গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ(ইংৰাজী: Guinness World Records) পূৰ্বৰ নাম গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ (২০০০ চনলৈকে) বিশ্বৰ বিভিন্ন আশ্চৰ্যকৰ, ৰোমাঞ্চকৰ অভিলেখ সন্নিৱিষ্ট বছৰেকীয়া ভাৱে প্ৰকাশিত বিশ্ববিখ্যাত গ্ৰন্থইংলেণ্ডৰ প্ৰখ্যাত প্ৰকাশন সংস্থা 'গিনিছ পাব্লিছিং লিমিটেড'ৰ পৰিচালন সঞ্চালক ছাৰ হিউ বিভাৰৰ (Sir Hugh Beaver) উদ্যোগত ১৯৫৫ চনৰ আগষ্ট মাহত ১৯৭ পৃষ্ঠাৰে কিতাপখনৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ হয়। আচৰিতভাৱে সেই বছৰৰে বৰদিনৰ সময়লৈ এই কিতাপখনে সৰ্বাধিক বিক্ৰী গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰে, সেয়াই আৰম্ভণি। তেতিয়াৰে পৰা কিতাপখন প্ৰতি বছৰে নতুন নতুন আচহুৱা যেন লগা অভিলেখসূচক তথ্যৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ হৈ আহিছে আৰু আচৰিতভাৱে প্ৰতিবছৰে কিতাপখনে সৰ্বাধিক বিক্ৰীৰ গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰিছে, - যিটো এক ৰেকৰ্ড[উদ্ধৃতিৰ প্ৰয়োজন]। অৱশ্যে ১৯৫৭ আৰু ১৯৫৮ চনৰ বছৰ দুটাত কিতাপখন প্ৰকাশ হোৱা নাছিল।

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ  
Guinness World Records logo.png
লেখক Craig Glenday (ed.)
প্ৰচ্ছদ শিল্পী Simon Jones
ভাষা English, Arabic, Filipino, Portuguese, Mandarin Chinese, Croatian, Czech, Danish, Dutch, Estonian, Finnish, French, German, Greek, Hebrew, Hungarian, Icelandic, Italian, Japanese, Korean, Latvian, Norwegian, Polish, Russian, Slovene, Slovak, Spanish, Swedish, Turkish and Bulgarian
বিষয় World Records
প্ৰকাৰ Reference
প্ৰকাশক Jim Pattison Group
প্ৰকাশ 1955–present

বৰ্তমান প্ৰতিবছৰে ৩৫ টাতকৈ অধিক ভাষাত এই কিতাপখন প্ৰকাশ হয়। সৰ্বাধিক বিক্ৰী ৰেকৰ্ডৰ বাবে ১৯৭৪ চনৰ পৰা কিতাপখনৰ 'সৰ্বাধিক বিক্ৰীৰ গ্ৰন্থ' (Best-Selling) শিতানত ইয়াৰ নিজৰ নামো সংযোজিত হৈছে[উদ্ধৃতিৰ প্ৰয়োজন]। প্ৰকাশনৰ ইতিহাসত আজি এইখন কিতাপ পৰম বিস্ময়। জনপ্ৰিয়তাৰ দিশৰ পৰা এইখন কিতাপে যে কিমান বৈশিষ্ট্য লাভ কৰিছে তাৰ প্ৰমাণ পোৱা যায় ইয়াৰ মুদ্ৰণ সংখ্যাৰ পৰা। ইয়াৰ প্ৰতিটো সংখ্যাই প্ৰায় ৬০ নিযুত বিক্ৰী হয় আৰু প্ৰতিটো সংখ্যাৰে বিক্ৰী সৰ্বাধিক। এইখিনি একেলগে ১৬৮টা থাকত থিয় কৰালে প্ৰতিটো থাকৰ উচ্চতা হ'বগৈ পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টতকৈও (উচ্চতা ৮,৮৭২ মিটাৰ; ২৯,১১৮ ফুট বেছি! এই মুদ্ৰণ সংখ্যাৰ পৰাই কিতাপখনৰ অসামান্য চাহিদা সহজে অনুমান কৰিব পাৰি[উদ্ধৃতিৰ প্ৰয়োজন]

গ্ৰন্থ বিৱৰণ

পৃথিৱীৰ আটাইতকৈ শকত মানুহজনৰ নাম কি, কোন মহিলাৰ মূৰৰ চুলি আটাইতকৈ দীঘল, বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো ক'ত আছে - কিমান মানুহ ধৰে সেইটো ষ্টেডিয়ামত, মূৰত গাখীৰৰ বটল লৈ খোজকাঢ়ি কোনে বিশ্বৰেকৰ্ড কৰিছে, কোনে খাইছিল দহখন চাইকেল, সাতবাৰ বজ্ৰপাত পৰিও বাচি আছে কোন, মুখেৰে ৰছী টানি কোনে উৰাজাহাজ এখনো চোঁচৰাই নিব পাৰে ইত্যাদি অনেক অদ্ভুত যেন লগা আশ্চৰ্যকৰ ৰেকৰ্ডৰ বাতৰি এইখন কিতাপৰ পাতে পাতে। ইয়াৰ প্ৰতিটো সংস্কৰণ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰেকৰ্ডৰ পুংখানুপুংখ তথা নিখুঁত বিৱৰণ আৰু সুন্দৰ সুন্দৰ মনোমোহা ছবিৰে ভৰপূৰ। গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে দেখিবলৈ পোৱা যায় বিশ্বৰ শ্ৰেষ্ঠ চমক লগোৱা ঘটনা আৰু কীৰ্তিসমূহৰ শেহতীয়া নিৰ্ভুল সংবাদ। কিতাপখন পঢ়িলে ভাব হয় এই মুহূৰ্ততেই যেন পৃথিৱীৰ কোনো প্ৰান্তত ঘটিছে এটাৰ পিচত এটা বিস্ময়কৰ ঘটনা, অবিশ্বাস্য ৰেকৰ্ড। হিন্দী, বাংলাকে ধৰি একাধিক ভাৰতীয় ভাষাতো গিনিছ বুকৰ অনূদিত সংস্কৰণ প্ৰকাশ হৈছে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

অসমত দেখা চৰাইবোৰবাসুদেৱ থানতেজপুৰদক্ষিণপাট সত্ৰহয়গ্ৰীৱ মাধৱ মন্দিৰবাগ্‌ধ্বনিআলোক তন্তুবট গছৰাজ্যসভাঅসমৰ নদীসমূহৰ তালিকাজৱাহৰলাল নেহৰুসতী সাধনীগোলাপপঞ্চভুজহনুমানপাণিনিমাজুলীবেদঅংকীয়া নাটৰুক্মিণী হৰণ নাটঅসমৰ ৰেচম শিল্পশিশু সাহিত্যপ্ৰাকৃতিক পৰিৱেশসিন্ধু সভ্যতাবাণীকান্ত কাকতিপ্ৰেমচন্দভূমি প্ৰদূষণমুদ্ৰাসম্ৰাট অশোককীৰ্তন ঘোষা সংকলনউপেন্দ্ৰনাথ ব্ৰহ্মদেউৰী জনগোষ্ঠীকাৰ্ল মাৰ্ক্সবিৰাট কোহলিঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমৰ তামোল-পাণ সংস্কৃতিসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাচুতীয়া ৰাজ্যগোৱালপাৰা জিলাঅৰুণ শৰ্মাভাৰতৰ স্বাধীনতা আন্দোলনছুনামিফুলঅংগৰাগ মহন্তৰাতি বিহুপলাশীৰ যুদ্ধগৰ্ভপাতসপুষ্পক উদ্ভিদঢোলৰাহুএ পি জে আব্দুল কালামঅসমীয়া লিপিৰ বুৰঞ্জীমালিনী থানপানী বগলীঅসমীয়া লিপিব্ৰহ্মপুত্ৰ উপত্যকাঅমূল্য বৰুৱাএশিঙীয়া গঁড়ঋতুবিজ্ঞানমৰাণ জনগোষ্ঠীপাৰ্বতীবৃন্দাবনী বস্ত্ৰওজাপালিনাৰ্জীদ্ৰৌপদী মূৰ্মুলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীহেম বৰুৱাৰ ভ্ৰমণ সাহিত্যভেঁকুৰপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যদূৰবীক্ষণ যন্ত্ৰবেঙেনাআটী সত্ৰলোকসভানেমুদীপলিনা ডেকা🡆 More