বাগড়ী ভাষা (باگڑی/बागड़ी) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই হাৰিয়ানৱী, ৰাজস্থানী আৰু পাঞ্জাবীক সংযোগ কৰা ভাষা। এই ভাষাৰ নাম বাগড় অঞ্চলৰ পৰা অহা। বাগড়ী ভাষী লোক ঘাইকৈ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ হনুমানগঢ় আৰু শ্ৰী গংগাধৰ জিলা, হাৰিয়ানাৰ সিৰসা জিলা আৰু পাঞ্জাবৰ ফজিল্কা জিলাৰ বাসী। কম সংখ্যাত বাগড়ী ভাষী লোক পাকিস্তানৰ পাঞ্জাবৰ বহৱলপুৰ আৰু বহৱলনগৰতো থাকে।
Bagri | |
---|---|
बागड़ी, باگڑی | |
Bagri in Devanagari and Arabic Nastaliq scripts. | |
থলুৱা অঞ্চল | |
অঞ্চল | Bagar |
জাতীয়তা | Bagri |
স্থানীয় ভাষিক | 1,890,815 (2011 census) 2001 Census 2,081,044 speakers of Bagri Rajasthani and Punjabi Bagri. |
ভাষা পৰিয়াল | Indo-European
|
লিখন প্ৰণালী | Devanagari, Arabic Script (Nastaliq) |
ভাষা সংকেত | |
ISO 639-3 | bgq |
হাৰিয়ানৱী, পাঞ্জাবী আৰু ৰাজস্থানীৰ দৰে অন্য ভাৰতীয়-আৰ্য ভাষাৰ দৰেই বাগড়ীতো বিষয়-বস্তু-ক্ৰিয়া ক্ৰম ব্যৱহাৰ কৰা হয়। বাগড়ীৰ আটইতকৈ চকুত লগা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য হ'ল অৰ্থবহুল সুৰৰ অস্তিত্ব: উচ্চ, মধ্য আৰু নিম্ন, পাঞ্জাবী ভাষাৰ দৰে। এই ভাষাৰ হাৰিয়ানৱী ভাষাৰ সৈতে ৬৫% শব্দ সম্ভাৰৰ সামঞ্জস্য আছে। ২০১১ চনৰ ভাৰতৰ জনগণনাৰ মতে বাগড়ী ৰাজস্থানীৰ ২৩৪২২৭ আৰু পাঞ্জাবী বাগড়ীৰ ১৬৫৬৫৮৮জন কথোঁতা আছিল।
বাগড়ীত ৩১টা ব্যঞ্জনধ্বনি আছে, যাৰ মাজত মূৰ্ধন্য ধ্বনিও আছে। তদুপৰি, ১০টা স্বৰধ্বনি, ২টা ডিফটং আৰু ৩টা সুৰ আছে।
This article uses material from the Wikipedia অসমীয়া article বাগড়ী ভাষা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.