নাৰুহিট'

নাৰুহিট' (জাপানী ভাষাত: 徳仁, জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬০) জাপানৰ সম্ৰাট। তেওঁ ক্ৰিচেণ্টিমাম সিংহাসনত আসীন হৈছিল ২০১৯ চনৰ ১ মে' তাৰিখে। তেওঁৰ শাসন কালৰ পৰাই জাপানৰ ৰেইৱা কালৰ আৰম্ভণি হৈছে। তেওঁৰ পিতৃ আকিহিট'ই জীৱিতাৱস্থাতেই ৰাজ্যভাৰ ত্যাগ কৰিছিল, যাৰ পাছত নাৰুহিট'ই তেওঁৰ পিতৃৰ পদবী গ্ৰহণ কৰিছিল। নাৰুহিট' পূৰ্বৰ সম্ৰাট আকিহিট' আৰু পূৰ্বৰ সম্ৰাজ্ঞী মিচিক'ৰ জ্যেষ্ঠ পুত্ৰ। জাপানৰ পৰম্পৰাগত সূচীৰ মতে, নাৰুহিট' জাপানৰ ১২৬তম্‌ সম্ৰাট, যদিও ঐতিহাসিকভাৱে জাপানৰ ৰাজপৰিয়ালৰ প্ৰথম কেইজনমান সম্ৰাটৰ বিশেষ সাক্ষ্য পোৱা নাযায়। তেওঁ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক্স আৰু ২০২০ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিক্স অধ্যক্ষ্য, তথা ৱৰ্ল্ড অৰ্গেনাইজেশ্যন অৱ দ্য স্কাউট মুভমেণ্টৰ সমৰ্থক।

জন্ম, শিক্ষা আৰু ব্যক্তিগত জীৱন

১৯৬০ চনত ট'কিঅ' মহানগৰত নাৰুহিট'ৰ জন্ম হওঁতে পিতৃ আকিহিট' যুৱৰাজ আছিল। ১৯৮৯ চনৰ ৭ জানুৱাৰী তাৰিখে আকিহিট'ই জাপানৰ সম্ৰাটৰ দায়িত্ব গ্ৰহণ কৰিছিল, যাৰ লগে লগেই নাৰুহিট' জাপানৰ সিংহাসনৰ আপাত উত্তৰাধিকাৰী হৈ পৰিছিল। দুবছৰ পাছত, ১৯৯১ চনত তেওঁক আনুষ্ঠানিকভাৱে যুৱৰাজ ঘোষিত কৰা হৈছিল: তেওঁৰ নাম হিৰ'-ন'-মিয়া ৰখা হ'ল।

নাৰুহিট'ই ট'কিঅ'ৰ গাকুশ্বুইন বিদ্যালয়ত আৰু পাছলৈ গাকুশ্বুইন বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেওঁ গাকুশ্বুইন বিশ্ববিদ্যালয়ত বুৰঞ্জী অধ্যয়ন কৰিছিল। তাৰ পাছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ মাৰ্টন মহাবিদ্যালয়ত ইংৰাজী অধ্যয়ন কৰিছিল।

১৯৯৩ চনত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰী আৰু কূটনীতিবিদ মাচাক' অ'ৱাডাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল। অ'ৱাডাৰ সৈতে নাৰুহিট'ৰ এজনী পুত্ৰী আছে: আইক', ৰাজকুমাৰী ট'শ্বি।

নাৰুহিট'ৰ জল-নীতি আৰু জল-সংৰক্ষণত ৰুচী আছে বুলি জনা যায়। তেওঁ এগৰাকী ভায়'লাবাদকো হয়।

জাপানৰ যুৱৰাজ

১৯৯১ চনত নাৰুহিট'ক আনুষ্ঠানিকভাৱে জাপানৰ যুৱৰাজ ঘোষিত কৰা হৈছিল। যুৱৰাজ হিচাপে, তেওঁ ১৯৯৮ চনৰ শীতকালীন অলিম্পিক্স আৰু ১৯৯৮ চনৰ শীতকালীন পেৰালিম্পিক্সৰ এজন পৃষ্ঠপোষক আছিল। যুৱৰাজ হিচাপে নাৰুহিট'ই বিশ্বৰ স্কাউট আন্দোলনকো উৎসাহ যোগাইছিল। ২০০৬ চনত তেওঁ চতুৰ্দশ নিপ্পন জাম্ব'ৰিলৈ অতিথি হিচাপে গৈছিল, যি স্কাউট এচিচিয়েশ্যন অৱ জাপানৰ জাতীয় জাপানী জাম্ব'ৰি।

১৯৯৪ চনৰ পৰা যুৱৰাজ নাৰুহিট' জাপানী ৰে'ড ক্ৰছ চচাইটিৰ সন্মানসূচক উপ-সভাপতিও।

২০১২ চনত, দুসপ্তাহৰ বাবে নাৰুহিট'ই পিতৃ আকিহিট'ৰ সলনি জাপানৰ সম্ৰাটৰ ভাৰ বহন কৰিছিল। সেই সময়ত সম্ৰাট আকিহিট'ৰ হৃদয়ৰ বাইপাছ অস্তোপ্ৰচাৰ কৰা হৈছিল, যাৰ পাছত তেওঁ সুস্থ হৈ উঠিছিল। শ্বিজুকা আৰু য়ামানাশ্বি প্ৰিফেক্চাৰত নাৰুহিট'ৰ জন্মদিনক "ফুজি পৰ্বত" নাম দিয়া হৈছে, কাৰণ নাৰিহিট'ই এই পৰ্বতক পচন্দ কৰাৰ কথা কোৱা হয়।

জাপানৰ সম্ৰাট

২০১৭ চনৰ ১ ডিচেম্বৰ তাৰিখে ঘোষণা কৰা হ'ল যে ২০১৯ চনৰ ৩০ এপ্ৰিল তাৰিখে তদানীন্তন সম্ৰাট আকিহিট'ই সিংহাসন ত্যাগ কৰিব, আৰু তাৰ পাছত ২০১৯ চনৰ ১ মে' তাৰিখে নাৰুহিট'ই জাপানৰ ১২৬তম্‌ সম্ৰাটৰ পদবী লাভ কৰিব। ৩০ এপ্ৰিললৈকে জাপানৰ হেইচেই কাল আছিল। দিনটো শেষ হোৱাৰ লগে লগেই এই কালৰ অন্ত পৰিল। ১ মে' তাৰিখে নাৰুহিট'ই জাপানৰ সম্ৰাটৰ ভাৰ গ্ৰহণ কৰিলে আৰু ইয়াৰ লগে লগেই মধ্যৰাত্ৰিত জাপানৰ ৰেইৱা কালৰ আৰম্ভ হ'ল। নাৰুহিট'ৰ সম্ৰাটৰ শক্তি ৰাতিপুৱা পৰম্পৰাগতভাৱে আনুষ্ঠানিকভাৱে স্বীকৃত হ'ল। সম্ৰাট হিচাপে নিজৰ প্ৰথম বক্তৃতাত নাৰুহিট'ই প্ৰতিজ্ঞা কৰিলে যে তেওঁ তেওঁৰ পিতৃ আকিহিট'ৰ শাসনৰ বিষয়ে গভীৰ চিন্তন কৰিব আৰু "ৰাজ্য আৰু জনতাৰ মাজৰ ঐক্যৰ চিহ্ন" হিচাপে নিজৰ সাংবিধানিক দায়িত্ব পালন কৰিব।

জাপানৰ সংবিধানৰ ৪ নং দফা অনুযায়ী, নাৰুহিট'ৰ দায়িত্ব কেৱল ঔপচাৰিক, কোনো শাসকীয় শক্তিবিহীন। তেওঁ কোনো ৰাজনৈতিক মন্তব্যও প্ৰদান কৰিব নোৱাৰে। তেওঁ সংবিধানত লিখিত দায়িত্বহে পালন কৰিব পাৰে, আৰু তেনে কৰোঁতেও তেওঁ সাংবিধানিক নিতি-নিয়ম আৰু কেবিনেটৰ পৰামৰ্শৰে বাধিত। উদাহৰণস্বৰূপে, যদিও সম্ৰাটে জাপানৰ প্ৰধান মন্ত্ৰীক পদবীৰ ভাৰ প্ৰদান কৰে, তেওঁ নিজ ইচ্ছাৰে প্ৰধান মন্ত্ৰী চয়ন কৰিব নোৱাৰে। জাতীয় ডিয়েটে চয়ন কৰি দিয়া ব্যক্তিকহে তেওঁ প্ৰধান মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিব পাৰে।

২০১৯ চনৰ ২২ অক্টোবৰত নাৰুহিট'ৰ সিংহাসন গ্ৰহণ কৰাৰ ৰীতি-নীতি ৰাজহুৱাকৈ পালন কৰা হ'ল। প্ৰাচীন কালৰ ৰীতি-নীতিৰেই এক ৰাজহুৱা ঘোষণা কৰা হ'ল। ২০২১ চনৰ ২৩ জুলাইত তেওঁ ২০২০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক্সৰ শুভাৰম্ভ ঘোষণা কৰিছিল, যি ট'কিঅ' মহানগৰত এবছৰ পলমকৈ অনুষ্ঠিত হৈছিল, ক'ভিড মহামাৰীৰ বাবে। তেওঁৰ ককাক, হিৰ'হিট'য়ো ১৯৬৪ চনত এই সন্মান লাভ কৰিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নাৰুহিট' জন্ম, শিক্ষা আৰু ব্যক্তিগত জীৱননাৰুহিট' জাপানৰ যুৱৰাজনাৰুহিট' জাপানৰ সম্ৰাটনাৰুহিট' তথ্য সংগ্ৰহনাৰুহিট' বাহ্যিক সংযোগনাৰুহিট'জাপানজাপানী ভাষাজাপানৰ ৰাজপৰিয়াল

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতীয় সাহিত্যসংমিশ্ৰিত মীন-পালনভাৰতৰ নিৰ্বাচন আয়োগগণিতমহিলাৰ বিৰুদ্ধে হিংসাশচীন তেণ্ডুলকাৰমাছনামেৰি ৰাষ্ট্ৰীয় উদ্যানবিপন্ন প্ৰজাতিবাণীকান্ত কাকতিশিৱসাগৰৰ শিৱদৌলপুৰুষোত্তম দাসঅসমৰ শাক-পাচলিৰ তালিকাকামাখ্যা মন্দিৰব্ৰহ্মপুত্ৰ নদবুৰঞ্জীঅসমৰ মহকুমাসমূহৰ তালিকাচুতীয়া ৰাজ্যখেৰাইএশিঙীয়া গঁড়আহোম ভাষাবিষুৱ ৰেখাকাল সংহতিঅসমৰ ৰাজ্যিক প্ৰতীকসমূহৱিকিমিডিয়া ফাউণ্ডেশ্যনঅসমৰ সমস্যাপ্ৰাকৃতিক পৰিৱেশফুলগুৰি ধেৱাঅসমীয়া জাতিমাধৱ কন্দলিভাষাবিজ্ঞানআলেকজেণ্ডাৰ ফ্লেমিংগড়গাঁওবৰপেটা (লোকসভা সমষ্টি)বাৰেচহৰীয়া ভাওনা মহোৎসৱঅসমৰ ৰেচম শিল্পআৰ্যভট্টজণ্ডিছঅসহযোগ আন্দোলনপ্ৰবীণা শইকীয়াগাঁও পঞ্চায়তআকবৰমেঘালয়চন্দ্ৰকুমাৰ আগৰৱালাকলআত্মসহায়ক গোটটকা (বাদ্য)ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাবেটুপাতইউনিক’ডলক্ষ্মীনন্দন বৰাভাওনাকাঞ্চন (উপন্যাস)বব্ৰুবাহনৰ যুদ্ধআহোম বিবাহ পৰম্পৰাপথেৰ পাঁচালীভাষাশিৱসাগৰহৰিবৰ বিপ্ৰআউনীআটী সত্ৰভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাতলাতল ঘৰভাৰত ৰত্নকোচ ৰাজবংশীহেমচন্দ্ৰ গোস্বামীজাতিসংঘনাৰীশালস্তম্ভ ৰাজবংশকাকৈজানা সংৰক্ষিত বনাঞ্চলসৌৰভ কুমাৰ চলিহাৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসমোৱামৰীয়া বিদ্ৰোহ🡆 More