অকিনাৱা প্ৰশাসনিক অঞ্চল

অকিনাৱা প্ৰশাসনিক অঞ্চল (沖縄県, জাপানী: অকিনাৱা-কেন) হৈছে জাপানৰ এটি প্ৰশাসনিক অঞ্চল। এই প্ৰিফেকচাৰটো হৈছে জাপানৰ দক্ষিণতম আৰু পশ্চিমতম প্ৰিফেকচাৰ আৰু ২০২০ চনৰ ২ ফেব্ৰুৱাৰীলৈকে ইয়াৰ জনসংখ্যা হৈছে ১,৪৫৭,১৬২। এই অঞ্চলটো ২,২৮১ কিলোমিটাৰ স্কোৱেৰ ভৌগোলিক এলেকা জুৰি বিয়পি আছে।

অকিনাৱা প্ৰশাসনিক অঞ্চল
沖縄県
—  প্ৰশাসনিক অঞ্চল  —
অকিনাৱা প্ৰশাসনিক অঞ্চল
পতাকা
অকিনাৱা প্ৰশাসনিক অঞ্চল
Symbol
জাতীয় সংগীত: 沖縄県民の歌 (Okinawa kenmin no uta)
দেশ অকিনাৱা প্ৰশাসনিক অঞ্চল জাপান
অঞ্চল কিউচু
দ্বীপ অকিনাৱা, ডাইট’, মায়াক’, য়ায়ামা, চান্‌কাকু
ৰাজধানী নাহা
Subdivisions জিলা: ৫, পৌৰসভা: ৪১
চৰকাৰ
 - ৰাজ্যপাল ডেনি টামাকি
মাটিকালি
 - মুঠ ২,২৮১ কি.মি. 
(৮৮০.৭ বৰ্গ মাইল)
অঞ্চলৰ স্থানাংক ৪৪তম
জনসংখ্যা (১ মে’, ২০২০)
 - মুঠ ১৪,৬৬,৮৭০ জন
 - স্থান ২৯তমতম
আই এচ অ’ ৩১৬৬ কোড জেপি-৪৭
ৱেবছাইট www.pref.okinawa.lg.jp

নাহা হৈছে অকিনাৱাৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ। ইয়াত অৱস্থিত অন্যান্য ডাঙৰ চহৰবোৰ হ’ল - অকিনাৱা, উৰুমা, উৰাচু ইত্যাদি। অকিনাৱা প্ৰশাসনিক অঞ্চলটোৱে অকিনাৱা, ডাইট’ আৰু চাকিচিমা গোটকে ধৰি ৰিয়ুকিউ দ্বীপপুঞ্জৰ দুই তৃতীয়াংশ সামৰি লৈছে, যিটো ১০০০ কিলোমিটাৰ দক্ষিণ পশ্চিমলৈ কাগোছিমা প্ৰিফেকচাৰৰ চাতচুনান দ্বীপপুঞ্জৰ পৰা টাইৱানলৈ বিয়পি আছে। এই অঞ্চলটোৰ বৃহত্তৰ সংখ্যক লোকে ইয়াৰ আটাইতকৈ ডাঙৰ দ্বীপ অকিনাৱাত বাস কৰে। ৰিয়ুকুৱানসকল হৈছে অকিৱানাৰ থলুৱা লোক, তেওঁলোক কাগোছিমা প্ৰশাসনিক অঞ্চলৰ আমামি দ্বীপপুঞ্জত বাস কৰে।

১৪২৯ৰ পৰা অকিনাৱা ৰিয়ুকিউ সাম্ৰাজ্যৰ আধীন আছিল। ১৬০৯ত ৰিয়ুকিউ আক্ৰমণৰ পিছত অনানুষ্ঠানিক ভাবে ই জাপানৰ সৈতে সংযুক্ত হৈছিল। ইয়াৰ সাত বছৰৰ পিছত ১৮৭৯ত জাপানে আনুষ্ঠানিক ভাবে অকিনাৱাক হানসকলৰ শেষ ডমেইন, ৰিয়ুকিউ ডমেইন ৰূপে প্ৰতিষ্ঠা কৰে। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত, মিত্ৰশক্তিৰ জাপান দখলৰ সময়ত অকিনাৱা আমেৰিকা যুক্তৰাষ্ট্ৰই দখল কৰিছিল আৰু ১৯৪৫ চনৰপৰা ১৯৫০ চনলৈ ৰিয়ুকিউ দ্বীপৰ ইউ এছ মিলিটেৰি চৰকাৰে ইয়াত শাসন চলাইছিল। ১৯৭২ চনত জাপানক এই অঞ্চলটো ঘূৰাই দিয়াৰ আগলৈকে ১৯৫০ চনৰপৰা ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসামৰিক প্ৰশাসনৰ দ্বাৰা শাসিত হৈ আছিল। অকিনাৱা জাপানৰ মুঠ ভূমিৰ মাত্ৰ ০.৬ শতাংশ, কিন্তু ‘আমেৰিকা যুক্তৰাষ্ট্ৰ বাহিনী জাপান’ৰ (ইউনাইটেড ষ্টেটচ্‌ ফৰ্চেচ জাপান) প্ৰায় ছাব্বিশ হাজাৰ (৭৫%) কৰ্মচাৰীক প্ৰিফেকচাৰত নিয়োগ কৰা হৈছে; অকিনাৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক উপস্থিতি অব্যাহত থকা কথাটো বিতৰ্কিত।

অকিনাৱা প্ৰশাসনিক অঞ্চলৰ মুঠ ভূমি ক্ষেত্ৰৰ প্ৰায় ৩৬% প্ৰাকৃতিক উদ্যান হিচাপে মনোনীত কৰা হৈছে, যেনে ইৰিঅ’ম’টে-ইশিগাকি, কেৰামা চ’ট’, আৰু য়াম্বাৰু ৰাষ্ট্ৰীয় উদ্যান; অকিনাৱা কাইগান আৰু অকিনাৱা চেনচেকি কুৱাচি-নেচনেল পাৰ্ক; আৰু ইৰাবু, কুমেজিমা, টাৰামা, আৰু টোনাকি প্ৰিফেকচুৰেল নেচাৰেল পাৰ্ক।

দ্বীপটো মুখ্যতঃ প্ৰবালৰ দ্বাৰা গঠিত, আৰু সেই প্ৰবালৰ মাজেৰে পৰিশোধন হোৱা বৰষুণৰ পানীয়ে দ্বীপটোত বহুতো গুহাৰ সৃষ্টি কৰিছে, এই গুহাবোৰৰ অকিনাৱাৰ যুদ্ধৰ সময়ত এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। গয়োকুচেণ্ডো অকিনাৱাৰ মুখ্য দ্বীপৰ দক্ষিণ অংশত থকা এটা বিস্তৃত চূণশিলৰ গুহা।

বছৰটোৰ বেছিভাগ সময়তে দ্বীপটোৰ তাপমাত্ৰা ২০ °চেলচিয়াছৰ ওপৰত থাকে।

তথ্যসূত্ৰ

Tags:

জাপান

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ কাঁহ শিল্পৰুক্মিণী হৰণ নাটব্ৰজাৱলী ভাষাবড়ো ভাষামানৱ শৰীৰসাঁচিপাতৰ পুথি (উপন্যাস)নাৰীযতি-চিনকানাই বৰশী বোৱা শিলালিপিচুটিগল্পভাৰতৰ মুখ্য ন্যায়াধীশভাৰতীয় ৰিজাৰ্ভ বেংকহীৰেন ভট্টাচাৰ্যদশম স্কন্ধৰ আদিছোৱাম'হৰ শিঙৰ পেঁপাস্বাধীনতা দিৱস (ভাৰত)যতীন্দ্ৰ নাথ দুৱৰাঅসমশৰ্মা মন্ত্ৰীসভাদৈনিক অসমজাতীয়তাবাদগৱেষণাতাপগতি বিজ্ঞানঅখণ্ড সংখ্যাঅসহযোগ আন্দোলনদীপলিনা ডেকাগোলাঘাট জিলাউষ্ণতাকমতা ৰাজ্যভট্টদেৱৰ গদ্যশৈলীঅসমত দেখা পোৱা মাছৰ তালিকাচুতীয়া ৰাজ্যআইনাম৩০ মাৰ্চৰীমা দাসভাষাৱিকিৰমা দাশপবিতৰা অভয়াৰণ্যঅনুৰাধা শৰ্মা পূজাৰীস্বদেশী আন্দোলনশৰাইঘাটৰ যুদ্ধনাৰীবাদনেতাই ধুবুনী ঘাটকাৰ্ল মাৰ্ক্সব'হাগ বিহুভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যচন্দ্ৰকুমাৰ আগৰৱালাএম ভেঙ্কায়াহ নাইডুঅসমৰ চলচ্চিত্ৰএমিবালক্ষ্মীনাথ বেজবৰুৱাঅসমীয়া গালি-গালাজধান৯ জুনশিক্ষা মনোবিজ্ঞানদ্বিতীয় বিশ্বযুদ্ধঐনিতমবৌদ্ধ ধৰ্মঅৰুণ শৰ্মাশকুন্তলা (চলচ্চিত্ৰ)অসমৰ পৰম্পৰাগত খেল-ধেমালিপৰিস্থিতি বিজ্ঞানগোলকীকৰণব্ৰহ্মপুত্ৰ উপত্যকাপদ্মা-পুৰাণজেৰুজালেমমোধেশ্বৰী মাতাৰংঘৰলাভলীনা বৰগোহাঁইসৰ্বশিক্ষা অভিযানঅসমীয়া লিপিৰ বুৰঞ্জীভাৰতীয় নাগৰিকত্ব আইন🡆 More