ভাৰতৰ সংসদ ভৱন

ভাৰতৰ সংসদ ভৱন (Parliament house of India)ভাৰতৰ সংসদ ভৱন আছে নতুন দিল্লীত। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰিছিল ৮৩ লাখ টকা। ভৱনৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত ইংৰাজ স্থাপতিবিদ ছাৰ এডুইন লুট্যেনছ আৰু ছাৰ হাৰ্বাট বেকাৰে। হাৰ্বাৰ্ট বেকাৰ নতুন দিল্লী মহানগৰীৰো নক্সা প্ৰস্তুত আৰু নিৰ্মাণৰ স'তেও জড়িত আছিল।

সংসদ ভৱন
পাৰ্লিয়ামেণ্ট হাউচ
ভাৰতৰ সংসদ ভৱন
সংসদ ভৱন
পূৰ্বৰ নাম House of Parliament
সাধাৰণ তথ্য
স্থিতি সক্ৰিয়
স্থাপত্য শৈলী লুট্যেনছ,দিল্লী
ঠিকনা সংসদ মাৰ্গ, নতুন দিল্লী, ভাৰত
চহৰ নতুন দিল্লী
দেশ ভাৰতৰ সংসদ ভৱন ভাৰত
স্থানাংক 28°37′02″N 77°12′29″E / 28.617189°N 77.208084°E / 28.617189; 77.208084
নিৰ্মাণ আৰম্ভ ১৯২১
মুকলি ১৯২৭
নক্সা আৰু নিৰ্মাণ
গৰাকী ব্ৰিটিছ ভাৰত (১৯২৭-১৯৪৭)
ভাৰত চৰকাৰ (১৯৫০-বৰ্তমানলৈ)
স্থাপত্যবিদ এডুইন লুট্যেনছ আৰু হাৰ্বাৰ্ট বেকাৰ
অন্য তথ্য
আসন ক্ষমতা ৭৯০

ভৱন

এক বৃত্তকাৰ কলোছিয়ামৰ আৰ্হিত নিৰ্মিত দৃষ্টিনন্দন সংসদ ভৱনটোৰ ব্যাস ১৭০.৬৯ মিটাৰ (৫৬০ ফুট)। ৰঙা শিলেৰে নিৰ্মিত সংসদ ভৱনটোৰ প্ৰথম মহলাত প্ৰশস্ত চক্ৰকাৰ বাৰাণ্ডা আৰু ১৪৪টা স্তম্ভ আছে। স্তম্ভবোৰৰ প্ৰতিটোৰ উচ্চতা ৮.২৩ মিটাৰ (২৭ফুট)। এই বাৰাণ্ডাতে ভাৰতৰ প্ৰখ্যাত শিল্পীসকলৰ দ্বাৰা অংকিত যথেষ্ট সংখ্যক চিত্ৰ প্ৰদৰ্শিত কৰা হৈছে। এই চিত্ৰবোৰত বৈদিক যুগৰ পৰা ব্ৰিটিছ যুগৰ শেষলৈকে ভাৰতৰ কেইবা সহস্ৰাব্দৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাৱলীক চিত্ৰিত কৰা হৈছে। সংসদ ভৱনত তিনিটা অৰ্ধবৃত্তাকাৰ হল বা প্ৰেক্ষাগৃহ আছে। ইয়াৰে দুটা হলত লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন অনুষ্ঠিত হয়। তৃতীয়টো হল পুথিভঁৰাল আৰু অধ্যয়ন কক্ষৰূপে ব্যৱহাৰ কৰা হয়। ৰঙীণ মাৰ্বলৰ স্তম্ভ আৰু জালি , ৰাজকীয় জকমকীয়া সামগ্ৰীৰে এই হলটো সুশোভিত।

ইতিহাস

সংসদ ভৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ'ল চেণ্ট্ৰেল হল। এই হলটোৰ গম্বুজৰ উচ্চতা ২৮ মিটাৰ। ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ এই হলতে ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা হৈছিল। তদুপৰি এই চেণ্ট্ৰেল হলতে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতৰ স্বাধীনতা ঘোষণা কৰা হৈছিল। বৰ্তমান ইয়াত ভাৰতৰ দুয়োখন সদনৰ যুটীয়া অধিৱেশন অনুষ্ঠিত হয়। ১৯২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ছবছৰৰ অন্তত ১৯২৭ চনৰ ১৮ জানুৱাৰীত সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰউইনে ইয়াক আনুষ্ঠানিকভাৱে মুকলি কৰে। সংসদ ভৱনটোৰ নিৰ্মাণত খৰচ পৰিছিল ৮৩ লাখ টকা। ভৱনৰ নক্সা প্ৰস্তুত কৰিছিল প্ৰখ্যাত ইংৰাজ স্থাপত্যবিদ ছাৰ এডুইন লুট্যেনছ আৰু ছাৰ হাৰ্বাট বেকাৰে। হাৰ্বাৰ্ট বেকাৰ নতুন দিল্লী মহানগৰীৰ নক্সা প্ৰস্তুত আৰু নিৰ্মাণৰ স'তেও জড়িত আছিল। চেণ্ট্ৰেল হল আৰু সংসদ ভৱনৰ বিভিন্ন ঠাইত ভাৰতৰ ইতিহাসৰ কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ প্ৰতিমূৰ্তি আৰু চিত্ৰ স্থাপন কৰা হৈছে।

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

ভাৰতৰ সংসদ ভৱন ভৱনভাৰতৰ সংসদ ভৱন ইতিহাসভাৰতৰ সংসদ ভৱন তথ্য উৎসভাৰতৰ সংসদ ভৱন বাহ্যিক সংযোগভাৰতৰ সংসদ ভৱন

🔥 Trending searches on Wiki অসমীয়া:

বাঁহীজুবিন গাৰ্গপোলেণ্ডঅসমীয়া ভাষাৰ শব্দসম্ভাৰবেদব্যাসমাটিঅসমৰ শাক-পাচলিৰ তালিকানেপালী জনগোষ্ঠীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাবকুল ফুলৰ দৰেউমাচল শিলালিপিঅৰ্জুন গছভাৰত ত্যাগ আন্দোলনপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ নদীসমূহৰ তালিকামইনাপৰীয়া নামঘৰদৰঙী খুলীয়া ভাউৰীয়াভটিমামিটাৰকাবাডীসোণোৱাল কছাৰীশিক্ষামনোমতীৰাৱণড'ৰেমননেমুঅন্তৰীপ (উপন্যাস)মুনীন ভূঞানীলমণি ফুকন (কনিষ্ঠ)প্ৰাচীন ভাৰতীয় সভ্যতাটাই জাতিৰামধেনুবন্দিতা ফুকনআহোম জনগোষ্ঠীঅসমৰ কাঁহ শিল্পনগাঁও জিলাচ'মাংকানঅসমীয়া ভাষা আন্দোলনবড়ো ভাষাভূটানঅসমৰ পৰম্পৰাগত সাজ-পাৰনামঘৰআধুনিকতাবাদগুণাভিৰাম বৰুৱাশিৱসাগৰ জিলাওজাপালিইন্দিৰা মিৰিভাৰত-ইউৰোপীয় ভাষা পৰিয়ালতোলনি বিয়ামৰাণ জনগোষ্ঠীবিহুঅসমৰ পৰম্পৰাগত খেল-ধেমালিবাসুদেৱ থানশেৱালি ফুলকীৰ্তন-ঘোষাবিহুৰ বাদ্যযন্ত্ৰজীৱভাস্কো দা গামাআদিবাসীঅসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰঞ্জু হাজৰিকামালিতাজ্যোতিপ্ৰসাদ আগৰৱালাপ্ৰদূষণনগাজৰী-খনিকৰগাঁৱৰ শিলালিপিঅতুল চন্দ্ৰ হাজৰিকাযোগিনী তন্ত্ৰভাৰীগানবিবাহসৌৰভ কুমাৰ চলিহা🡆 More