ব্ৰেইল্

ব্ৰেইল্‌ /ˈbreɪl/ (ফৰাচী উচ্চাৰণ: ) হৈছে অন্ধ বা চকুৰে কম দেখা লোকে ব্যৱহাৰ কৰা এটা স্পৰ্শীয় (tactile) লিখন পদ্ধতি। পৰম্পৰাগতভাৱে ইয়াক এম্‌বছ কাগজত লিখা হয়। ব্ৰেইল্‌ ব্যৱহাৰকাৰীয়ে refreshable braille display-ৰ সহায়ত কম্পিউটাৰ স্ক্ৰীন বা আন ইলেক্‌ট্ৰনিক সঁজুলিত আখৰ পঢ়িব পাৰে। তেওঁলোকে স্লে'ট আৰু ষ্টাইলাছেৰে ব্ৰেইল্‌ লিখিব পাৰে বা পৰ্টেবল ব্ৰেইল্‌ ন'টটেকাৰৰ দৰে ব্ৰেইল্‌ ৰাইটাৰত টাইপ কৰিব পাৰে।

ব্ৰেইল্‌ (Braille)
finger tip touching page with raised dots
প্ৰকাৰ বৰ্ণমালা (nonlinear)
ভাষা বহুতো
সৃষ্টিকৰ্তা লুই ব্ৰেইল্‌
সময় ১৮২৪-বৰ্তমানলৈ
মাতৃ লিপি
নৈশ লিখন
  • প্ৰাৰম্ভিক ব্ৰেইল্‌
    • ব্ৰেইল্‌ (Braille)
সন্তান লিপি ফৰাছী ব্ৰেইল্‌
ইংৰাজী ব্ৰেইল্‌
ভাৰতীয় ব্ৰেইল্‌
চীনা ব্ৰেইল্‌
জাপানী ব্ৰেইল্‌
কোৰীয় ব্ৰেইল্‌
আদি
ভগ্নী লিপি নিউ য়ৰ্ক পইণ্ট
ISO 15924 Brai, 570
দিশ বাওঁৰ পৰা সোঁ
ইউনিক'ড নাম Braille
ইউনিক'ড ৰে'ঞ্জ U+2800–U+28FF

ফৰাছী স্ৰষ্টা লুই ব্ৰেইল্‌ৰ নামেৰে এই পদ্ধতিটোৰ নাম ৰখা হৈছে। সৰুকালত এক দুৰ্ঘটনাত তেওঁ দৃষ্টিশক্তি হেৰুৱাইছিল। ১৮২৪ চনত ১৫ বছৰ বয়সত নৈশ লিখনৰ সংশোধনেৰে ব্ৰেইলে ফৰাছী বৰ্ণমালাৰ এক সংকেত বিকাশ কৰে। ১৮২৯ চনত সংগীতৰ ন'টচন সামৰি তেওঁ এই পদ্ধতি প্ৰকাশ কৰে। ১৮৩৭ চনত প্ৰকাশিত দ্বিতীয় সংস্কৰণ আছিল আধুনিক যুগত বিকশিত প্ৰথম বাইনেৰী লিখন পদ্ধতি।

ব্ৰেইল্‌ চিহ্নসমূহ চাৰিচুকীয়া যাক cells বোলে আৰু ইয়াত উঠন raised dots কিছুমান থাকে। এই ডট্‌বোৰৰ সংখ্যা আৰু বিন্যাসে এটা আখৰক আনবোৰৰ পৰা পৃথক কৰে। বিভিন্ন ব্ৰেইল্‌ বৰ্ণমালাসমূহ ছপা শব্দৰ প্ৰতিলিপিকৰণ সংকেত হিচাপে বিকশিত হোৱা বাবে ভাষাভেদে মেপিং (আখৰৰ স্থান) বেলেগ বেলেগ হয়। ইয়াৰ উপৰি ইংৰাজী ব্ৰেইল্‌ত সংকেতৰ তিনিটা স্তৰ আছে।

ব্ৰেইল্‌ পাঠ্যত কেৱল ব্ৰেইল্‌ কোষবোৰেই নাথাকে। ইয়াত ছবি, গ্ৰাফ আদিও থাকিব পাৰে। এটা সম্পূৰ্ণ ব্ৰেইল্‌ কোষত দুটা শাৰীত তিনিটাকৈ ছটা উঠন ডট্‌ থাকে। ডট্‌বোৰৰ স্থান একৰ পৰা ছয়লৈকে নিৰ্দিষ্ট কৰা হয়। এক বা ততোধিক ডট্‌ ব্যৱহাৰ কৰি ৬৪টা ব্যৱস্থ সম্ভৱ। এটা কোষেৰে এটা আখৰ, সংখ্যা, যতি চিহ্ন, বা এটা শব্দও বুজাব পাৰি।

স্ক্ৰীন ৰিডাৰৰ প্ৰচলনে ব্ৰেইলৰ ব্যৱহাৰ কমাই আনিছে। কিন্তু বানান আৰু যতি শিকাবৰ বাবে অন্ধ বা দৃষ্টিশক্তিহীনৰ বাবে ব্ৰেইল্‌ শিক্ষা গুৰুত্বপূৰ্ণ।

অসমীয়া ব্ৰেইল্‌

ভাৰতীয় ব্ৰেইল্‌ পদ্ধতি অনুসৰি তলত দিয়া ধৰণে ব্ৰেইল্‌-ত অসমীয়া বৰ্ণসমূহ লিখা যায়:

স্বৰবৰ্ণ

মুদ্ৰণ
ব্ৰেইল্‌ ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্ 

ব্যঞ্জনবৰ্ণ

মুদ্ৰণ
ব্ৰেইল্‌ ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্ 
মুদ্ৰণ
ব্ৰেইল্‌ ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্ 
মুদ্ৰণ
ব্ৰেইল্‌ ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্ 
মুদ্ৰণ ক্ষ ড় ঢ় য়  ং
ব্ৰেইল্‌ ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্  - ব্ৰেইল্ 
মুদ্ৰণ  ঃ  ঁ জ্ঞ
ব্ৰেইল্‌ ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্  ব্ৰেইল্ 

সংখ্যা

মুদ্ৰণ
ব্ৰেইল্‌ ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্ 
মুদ্ৰণ
ব্ৰেইল্‌ ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্  ব্ৰেইল্ ব্ৰেইল্ 

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ব্ৰেইল্ অসমীয়া ‌ব্ৰেইল্ তথ্যসূত্ৰব্ৰেইল্ বাহ্যিক সংযোগব্ৰেইল্en:Help:IPA for Englishen:WP:IPA for Frenchঅন্ধত্বলিখন পদ্ধতিৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

শক্তিৰ সংৰক্ষণশীলতাএম ভেঙ্কায়াহ নাইডুআল্লাহডালিমীমানৰ অসম আক্ৰমণঅনুবাদগোপীনাথ বৰদলৈশিক্ষাসত্য প্ৰসাদ বৰুৱাৰোমান সাম্ৰাজ্যসন্ধিপালি ভাষাগামোচালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদাননাথ-যোগী সম্প্ৰদায়বৰ্মণ ৰাজবংশপুতলা নাচঅসমৰ চলচ্চিত্ৰফুলগুৰি ধেৱাওজাপালিৰামভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহজীৱনীদশাৱতাৰঅসমলৈ মুছলমান সকলৰ প্ৰবজনগান্ধীবাদপৰ্যাবৃত্ত তালিকাছক্ৰেটিছভাৰতীয় সশস্ত্ৰ বাহিনীত মহিলাবজ্ৰাংগী আইডাকৰ বচনগোলকীকৰণবাল্য বিবাহ নিষেধ আইন, ২০০৬কীৰ্তন-ঘোষাপ্ৰাকৃতিক পৰিৱেশবড়ো ভাষাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাবৌদ্ধ দৰ্শনৰাজ্যসভাপ্ৰাচীন গ্ৰীচকোণমালিতাফুল২৯ মাৰ্চনাগালেণ্ডবীজগণিতচাণক্যকুমাৰ ভাস্কৰ বৰ্মাসংগীতপানীচীনশামুকনৱকান্ত বৰুৱাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাসংখ্যাসত্ৰীয়া নৃত্যজ্যোতিপ্ৰসাদ আগৰৱালাঅসমীয়া ভাষাৰ শব্দসম্ভাৰমধুপুৰ সত্ৰপুঁজিবাদলোকচিকিৎসাঅসমীয়া জাতিশৰ্মা মন্ত্ৰীসভাসমাজতত্ত্বসময়সামাজিক উপভাষানৱ-বৈষ্ণৱ ধৰ্মবিশ্ব বাণিজ্য সংস্থাপৰিয়ালৰাম গগৈমোৰো এটা সপোন আছেইণ্ডিয়ান অভাৰচিজ বেংকজন গণ মনহেম বৰুৱাশীতল যুদ্ধ🡆 More