মুখ

1.

মুখচিদ্ৰ (Mouth): নাকৰ ঠিক তলতে অৱস্থিত অনুপ্ৰস্থীয় বহল মুখচিদ্ৰটো ওপৰোষ্ঠ আৰু নিম্নোষ্ঠৰে আবেষ্ঠিত হৈ থাকে। মুখচিদ্ৰটো খাদ্য গ্ৰহণ কৰা কাৰ্যত ব্যৱহাৰ কৰা হয়। মুখৰ ভিতৰৰ যিখিনি ঠাই  বাহিৰৰ ফালে ওঠ আৰু গালেৰে আবৃত আৰু ভিতৰ ফালে দাত আৰু হনুৰে আবৃত সেই অঞ্চলখিনিক মুখ মধ্যগুহা (Vestibule of the mouth) বোলা হয়।

2. মুখগহ্বৰ (Buccal Cavity): দাত আৰু হনুৰ ভিতৰফালে থকা গহ্বৰটোক মুখগহ্বৰ বোলা হয়। মুখগহ্বৰটোক ওপৰৰ ফালে তালু, তলৰ ফালে টেটু আৰু জিহ্বা, আৰু দাতিৰ পিনে দাত আৰু হনুৱে পৰিবেষ্টিত কৰি ৰাখে। মুখগহ্বৰৰ পশ্চাত অংশত ওচৰা ওচৰিকৈ দুটা ৰন্ধ্ৰ থাকে। ওপৰৰৰ ফালে থকা ৰন্ধ্ৰটোক গালেট (Gullet) আৰু ইয়াৰ তলফালে থকা ৰন্ধ্ৰটোৰ গ্লটিছ (Glottis) বোলে। গালেট হ’ল গ্ৰসনীৰ খোলা প্ৰান্ত আৰু গ্লটিছ হ’ল শ্বাসনলীৰ খোলা প্ৰান্ত। গ্লটিছৰ সন্মূখত এখন লৰচৰ কৰিব পৰা পেশীৰে গঠিত ঢাকনি থাকে। ইযাক এপিগ্লটিছ (Epiglottis) বোলা হয়। এপিগ্লটিছে গ্ৰসনী আৰু শ্বাসনলীৰ মাজেৰে যথাক্ৰমে খাদ্য আৰু বায়ুৰ সৰবৰাহ নিয়ন্ত্ৰণ কৰে।

মুখগহ্বৰত থকা অন্য অংশবোৰ হ’ল –

(i) তালু (Palate): মুখগহ্বৰৰ মূধচ অংশক তালু বুলি কোৱা হয়। তালুৰ সন্মূখ প্ৰান্তক কঠিন তালু (Hard palate) আৰু পশ্চাৎ অংশক কোমল তালু (Soft palate) বোলে। কোমল তালুৰ পশ্চাত অংশত থকা মুক্ত পাতৰ দৰে আলজিহ্বাই (Uvula) খাদ্য বস্তু গিলাৰ সময়ত অন্তঃনাসাৰন্ধ্ৰ দুটাক ঢাকি ৰাখে।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বকুল ফুলৰ দৰেবৌদ্ধ ধৰ্মসৌৰভ কুমাৰ চলিহাবিৰিঞ্চি কুমাৰ বৰুৱাস্বাধীনতা দিৱস (ভাৰত)বাঁহীৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘসমাজবাদগোলাঘাটপাইক প্ৰথামানৱ শৰীৰহুঁচৰিমামণি ৰয়ছম গোস্বামীৰ উপন্যাসযতি-চিনবেংক অৱ বৰোদামাৰিয়া মণ্টেছৰীচৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়অসমৰ ছপাশালমানস ৰাষ্ট্ৰীয় উদ্যানৰাজনৈতিক দলশিলঘাটযোৰহাটশৰাইঘাটৰ যুদ্ধসেউজ গৃহ প্ৰভাৱঅসমীয়া ব্যাকৰণগ্ৰহাণুঅসমৰ সাধুকথাজৱাহৰলাল নেহৰুপ্ৰাকৃতিক দুৰ্যোগযোৰহাট জিলাআন্তৰ্জাতিক নাৰী দিৱসডিমাছা জনগোষ্ঠীযৌতুকভাৰতীয় ৰিজাৰ্ভ বেংকভাৰতীয় ৰেলবিশ্ব বাণিজ্য সংস্থাম'হৰ শিঙৰ পেঁপাদেও লাংখুইবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যলিংগভিত্তিক অধ্যয়নসাহিত্য অকাডেমি বঁটাসংস্কৃত ভাষাসাঁচিপাতৰ পুথি (উপন্যাস)ইউকো বেংকনাৰায়ণদেৱভাৰতৰ সংবিধানৰ প্ৰস্তাৱনানগাঁও জিলাজোনবিল মেলামিচিং জনগোষ্ঠীৰ সাজপাৰলং ৱাক টু ফ্ৰীডমজয়মতী (২০০৬ চলচ্চিত্ৰ)উষ্ণতামানৰ অসম আক্ৰমণপৰ্যটনৰামধেনুকৰ'নাভাইৰাছ ৰোগ ২০১৯বৈচাগুএচিদ বৰষুণঅসমৰ কাঁহ শিল্পঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাভূপেন হাজৰিকাব্ৰহ্মপুত্ৰ নদচাণক্যবাল্য বিবাহনয়নতৰাভূপেন্দ্ৰ সংগীতউদাৰনৈতিকতাবাদশামুকজৈৱ বৈচিত্ৰ্যগগনালক্ষ্মীনাথ বেজবৰুৱাব’হাগভাৰতৰ প্ৰধানমন্ত্ৰী🡆 More