ত্ৰিপিটক: বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ

ত্ৰিপিটক বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। এইখন গৌতম বুদ্ধৰ দৰ্শন আৰু উপদেশৰ সংকলন। পালি ভাষাৰ তি-পিটক ৰ পৰা অসমীয়া ত্ৰিপিটক শব্দৰ প্ৰচলন। তিনি পিটকৰ সমন্বিত সমাহাৰক ত্ৰিপিটক বোলা হৈছে। এই পিটক তিনিটা হল বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধৰ্ম পিটক।

ত্ৰিপিটক: ভাগ, ত্ৰিপিটকৰ ধৰ্মস্কন্দৰ বিন্যাস, ত্ৰিপিটকৰ ভাষা
ত্ৰিপিটক

বৌদ্ধ ধৰ্ম

ত্ৰিপিটক: ভাগ, ত্ৰিপিটকৰ ধৰ্মস্কন্দৰ বিন্যাস, ত্ৰিপিটকৰ ভাষা

ইতিহাস

বৌদ্ধ ধৰ্মৰ সন্মিলন

মুখ্য চৰিত্ৰবোৰ

গৌতম বুদ্ধ
শিষ্যগণ

বিশ্বাস আৰু অনুশীলন

চতুৰাৰ্থ সত্য
অষ্টাঙ্গিক মাৰ্গ
প্ৰতীত্যসমুৎপাদ
সংসাৰ • পৰিনিৰ্বাণ
স্কন্ধ
কৰ্ম • জন্মান্তৰ

ধৰ্মচৰ্চা আৰু বোধিলাভ

দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ

বৌদ্ধধৰ্মৰ শাখাসমূহ

থেৰবাদমহাযান
বজ্ৰযান

ধৰ্মগ্ৰন্থ

ত্ৰিপিটকজাতক

অন্যান্য বিষয়সমূহ

তুলনামূলক পাঠ
সাংস্কৃতিক উপাদান

পিটক শব্দৰ পালি ভাষাত অৰ্থ হল - পাত্ৰ, বাকচ বা পেৰা , যত কিবা সংৰক্ষণ কৰা হয়। বৌদ্ধসকলৰ মূল ধৰ্মীয় গ্ৰন্থ। খ্ৰীষ্ট পূৰ্ব ৩য় শতিকাত সম্ৰাট অশোকৰ ৰাজত্বকালত ত্ৰিপিটক পূৰ্ণাংগ গ্ৰন্থ হিচাপে স্বীকৃতি পায়। এই গ্ৰন্থৰ উৎপত্তি হৈছিল গৌতম বুদ্ধৰ পৰিনিৰ্বানৰ তিনি মাহ পিছত অৰ্থাৎ খ্ৰীষ্ট পূৰ্ব ৫৪৩ আৰু সমাপ্তি ঘটে খ্ৰীষ্ট পূৰ্ব প্ৰায় ২৩৬ত। প্ৰায় তিনশ বছৰত তিনিওটা সংঘায়নৰ মাজেৰে ইয়াৰ গ্ৰন্থায়নৰ কাম শেষ হয়।

ভাগ

ত্ৰিপিটকক তিনিটা ভাগত ভাগ কৰা যায়:

  • অভিধৰ্ম পিটক
  • বিনয় পিটক
  • সূ্ত্ৰ পিটক

ত্ৰিপিটকৰ ধৰ্মস্কন্দৰ বিন্যাস

ধৰ্মস্কন্দ অৰ্থ হল ধৰ্ম পৰিচ্ছেদ বা বিষয় বিভাগ। অৰ্থাৎ ত্ৰিপিটকত বৰ্ণিত ক্ষুদ্ৰ আৰু বৃহৎ প্ৰত্যেক বিষয়ৰ প্ৰতিটোকে স্কন্দ্ব বোলা হয়। ত্ৰিপিটকত এনেকুৱা চৌৰাশী হাজাৰ (৮৪০০০) ধৰ্মস্কন্দ্ব আছে। তাৰে ভিতৰত বিনয় পিটকত একৈশ হাজাৰ (২১০০০), সূত্ৰ পিটকত একৈশ হাজাৰ (২১০০০) আৰু অভিধৰ্ম পিটকত বিয়াল্লিশ হাজাৰ (৪২০০০)টা স্কন্দ্ব আছে। এই চৌৰাশী হাজাৰ বুদ্ধ বচন বা বুদ্ধ উল্লিখিত বিষয় বা শাস্ত্ৰবাক্য এই ত্ৰিপিটকত বিদ্যমান।

ত্ৰিপিটকৰ ভাষা

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টাব্দ পঞ্চম শতিকালৈ পালি ভাষা আৰু এই ভাষত ৰচিত সাহিত্য সমূহ ক্ৰমবিকাশৰ পথত অগ্ৰসৰ হৈছিল। গৌতম বুদ্ধৰ ব্যৱহৃত ভাষা হিচাপে এই ভাষাৰ ইতিহাসে সৰ্বাধিক গুৰুত্ব লাভ কৰে। বুদ্ধয়ে তেওঁৰ ধৰ্ম আৰু আদৰ্শৰ প্ৰচাৰৰ বাবে সমগ্ৰ উত্তৰ ভাৰত পৰিভ্ৰমণ কৰিছিল। ভাৰতৰ বিভিন্ন অঞ্চলৰ সাধাৰণ মানুহে বুজিব পৰাকৈ তেওঁ পালি ভাষাৰ প্ৰসাৰ ঘটাইছিল। ক্ৰমে বৌদ্ধ ভিক্ষু মণ্ডলীয়ে ধৰ্মালোচনাৰ মাধ্যম হিচাপে এই ভাষাতেই দক্ষতা অৰ্জন কৰে। বুদ্ধয়ে নিজে এই ভাষাতেই প্ৰবচন দিছিল। সেয়ে পিছলৈ এই ভাষাতেই( পালি) মুল ত্ৰিপিটক গ্ৰন্থ ৰচিত আৰু সংৰক্ষিত হয়।

গ্ৰন্থায়নৰ পূৰ্বৰ অৱস্থা

বুদ্ধদেৱৰ সমকালীন বৌদ্ধ ভিক্ষুগণ ধ্যানে-জ্ঞ্যানে অত্যন্ত উচ্চ মাৰ্গৰ চেতনা সম্পন্ন আছিল। তেওঁলোকে যি বিষয়ে সাধনা কৰিছিল সেই বিষয়ে অত্যধিক উন্নতি সাধন কৰিবলৈ পাৰিছিল। সেই সময়ত ভিক্ষুবিলাকৰ মাজত সূত্ৰধৰ, বিনয়ধৰ আৰু মাতিকাধৰ নামৰ তিনি ধাৰাৰ সাধনাকাৰী ভিক্ষু আছিল। এই তিনি শ্ৰেণীৰ ভিক্ষুগণৰ সকলোৱে স্মৃতিধৰ আছিল।

স্মৃতিধৰ এই ভিক্ষুগণে শ্ৰুতিৰ পৰা স্মৃতিত বুদ্ধৰ বাণীক সংৰক্ষণ কৰিছিল। নিৰন্তৰ অধ্যৱসায়েৰে ভিক্ষুগণে তেওঁলোকৰ শিষ্য পৰম্পৰাত এই ৰীতি চলাই গৈছিল। বুদ্ধৰ শিষ্যসকলৰ মাজত প্ৰায় প্ৰত্যেকে এই শ্ৰুতি আৰু স্মৃতিৰ ক্ষমতা আছিল। সেয়ে ত্ৰিপিটক গ্ৰন্থায়ানৰ পূৰ্বে সূত্ৰধৰ সকলে সূত্ৰ, বিনয়ধৰ সকলে বিনয় আৰু মাতিকা ধৰ সকলে অভিধৰ্ম পিটক স্মৃতিত ৰাখিছিল।

ত্ৰিপিটকৰ অভ্যন্তৰীণ গ্ৰন্থৰ পৰিচয়

১) বিনয় পিটক

  • পাৰাজিকা
  • পচিত্তিয়া
  • চুলবগগ্
  • মহাবগগ্
  • পৰিবাৰ পাঠো

২) সূ্ত্ৰ পিটক

  • দীৰ্ঘ নিকায় (৩ খণ্ডত সমাপ্ত)
  • মজ্ ঝিম নিকায় (৩ খণ্ডত সমাপ্ত)
  • সংযুক্ত নিকায় (৩ খণ্ডত সমাপ্ত)
  • অংগুত্তৰ নিকায় (৩ খণ্ডত সমাপ্ত)
  • খুদ্দক নিকায় (১৬টা স্বতন্ত্ৰ গ্ৰন্থ আছে)
    • খুদ্দক পাঠো
    • ধম্মপদ
    • উদান
    • ইতিবুত্তক
    • সত্তনিপাত
    • বিমান বুত্থু
    • পেত বুত্থু
    • থেৰ গাথা
    • থেৰী গাথা
    • জাতক (৫ খণ্ড )
    • মহানিদ্দেশ
    • চুল নিদ্দেশ
    • পটিসম্ভিদা নিদ্দেশ
    • অপদান
    • বুদ্ধ বংশ
    • চৰিয পিটক

৩) অভিধৰ্ম পিটক

  • ধম্মসংগনি
  • বিভংগ
  • ধাতুকথা
  • পুগ্ গল পঞ্ঞত্তি
  • কথবত্থু
  • যমক
  • পটঠান

তথ্য সংগ্ৰহ

Tags:

ত্ৰিপিটক ভাগত্ৰিপিটক ৰ ধৰ্মস্কন্দৰ বিন্যাসত্ৰিপিটক ৰ ভাষাত্ৰিপিটক গ্ৰন্থায়নৰ পূৰ্বৰ অৱস্থাত্ৰিপিটক ৰ অভ্যন্তৰীণ গ্ৰন্থৰ পৰিচয়ত্ৰিপিটক তথ্য সংগ্ৰহত্ৰিপিটকগৌতম বুদ্ধপালি ভাষাবৌদ্ধ ধৰ্ম

🔥 Trending searches on Wiki অসমীয়া:

নাৰীবাদঅসমৰ মন্ত্ৰ-সাহিত্যঅমূল্য বৰুৱাঅংগনবাদীতীৰ্থনাথ শৰ্মামালিতাঅসমৰ সাধুকথালোকসভাৰ অধ্যক্ষভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগপ্ৰতিমা (কাব্য গ্ৰন্থ)চ্যু-কা-ফাকীৰ্তন ঘোষা সংকলনশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰধ্বনিতত্ত্বনাটোসতী সাধনীইংৰাজী ভাষাবৈচাগুমামণি ৰয়ছম গোস্বামীকছাৰী ৰাজ্যগমাৰীবানপানীঅন্তঃস্ৰাৱী তন্ত্ৰউপেন্দ্ৰনাথ ব্ৰহ্মগ্ৰহবিজয় (অভিনেতা)শিৱসাগৰচিত্ৰ-ভাগৱতঅসমীয়া কবিতাৰ ইতিহাসবিহুৰ সাজ-পোচাক আৰু অলংকাৰআহোম ৰাজবংশৰাভা জনগোষ্ঠীআলোক তন্তুকেন্দ্ৰীয় শাসিত অঞ্চলপ্ৰদূষণসাম্যবাদী সমাজশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯আয়ুৰ্বেদদাদাচাহেব ফাল্কেচামগুৰি সত্ৰকাল সংহতিকোচ ৰাজবংশবট গছঅসম চাহবিৰিঞ্চি কুমাৰ বৰুৱাব্ৰহ্মপুত্ৰ নদসন্ধিচিত্ৰলেখা উদ্যানতোলনি বিয়াঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তবড়ো সাহিত্য সভাজোনবিল মেলাযতি-চিনঅতুলানন্দ গোস্বামীশ্ৰী সূৰ্য পাহাৰঈয়াৰুইঙ্গমগৰ্ভপাতসংস্কৃতিকম্পিউটাৰসংঘাতগায়ত্ৰী মহন্তহাজং জনগোষ্ঠীক্ষৰাছিয়াব্ৰহ্মপুত্ৰ উপত্যকাযুগ্ম সংখ্যানিমবাঢ়ৈটোকাশ্ৰী শ্ৰী বটদ্ৰৱা থানকিৰাটফাট বিহুৰাসোৎসৱবৰগীতঅসমীয়া গালি-গালাজসংযুক্ত মুক্তি বাহিনী, অসমকাছাৰ জিলা🡆 More