কথা কবিতা: সাহিত্য ধাৰা

কথা কবিতা(ইংৰাজী: prose poetry) ঊনৈশ শতিকাক জন্ম লাভ কৰা সৃষ্টিশীল লেখনিৰ এক প্ৰকাৰ। কোনো আবেদনশীল বা ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ, ঘাইকৈ কাব্যভাবানুৰঞ্জিত গদ্যত লিখা নাতিদীৰ্ঘ ৰচনাই কথা কবিতা। কথা কবিতাত কেৱল এটা কেন্দ্ৰস্থ ভাৱৰ সমাবেশ ঘটে। কথা কবিতাত ৰূপকৰ সমাবেশ ঘটে। এনে ৰচনাৰ বাবে লেখকৰ মননশীলতা, অনুভূতিশীলতা আৰু ভাষাৰ ওপৰত দখল থকা প্ৰয়োজন। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক কথা কবিতাৰ জনক হিচাপে জনা যায়।

বৈশিষ্ট্য

কথা-কবিতা অন্য সাধাৰণ কবিতাতকৈ কিছু পৃথক৷ কথা কবিতা গদ্য হিচাপে লিখা হয় কিন্তু কবিতাৰ ভাব সম্পৃক্ত শাৰীবোৰৰ বিচ্ছেদ নোহোৱাকৈ। ইয়াত কাব্যৰচনাৰ কৌশল, যেনে খণ্ডিতকৰণ, সংকোচন, পুনৰাবৃত্তি, ছন্দ,উপমা, চিত্ৰকল্প আদিৰ সমাৱেশ ঘটোৱা হয়৷ ১৭ শতিকাত জাপানত “মাটছুও বাশ্বো’’য়ে হাইবুন, গদ্যৰ সৈতে হাইকুৰ সংমিশ্ৰণ ঘটাই কথা কবিতাৰ সৃষ্টি কৰিছিল। ইয়াৰ সৰ্বোত্তম উদাহৰণ তেওঁৰ গ্ৰন্থ “অ’কু নো হোছোমিছি’’ (Oku no Hosomichi) নামৰ গ্ৰন্থ, য’ত তেওঁ বহুমাত্ৰিক লেখাৰ দ্বাৰ কথা-কবিতা ৰচনাৰ সাহিত্যিক শৈলী ব্যৱহাৰ কৰিছিল।

ড॰ বাণীকান্ত কাকতিৰ মতে, “কথা-কবিতাৰ প্ৰাথমিক উদ্দেশ্য চিত্ৰ, ইয়াত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন। ছন্দোময়ী কবিতাৰ প্ৰধান লক্ষ্য গীত বা শ্ৰাব্য বিষয়ক মূৰ্ত্ত কৰি তোলা। কথা-কবিতাৰ লক্ষ্য ৰূপ বা দৃশ্যবস্তুত সজীৱতা আৰোপ কৰা। কথা-কবিতাত এটি মাথোঁ কেন্দ্ৰস্থ ভাব থাকে আৰু সেই ভাবক ডাঙৰ-সৰু কেতবোৰ তলতীয়া চিত্ৰেৰে সজীৱ কৰি তোলা হয়। কিন্তু এইটো মনকৰিবলগীয়া কথা যে কথা-কবিতা আৰু কবিত্বময়ী কথা একে নহয়। কথা কবিতা এবিধ কবিতাই। কিন্তু কবিত্বময়ী কথা লিখাৰ ভংগী বা ভাষাৰ ৰীতি মাথোঁন। ' বাণীকান্ত কাকতিয়ে কথা-কবিতাৰ 'প্ৰাথমিক উদ্দেশ্য চিত্ৰ' বুলি কোৱা কথাৰ লগতে চিত্ৰৰ ভাবানুষংগ আৰু তাৰ প্ৰগাঢ়তাও কথা-কবিতাত সমানেই গুৰুত্বপূৰ্ণ। তেওঁ কথা কবিতাক নোহোৱা নোপজা কবিতা বুলি কোৱাৰ লগতে বালিৰ নিজৰা বুলিও কৈছিল।

যিকোনো সাহিত্যতে কথা-কবিতা সংখ্যাত অতি তাকৰীয়া। ৰুচ লেখক আইভান টুৰ্গেনিভৰ কথা-কবিতাৰ সংকলনে ইংৰাজী অনুবাদত ব্যাপক সমাদৰ লাভ কৰিছিল। আলেকজেণ্ডাৰ ছলঝ‍েনিৎছিনেও কথা-কবিতা লিখিছে। লেবাননৰ কবি খলিল জিব্ৰানৰ কিছুমান কথা-কবিতা ইংৰাজীলৈ অনূদিত হৈছে। ফৰাচী কবি বডলেয়াৰৰ (Baudelair,১৯২১-৬৭) Petit poems on fore কথা কবিতাৰ আন এক নিদৰ্শন।[পৃষ্ঠা নং প্ৰয়োজন]

অসমীয়া ভাষাত কথা কবিতা

প্ৰথম অসমীয়া কথা কবিতা ৰচনা কৰিছিল বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাই। তেওঁ "কথা-কবিতা" নামেৰে এখন কবিতা পুথি ৰচনা কৰি অসমীয়া ভাষাত কথা কবিতাৰ দ্বাৰ মুকলি কৰিছিল। আইভান টুৰ্গেনিভৰ 'Poems in Prose' আৰু আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত যতীন্দ্ৰ নাথ দুৱৰাই 'কথা কবিতা' ৰচনা কৰিছে।


তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ সত্ৰসমূহৰ তালিকাখেৰাইহনুমানকাৰ্বি ভাষাগোলকীয় উষ্ণতা বৃদ্ধিঅসমীয়া সাহিত্যত মালিতাভাৰতত নাৰীবাদনাটকঅসমৰ চাহ জনগোষ্ঠীদেবেন্দ্ৰ নাথ আচাৰ্যগদ্যবৰাক নদীম'হৰ শিঙৰ পেঁপাভাওনাসত্যনাথ বৰাচৈয়দা আনোৱাৰা টাইমূৰজেঠগ্ৰহলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানমৰাণ জনগোষ্ঠীজীবনানন্দ দাসঅসমৰ জিলাসমূহবিল২ মে'ভাষাপ্ৰথম বিশ্বযুদ্ধটাই জাতিমায়ামৰা সম্প্ৰদায়অসমৰ বাঁহ-বেতৰ শিল্পঅনুভৱ তুলসীবিজ্ঞাপনঅসমৰ জাতীয় গীতশৰাইঘাট দলংগুণমালাৰাম বিজয়নাৰীঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকামনোবিজ্ঞানজীৱনীমাৰিয়া মণ্টেছৰীকেন্দ্ৰীয় শাসিত অঞ্চলসংস্কৃত ভাষাঅসহযোগ আন্দোলনপৰিসীমাদেৱতা (হিন্দু ধৰ্ম)নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাকিৰাটপ্ৰসংগ প্ৰণালীদক্ষিণপাট সত্ৰচাহেবপুৰাৰ বৰষুণহৰিশংকৰ ব্ৰহ্মঅসমৰ কাঁহ শিল্পনিউটনৰ গতিৰ সূত্ৰসপ্তকাণ্ড ৰামায়ণসাহিত্যঅসমীয়া লোক-সংস্কৃতিগাঁও পঞ্চায়তনগাঁওমাটি আখৰাআমেৰিকা যুক্তৰাষ্ট্ৰপোৱামক্কাকোচ ৰাজবংশীৰাৱণধ্বনিতত্ত্বনগেন শইকীয়াআঙঠি পিন্ধোৱামাধৱ কন্দলিজুবিন গাৰ্গঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকামাজুলীতুলসীপৰ্যাবৃত্ত তালিকাঅংকীয়া নাটআউনীআটী সত্ৰ🡆 More