ডেকাথলন

ডেকাথলন (ইংৰাজী: Decathlon) হৈছে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এক সংযুক্ত ক্ৰীড়া প্ৰতিযোগিতা। ১৯১২ চনৰ পৰা অলিম্পিকত ডেকাথলন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। এই প্ৰতিযোগিতাত প্ৰতিজন প্ৰতিযোগীয়ে দহটাকৈ খেলত অংশগ্ৰহণ কৰিব লাগে। পুৰুষৰ ক্ষেত্ৰত ইয়াৰে প্ৰথম পাঁচটা হ'ল- ১০০ মিটাৰ দৌৰ, দীঘল জাঁপ, শ্বটপুট, ওখ জাঁপ আৰু ৪০০ মিটাৰ দৌৰ। এই পাঁচবিধ খেল প্ৰথম দিনা খেলোৱা হয় আৰু ইয়াৰ দ্বাৰা খেলুৱৈ জনৰ বেগ আৰু শক্তি নিৰ্ণয় কৰা হয়। দ্বিতীয় দিনা খেলোৱা খেলবোৰ হ’ল- ১১০ মিটাৰ হাৰ্ডলছ, ডিছকাছ থ্ৰ’, প’ল ভল্ট, জেভেলিন থ্ৰ’ আৰু ১৫০০ মিটাৰ দৌৰ। এই খেলকেইবিধৰ দ্বাৰা খেলুৱৈ জনৰ পৰিশ্ৰম শক্তি, ষ্টেমিনা, ধৈৰ্য আৰু কলা-কৌশল নিৰূপণ কৰা হয়।

ডেকাথলন
ডেকাথলন
ডেকাথলন
ডেকাথলন মুঠতে চাৰি ধৰণৰ দৌৰ, তিনি ধৰণৰ জপিওৱা আৰু তিনি ধৰণৰ থ্ৰ'ৰ (দলিওৱা) সংযুক্ত ক্ৰীড়া প্ৰতিযোগিতা)

খেলসমূহ

পুৰুষ

    প্ৰথম দিন
  • ১০০ মিটাৰ দৌৰ
  • দীঘল জাঁপ
  • শ্বটপুট
  • ওখ জাঁপ
  • ৪০০ মিটাৰ দৌৰ

    দ্বিতীয় দিন
  • ১১০ মিটাৰ হাৰ্ডলছ
  • ডিছকাছ থ্ৰ’
  • প’ল ভল্ট
  • জেভেলিন থ্ৰ’
  • ১৫০০ মিটাৰ দৌৰ

মহিলা

    প্ৰথম দিন
  • ১০০ মিটাৰ দৌৰ
  • ডিছকাছ থ্ৰ’
  • প’ল ভল্ট
  • জেভেলিন থ্ৰ’
  • ৪০০ মিটাৰ দৌৰ

    দ্বিতীয় দিন
  • ১১০ মিটাৰ হাৰ্ডলছ
  • দীঘল জাঁপ
  • শ্বটপুট
  • ওখ জাঁপ
  • ১৫০০ মিটাৰ দৌৰ

প্ৰসিদ্ধ ক্ৰীড়াবিদ

ইংৰাজ খেলুৱৈ ডালে থম্পছনক (ইংৰাজী: Daley Thompson) এজন শ্ৰেষ্ঠ ডেকাথলন চেম্পিয়ন বুলি ধৰা যায়। তেওঁ একেলেথাৰিয়ে ১৯৮০ আৰু ১৯৮৪ চনৰ অলিম্পিকত ডেকাথলন চেম্পিয়ন হৈছিল। দুবাৰকৈ অলিম্পিকত ডেকাথলন চেম্পিয়ন হোৱা তেঁৱেই বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ।

তথ্যসূত্ৰ

Tags:

ডেকাথলন খেলসমূহডেকাথলন প্ৰসিদ্ধ ক্ৰীড়াবিদডেকাথলন তথ্যসূত্ৰডেকাথলনঅলিম্পিকইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

হৰপ্পাআমেৰিকা যুক্তৰাষ্ট্ৰকলাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনঅসমৰ বাঁহ-বেতৰ শিল্পভাৰতীয় জাতীয় কংগ্ৰেছমনোমতীয়কাৰেংঘৰশিৱসাগৰ জিলাঅসমৰ নদীসমূহৰ তালিকামোহনদাস কৰমচান্দ গান্ধীযোগাসনকৃষ্ণচূড়ালিখন পদ্ধতিমোৱামৰীয়া বিদ্ৰোহমানৰ অসম আক্ৰমণমৰাণ জনগোষ্ঠীযতি-চিনভাৰতীয় মহাকাশ গৱেষণা সংস্থাভূপেন হাজৰিকানলবাৰী জিলাদিল্লীৰোমাণ্টিক কবিতাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰৰাষ্ট্ৰসংঘপ্ৰাকৃতিক দুৰ্যোগঅলিম্পিকঘৰঅসমৰ ৰাজ্যিক প্ৰতীকসমূহযোৰহাটঅসমীয়া ভাষাজাতনামকৃত্ৰিম বুদ্ধিমত্তাৰঘুনাথ চৌধাৰীপিঠামণিকৰ্ণেশ্বৰ দেৱালয়দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া ব্যাকৰণমৰুভূমিচিত্ৰা মণ্ডলবানপানীচ'মাংকানবিষ্ণুপ্ৰসাদ ৰাভাভূগোলআহোম-মোগলৰ সংঘৰ্ষমানৱ ভূগোলভট্টদেৱহাবুংতথ্যমানস ৰাষ্ট্ৰীয় উদ্যানমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰতৰ শিক্ষাসোৱণশিৰি নদীশিশু সাহিত্যনৰনাৰায়ণজীৱনীজল সংৰক্ষণব্ৰহ্মপুত্ৰ উপত্যকাৰামায়ণনিৰুপমা বৰগোহাঞিলোক-সংগীতবহুকোষী জীৱঅসমৰ লোকবাদ্যনগেন শইকীয়াসন্ধ্যাৰাগ (চলচ্চিত্ৰ)অসমৰ সাধুকথাসমাৰ্থক শব্দপাৰ চৰাইকলাখাৰফাট বিহুভূমি প্ৰদূষণআন্তৰ্জাতিক মানৱ অধিকাৰ আইন🡆 More