প্ৰস্তৰ যুগ

প্ৰস্তৰ যুগ (ইংৰাজী: Stone Age)হৈছে প্ৰাক ঐতিহাসিক কালৰ তিনিটা প্ৰধান পুৰাতাত্ত্বিক ভাগৰ (প্ৰস্তৰ যুগ, ব্ৰঞ্জ যুগ আৰু লৌহ যুগ) প্ৰথমটো ভাগ য’ত ধাৰ থকা, জোঙা অথবা মিহি পৃষ্ঠৰ যাৱতীয় সামগ্ৰী সাজিবলৈ প্ৰস্তৰ অৰ্থাৎ শিলৰ ব্যৱহাৰ কৰা হৈছিল। এই কালছোৱাৰ দৈৰ্ঘ্য প্ৰায় ৩০ লাখ ৪০ হাজাৰ বছৰ জোৰা আছিল আৰু ধাতুৰ আৱিষ্কাৰৰ ফলত ৬০০০-২০০০ খ্ৰী:পূ:ৰ মাজৰ সময়ছোৱাত ইয়াৰ অন্ত পৰিছিল। প্ৰস্তৰ যুগত নিৰ্মিত সামগ্ৰীসমূহৰ ভিতৰত আধুনিক মানৱ আৰু মানুহৰ পূৰ্বজ হ’ম’ গোষ্ঠীৰ লগতে সমসাময়িক গোষ্ঠী অষ্ট্ৰেল’পিথিকাছ ((ইংৰাজী: Australopithecus)) আৰু পেৰানথ্ৰ’পাছে ((ইংৰাজী: Paranthropus)) ব্যৱহাৰ কৰা সঁজুলিসমূহ উল্লেখযোগ্য। প্ৰস্তৰ যুগত হাঁড়েৰে নিৰ্মিত সঁজুলিও ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ পুৰাতাত্ত্বিক সংৰক্ষণ চিহ্ন অতিশয় বিৰল। ব্যৱহৃত শিলৰ সঁজুলিৰ প্ৰকাৰ অনুসৰি প্ৰস্তৰ যুগক পুনৰ ভাগ কৰা হৈছে।

The Stone Age

↑ before Homo (Pliocene)

Paleolithic

    Lower Paleolithic
    Early Stone Age
      Homo
      Control of fire
      Stone tools
    Middle Paleolithic
    Middle Stone Age
      Homo neanderthalensis
      Homo sapiens
      Recent African origin of modern humans
    Upper Paleolithic
    Late Stone Age
      Behavioral modernity, Atlatl,
      Origin of the domestic dog

Mesolithic

      Microliths, Bow, Canoe
    Natufian
    Khiamian
    Tahunian
    Heavy Neolithic
    Shepherd Neolithic
    Trihedral Neolithic
    Pre-Pottery Neolithic
    Pottery Neolithic
      Pottery
↓ Chalcolithic
প্ৰস্তৰ যুগ
Ġgantija temples in Gozo, Malta. Some of the world's oldest free-standing structures.
প্ৰস্তৰ যুগ
ইথিয়’পিয়াৰ আৱাছ নদীত প্ৰস্তৰ যুগৰ প্ৰাচীনতম সঁজুলি আৱিষ্কৃত হৈছে

ঐতিহাসিক গুৰুত্ত্ব

প্ৰস্তৰ যুগটো আদিমানৱ হ’ম’ গোষ্ঠীৰ উত্তৰণৰ সমসাময়িক। অৱশ্যে কোনোক্ষেত্ৰত হ’ম’ৰ পূৰ্বজ কোনো গোষ্ঠীয়েও শিলৰ সা-সঁজুলি সাজিব পাৰে বুলি ধাৰণা কৰা যায়। উদ্ধাৰ কৰা সমলবিলাকৰ বয়স আৰু প্ৰাপ্ত ঠাই অনুসৰি এই গোষ্ঠীসমূহৰ স্থান পূব আফ্ৰিকান ৰিফ্ট, বিশেষকৈ ঘাঁহনিৰে আগুৰি থকা ইথিয়’পিয়া বুলি ঠাৱৰ কৰা হৈছে। অন্য প্ৰাইমেটসমূহৰ ভিতৰত হ’ম’ৰ নিকটতম গোষ্ঠী পানে (চিম্পাঞ্জী) গভীৰ অৰণ্য অঞ্চলত জীৱনপ্ৰণালী অব্যাহত ৰখা ইয়াৰ এটা ঠালক প্ৰতিনিধিত্ব কৰে। পূব আফ্ৰিকান ৰিফ্টটোৱে উত্তৰ তথা দক্ষিণ আফ্ৰিকা, লেভাণ্ট আৰু এচিয়ালৈ এক বাহক হিচাপে কাম কৰে।

প্ৰায় ৩০ লাখ বছৰ (ম্যা) আগেয়ে এটা মাত্ৰ বায়’ম বা জৈৱপুঞ্জই (কোনো বিশেষ ঠাইৰ উদ্ভিদ তথা প্ৰাণীৰ সমষ্টি) ৰিফ্টটোৰ যোগেদি দক্ষিণ আফ্ৰিকাৰ পৰা উত্তৰ আফ্ৰিকা আৰু এচিয়াৰ মাজেদি আহি বৰ্তমানৰ চীনলৈকে খোপনি পোতেহি। ইয়াক "অন্তৰ্মহাদেশীয় চাভানা" ("transcontinental 'savannahstan'") আখ্যা দিয়া হৈছে। পূব আফ্ৰিকান ৰিফ্টত সঞ্চাৰিত, আধুনিক মানৱৰ পূৰ্বজ হ’ম’ ইৰেক্টাচে ইয়াত সা-সঁজুলি নিৰ্মাণ কৰাৰ প্ৰাকৃতিক ব্যৱস্থা এটা বিচাৰি উলিয়ায় আৰু ইয়াৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱন নিৰ্বাহ কৰিবলৈ লয়।

প্ৰস্তৰ যুগৰ পুৰাতাত্ত্বিক দিশ

প্ৰস্তৰ যুগ 
Obsidian projectile point

প্ৰস্তৰ যুগৰ আৰম্ভণি

২০১০ চনত ইথিয়’পিয়াৰ নিম্ন আৱাছ উপত্যকাত শৈল অস্ত্ৰৰ দাগ থকা প্ৰায় ৩০ লাখ ৪০ হাজাৰ বছৰ পুৰণি জন্তুৰ জীৱাষ্ম আৱিষ্কৃত হয়।

উত্তৰ-পশ্চিম কেনিয়াৰ তুৰ্কানাৰ পৰা ৩০ লাখ ৩০ হাজাৰ বছৰ পুৰণি শিলৰ সঁজুলি আৱিষ্কাৰ কৰা হৈছে।

প্ৰস্তৰ যুগৰ অন্তকাল

ধাতুৰ আকৰৰ পৰা ধাতু আহৰণ কৰা পদ্ধতিৰ আৱিষ্কাৰ হোৱাৰ লগে লগে প্ৰস্তৰ যুগৰ অন্ত পৰে আৰু ব্ৰঞ্জ যুগৰ সূচনা হয়। প্ৰস্তৰ যুগ আৰু ব্ৰঞ্জ যুগৰ মাজৰ সময়ছোৱাত মানুহে তাম আৰু টিন আহৰণ কৰিবলৈ শিকিছিল। এই কালছোৱাক তাম্ৰ যুগ বা কেলক’লিথিক অৰ্থাৎ তাম্ৰ-প্ৰস্তৰ যুগ বুলি অভিহিত কৰা হয়। ব্ৰঞ্জ যুগৰ পিছত লৌহ যুগৰ আৰম্ভণি ঘটে। কিন্তু এই গোটেই কালছোৱাতে কিছুসংখ্যক সামগ্ৰীৰ (যেনে শৈল পাত্ৰ) সন্দৰ্ভত ধাতুৰ লগতে সমান্তৰালভাৱে শিলৰ ব্যৱহাৰ অব্যাহত থাকে।

৬০০০-২৫০০ খ্ৰী:পূ:ৰ কালছোৱাতে প্ৰস্তৰ যুগৰ অন্ত পৰিছিল। খ্ৰী:পূ: ৫ম আৰু ৬ষ্ঠ সহস্ৰাব্দৰ ভিতৰতে মানুহে প্ৰথম ধাতুৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।

টোকা

Tags:

প্ৰস্তৰ যুগ ঐতিহাসিক গুৰুত্ত্বপ্ৰস্তৰ যুগ ৰ পুৰাতাত্ত্বিক দিশপ্ৰস্তৰ যুগ টোকাপ্ৰস্তৰ যুগ তথ্য সংগ্ৰহপ্ৰস্তৰ যুগইংৰাজী ভাষাপ্ৰাক-ইতিহাস

🔥 Trending searches on Wiki অসমীয়া:

তেজপুৰচৰক সংহিতাওজাপালিকপৌ ফুলঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদভাষাবিজ্ঞানযতি-চিনঅসমত দেখা পোৱা সাপবোৰব্যক্তিত্ববুলু ফিল্মকমলাকান্ত ভট্টাচাৰ্য্যভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅষ্ট্ৰেলিয়াঅসমৰ পৰম্পৰাগত সাজ-পাৰস্বাভাৱিক সংখ্যামানচিত্ৰমাইলছ ব্ৰনছনৰাভা জনগোষ্ঠীঅসম আন্দোলনদিনপৰিমেয় সংখ্যামোগল সাম্ৰাজ্যইণ্টাৰনেটঅসমৰ ৰেচম শিল্পঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমৌলিক সংখ্যাঅসম বিধানসভাপৃথিৱীগড়গাঁওমৃণাল কলিতাৰাসোৎসৱবহনক্ষম ভূমি ব্যৱস্থাপনাউদ্বিগ্নতাশদিয়াএলবাৰ্ট আইনষ্টাইনসেউজ গৃহ প্ৰভাৱঅৰুণোদইভাৰতীয় জনতা পাৰ্টিমুখমৈথুনঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভাৰতৰ জাতীয় পতাকাঅসমৰ পৰম্পৰাগত সাজ- পাৰ২৭ এপ্ৰিলকৰ'নাভাইৰাছ ৰোগ ২০১৯পিম্পৰা গুচোৱাপ্ৰতিমা (কাব্য গ্ৰন্থ)নীতি আয়োগটুক্ৰেশ্বৰী দেৱালয়সিন্ধু সভ্যতাশ্বিলংচি++সম্পাদনাভাৰতৰ উপৰাষ্ট্ৰপতিসূৰ্যশিৱসাঁথৰসৌৰভ কুমাৰ চলিহাভাইৰাছজীৱনীভাৰতৰ শিক্ষাভাৰতপঞ্চায়তী ৰাজভূৱন মোহন বৰুৱালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীহিউৱেন-চাংমুগা (ৰেচম)অসমীয়া ভাষাগায়ন-বায়নগান্ধীবাদহিমালয়ক্ৰিকেটসোণোৱাল কছাৰীবিশ্ব মেলেৰিয়া দিৱস🡆 More