীক লগত লৈ অহা নাছিল।
আইন অধ্যয়নৰ বাবে তেওঁ ইংলেণ্ডলৈ গৈছিল যদিও তাত থকা জলবায়ু আৰু বৰ্ণবাদৰ বাবে বেছি দিন নাথাকিলে। তাৰ পিছত ১৮৬০ চনত তেওঁ ফ্ৰান্সৰ ভাৰ্চাইললৈ গুচি যায়। কিন্তু তেওঁৰ আৰ্থিক অৱস্থা বৰ বেয়া আছিল। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বাবেই তেওঁ আইনৰ শিক্ষা সমাপ্ত কৰি ভাৰতলৈ ঘূৰি আহিব পাৰিছিল।
মধুসূদন দত্তই প্ৰথমে বাংলা সাহিত্যৰ ক্ষেত্ৰখনত নাট্যকাৰ হিচাপে প্ৰৱেশ কৰিছিল। ৰামনাৰায়ণ তৰ্কত্নৰ ৰচনা ‘ৰত্নৱলী’ নাটকখন ইংৰাজীলৈ অনুবাদ কৰাৰ সময়ত তেওঁ বাংলা নাট্য সাহিত্যত উপযুক্ত নাটকৰ অভাৱ অনুভৱ কৰিছিল। এই অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁ নাটক লিখাৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। ১৮৫৮ খ্ৰীষ্টাব্দত তেওঁৰ নাট ‘শৰ্মিষ্ঠা’ প্ৰথম বাৰৰ বাবে প্ৰকাশ পায়। ১৮৫৯ চনৰ ৩ ছেপ্টেম্বৰত বেলগাছিয়া নাট্যশালাত এক ভৱিষ্যৎ অনুষ্ঠানত "শৰ্মিষ্ঠা" নাটখন প্ৰদৰ্শন কৰা হয়। বাংলা ভাষাত ৰচিত এইখনেই প্ৰথম মৌলিক নাটক। ১৮৬০ খ্ৰীষ্টাব্দত তেওঁ দুখন প্ৰহসন ৰচনা কৰে, যথা- 'একেই কি বলে সভ্যতা' আৰু 'বুঢ়া শালিকেৰ ঘৰে ৰণ' আৰু পূৰ্ণদৈৰ্ঘ্য নাটক 'পদ্মাৱতী' (১৮৬০)। তেওঁ প্ৰথমে পদ্মাৱতী নাটত অমিত্ৰাক্ষৰ ছন্দ ব্যৱহাৰ কৰিছিল। ১৮৬০ খ্ৰীষ্টাব্দত তেওঁ অমিত্ৰক্ষাৰ ছন্দত 'তিলোত্তমাসম্ভৱ' কাব্য ৰচনা কৰে। তাৰ পিছত 'মেঘনাদ বধ' কাব্য (১৮৬১), 'ব্ৰজংগনা' কাব্য (১৮৬১), 'কৃষ্ণ কুমাৰী' নাটক (১৮৬১), 'বীৰাংগনা' কাব্য (১৮৬২), চতুৰ্দশপদী কবিতা (১৮৬৬) আদি ৰচনা কৰে। ১৮৭১ চনৰ শেষৰ ফালে মাইকেল মধুসুদন দত্তই হোমাৰৰ "ইলিয়াড"ৰ কাহিনীৰ আধাৰত বাংলা ভাষাত "হেক্টৰ বধ" প্ৰকাশ কৰে। তেওঁৰ সৰ্বশ্ৰেষ্ঠ সাফল্য হৈছে অমিত্ৰক্ষৰ ছন্দত ৰামায়ণ মহাকাব্যৰ আধাৰত ৰচনা কৰা ‘মেঘনাধ বধ’ নামৰ মহাকাব্যখন।
মাইকেল মধুসূদন দত্ত আছিল বহুভাষী। মাতৃভাষাৰ বাহিৰেও তেওঁ আৰু বাৰটা ভাষা জানিছিল। সৰুতে গাঁৱৰ টোলৰ পৰা পাৰ্চী ভাষা শিকি তেওঁৰ ভাষা শিক্ষা আৰম্ভ হৈছিল। ইংৰাজীৰ বাহিৰেও তেওঁ লেটিন, গ্ৰীক, পাৰ্চী, হিব্ৰু, তেলেগু, তামিল আদি ভাষা সহজে ক’ব পাৰিছিল। আনকি তেওঁ পাৰ্চী আৰু ইটালীয় ভাষাতো কবিতা লিখিব পাৰিছিল।
বাংলা নাটকত মাইকেল মধুসূদনৰ আবিৰ্ভাৱ হঠাৎ হৈছিল। ১৮৫২ চনত তাৰাচৰণ শিকদাৰ, জে. সি. গুপ্ত আৰু ৰামনাৰায়ণ তৰ্কৰত্নেই বংগত নাট মঞ্চায়ন আৰম্ভ কৰে। এই সময়ছোৱাত লিখা নাটকৰ মানদণ্ড বৰ ভাল নাছিল। ১৮৫৮ চনত পাইকপাৰাৰ মাটিৰ মালিক ঈশ্বৰ চন্দ্ৰ সিং আৰু প্ৰতাপ চন্দ্ৰ সিংহৰ পৃষ্ঠপোষকতাত কলকাতাৰ বেলগাছিয়া থিয়েটাৰত ৰামনাৰায়ণ তৰ্কৰত্নৰ ‘ৰত্নাবলী’ নাটক প্ৰদৰ্শিত হয়। মধুসূদনৰ শিক্ষিত মনটো কলাত্মক গুণৰপৰা বঞ্চিত এই সৰল নাটকখনৰ বাবেই ঘৰৰ মালিকৰ বিপুল ব্যয় আৰু উৎসাহ দেখি বিচলিত হৈ পৰিল। ইয়াৰ পিছত তেওঁ নিজেই নাটকৰ সাধক আৰু ৰচক হৈ পৰিল। ৰামনাৰায়ণৰ সংস্কৃত নাট শৈলীৰ পৰম্পৰা ভংগ কৰি তেওঁ পশ্চিমীয়া শৈলী অনুসৰণ কৰি প্ৰথম আধুনিক বাংলা নাটক ৰচনা কৰে।
মাইকেল মধুসূদনৰ নাট্য অনুশীলনৰ সময় আৰু ৰচনা কৰা নাটকৰ সংখ্যা দুয়োটা সীমিত। ১৮৫৯ চনৰপৰা ১৮৬১ চনলৈ মুঠ তিনি বছৰ তেওঁ নাটকৰ অনুশীলন কৰিছিল। এই সময়ছোৱাত তেওঁৰ ৰচনা কৰা নাটসমূহ হ’ল- শৰ্মিষ্ঠা (১৮৫৯), একেই কি বলে সভ্যতা (১৮৬০), বুঢ়া শালিকাৰ ঘৰে ৰণ (১৮৬০), পদ্মাৱতী (১৮৬০), কৃষ্ণ কুমাৰী (১৮৬১)। তদুপৰি মৃত্যুৰ আগতে মায়াকানন (১৮৭৪) নামৰ এখন অসমাপ্ত নাটক ৰচনা কৰি গৈছিল
মধুসূদনে শেষ জীৱনছোৱা অতি দুৰ্দশা আৰু দৰিদ্ৰতাত কটাবলগা হৈছিল। আইন ব্যৱসায়ত তেওঁ বিশেষ সফলতা লাভ কৰা নাছিল। তদুপৰি তেওঁৰ আড়ম্বৰপূৰ্ণ স্বভাৱৰ বাবে তেওঁ ঋণৰ সন্মুখীন হ’বলগীয়া হ’ল। ১৮৭৩ চনৰ ২৯ জুনত আলিপুৰ জেনেৰেল হস্পিতালত তেওঁৰ মৃত্যু হয় আৰু তেওঁক কলিকতাৰ চাৰ্কুলাৰ ৰোডত সমাধিস্থ কৰা হয়।
This article uses material from the Wikipedia অসমীয়া article মাইকেল মধুসূদন দত্ত, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.