উল্লেখযোগ্যতা

ৱিকিপিডিয়াত উল্লেখযোগ্যতা হ’ল এটা পৰীক্ষা, যাৰ দ্বাৰা সম্পাদকসকলে কোনো এটা নিৰ্দিষ্ট বিষয়ত ৱিকিপিডিয়াত কোনো প্ৰবন্ধ থকা উচিত হয় নে নহয়, তাক নিৰ্ধাৰণ কৰে। ৱিকিপিডিয়াত জীৱনীমূলক প্ৰবন্ধৰ বিষয় হোৱা ব্যক্তিজনৰ জীৱন-বৃত্তান্ত যথেষ্ট তাৎপৰ্যপূৰ্ণ বা উদ্ধৃত কৰাৰ উপযোগী হোৱা উচিত, যি প্ৰকৃতাৰ্থত লক্ষণীয় বা গুৰুত্বপূৰ্ণ, আকৰ্ষণীয়, বা অস্বাভাৱিকভাবে যিয়ে মনোযোগ আকৰ্ষণ কৰে বা লিপিবদ্ধ কৰাৰ যোগ্য। প্ৰসিদ্ধ বা জনপ্ৰিয় হোৱাৰ অৰ্থত উল্লেখযোগ্যতা অপ্ৰাসংগিক নহয় যদিও ই গৌণ বিষয়হে।

জীৱনীসমূহৰ বাবে থকা এই উল্লেখযোগ্যতাৰ নিৰ্দেশনাৱলীয়ে আলোচনাৰ জৰিয়তে উপনীত হোৱা আৰু প্ৰতিষ্ঠিত অনুশীলনৰ দ্বাৰা শক্তিশালী হোৱা ঐক্যমত প্ৰতিফলিত কৰে আৰু ব্যক্তি এজনৰ বিষয়ে এটা প্ৰবন্ধ লিখিব লাগেনে, নে একত্ৰিত বা বিলোপ কৰিব লাগে, নে অধিক বিকশিত কৰিব লাগে সেই বিষয়ক সিদ্ধান্তবোৰ অৱগত কৰে। জীৱনীমূলক প্ৰবন্ধ কেনেদৰে লিখিব লাগে সেই বিষয়ে জানিবলৈ ৱিকিপিডিয়া:মেনুৱেল অফ ষ্টাইল/বায়োগ্ৰাফী আৰু ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী চাওক।

প্ৰবন্ধৰ শিৰোনামটোৱে প্ৰবন্ধটো কি বিষয়ক, তাক নিৰ্ধাৰণ কৰিব লাগে। যদি এজন ব্যক্তিৰ বিষয়ে প্ৰবন্ধ এটা লিখিবলৈ পৰ্যাপ্ত বৈধ সমল থাকে, তেনেহ'লে সেই ব্যক্তিজনৰ নাম (যেনে "হোমেন বৰগোহাঞি") এক উপযুক্ত শিৰোনাম হ'ব। অৱশ্যে, যদি ব্যক্তিজনৰ সৈতে সম্পৰ্কিত এটা উল্লেখযোগ্য ঘটনাৰ বিষয়েহে কেৱল পৰ্যাপ্ত তথ্য থাকে, তেন্তে বিশেষভাৱে সেই ঘটনাটোৰ উল্লেখেৰে প্ৰবন্ধটোৰ শিৰোনাম দিব লাগে, যেনে অভি-নীল হত্যাকাণ্ড। কেতিয়াবা এজন বিখ্যাত ব্যক্তিৰ মৃত্যু হয়, যাৰ মৃত্যুৰ বিষয়ে এটা প্ৰবন্ধৰ বাবে পৰ্যাপ্ত তথ্য থাকে, যেনে মাইকেল জেকচনৰ মৃত্যু বা বা প্ৰিঞ্চেছ অফ ৱেলছ্‌ লেডী ডায়েনাৰ মৃত্যু। যদি এজন উল্লেখযোগ্য ব্যক্তিৰ মুখ্য প্ৰবন্ধটো তেওঁলোকৰ সকলোবোৰ কাম অন্তৰ্ভুক্ত কৰিবলৈ যথেষ্ট দীঘল হয়, তেন্তে সেই বিশেষ তথ্যৰ বাবে এটা পৃথক পৃষ্ঠা সৃষ্টি কৰিব পাৰি, যেনে লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান। যদি ব্যক্তিজন এটা উল্লেখযোগ্য হত্যাকাণ্ডৰ ভুক্তভোগী আছিল, তেন্তে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ দৰে শিৰোনাম উপযুক্ত।

প্ৰাথমিক চৰ্ত

চমুপথ:
WP:BASIC

সেইসকল লোককে উল্লেখযোগ্য বুলি ধাৰণা কৰা হয়, যিসকলে একাধিক প্ৰকাশিত গৌণ উৎসত গুৰুত্বপূৰ্ণ কভাৰেজ লাভ কৰিছে; যিবোৰ উৎস নিৰ্ভৰযোগ্য, ইটোৱে সিটোৰৰ পৰা বৌদ্ধিকভাৱে স্বতন্ত্ৰ, আৰু বিষয়বস্তুৰ ক্ষেত্ৰতো স্বতন্ত্ৰ হয়।

  • যদিহে কোনো উৎসৰ কভাৰেজৰ গভীৰতা যথেষ্ট নহয়, তেনেহ'লে উল্লেখযোগ্যতা প্ৰতিপন্ন কৰিবলৈ একাধিক স্বতন্ত্ৰ উৎস একত্ৰিত কৰি প্ৰদৰ্শন কৰাৰ প্ৰয়োজন হ’ব পাৰে; গৌণ উৎসৰ দ্বাৰা বিষয় এটাৰ নগণ্য কভাৰেজ, উল্লেখযোগ্যতা প্ৰতিপন্ন কৰিবলৈ পৰ্যাপ্ত নহ'ব পাৰে।
  • প্ৰবন্ধ এটাৰ সমলক সমৰ্থন কৰিবলৈ প্ৰাথমিক উৎসবোৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু সেইবোৰে বিষয় এটাৰ উল্লেখযোগ্যতা প্ৰমাণ কৰাত অৰিহণা নোযোগায়।

প্ৰাথমিক চৰ্ত পূৰণ কৰা লোকসকলক তলৰ অতিৰিক্ত চৰ্তবোৰ পূৰণ নকৰাকৈও উল্লেখযোগ্য বুলি গণ্য কৰা হ'ব পাৰে। এনে লোকসকলৰ বাবে তেতিয়াও প্ৰবন্ধ সৃষ্টি নহ'ব পাৰে যদিহে তেওঁলোক বৰ্জনীয় চৰ্তৰ অধীনত পৰে; যেনে কেৱল এটা ঘটনাৰ বাবে উল্লেখযোগ্য হোৱা বা ৱিকিপিডিয়া:ৱিকিপিডিয়া কি নহয়ত তালিকাভূক্ত হোৱা বিষয়বোৰ।

অতিৰিক্ত চৰ্ত

নিম্নোল্লেখিত যিকোনো মানদণ্ড পূৰণ কৰা ব্যক্তিসকল উল্লেখযোগ্য হোৱাৰ সম্ভাৱনা আছে। এই চৰ্তবোৰ পূৰণ কৰাত ব্যৰ্থ হ’লে কোনো এটা বিষয় অন্তৰ্ভুক্ত কৰিব নলগাৰ চূড়ান্ত প্ৰমাণ নহয়; ইয়াৰ বিপৰীতে এক বা একাধিক চৰ্ত মিলি যোৱাটোৱেও কোনো বিষয় অন্তৰ্ভুক্ত কৰিব লাগে বুলি নিশ্চিতি প্ৰদান নকৰে

এই অতিৰিক্ত চৰ্তবোৰ পূৰণ নকৰা ব্যক্তি এজনো ৱিকিপিডিয়া:উল্লেখযোগ্যতাৰ অধীনত উল্লেখযোগ্য হ'ব পাৰে। প্ৰবন্ধ এটা বিলোপন কৰাৰ বাবে আলোচনা আগবঢ়াই নিবনে অতিৰিক্ত উদ্ধৃতিৰ প্ৰয়োজন বুলি টেগ লগাব (উদাহৰণস্বৰূপে {{BLP sources}} ব্যৱহাৰ কৰি), তাক নিৰ্ণয় কৰোঁতে সম্পাদকসকলে এই চৰ্তসমূহ সহায়ক অনুভৱ কৰিব পাৰে।

যিকোনো জীৱনী

  1. ব্যক্তিজনে এক সুপৰিচিত আৰু গুৰুত্বপূৰ্ণ বঁটা বা সন্মান লাভ কৰিছে, বা এনে পুৰস্কাৰৰ বাবে কেইবাবাৰো মনোনীত হৈছে।
  2. ব্যক্তিজনে কোনো এটা নিৰ্দিষ্ট ক্ষেত্ৰত স্থায়ী ঐতিহাসিক অভিলেখৰ অংশ হিচাপে এক বহুল ভাৱে স্বীকৃত অৱদান আগবঢ়াইছে।
  3. ব্যক্তিজনে এখন দেশৰ ৰাষ্ট্ৰীয় জীৱনীমূলক অভিধানত স্থান লাভ কৰিছে (যেনে ৰাষ্ট্ৰীয় জীৱনী অভিধান)।

শিক্ষায়তনিক

বহুতো বিজ্ঞানী, গৱেষক, দাৰ্শনিক আৰু অন্যান্য পণ্ডিতে (সুবিধাৰ বাবে এওঁলোকক সামগ্ৰিকভাবে "শিক্ষায়তনিক" বোলা হৈছে) তেওঁলোকৰ জীৱনী গৌণ উৎসৰ বিষয় নোহোৱাকৈ চিন্তাধাৰা জগতত উল্লেখযোগ্যভাবে প্ৰভাব বিস্তাৰ কৰিছে।

সৃষ্টিশীল বৃত্তিজীৱী

চমুপথবোৰ:
WP:ARCHITECT
WP:ARTIST
WP:AUTHOR
WP:CREATIVE
WP:ECONOMIST

লেখক, সম্পাদক, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ, শিল্পী, স্থপতিবিদ আৰু অন্যান্য সৃষ্টিশীল পেছাদাৰীৰ ক্ষেত্ৰত, যদি

  1. ব্যক্তিজনক এক গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে গণ্য কৰা হয় অথবা সহকৰ্মী বা উত্তৰসূৰীৰ দ্বাৰা বহুলভাৱে উল্লেখ কৰা হয়।
  2. ব্যক্তিজন এক গুৰুত্বপূৰ্ণ নতুন ধাৰণা, তত্ত্ব বা কৌশলৰ উদ্ভাৱনৰ বাবে জনাজাত।
  3. ব্যক্তিজনে এক গুৰুত্বপূৰ্ণ বা সুপৰিচিত কাম বা সামূহিক কাম কৰাত মুখ্য ভূমিকা পালন কৰিছে। ইয়াৰোপৰি, সেইকাম এক স্বতন্ত্ৰ আৰু উল্লেখযোগ্য কাম (যেনে: কোনো কিতাপ, চলচ্চিত্ৰ বা দূৰদৰ্শন শৃংখলা, পিছে সাধাৰণতে দূৰদৰ্শন শৃংখলাৰ এটা খণ্ড হ'লে নহ'ব) অথবা একাধিক স্বতন্ত্ৰ সাময়িকীৰ প্ৰবন্ধ বা পৰ্যালোচনাৰ প্ৰাথমিক বিষয়বস্তু হ'ব লাগিব।
  4. ব্যক্তিজনৰ কামসমূহ: (ক) এক গুৰুত্বপূৰ্ণ স্মাৰক হৈ পৰিছে, (খ) এক গুৰুত্বপূৰ্ণ প্ৰদৰ্শনীৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল, (গ) গুৰুত্বপূৰ্ণ মনোযোগ লাভ কৰিছিল, বা (ঘ) কেইবাটাও উল্লেখযোগ্য গেলেৰী বা সংগ্ৰহালয়ৰ স্থায়ী সংগ্ৰহৰ ভিতৰত প্ৰতিনিধিত্ব লাভ কৰিছে।

অপৰাধৰ ভূক্তভোগী আৰু অপৰাধী

চমুপথবোৰ:
WP:CRIME
WP:VICTIM
WP:PERP
WP:PERPETRATOR
WP:CRIMINAL

কেৱল অপৰাধমূলক ঘটনা বা বিচাৰৰ সন্দৰ্ভত জনাজাত ব্যক্তি এজন সাধাৰণতে পৃথক ৱিকিপিডিয়া প্ৰবন্ধৰ বিষয় হ'ব নালাগে যদিহে কোনো বিদ্যমান প্ৰবন্ধত সেই ব্যক্তিজনৰ সৈতে সম্পৰ্কিত উপলব্ধ বিশ্বকোষীয় সমলসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি।

যেতিয়া এনে এটা বিদ্যমান প্ৰবন্ধ থাকে, কেৱল তেতিয়াহে উপ-প্ৰবন্ধ এটা সৃষ্টি কৰা উচিত হ'ব পাৰে যেতিয়া প্ৰবন্ধৰ আকাৰৰ ওপৰত বিবেচনা কৰি ইয়াৰ প্ৰয়োজনীয়তা থাকে।

যেতিয়া কোনো উপযুক্ত বিদ্যমান প্ৰবন্ধ নাথাকে, সেই অপৰাধী বা ভুক্তভোগীজন ৱিকিপিডিয়াৰ প্ৰবন্ধৰ বিষয় হ'ব লাগে যদিহে নিম্নলিখিত কোনো এটা চৰ্ত প্ৰযোজ্য হয়:

ভুক্তভোগী আৰু ভুলকৈ অভিযুক্ত বা ভুলকৈ অপৰাধত দোষী সাব্যস্ত হোৱা ব্যক্তিসকলৰ বাবে,

  1. ভুক্তভোগী বা ভুলকৈ দোষী সাব্যস্ত হোৱা ব্যক্তিজনে, ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী#কেবল এটা ঘটনাৰ বাবে উল্লেখযোগ্যৰ সৈতে সামঞ্জস্য ৰাখি, এক সু-নথিভুক্ত ঐতিহাসিক ঘটনাত এক ডাঙৰ ভূমিকা লৈছিল। ঐতিহাসিক গুৰুত্বটো নিৰ্ভৰযোগ্য গৌণ উৎসত ঘটনাটোৰ নিৰন্তৰ কভাৰেজৰ দ্বাৰা সূচিত কৰা হয় য'ত ব্যক্তিজনৰ ভূমিকাৰ প্ৰতি গুৰুত্বপূৰ্ণ মনোযোগ দিয়ে।

অপৰাধীসকলৰ বাবে,

  1. অপৰাধটোৰ ভুক্তভোগী এজন প্ৰখ্যাত ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্ব, যেনে কোনো ৰাজনীতিবিদ বা চেলিব্ৰিটি, পিছে ই ইমানতে সীমাবদ্ধ নহয়।
  2. অপৰাধৰ বাবে প্ৰেৰণা বা অপৰাধটো সম্পাদন কৰাটো অস্বাভাৱিক বা অন্যথা লক্ষণীয় বুলি বিবেচনা কৰা হৈছে আৰু এয়া এক সু-নথিভুক্ত ঐতিহাসিক ঘটনা। সাধাৰণতে, ঐতিহাসিক গুৰুত্বটো নিৰ্ভৰযোগ্য গৌণ উৎসত ঘটনাটোৰ নিৰন্তৰ কভাৰেজৰ দ্বাৰা সূচিত কৰা হয় যি সমসাময়িক বাতৰি কভাৰেজৰ বাহিৰেও অব্যাহত থাকে আৰু ব্যক্তিজনৰ ভূমিকাৰ প্ৰতি গুৰুত্বপূৰ্ণ মনোযোগ দিয়ে।
    • টোকা: অপৰাধত অভিযুক্ত এজন জীৱিত ব্যক্তিক দোষী নহয় বুলি ধাৰণা কৰা হয় যেতিয়ালৈকে আইনৰ আদালতৰ দ্বাৰা ইয়াৰ বিপৰীত সিদ্ধান্ত লোৱা নহয়। এজন অভিযুক্ত যেতিয়ালৈকে দোষী সাব্যস্ত নহয়, সম্পাদকসকলে তেওঁৰ ওপৰত এটা প্ৰবন্ধ সৃষ্টি নকৰিবলৈ গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।

মনোৰঞ্জনকাৰী

চমুপথবোৰ:
WP:ENT
WP:ENTERTAINER
WP:NACTOR
WP:NMODEL

অভিনেতা, কণ্ঠ অভিনেতা, কৌতুক অভিনেতা, মতামতদাতা, পৰ্ণগ্ৰাফীক অভিনেতা, মডেল, আৰু চেলিব্ৰিটিৰ ক্ষেত্ৰত, যদি

  1. ব্যক্তিজনে একাধিক উল্লেখযোগ্য চলচ্চিত্ৰ, দূৰদৰ্শন অনুষ্ঠান, মঞ্চ প্ৰযোজনা, বা অন্যান্য প্ৰযোজনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
  2. ব্যক্তিজনৰ এক বৃহৎ-সংখ্যক অনুৰাগী আছে বা এক গুৰুত্বপূৰ্ণ "কাল্ট" অনুসৰণকাৰী আছে।
  3. ব্যক্তিজনে মনোৰঞ্জনৰ ক্ষেত্ৰখনলৈ অনন্য, প্ৰচুৰ বা অভিনৱ অৱদান আগবঢ়াইছে।

ৰাজনীতিবিদ আৰু ন্যায়াধীশ

চমুপথবোৰ:
WP:POLITICIAN
WP:NPOL
WP:JUDGE

নিম্নলিখিতবোৰ উল্লেখযোগ্য বুলি গ্ৰহণ কৰা হয়:

  • যিসকল ৰাজনীতিবিদ আৰু ন্যায়াধীশ আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় অথবা (ফেডাৰেল বা একে ধৰণৰ চৰকাৰৰ প্ৰণালী থকা ৰাষ্ট্ৰৰ বাবে) ৰাজ্য/প্ৰদেশ-বিস্তৃত কাৰ্যালয়ত অধিষ্ঠিত হৈছে, বা সেই স্তৰৰ আইনী সংস্থাৰ সদস্য হয়। এইটো সেই সকল লোকৰ ক্ষেত্ৰতো প্ৰযোজ্য যিসকল এনে কাৰ্যালয়লৈ নিৰ্বাচিত হৈছে কিন্তু এতিয়ালৈকে কাৰ্যকাল আৰম্ভ হোৱা নাই।
  • মুখ্য স্থানীয় ৰাজনৈতিক ব্যক্তি যিয়ে গুৰুত্বপূৰ্ণ প্ৰেছ কভাৰেজ লাভ কৰিছে।

কেৱল এজন নিৰ্বাচিত স্থানীয় বিষয়া, বা ৰাজনৈতিক কাৰ্যালয়ৰ বাবে অনিৰ্বাচিত প্ৰাৰ্থী হোৱাৰ বাবেই উল্লেখযোগ্যতাৰ নিশ্চয়তা প্ৰদান নকৰে, অৱশ্যে এনে লোকসকলে সাধাৰণ উল্লেখযোগ্যতা নিৰ্দেশনা পূৰণ কৰিলে উল্লেখযোগ্য বুলি বিবেচিত হ'ব পাৰে।

ক্ৰীড়া ব্যক্তিত্ব

চমুপথ:
WP:SPORTSPERSON

এজন খেলুৱৈ বা ক্ৰীড়া ব্যক্তিত্বক উল্লেখযোগ্য বুলি গণ্য কৰা হয় যদিহে ব্যক্তিজনে কোনো মুখ্য অপেছাদাৰী বা পেছাদাৰী প্ৰতিযোগিতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে বা এক গুৰুত্বপূৰ্ণ সন্মান লাভ কৰিছে আৰু সেয়েহে বিষয়বস্তুটোৰ ওপৰত স্বতন্ত্ৰ নিৰ্ভৰযোগ্য গৌণ উৎসত গুৰুত্বপূৰ্ণ কভাৰেজ লাভ কৰাৰ সম্ভাৱনা আছে।

অবৈধ বিচাৰধাৰা

চমুপথ:
WP:INVALIDBIO
  • এগৰাকী ব্যক্তি -ৰ এজন প্ৰখ্যাত ব্যক্তি -ৰ সৈতে সম্পৰ্ক আছে, যেনে: পত্নী বা সন্তান, কিন্তু কেৱল মাত্ৰ এয়াই -ৰ ওপৰত স্বতন্ত্ৰ প্ৰবন্ধ সৃষ্টিৰ কাৰণ হ'ব নোৱাৰে (যদিহে -ৰ ওপৰত আন কোনো গুৰুত্বপূৰ্ণ কভাৰেজ পোৱা নাযায়); সম্পৰ্কবোৰে উল্লেখযোগ্যতা প্ৰদান নকৰে। অৱশ্যে, ব্যক্তি -ক -ৰ সম্পৰ্কিত প্ৰবন্ধত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। উদাহৰণ স্বৰূপে, জেচন এলেন আলেকজেণ্ডাৰক ব্ৰিটনি স্পিয়াৰ্ছৰ প্ৰবন্ধটোত অন্তৰ্ভুক্ত কৰা হৈছে আৰু জেচন এলেন আলেকজেণ্ডাৰ পৃষ্ঠাটোৱে কেৱল সেই প্ৰবন্ধটোলৈ পুনঃনিৰ্দেশহে কৰিছে।
  • অনুসন্ধান ইঞ্জিনৰ পৰিসংখ্যা (উদাহৰণ স্বৰূপে: গুগল হিট বা এলেক্সা ৰেংকিং) বা অনলাইনত প্ৰকাশিত ফটোৰ সংখ্যাৰ জোখৰ ওপৰত আধাৰিত চৰ্ত পৰিহাৰ কৰক। উদাহৰণ স্বৰূপে, প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগে ৰেংকিং প্ৰভাৱিত কৰিবলৈ গুগলবম্বিং ব্যৱহাৰ কৰে, আৰু বেছিভাগ বিষয়ৰ বাবে অনুসন্ধান ইঞ্জিনে উপযোগী ৰেফাৰেন্স আৰু কেৱল পাঠ্য মিলৰ মাজত সহজে পাৰ্থক্য কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে, যদিও এলেক্সা টুলবাৰ উপযোগী, ইয়াৰ উপযোগিতা ইয়াৰ ব্যৱহাৰকাৰী (সংখ্যা আৰু আগ্ৰহ) আৰু ডাটাৰ অভাৱ (কম ডাটাৰ ফলত ভুল-ত্ৰুটিৰ পৰিমাণ বৃদ্ধি হয়)-ৰ মাজতে সীমিত। বিষয় এটাৰ উল্লেখযোগ্যতা প্ৰতিষ্ঠা কৰাত সহায় কৰিবলৈ কোনো অনুসন্ধান ইঞ্জিন ব্যৱহাৰ কৰোঁতে লিংকবোৰৰ পৰিমাণ নহয়, মানদণ্ড মূল্যাঙ্কন কৰক।

সকলো চৰ্ত বিফল হ'লে

যদি কোনো স্বতন্ত্ৰ প্ৰবন্ধ বা অধিক সাধাৰণ প্ৰবন্ধত অন্তৰ্ভুক্তিৰ বাবে কোনো চৰ্ত পূৰণ কৰিব নোৱাৰি, আৰু প্ৰবন্ধটোৰ উন্নতিও কাম নকৰে বা যুক্তিসঙ্গতভাৱে চেষ্টাও কৰিব নোৱাৰি, তেন্তে তিনিটা বিলোপনৰ প্ৰক্ৰিয়া বিবেচনা কৰিব পাৰি:

  • যদি ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী এ৭ প্ৰযোজ্য হয়, ক্ষিপ্ৰ বিলোপনৰ অনুৰোধ কৰিবলৈ {{db-person}} টেগ যোগ কৰক।
  • ক্ষিপ্ৰ বিলোপনৰ মাপকাঠী পূৰণ নকৰা, কিন্তু অবিতৰ্কিত বিলোপনৰ প্ৰাৰ্থী প্ৰবন্ধবোৰৰ বাবে, {{subst:prod}} টেগ যোগ কৰক। ই যদি কোনোৱে আপত্তি নকৰে তেন্তে প্ৰবন্ধটোক সাত দিনৰ পিছত বিলোপ কৰিব দিয়ে (ৱিকিপিডিয়া:প্ৰস্তাৱিত বিলোপন চাওক)।
  • যিবোৰ ক্ষেত্ৰত আপুনি বিলোপন বিষয়ে নিশ্চিত নহয় বা আনে আপত্তি কৰিব পাৰে বুলি বিশ্বাস কৰে, বিলোপন প্ৰক্ৰিয়াৰ বাবে প্ৰবন্ধটো মনোনীত কৰক, য'ত ইয়াৰ গুণাগুণবোৰ ৭ দিনৰ বাবে আলোচনা কৰা হ'ব।

বিশেষ পৰিস্থিতি

যদি প্ৰাথমিক চৰ্ত বিফল হয় কিন্তু অতিৰিক্ত চৰ্ত পূৰণ হয়

যদি এক স্বতন্ত্ৰ প্ৰবন্ধৰ বাবে সন্তোষজনক ব্যাখ্যা বা উপযুক্ত উৎস বিচাৰি পোৱা নাযায়, কিন্তু ব্যক্তিজনে অতিৰিক্ত চৰ্তবোৰৰ এটা বা একাধিক পূৰণ কৰে তেন্তে:

  • প্ৰসংগ প্ৰদান কৰি প্ৰবন্ধটো এক বিস্তৃত প্ৰবন্ধৰ সৈতে একত্ৰিত কৰক।
  • পৃষ্ঠাটোত {{Mergeto}} টেগ এটা যোগ কৰক, য'ত প্ৰবন্ধটো একত্ৰিত হ'ব পৰা পৃষ্ঠাটো সূচিত কৰক।
  • যদি বৰ্তমানে এনে কোনো প্ৰবন্ধ নাই য'ত ব্যক্তিজনক একত্ৰিত কৰিব পাৰি, প্ৰবন্ধটো নিজে লিখাৰ কথা বিবেচনা কৰক বা প্ৰবন্ধটো লিখিবলৈ অনুৰোধ কৰক

বিষয়বস্তুৰ উল্লেখযোগ্যতা ব্যাখ্যা কৰাত ব্যৰ্থ হয়

যদি এটা প্ৰবন্ধই ইয়াৰ বিষয়বস্তুৰ উল্লেখযোগ্যতা ব্যাখ্যা নকৰে, তলত দিয়াৰ দৰে ইয়াক উন্নত কৰিবলৈ চেষ্টা কৰক:

  • {{cleanup biography}} সাঁচটো যোগ কৰক, যি সাঁচে জন্মৰ তাৰিখ, ঐতিহাসিক গুৰুত্ব আদি অনুৰোধ কৰে।
  • ইয়াক নিজে পুনৰ লিখক
  • প্ৰবন্ধটোৰ সম্পাদক বা সম্পাদকসকলক পৰামৰ্শ বিচাৰক।

অপৰ্যাপ্ত উৎস

যদি প্ৰবন্ধ এটাই পৰ্যাপ্ত তথ্যউৎস উল্লেখ কৰাত বিফল হয় তেন্তে:

  • আপুনি নিজেই উৎসৰ সন্ধান কৰক।
  • প্ৰবন্ধটোৰ সম্পাদকক বা সম্পাদকসকলক উৎসবোৰ ক'ত বিচাৰিব লাগে সেই বিষয়ে পৰামৰ্শ বিচাৰক।
  • আন সম্পাদকসকলক অৱগত কৰিবলৈ প্ৰবন্ধটোত {{notability|biographies}} টেগ যোগ কৰক।
  • যদি প্ৰবন্ধটো এটা বিশেষ ক্ষেত্ৰৰ বিষয়ে হয়, তেন্তে সেই ক্ষেত্ৰটোৰ বিষয়ে অৱগত সম্পাদকসকলক আকৰ্ষিত কৰিবলৈ এক নিৰ্দিষ্ট ৱিকিপ্ৰকল্পৰ সৈতে {{expert needed}} টেগ যোগ কৰক; তেনে সম্পাদকৰ ওচৰত অনলাইনত উপলব্ধ নোহোৱা নিৰ্ভৰযোগ্য উৎসৰ প্ৰৱেশাধিকাৰ থাকিব পাৰে।

কেৱল এটা ঘটনাৰ বাবে উল্লেখযোগ্য ব্যক্তি

চমুপথবোৰ:
WP:1E
WP:BIO1E
WP:SINGLEEVENT
WP:ONEEVENT

যেতিয়া ব্যক্তি এজনে কোনো এক ঘটনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে; তেতিয়া ব্যক্তিজনৰ বিষয়ে নে ঘটনাটোৰ বিষয়ে নে দুয়োটাৰ বিষয়ে প্ৰবন্ধ লিখা উচিত সেয়া স্পষ্ট নহ'ব পাৰে। পৃথক প্ৰবন্ধ সৃষ্টি কৰিব নে নাই সেয়া বিবেচনাৰ বাবে ঘটনাটোৰ গুৰুত্বৰ পৰিমাণ আৰু ইয়াত ব্যক্তিজনৰ ভূমিকা দুয়োটাকে বিবেচনা কৰিব লাগে। সাধাৰণ নিয়ম অনুসৰি ঘটনাটোৰ বিষয়েহে প্ৰবন্ধ সৃষ্টি কৰিব লাগে, ব্যক্তিজনৰ বিষয়ে নহয়। অৱশ্যে, যদি ঘটনাটো আৰু ব্যক্তিজনৰ ভূমিকা দুয়োটাৰে মিডিয়া কভাৰেজ বৃদ্ধি হয়, পৃথক প্ৰবন্ধ সৃষ্টি কৰা ন্যায়সঙ্গত হ'ব পাৰে।

যদি ঘটনাটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু ইয়াত ব্যক্তিজনৰ ভূমিকা গুৰুতৰ হয়, তেন্তে পৃথক প্ৰবন্ধ এটা সাধাৰণতে উপযুক্ত হয়। প্ৰখ্যাত ৰাজনৈতিক নেতাসকলৰ হত্যাকাৰীসকল, যেনে: নাথুৰাম গডছে, এই শ্ৰেণীত খাপ খায়; যিটো নিৰ্ভৰযোগ্য উৎসত ঘটনাটোৰ বৃহৎ কভাৰেজৰ দ্বাৰা সূচিত কৰা হয় যি ব্যক্তিজনৰ ভূমিকাৰ প্ৰতিও গুৰুত্বপূৰ্ণ মনোযোগ দিয়ে।

যেতিয়া ঘটনাটোত এজন ব্যক্তিয়ে পালন কৰা ভূমিকা কম গুৰুত্বপূৰ্ণ হয়, এক স্বতন্ত্ৰ প্ৰবন্ধৰ প্ৰয়োজন নহ'বও পাৰে, আৰু পুনঃনিৰ্দেশনা উপযুক্ত হ'ব পাৰে। উদাহৰণ স্বৰূপে, ৰডনি কিংক প্ৰহাৰ কৰা ঘটনাটোৰ ভিডিঅ'টেপ কৰা জৰ্জ হলিডেই ৰডনি কিংলৈ পুনঃনিৰ্দেশ কৰিছে। আনহাতে, যদি কোনো ঘটনা পৰ্যাপ্ত পৰিমাণে গুৰুত্বপূৰ্ণ হয়, তেন্তে আনকি তুলনামূলকভাৱে সৰু অংশগ্ৰহণকাৰীৰ বাবেও পৃথক প্ৰবন্ধৰ প্ৰয়োজন হ'ব পাৰে, উদাহৰণ স্বৰূপে: হাৱাৰ্ড ব্ৰেনান, জন এফ. কেনেডি হত্যাকাণ্ডৰ সাক্ষী।

আন এটা সমস্যা উদ্ভৱ হয় যেতিয়া এজন ব্যক্তিয়ে এটা সৰু ঘটনাত মুখ্য ভূমিকা পালন কৰে। এই ক্ষেত্ৰত ব্যক্তিজন আৰু ঘটনাটোৰ ওপৰত পৃথক পৃথক প্ৰবন্ধ থকাটো সাধাৰণতে বাঞ্ছনীয় নহয়। সাধাৰণতে এই ক্ষেত্ৰত ব্যক্তিজনৰ নাম ঘটনাটোৰ ওপৰত থকা প্ৰবন্ধটোলৈ পুনঃনিৰ্দেশিত হ'ব লাগে, বিশেষকৈ যদি ব্যক্তিজন কেৱল সেই ঘটনাটোৰ বাবে উল্লেখযোগ্য হয় আৰু উৎস কভাৰেজত ব্যক্তিজন কেৱল ইয়াৰ সৈতেহে জড়িত। উদাহৰণ স্বৰূপে, ষ্টিভ বাৰ্টমেনে ষ্টিভ বাৰ্টমেনৰ ঘটনালৈ পুনঃনিৰ্দেশ কৰে। কিন্তু কিছুমান ক্ষেত্ৰত, কেৱল এটা ঘটনাৰ বাবে বিখ্যাত ব্যক্তি এজন ঘটনাটোতকৈ অধিক পৰিচিত হ'ব পাৰে, যেনে: টেংক মেন। এনে ক্ষেত্ৰত, ঘটনাটোৰ বিষয়ে প্ৰবন্ধটো জড়িত ব্যক্তিজনৰ নামেৰে উপযুক্তভাৱে নামকৰণ কৰা হ'ব পাৰে।

সম্পাদকসকলক ন্যায্য আৰু অন্যায্য গুৰুত্বৰ বিষয়ে সজাগ হ'বলৈ আৰু, বিশেষকৈ জীৱিত লোকসকলৰ, অপ্ৰয়োজনীয় ছদ্ম-জীৱনী সৃষ্টি পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

এয়া মনত ৰখা উচিত যে "উল্লেখযোগ্য" আৰু "বিখ্যাত"ৰ সমাৰ্থক নহয়। কোনোবাই হয়তো এটা ঘটনাৰ বাবে বিখ্যাত হ'ব পাৰে, কিন্তু আন একাধিক ঘটনাৰ বাবে উল্লেখযোগ্য হ'ব পাৰে। ইয়াৰ বিপৰীতে, এজন ব্যক্তি সাধাৰণতে বিখ্যাত হ'ব পাৰে, কিন্তু গুৰুত্বপূৰ্ণ কভাৰেজত সেই ব্যক্তিজনৰ সৈতে জড়িত এটা ঘটনাৰ ওপৰতহে গুৰুত্ব দিব পাৰে।

ব্যক্তিৰ তালিকা

চমুপথ:
WP:LISTBIO

বহুতো প্ৰবন্ধত, আনকি স্বতন্ত্ৰ তালিকা প্ৰবন্ধতো ব্যক্তিৰ তালিকা থাকিব পাৰে। ব্যক্তি এজনৰ নাম স্বতন্ত্ৰ তালিকাত অন্তৰ্ভুক্তি সেই পৃষ্ঠাৰ বাবে স্থাপিত স্বাভাৱিক চৰ্তৰ দ্বাৰা নিৰ্ধাৰণ কৰিব লাগে। প্ৰবন্ধৰ মাজত থকা তালিকাত অন্তৰ্ভুক্তি WP:SOURCELISTৰ দ্বাৰা নিৰ্ধাৰণ কৰিব লাগে, য'ত প্ৰবিষ্টিবোৰৰ বিষয়টোত একে গুৰুত্ব থাকিব লাগিব যিদৰে ৱিকিপিডিয়াৰ নীতি আৰু নিৰ্দেশনা অনুসৰি প্ৰবন্ধৰ পাঠ্যত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজন হ'ব (ৱিকিপিডিয়া:ট্ৰিভিয়া অনুচ্ছেদসহ)।

পৰিয়াল

চমুপথবোৰ:
WP:BIOFAMILY
WP:BIORELATED
WP:BLPFAMILY
WP:BLPRELATED

এজন উল্লেখযোগ্য ব্যক্তিৰ সৈতে সম্পৰ্কিত হোৱা বাবেই আন এজন ব্যক্তি উল্লেখযোগ্য নহ’বও পাৰে। এজন উল্লেখযোগ্য ব্যক্তিৰ প্ৰবন্ধত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰো নাম উল্লেখ কৰিলে বুলিয়ে পৰিয়ালৰ সদস্যসকল কোনোমতেই উল্লেখযোগ্যতাৰ শাৰীত নপৰে।

ৱিকিপিডিয়ানসকলৰ বিষয়ে প্ৰবন্ধ

কিছুমান ৱিকিপিডিয়া সম্পাদক আছে যাৰ বিষয়ে প্ৰবন্ধ আছে (প্ৰবন্ধ থকা ৱিকিপিডিয়ান চাওক); কিন্তু তেওঁলোকৰ ৱিকিপিডিয়াৰ সম্পাদক হোৱা বিষয়ৰ সৈতে উল্লেখযোগ্যতাৰ কোনো সম্পৰ্ক নাই; তেওঁলোকে প্ৰবন্ধ সৃষ্টি কৰাৰ আগতে বা পিছতে ৱিকিপিডিয়া সম্পাদনা কৰক, সেয়া গুৰুত্বহীন। (যদি তেওঁলোকে তেওঁলোকৰ নিজৰ বিষয়ে লিখা প্ৰবন্ধবোৰ সম্পাদনা কৰিব বিচাৰে তেন্তে স্বাৰ্থৰ সংঘাট নিৰ্দেশনা প্ৰযোজ্য হ'ব।) সকলো প্ৰবন্ধ কেৱল প্ৰযোজ্য সমল আৰু অন্তৰ্ভুক্তি নিৰ্দেশনাৱলী আৰু নীতিৰ, যেনে ৱিকিপিডিয়া:জীৱিত ব্যক্তিৰ জীৱনী, ৱিকিপিডিয়া:মৌলিক গৱেষণাৰহিত লেখা, আৰু ৱিকিপিডিয়া:বিশ্বাসযোগ্যতাৰ আধাৰত বিচাৰ কৰা হ’ব।

লগতে চাওক

টোকা

Tags:

উল্লেখযোগ্যতা প্ৰাথমিক চৰ্তউল্লেখযোগ্যতা অতিৰিক্ত চৰ্তউল্লেখযোগ্যতা অবৈধ বিচাৰধাৰাউল্লেখযোগ্যতা সকলো চৰ্ত বিফল হলেউল্লেখযোগ্যতা বিশেষ পৰিস্থিতিউল্লেখযোগ্যতা কেৱল এটা ঘটনাৰ বাবে উল্লেখযোগ্য ব্যক্তিউল্লেখযোগ্যতা ব্যক্তিৰ তালিকাউল্লেখযোগ্যতা পৰিয়ালউল্লেখযোগ্যতা ৱিকিপিডিয়ানসকলৰ বিষয়ে প্ৰবন্ধউল্লেখযোগ্যতা লগতে চাওকউল্লেখযোগ্যতা টোকাউল্লেখযোগ্যতাৱিকিপিডিয়া:উল্লেখযোগ্যতা

🔥 Trending searches on Wiki অসমীয়া:

চিলাৰায়চলচ্চিত্ৰগুৱাহাটীভাৰতৰ সংবিধানওজাপালিৰঘুনাথ চৌধাৰীজুবিন গাৰ্গঁ (চন্দ্ৰবিন্দু)বাৰেচহৰীয়া ভাওনা মহোৎসৱবড়ো জনগোষ্ঠীডিমাছা জনগোষ্ঠীকালিদাসভাৰতত মহিলা শিক্ষাকলাচি++২০২৩ জি-২০ নতুন দিল্লী সন্মিলনতেজপুৰএককোষী জীৱঅসমৰ মহকুমাসমূহৰ তালিকাবড়ো ভাষাদিল্লীচ্যু-খ্ৰুং-ফানেতাই ধুবুনী ঘাটবাণিজ্যপাৰিজাত হৰণ নাটউইলিয়াম শ্বেইকছপীয়েৰগড়গাঁওবৃত্তদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাকুলিগোলাঘাট জিলাগোলকীয় উষ্ণতা বৃদ্ধিস্বদেশী আন্দোলনদামোদৰ দেৱপূৰ্ণ স্বৰাজসাম্যবাদহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)লাচিত বৰফুকনমহাসাগৰলেটিন ভাষা২৬ এপ্ৰিলপৰিৱেশ অধ্যয়নঅৰ্জুন ভঞ্জনমানুহমৌৰ্য সাম্ৰাজ্যপ্ৰাকৃতিক দুৰ্যোগদক্ষিণপাট সত্ৰসমাজঅলিম্পিকউৎসৱঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগকেঁচুঅব্যয় পদযুগ্ম সংখ্যাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভাস্কৰ (প্ৰথম)অসমীয়া গীতি সাহিত্যনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯হৰণ (গণিত)ঢোলব্ৰজাৱলী ভাষাআপংৰেৱতী মোহন দত্তচৌধুৰীশ্ৰীমন্ত শংকৰদেৱ২৫ এপ্ৰিলসূৰ্যবিশ্ব স্বাস্থ্য সংস্থামূৰাৰা, ৰঙিয়াভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যশূন্যমৰুভূমিবিয়া নামসংক্ৰমণকৃষিগ্ৰহআত্মজীৱনীঅসমীয়া ব্যাকৰণ🡆 More