গোৱালপৰীয়া লোকগীত

গোৱালপৰীয়া লোকগীত অসম প্ৰধান দুবিধ লোকগীতৰ ভিতৰত অন্যতম। গোৱালপাৰা অঞ্চলত অতীজৰে পৰা এইবিধ গীতৰ চৰ্চা চলি আহিছে। গোৱালপৰীয়া গীতৰ বিখ্যাত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ প্ৰচেষ্টাত এই গীতে ৰাষ্ট্ৰীয় দৰবাৰত চিনাকি পাইছিল। গোৱালপৰীয়া লোকগীত ইয়াৰ সূকীয়া ভাষা (কথিত গোৱালপৰীয়া ভাষা), সুৰ, জন-জীৱনৰ দৃশ্য আৰু বাদ্যযন্ত্ৰৰ বাবে বিখ্যাত। বৰ্তমানে বাণিজ্যিক ভাবে গোৱালপৰীয়া লোকগীতৰ এলবাম মুক্তি দিয়া হয়। কেইজনমান বিখ্যাত গোৱালপৰীয়া লোকগীতৰ শিল্পী হ’ল - আল্লাউদ্দীন সৰকাৰ, হামিদা সৰকাৰ, আব্দুল জব্বাৰ, ৰহিমা বেগম কলিতা ইত্যাদি। তদুপৰি জনপ্ৰিয় গায়ক যেনে - ড॰ ভূপেন হাজৰিকা, জুবিন গাৰ্গ, অংগৰাগ মহন্ত আদিয়েও বহুতো জনপ্ৰিয় গোৱালপৰীয়া লোকগীত গাইছে। গোৱালপৰীয়া বুলি অসমত প্ৰচলিত গীত বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰ অঞ্চল আৰু পশ্চিম বংগৰ কোচবিহাৰ, জলপাইগুৰি, আলিপুৰদুৱাৰ, দাৰ্জিলিংত ভাওয়াইয়া গীত বুলি স্বীকৃত।

বৰ্ণনা আৰু প্ৰকাৰ

গোৱালপাৰীয়া লোকগীত কোনো ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত নহয়। সাধাৰণতে প্ৰেম গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু। তাৰ লগতে জন-জীৱনৰ দৃশ্য, কৃষি, ঈশ্বৰ বন্দনা, দৰ্শন, হাতী বিষয়ক অনেক লোকগীত পোৱা যায়। বিষয় আৰু সাংগীতিক বৈশিষ্ট্য অনুসৰি ইয়াক কেইবাটাও উপভাগত বিভক্ত কৰা হৈছে। তাৰে ভিতৰত প্ৰধান ভাগ দুটা হ’ল- ভৱাইয়া আৰু চাটক। আৰু দুটা ভাগ হ’ল- মৈশালী আৰু মাউত। গোৱালপাৰীয়া লোকগীত সাধাৰণতে সমবেত হৈ গোৱা হয় যদিও এককভাৱেও গোৱা দেখা যায়। গোৱালপাৰীয়া লোকগীত প্ৰধান বাদ্য হ’ল দোতোৰা। ইয়াৰ লগতে তাল, বাঁহী, একতাৰা, বিশেষ প্ৰকাৰৰ নাগেৰা, ইত্যাদি বিভিন্ন প্ৰকাৰৰ লোকবাদ্য ব্যৱহাৰ কৰা হয়।

ভাওয়াইয়া

ভাওয়াইয়া গীত সাধাৰণতে প্ৰেম বিষয়ক। সংস্কৃত শব্দ ভাবৰ পৰা এই নাম উৎপত্তি হৈছে। এই গীতবোৰ ভাব প্ৰধান আৰু সাধাৰণতে বাস্তৱধৰ্মী। ভৱাইয়া গীতৰ প্ৰেম সাধাৰণতে পৰিপক্ব তথা প্ৰেমিক বা গিৰিয়েকৰ বিষয়ক।

চাটক

চাটক গীতবোৰৰ বিষয়বস্তু ভৱাইয়া গীতৰ অনুৰূপ নহয়। চাটক গীতৰ মূল বিষয় একক প্ৰেম নহয়। এইবোৰ গীত বাস্তৱধৰ্মিতকৈ বেছি ধেমেলীয়া। বৌ-দেৱৰেকৰ সমন্ধ বা অন্যান্য সমন্ধৰ প্ৰতিফলন এই গীতৰ মাজত দেখা যায়।

লগতে চাওক

তথ্য উৎস

বাহ্যিক সংযোজন

Tags:

গোৱালপৰীয়া লোকগীত বৰ্ণনা আৰু প্ৰকাৰগোৱালপৰীয়া লোকগীত লগতে চাওকগোৱালপৰীয়া লোকগীত তথ্য উৎসগোৱালপৰীয়া লোকগীত বাহ্যিক সংযোজনগোৱালপৰীয়া লোকগীতঅংগৰাগ মহন্তঅসমকোচবিহাৰজুবিন গাৰ্গপশ্চিম বংগপ্ৰতিমা পাণ্ডে বৰুৱাবাংলাদেশভূপেন হাজৰিকা

🔥 Trending searches on Wiki অসমীয়া:

হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যশ্ৰীমদ্ভগৱতগীতাসপ্তকাণ্ড ৰামায়ণলোকভাষাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাআইজাক নিউটনকেঁচা পাতৰ কঁপনিদিহানামমামৰে ধৰা তৰোৱালচিৰ চেনেহী মোৰ ভাষা জননীপৰিৱেশ অধ্যয়নবৰ্মণ ৰাজবংশৰাজ্যসভাবৰহমথুৰিপ্ৰাকৃতিক সম্পদটকা (বাদ্য)ধাতু আৰু অধাতুভিয়েটনামদন্দুৱা দ্ৰোহয়চীনলীনাক্সঅসম চাহদ্ৰৌপদী মূৰ্মুৰংঘৰঅসমৰ ৰেচম শিল্পজয়মতী (১৯৩৫ চলচ্চিত্ৰ)জীৱনীঅভয়াপুৰীগুৱাহাটী বিশ্ববিদ্যালয়পৰিসীমাশব্দ প্ৰদূষণসমাজভাৰতীয় জাতীয় কংগ্ৰেছসাহিত্য সমালোচনাজন গণ মনভ্ৰাম্যমাণ থিয়েটাৰফেইচবুকঅসমপাৰ্বতীঅসমীয়া উপন্যাসৰমন্যাসবাদঅনুভৱ তুলসীপদুমযৌন নিৰ্যাতনবহনক্ষম উন্নয়নৰ লক্ষ্যঅসমীয়া গালি-গালাজকালিদাসগোৱালপাৰামে ডাম মে ফিপচন সাৰবাথৌ পূজাউষ্ণতাপ্ৰেমচন্দথমাছ আলভা এডিচনভবানন্দ দত্তলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানভূপেন হাজৰিকা সেতুবিজ্ঞানমাঘ বিহুকালিকা পুৰাণচৰাইবিহুওচেনিয়ামামণি ৰয়ছম গোস্বামীৰ উপন্যাসপিঠাথাই ভাষাজীৱবৈজ্ঞানিক বৰ্গীকৰণদেবেন্দ্ৰ নাথ আচাৰ্যলীলা গগৈদেৱালীধানশৰাইঘাটৰ যুদ্ধজাতনামদেওধনী নৃত্যঅংগনবাদীএজাৰ🡆 More