পাইক বিদ্ৰোহ

পাইক বিদ্ৰোহ ১৮১৭ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ওড়িশাত সংঘটিত হোৱা সশস্ত্ৰ সংগ্ৰাম। পাইক সকল বক্সি জগবন্ধু আৰু জগন্নাথৰ নেতৃত্বত কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিছিল। পিছলৈ ওড়িশাৰ একতাৰ প্ৰতীক হিচাপে এই বিদ্ৰোহ গোটেই ওড়িশাত বিয়পি পৰে। শেষত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কঠোৰ হাতেৰে দমন কৰাত এই বিদ্ৰোহৰ পতন হয়। এই বিদ্ৰোহৰ বহুতো নেতাক ব্ৰিটিছে ধৰি দূৰৰ দ্বীপৰ কাৰাবাসত বন্দী কৰি ৰাখিছিল। শেষত বক্সি জগবন্ধুয়ে ব্ৰিটিছৰ আগত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। ভাৰত চৰকাৰে ২০১৭ চনত পাইক বিদ্ৰোহৰ দ্বিশতবৰ্ষ উদযাপন কৰে আৰু ইয়াক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম হিচাপে স্বীকৃতি প্ৰদান কৰে।

পাইক বিদ্ৰোহ
ভুৱনেশ্বৰত অৱস্থিত পাইক বিদ্ৰোহৰ নেতা বক্সি জগবন্ধুৰ মূৰ্তি

পাইক সকল

পাইক সকল হৈছে ওড়িশা পাৰম্পৰিক সৈন্য বাহিনীৰ লোক। শান্তি কালত তেওঁলোক যোদ্ধা হিচাপে ৰাজ্যৰ আইন-কানুনৰ ৰক্ষা কৰি আৰক্ষীৰ ভূমিকা পালন কৰে। পাইক সমূহ তেওঁলোকৰ পদৱী অনুসৰি তিনিভাগত বিভক্ত। প্ৰথমভাগে ঢাল আৰু খন্দা তৰোৱাল কঢ়িয়ায় তেওঁলোকক পাহাৰী বোলে, দ্বিতীয় ভাগে যুদ্ধৰ নেতৃত্ব দিয়ে আৰু মেচলক বন্দুক লয় তেওঁলোকক বনুৱা বোলে আৰু তৃতীয় ভাবে ধনু-কাঁড় চলায় আৰু তেওঁলোকক ঢেঁকীয়া বোলে। তেওঁলোকে ওড়িশাৰ সন্যবাহিনীত নিজ নিজ ভূমিকা পালন কৰে। ১৮০৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে খুৰডাৰ ৰজাক সিংহাসনচ্যুত কৰাৰ পিছত পাইক সকল সমাজত পূৰ্বৰ মৰ্যাদা হেৰুৱাইছিল।

তথ্য উৎস

Tags:

ইষ্ট ইণ্ডিয়া কোম্পানীওড়িশাভাৰত চৰকাৰ

🔥 Trending searches on Wiki অসমীয়া:

দানৱ ৰাজবংশমহাসাগৰসাহিত্য অকাডেমি বঁটামিঠু বৰুৱানীলমণি ফুকন (কনিষ্ঠ)ভাৰতীয় শিল্পকলাযতীন গোস্বামীবৰপেটা (লোকসভা সমষ্টি)ছ'ভিয়েট সংঘমালিনী থানসাহিত্যৰ সমাজতত্ত্বলুৰিন জ্যোতি গগৈতলাতল ঘৰমিকী মাউছবিশেষ্য পদলিমাৰিক (কবিতা)জ'মাট'ৰংঘৰঅসমৰ পুৰণি স্থাপত্যমোগল সাম্ৰাজ্যনিৰ্মলপ্ৰভা বৰদলৈসৌৰভ কুমাৰ চলিহাগোৱালপাৰা জিলাশুৱালকুছিঅসমীয়া ভাষা আন্দোলনভাইৰাছপাৰিজাত হৰণ নাটঅভিযাত্ৰীমিয়া খলিফাসাপভাৰতৰ সংবিধানৰ প্ৰস্তাৱনান'বেল বঁটাসংঘাতশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসমীয়া উপন্যাসবাথৌ পূজাপাৰিপাৰ্শ্বিক সংঘাতমাধৱদেৱপৃথিৱীক্ষভাষাবিজ্ঞানঅসম সাহিত্য সভাঅসমৰ গামোচালোকভাষাৰুক্মিণী হৰণ নাটবুৰঞ্জীঅসমীয়া সাহিত্যজেং বিহুঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবনফুলআগ্নেয়গিৰিব্ৰহ্মপুত্ৰ উপত্যকাজুবিন গাৰ্গশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাৰামধেনু (আলোচনী)শালস্তম্ভ ৰাজবংশনিচুকনি গীতদীৰ্ঘেশ্বৰী দেৱালয়বায়ু প্ৰদূষণবিহুৰ খাদ্যমহাভাৰতঅসমৰ মাছকলৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰুক্মিণীচৰ্যাপদমোৰ জীৱন সোঁৱৰণঅসমৰ তেল শোধনাগাৰচৈয়দ আব্দুল মালিকডিব্ৰুগড় জিলাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা🡆 More