নেঘেৰিটিং শিৱদৌল: Assam's historical site

নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। তিনিকুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্ৰায় বিশ গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়। গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাটচ’ৰা পোৱা যায়। চৌহদৰ দহবিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত।

নেঘেৰিটিং শিৱদৌল
নেঘেৰিটিং শিৱদৌল: ইতিহাস, বৈশিষ্ট্য, তথ্য সংগ্ৰহ
নেঘেৰিটিং শিৱদৌল, দেৰগাঁও
নেঘেৰিটিং শিৱদৌল is located in Assam
নেঘেৰিটিং শিৱদৌল: ইতিহাস, বৈশিষ্ট্য, তথ্য সংগ্ৰহ
নেঘেৰিটিং শিৱদৌল
অসমত স্থান
ভূ-স্থানাংক 26°43′N 93°58′E / 26.71°N 93.96°E / 26.71; 93.96
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা গোলাঘাট
এলেকা দেৰগাঁও
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ শিৱৰাত্ৰি
ইতিহাস
প্ৰতিস্থাপক ৰাজেশ্বৰ সিংহ

ইতিহাস

নেঘেৰিটিং শিৱদৌল: ইতিহাস, বৈশিষ্ট্য, তথ্য সংগ্ৰহ 

আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে মহাদেৱৰ এটা মন্দিৰ সাজিছিল। এই দেৱালয়টো নদীৰ পানীয়ে খহাই নিয়াৰ পিচত ১৬৮৭ শকত (ইংৰাজী ১৭৬৫ চনত) স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটি নেঘেৰিটিং নামে গিৰি শিখৰত সাজে। প্ৰবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খোৰোং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল দেৱদাসী নৃত্য। এসময়ত এই নৃত্য চাবলৈ বহুত দুৰদুৰণিৰ পৰা মানুহ আহিছিল। এই নৃত্য কৰা সকলক "নটী" বোলা হৈছিল। নটী সকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধছিল, ইয়াক "নেঘেৰী খোপা" বোলা হৈছিল। চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল। ফুলমতীৰ নৃত্যত সন্তুষ্ট হৈ স্বৰ্গদেউ শিৱসিংহই ৰাজকাৰেংলৈ নি ফুলেশ্বৰী কুঁৱৰী আৰু প্ৰমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰানী পাতিছিল।

বৈশিষ্ট্য

নেঘেৰিটিং শিৱদৌল: ইতিহাস, বৈশিষ্ট্য, তথ্য সংগ্ৰহ 
নেঘেৰিটিং শিৱদৌল আৰু দৌলৰ গাত থকা কেইটামান ভাস্কৰ্যৰ ছবি।

চেপেটা ইটাৰে সজোৱা কৰ্দৈশিৰীয়া নেঘেৰিটিং শিৱদৌল আহোম যুগৰ কাৰুকাৰ্য্যৰ এক সুন্দৰ নিৰ্দশন। দৌল সমূহৰ বেৰত থকা নানা তৰহৰ মূৰ্তি বৰ্তমানে লোপ পাইছে। ঘাই দৌলটোৰ চাৰিওফালে চাৰিটা দৌল আছে। প্ৰতিটো দৌলৰে এটা আগচ’ৰা আছে। মূল দৌলত বান লিংগ প্ৰতিষ্ঠা কৰা হৈছে। এই লিংগটোৰ আকাৰ প্ৰায় ৩ ফুট। বাকী কেইটাত গণেশ, বিষ্ণু, দূৰ্গা আৰু সূৰ্য দেৱতাৰ বিগ্ৰহ আছে। দেৰগাঁৱৰ শিৱদৌলৰ প্ৰতি আহোম স্বৰ্গদেউ সকলৰ অসীম ভক্তি আছিল। তেঁওলোকে পূজাৰ নিৰ্মালি লৈহে আহাৰ গ্ৰহন কৰিছিল। ইয়াৰ বাবে দেৰগাঁৱৰ পৰা ৰাজধানী ৰংপুৰলৈ ‘বৰআলি’নামৰ এটি চমু পথ আছিল। দৌলৰ প্ৰধান ঠাকুৰজনক "বৰঠাকুৰ" বোলা হৈছিল। বৰ্তমান দেৰগাঁৱ শিৱদৌলৰ পূজাৰী ব্ৰাহ্মনসকলৰ সৰহ ভাগেই আহোমযুগত ভাটী ফালৰ পৰা অহা। অনুমান কৰা যে প্ৰাকৃতিক দূৰ্যোগৰ বাবে আৰু প্ৰাচীন মন্দিৰ সমূহ ধ্বংস হৈ যোৱাত ৰজাঘৰীয়া পৃষ্ঠপোষকতা নোপোৱাত ব্ৰাহ্মন পূজাৰী সকল আন ঠাইলৈ গুছি যায় বা তেঁওলোকে বৃত্তি সলাইছিল। সেয়ে স্বৰ্গদেউ প্ৰতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক নতুন পূজাৰী হিচাবে আনিব লগা হৈছিল। সেই আগমাচাৰ্য্যৰ বংশধৰ সকলে এতিয়াও নেঘেৰিটিং দৌলত সেৱা আগবঢ়াই আছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

নেঘেৰিটীং শিৱ দৌলৰ ইতিহাস (ৰচনা) Archived 2021-11-08 at the Wayback Machine

Tags:

নেঘেৰিটিং শিৱদৌল ইতিহাসনেঘেৰিটিং শিৱদৌল বৈশিষ্ট্যনেঘেৰিটিং শিৱদৌল তথ্য সংগ্ৰহনেঘেৰিটিং শিৱদৌল বাহ্যিক সংযোগনেঘেৰিটিং শিৱদৌলঅসমগোলাঘাট জিলাদেৰগাঁও

🔥 Trending searches on Wiki অসমীয়া:

মুদ্ৰাঅসমৰ জনগোষ্ঠীচিপাহী বিদ্ৰোহ ১৮৫৭ধুবুৰী (লোকসভা সমষ্টি)বেদঅসমৰ মাছ ধৰা সঁজুলিসদৌ অসম ছাত্ৰ সন্থাঅসমৰ লোকবাদ্যপৰ্যাবৃত্ত তালিকামূলা গাভৰুগদ্যইউক্লিডঅসমীয়া ভাষা উন্নতি সাধিনী সভা২৪ এপ্ৰিলমিডিয়াৱিকিপদ্মনাথ গোহাঞি বৰুৱাজৈৱ বৈচিত্ৰ্যআগ্নেয়গিৰিজল সংৰক্ষণভাৰত ৰত্নবহুভাষাবাদসত্যেন্দ্ৰনাথ শৰ্মামৌৰ্য সাম্ৰাজ্যকবিতাৱিকিপিডিয়াকাঞ্চন (উপন্যাস)মহাকাব্যমামণি ৰয়ছম গোস্বামীপৃথিৱীৰ বায়ুমণ্ডলতিৱা জনগোষ্ঠীস্বাস্থ্যভাৰত-চীন যুদ্ধকনকলতা বৰুৱানলবাৰী জিলাভাওনাৰাষ্ট্ৰসংঘ দিৱসফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাঅসমৰ চাহ জনগোষ্ঠীসমাজতত্ত্বদাণ্ডী যাত্ৰাঅনুৰাধাৰ দেশৰাতাবাৰী (বিধানসভা সমষ্টি)খেৰাইবিহুৰ খাদ্যঅসমত দেখা পোৱা মাছৰ তালিকাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘগৰীয়সীঅসম আৰক্ষীআৰবী ভাষাপথৰুঘাটৰ ৰণজাভানুৰ জাহান (মোগল সম্ৰাজ্ঞী)জুবিন গাৰ্গৰাম সৰস্বতীচিপকো আন্দোলনআহোম জনগোষ্ঠীসত্ৰখগেন মহন্তঅসমৰ সত্ৰসমূহৰ তালিকাৰমন্যাসবাদশকুন্তলা (চলচ্চিত্ৰ)মুহাম্মাদডিব্ৰুগড় জিলাতাজমহলপায়ু সংগমঅসমৰ কুঁহিলা শিল্পকৃষ্ণচূড়াকথা-ভাগৱতঅশ্বত্থামাপুৰন্দৰ সিংহবিশেষ শিক্ষাশ্ৰীমদ্ভগৱতগীতাশূন্যঅসমৰ পৰম্পৰাগত সাজ-পাৰ🡆 More