মানকাচৰ মহাবিদ্যালয়: শৈক্ষিক প্ৰতিষ্ঠান

মানকাচৰ মহাবিদ্যালয় (ইংৰাজী: Mankachar College) অসমৰ মানকাচৰ চহৰৰ পৰা এক কিঃমিঃ দূৰত অৱস্থিত এক শৈক্ষিক প্ৰতিষ্ঠান। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত জেহিৰুল ইছলামৰ লগতে মানকাচৰ অঞ্চলৰ কিছু উদ্যমী লোকৰ প্ৰচেষ্টাত এই মহাবিদ্যালয়খন ১৯৭১ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল মিহিৰ দেৱ। বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খন ২০১৬ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (ইংৰাজী: National Assessment and Accreditation Council চমুকৈ NAAC) -ৰ দ্বাৰা 'B+' শ্ৰেণীৰ মহাবিদ্যালয় হিচাপে চিহ্নিত হৈছে৷

মানকাচৰ মহাবিদ্যালয়
স্থাপিত ১৯৭১
ধৰণ চৰকাৰী
অধ্যক্ষ ড॰ আবেদ আলী
স্থান মানকাচৰ, অসম, ভাৰত
উপনাম মানকাচৰ কলেজ
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী

সংক্ষিপ্ত ইতিহাস

ভাৰতে স্বাধীনতা লাভৰ ২৪ বছৰ পিছত ১৬আগষ্ট, ১৯৭১ত মানকাচৰ মহাবিদ্যালয় প্ৰতিষ্ঠাপিত হয়। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ইয়েই একমাত্ৰ প্ৰাদেশীকৰণ উচ্চ শিক্ষাৰ অনুষ্ঠান। মাত্ৰ ৭৯ জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা এই মহাবিদ্যালয় বৰ্তমান এক বৃহৎ শিক্ষানুষ্ঠান। ১৯৯৯ চনত এই মহাবিদ্যালয়ত বিজ্ঞান শাখা মুকলি হোৱাত ইয়াৰ ইতিহাসত এক নতুন পৃষ্ঠা সংযোজিত হয়।

সা-সুবিধাসমূহ

এই মহাবিদ্যালয়খনৰ মাটিকালি ০৩ একৰ (আনুমানিক) । ইয়াত কলা আৰু বিজ্ঞান শাখাত শিক্ষাদানৰ বাবে বহুকেইটা ভৱন আছে। স্নাতক পৰ্যায়ত ইয়াত ছয়টা বিভাগে পাঁচটা বিষয়ক প্ৰধান বিষয় হিচাপে শিক্ষাদান কৰে। লগতে ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ IDOL আৰু KKHOU -ৰ অধীনত কেবাটাও বিষয়ত স্নাতকোত্তৰ শিক্ষা লাভৰো সুবিধা আছে। এই মহাবিদ্যালয়ত থকা আন আন সা-সুবিধাসমূহ হ'ল- এটা স্থায়ী পুথিভঁৰাল, এটা ছাত্ৰীনিবাস, জিম, comunity information center কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, স্মাৰ্ট ক্লাচৰুম, অত্যাধুনিক কনফাৰেন্স ৰুম, বাস্কেটবল ফিল্ড, মহাবিদ্যালয় কেণ্টিন আদি।

শিক্ষা

মহাবিদ্যালয়খনত তলত দিয়া বিভাগসমূহত শিক্ষা প্ৰদান কৰা হয়:

  • স্নাতক কলা (সন্মানসহ)
  • স্নাতক কলা (সাধাৰণ)
  • স্নাতক বিজ্ঞান (সন্মানসহ)
  • স্নাতক বিজ্ঞান (সাধাৰণ)
  • উচ্চতৰ মাধ্যমিক (কলা)

অন্যান্য পাঠ্যক্ৰমসমূহৰ ভিতৰত হ'ল

  • এক বছৰীয়া কম্পিউটাৰ ডিপ্ল'মা
  • ছয় মহীয়া কম্পিউটাৰ প্ৰমাণ-পত্ৰ শিক্ষা
  • স্নাতকোত্তৰ (IDOL আৰু KKHOU ৰ অন্তৰ্গত)

বিভাগ

কলা

  • অসমীয়া বিভাগ
  • ইংৰাজী বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ

বিজ্ঞান

  • জীৱ বিজ্ঞান বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • উদ্ভিদ বিজ্ঞান বিভাগ
  • গণিত বিভাগ

তথ্যসূত্ৰ

Tags:

মানকাচৰ মহাবিদ্যালয় সংক্ষিপ্ত ইতিহাসমানকাচৰ মহাবিদ্যালয় সা-সুবিধাসমূহমানকাচৰ মহাবিদ্যালয় শিক্ষামানকাচৰ মহাবিদ্যালয় অন্যান্য পাঠ্যক্ৰমসমূহৰ ভিতৰত হলমানকাচৰ মহাবিদ্যালয় বিভাগমানকাচৰ মহাবিদ্যালয় তথ্যসূত্ৰমানকাচৰ মহাবিদ্যালয়ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

লক্ষ্মীধৰ শৰ্মাগোলাঘাট জিলাপ্ৰশান্ত মহাসাগৰঅংগৰাগ মহন্তআকবৰআমমনোবিজ্ঞানবানপানীপ্ৰকৃতিনীলকণ্ঠী ব্ৰজমানস ৰাষ্ট্ৰীয় উদ্যানটুক্ৰেশ্বৰী দেৱালয়জোৰোণনুৰ জাহান (মোগল সম্ৰাজ্ঞী)নেপোলিয়ন বোনাপাৰ্টকোষ (জীৱবিজ্ঞান)সৰ্বেপল্লী ৰাধাকৃষ্ণণশৰাইঘাটৰ যুদ্ধকাৰেংঘৰসূৰ্যৰসায়ন বিজ্ঞানতথ্য জনাৰ অধিকাৰ আইন, ২০০৫পাণিনিশালস্তম্ভ ৰাজবংশভিটামিনপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যচিত্ৰা মণ্ডলনামঘোষাঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকামেঘালয়ৰ মাতৃবংশীয় সমাজফাট বিহুঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমীয়া কবিতালোক-সংগীতউত্তৰ-পূব ভাৰত২৪ এপ্ৰিলৰাসোৎসৱপৰিয়ালজলসিঞ্চন৭ ফেব্ৰুৱাৰীঢেঁকীধাতু আৰু অধাতুউগ্ৰতাৰা দেৱালয়মানচিত্ৰউপনিষদদিনআউনীআটী সত্ৰপ্ৰাকৃতিক পৰিৱেশজয়মতী কুঁৱৰীগাঁও পঞ্চায়তঅৰুণোদইঅব্যয় পদমৃত্যুঞ্জয়অসম সাহিত্য সভাকৃত্ৰিম বুদ্ধিমত্তাথাই ভাষানয়ন নীলিমবকুল ফুলৰ দৰে (গ্ৰন্থ)কুলিইয়াণ্ডাবু সন্ধিবেদমৰুভূমিদেওপাহাৰঅনুৰাধা শৰ্মা পূজাৰীবৃত্তলোকবিশ্বাসব্ৰহ্মগুপ্তসংবিধান দিৱস (ভাৰত)ৰাজিয়া চুলতানাবনঘোষাবিহুহাজোঋকবেদঅলিম্পিকইন্দিৰা মিৰিবুঢ়ী আইৰ সাধু🡆 More