সংযুক্তা পৰাশৰ

সংযুক্তা পৰাশৰ (ইংৰাজী: Sanjukta Parashar) অসম কেডাৰৰ প্ৰথম অসমীয়া মহিলা আই পি এছ। বৰ্তমান তেওঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক পদত অধীস্থিত। ড০ সংযুক্তা পৰাশৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত দেশৰ ভিতৰতে ৮৫ সংখ্যক স্থান অধিকাৰ কৰিছিল। তাৰ পিছত প্ৰত্যাহ্বানেৰে ভৰা আৰক্ষী সেৱা নিৰ্বাচন কৰিছিল।

সংযুক্তা পৰাশৰ
সংযুক্তা পৰাশৰ
ৰাষ্ট্ৰীয়তা সংযুক্তা পৰাশৰ ভাৰত
পেচা আই পি এছ বিষয়া
সক্ৰিয় হৈ থকা সময় ২০০৮ - বৰ্তমান
দাম্পত্যসঙ্গী পুৰু গুপ্তা
পিতৃ-মাতৃ দুলাল চন্দ্ৰ বৰুৱা (পিতৃ)
মীনা দেৱী (মাতৃ)
টোকা
অসম কেডাৰৰ প্ৰথম অসমীয়া মহিলা আই পি এছ

প্ৰাৰম্ভিক জীৱন

সংযুক্তা পৰাশৰ জলসিঞ্চন বিভাগৰ অভিযন্তা দুলাল চন্দ্ৰ বৰুৱা আৰু অসম স্বাস্থ্য বিভাগৰ কৰ্মচাৰী মীনা দেৱীৰ কন্যা। তেওঁৰ পিতৃ ডিব্ৰুগড় জিলাত কৰ্মৰত আছিল। তাৰ পিছত পৰিয়ালটো লখিমপুৰ জিলালৈ যায়। তাতেই সংযুক্তা পৰাশৰৰ শৈশৱৰ দুটা বছৰ অতিবাহিত হয়। তাৰ পিছত পৰিয়ালটো গুৱাহাটীলৈ যায়। সৰুৰে পৰা তেওঁ খেলা-ধূলাত আগ্ৰহী আৰু মাৰ্চ-পাষ্ট আদিত অংশগ্ৰহণ কৰিছিল।

শৈক্ষিক জীৱন

সংযুক্তা পৰাশৰে গুৱাহাটীৰ হলী চাইল্ড স্কুলৰ পৰা প্ৰৱেশিকা আৰু নাৰেংগীৰ আৰ্মি স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয়। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ইন্দ্ৰপ্ৰস্থ কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰ পাছত তেওঁ দিল্লীৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, এম ফিল আৰু পি এইচ ডি ডিগ্ৰীও লাভ কৰে।

অৱজাৰ্ভাৰ ৰিচাৰ্ছ ফাউণ্ডেশ্যন (Observer Research Foundation) নামৰ এটা গোটৰ বাবে কাম কৰাৰ সময়ত তেওঁ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। এই পৰীক্ষাত তেওঁ দেশৰ ভিতৰতে ৮৫তম স্থান দখল কৰি উত্তীৰ্ণ হৈছিল।

কৰ্মজীৱন

২০০৮ চনত সংযুক্তা পৰাশৰক মাকুমৰ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। সেই সময়ত বড়ো আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰী সকলৰ মাজত সংঘৰ্ষ হৈছিল। সেয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ দুঘণ্টাৰ পাছতেই ওদালগুৰি জিলালৈ তেওঁক ট্ৰেন্সফাৰ কৰা হৈছিল। বৰ্তমান তেওঁ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক পদত কাৰ্য্যনিৰ্বাহ কৰি আছে।

ব্যক্তিগত জীৱন

২০০৮ চনত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত পুৰু গুপ্তাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ড০ পৰাশৰ এটি সন্তানৰ মাতৃও।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

সংযুক্তা পৰাশৰ প্ৰাৰম্ভিক জীৱনসংযুক্তা পৰাশৰ শৈক্ষিক জীৱনসংযুক্তা পৰাশৰ কৰ্মজীৱনসংযুক্তা পৰাশৰ ব্যক্তিগত জীৱনসংযুক্তা পৰাশৰ তথ্য সংগ্ৰহসংযুক্তা পৰাশৰ বাহ্যিক সংযোগসংযুক্তা পৰাশৰঅসমইংৰাজী ভাষাযোৰহাট জিলা

🔥 Trending searches on Wiki অসমীয়া:

ডিব্ৰুগড় জিলাসূৰ্যশোভা ব্ৰহ্মভটিমাঅভিধানএশিঙীয়া গঁড়ৰামায়ণগড়গাঁওকপৌ ফুলঅসমৰ পৰম্পৰাগত সাজ- পাৰপোহৰৰোমান সাম্ৰাজ্যজুবিন গাৰ্গমৃত্যুঅসমৰ চিত্ৰকলাৰ ইতিহাসবিশ্ব থিয়েটাৰ দিৱসবনলতা সেন (কবিতা)লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানবগীবিল দলংভাৰতীয় জাতীয় কংগ্ৰেছব্ৰহ্মগুপ্তঋকবেদসময়গ্ৰহাণুভাষাবিজ্ঞানবাগৰুম্বাৰাজনৈতিক দলপালি ভাষাসাঁচিপাতচিলাৰায়অসমৰ লোকবাদ্যঅসমীয়া গালি-গালাজনিৰ্ম্মল ভকততোলনি বিয়াঅণুবীক্ষণ যন্ত্ৰভ্ৰাম্যমাণ থিয়েটাৰভীমৰাও ৰামজী আম্বেদকাৰনৰনাৰায়ণ সেতুঅসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ তালিকাঅনুৰাধা শৰ্মা পূজাৰীব’হাগদৈনিক অসমনাৰীঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫মাধৱ কন্দলিফলৰ তালিকাচিত্ৰ-ভাগৱতনৱকান্ত বৰুৱাব্ৰহ্মপুত্ৰ নদবিবাহভাৰতৰ উপৰাষ্ট্ৰপতিভাৰতীয় জনতা পাৰ্টিমাঘ বিহুসাহিত্য সমালোচনাউজনি অসমবৰপেটাপ্ৰাকৃতিক সম্পদWhat is A Dscr Loan?ফলবসন্ত ঋতুনাগৰিকত্বগৱেষণাগোলাঘাটইন্দ্ৰা নূয়ীৰাভা জনগোষ্ঠীবাণীকান্ত কাকতিবুলু ফিল্মম’বাইল ফোননাট্য শাস্ত্ৰপুঁজিবাদহোমেন বৰগোহাঞি🡆 More