উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব। অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক। |
ফটাঢোল অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১৭ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি ইংৰাজী মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়। ফেচবুকৰ ‘ফটাঢোল’ গোটৰ সদস্যসমূহে গোটত প্ৰকাশিত কৰা লেখাৰপৰা সম্পাদকে প্ৰকাশৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা লেখা তথা সাহিত্য জগতৰ প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় লেখকৰ লেখাসমূহৰ বাচকবনীয়া সংগ্ৰহক শৃংখলাবদ্ধভাৱে সজোৱাৰ উদ্দেশ্যে এই ৱেবছাইট তথা ই-আলোচনীখন মুকলি কৰা হয়। প্ৰতিমাহে ‘ফটাঢোল’ গোটৰ সক্ৰিয় সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত এজনে সম্পাদক হিচাপে গোটটোত প্ৰকাশিত লিখনিসমূহৰ মাজৰ পৰা যোগ্যসমূহ নিৰ্বাচন কৰি আলোচনীখনত প্ৰকাশৰ দিহা কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কেইবাজনো অসমীয়াই আলোচনীখনৰ বিভিন্ন দিশসমূহৰ তত্ত্বৱধান লয়।
ফটাঢোল | |
---|---|
soft2i ফটাঢোলৰ প্ৰতীক-চিহ্ন | |
ইউ আৰ এল | fotadhol.com |
বাণিজ্যক | অব্যৱসায়িক |
ভাষা | অসমীয়া হাস্য-ব্যংগ আলোচনী es-us |
মুকলি | ১ জুলাই, ২০১৭ |
বৰ্তমান স্থিতি | প্ৰকাশিত (অনলাইন) |
এই “ফটা-ঢোল“ নামৰ গোটটো ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ফেচবুকতে কেইজন মান সদস্যৰে আৰম্ভ কৰা হৈছিল।
ফটা-ঢোল গোটটো মূলতঃ এক হাস্য-ব্যংগৰ গোট। হাঁহিবোৰ মহঙা হোৱাৰ দিনত ইণ্টাৰনেটৰ মাধ্যমত বিভিন্নজনৰ ওঁঠত নিৰ্ভেজাল হাঁহিৰ মৌ এটুপি তুলি দিব পৰাৰ সমানে সমানে সমাজৰ অপশক্তিবোৰৰ ব্যংগাত্মক উপস্থাপনেৰে বিবেকৰ চকু মুকলি কৰি মানুহক সঠিক দিশ দেখুওৱাৰ লগতে মনোৰঞ্জনৰ যোগেদি প্ৰাত্যহিক জীৱন যান্ত্ৰণাৰ পৰা ক্ষন্তেকীয়া মুক্তিয়েই আছিল এই গোটৰ মূল উদ্দেশ্য।
হাস্য-ব্যংগৰ এই ফেইচবুক গোটটোৰ বৰ্তমান সদস্য সংখ্যা প্ৰায় ২০,০০০।
ইণ্টাৰনেটৰ যোগেৰে সাহিত্য চৰ্চা আৰম্ভ কৰা নতুন প্ৰজন্মৰ বাবে ছপা মাধ্যমৰ সীমাৱদ্ধতাৰ পৰা মুক্ত ইণ্টাৰনেট মাধ্যমত প্ৰকাশিত ফটাঢোল আলোচনীৰ কেতবোৰ লক্ষ্য আৰু উদ্দেশ্য হল -
ফটাঢোলৰ বিভিন্ন শিতানসমূহ হৈছে -
ফটাঢোলৰ মুখ্য কাৰ্য্যবাহী : ৰিণ্টুমনি দত্ত
মুখ্য সম্পাদনা সমিতি : হেমন্ত কাকতি, অভিজিত কলিতা, ৰিণ্টুমনি দত্ত আৰু সম্পাদক
অংগসজ্জা আৰু কাৰিকৰী বিভাগ : হেমন্ত কাকতি, ৰিণ্টুমনি দত্ত, ৰিমঝিম বৰঠাকুৰ আৰু মণিষা কাকতি
প্ৰচ্ছদ আৰু অলংকৰণ : হেমন্ত কাকতি, ৰিতুপৰ্ন বৰা,চন্দন বড়ি
আলোচনীৰ বিভিন্ন শিতানসমূহৰ বিভাগীয় কমিটি : চবিনা য়াছমিন, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য, পৰীস্মিতা গগৈ, ৰাজশ্ৰী শৰ্মা, ডলী তালুকদাৰ, ৰিতুৰ্পণা মহন্ত আৰু জীমনি গগৈ
ফটাঢোল প্ৰশাসক সকল : হেমন্ত কুমাৰ কাকতি, প্ৰণীতা গোস্বামী বৰঠাকুৰ, অভিজিত কলিতা, ৰিণ্টুমনি দত্ত,চবিনা য়াছমিন, ৰিমঝিম বৰঠাকুৰ আৰু বিজয় মহন্ত,দেবজিত শৰ্মা
মডাৰেটৰ : ডলী তালুকদাৰ, নীলাক্ষী কাকতি, দিম্পল কলিতা,যোগেশ ভট্টাচাৰ্য,ৰাজশ্ৰী শৰ্মা।
বিশেষ পৰামৰ্শদাতা : জ্যোতিৰূপম দত্ত
ক্ৰমিক নং | সম্পাদকৰ নাম | সম্পাদনা মাহ |
---|---|---|
১ | হেমন্ত কাকতি | জুলাই, ২০১৭ |
২ | অভিজিত মেধি | আগষ্ট, ২০১৭ |
৩ | চবিনা ইয়াছমিন | চেপ্তেম্বৰ, ২০১৭ |
৪ | দেৱজিত শইকীয়া | অক্টোবৰ, ২০১৭ |
৫ | বিকাশ শইকীয়া | নৱেম্বৰ, ২০১৭ |
৬ | জীমণি গগৈ | ডিচেম্বৰ, ২০১৭ |
৭ | সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য | জানুৱাৰী, ২০১৮ |
৮ | গীতিকা শইকীয়া | ফেব্ৰুৱাৰী, ২০১৮ |
৯ | পৰিস্মিতা গগৈ | মাৰ্চ, ২০১৮ |
১০ | ঋতুপৰ্ণা মহন্ত | এপ্ৰিল, ২০১৮ |
১১ | ঈশান জ্যোতি বৰা | মে, ২০১৮ |
১২ | পৰী পাৰবিন | জুন, ২০১৮ |
১৩ | মৌচুমী বৰি | জুলাই, ২০১৮ |
১৪ | হেমন্ত কাকতি(দ্বিতীয়বাৰ) | আগষ্ট, ২০১৮(বৰ্ষপূৰ্তি বিশেষ সংখ্যা) |
১৫ | অলকেশ ভাগৱতী | চেপ্তেম্বৰ, ২০১৮ |
১৬ | ৰিমঝিম বৰঠাকুৰ | অক্টোবৰ, ২০১৮ |
১৭ | নয়নমণি হালৈ | নৱেম্বৰ, ২০১৮ |
১৮ | তৃষ্ণা সোণোৱাল | ডিচেম্বৰ, ২০১৮ |
১৯ | মনজিত কুমাৰ বৰা | জানুৱাৰী, ২০১৯ |
২০ | তৃষ্ণা টি ভুঞা | ফেব্ৰুৱাৰী, ২০১৯ |
২১ | চাহিন জাফ্ৰি | মাৰ্চ, ২০১৯ |
২২ | অনুৰূপ মহন্ত | এপ্ৰিল, ২০১৯ |
২৩ | খনিন্দ্ৰ ভুষণ মহন্ত | মে', ২০১৯ |
২৪ | ৰিণ্টুমণি দত্ত | জুন, ২০১৯ |
২৫ | দিগন্ত কুমাৰ ভট্টাচাৰ্য | জুলাই, ২০১৯ |
২৬ | অভিজিৎ দত্ত | আগষ্ট, ২০১৯ |
২৭ | ডা° পাৰ্থসাৰথি ভুঞা | চেপ্তেম্বৰ, ২০১৯ |
২৮ | ৰক্তাভ কুমাৰ | অক্টোবৰ, ২০১৯ |
২৯ | ৰূপাংকৰ চৌধুৰী | নৱেম্বৰ, ২০১৯ |
৩০ | দেবজিত শৰ্মা | ডিচেম্বৰ, ২০১৯ |
৩১ | জানুৱাৰী, ২০২০ | |
৩২ | আৰাধনা বৰুৱা | ফেব্ৰুৱাৰী, ২০২০ |
৩৩ | ৰঞ্জন বৰুৱা | মাৰ্চ, ২০১২০ |
৩৪ | হিমাংশু ৰাজখোৱা | এপ্ৰিল, ২০২০ |
৩৫ | ৰিণ্টুমণি দত্ত | মে, ২০২০ |
৩৬ | পাৰ্থ প্ৰতীম শৰ্মা | জুন, ২০২০ |
৩৭ | সুকুমাৰ গোস্বামী | জুলাই, ২০২০ |
৩৮ | ধূৰ্জ্জটি কাকতি | আগষ্ট, ২০২০ |
৩৯ | নীলাঞ্জনা মহন্ত | চেপ্তেম্বৰ, ২০২০ |
৪০ | যোগেশ ভট্টাচাৰ্য্য | অক্টোবৰ, ২০২০ |
৪১ | মানসী বৰা | নৱেম্বৰ, ২০২০ |
৪২ | ৰাজশ্ৰী শৰ্মা | ডিচেম্বৰ, ২০২০ |
৪৩ | মৃদুল নাথ | জানুৱাৰী, ২০২১ |
৪৪ | কাবেৰী মহন্ত | ফেব্ৰুৱাৰী, ২০২১ |
অসমীয়া ভাষাৰ লিপিসমূহক ব্যাকৰণগতভাৱে শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰি ভাষা সাহিত্যৰ জগতখনো টনকিয়াল কৰাৰ উপৰিও ফটাঢোল গোটৰ তত্ত্বাৱধানতে আৰ্তজনৰ কাষত কিঞ্চিত সহায় হৈ ঠিয় দিয়াৰ উদ্দেশ্যৰে গঠন কৰা হয় এটা স্বেচ্ছাসেৱী সংগঠন “ফ’কাছ অসম” (Fotadhol Offbeat Cultural Unity Society Assam – FOCUS Assam)ৰ। এই সংগঠনটোৱেও বিভিন্ন সময়ত বানপীড়িতক সাহায্য প্ৰদান, শীতকালত আৰ্তজনক গৰম বস্ত্ৰ প্ৰদান, আৰ্থিকভাৱে দুৰ্বল ব্যক্তিৰ আৱশ্যকীয় চিকিৎসাৰ ব্যয় বহনকে ধৰি অনেক সমাজহিতৈষী কামত আগভাগ লৈ আহিছে।
This article uses material from the Wikipedia অসমীয়া article ফটাঢোল, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.