ড'ৰেমন: এনিমেটেড ছিৰীজ

ড'ৰেমন (জাপানী: ドラえもん, ইংৰাজী: Doraemon) হৈছে ফুজিক' এফ ফুজিঅ'ৰ দ্বাৰা লিখিত আৰু সচিত্ৰ এক মাংগা ছিৰীজ। পিছত ইয়াক এনিমেছন ধাৰাবাহিকলৈ ৰূপান্তৰ কৰা হ'ল। এইটো ড'ৰেমন নামৰ ৰ'ব'টিক মেকুৰী এটাৰ কাহিনী যি ন'বিতা ন'বী নামৰ স্কুলীয়া ল'ৰা এজনৰ সহায় কৰিবলৈ ২২ শতিকাৰ পৰা ২১ শতিকালৈ সময় যাত্ৰা কৰি আহে।

প্লট

ড'ৰেমন ২২শ শতাব্দীৰ কাণ নথকা মেকুৰী ৰ'ব'ট। ন'বিটা ন'বিক সহায় কৰাৰ বাবে ড'ৰেমনক ভৱিষ্যতৰ পৰা পঠিওৱা হয়। ড'ৰেমন ন'বিটাৰ পৰিয়ালৰ অংশ। ন'বিটাৰ পৰিয়াল জাপানৰ ৰাজধানী টকিঅ'ত বসবাস কৰে। ন'বিটা এলেহুৱা ল'ৰা আৰু সি পঢ়া-শুনা আৰু খেলাধূলাত বৰ দুৰ্বল কিন্তু বৰ সহজ-সৰল। সি আনক সহায় কৰি ভাল পায়। সেয়ে তাৰ বান্ধৱী “শ্বিজুকা মিনাম'ট'”ই তাক পছন্দ কৰে। ন'বিটাও পছন্দ কৰে। শ্বিজুকা ন'বিটাৰ লগত একে শ্ৰেণীত পঢ়ে। শ্বিজুকা ভদ্ৰ ছোৱালী। ভৱিষ্যতে ন'বিটাৰ লগত “জিয়ান”ৰ সৰু ভনী “জাইক'”ৰ বিয়া হোৱাৰ কথা থাকিলেও ড'ৰেমনে ন'বিটাৰ ভৱিষ্যৎ সলনি কৰি দিয়ে। সেয়ে ভৱিষ্যতে ন'বিটাৰ লগত শ্বিজুকাৰ বিয়া হয়। গৌডা টাকেশ্বি (জিয়ান) ন'বিটাৰ সহপাঠী। জিয়ান খুবই খঙাল আৰু শক্তিশালী। জিয়ানে বেছিভাগ সময় ন'বিটাৰ লগত যুঁজি ভাল পায়। কিন্তু কেতিয়াবা কেতিয়াবা সি ন'বিটাক বিপদৰ পৰা ৰক্ষাও কৰে। জিয়ান গান গাবলৈ ভাল পায় কিন্তু তাৰ সুৰ বৰ বেয়া। জিয়ানে তাৰ সৰু ভনীক বহুত মৰম কৰে সেয়ে সি তাৰ ভনীক আনন্দিত কৰাৰ বাবে সকলো কৰে। “ছুনিঅ' হুনেকাৱা” বহুত ধনী পৰিয়ালৰ ল'ৰা হোৱাৰ বাবে সি খুবেই অহংকাৰ বোধ কৰে। সি বেছিভাগ সময় জিয়ানক ভালৰি লগাই জিয়ানৰ প্ৰশংসা কৰে। ছুনিঅ'ই ন'বিটাক জোকাই ফুৰে আৰু জিয়ানৰ লগত মিলি ন'বিটাৰ লগত যুঁজি থাকে।

প্ৰধান চৰিত্ৰসমূহ

ড'ৰেমনৰ চৰিত্ৰসমূহৰ তালিকা

  • ড'ৰেমন: এটা নীলা ৰঙৰ কাণ নথকা মেকুৰী ৰ'ব'ট। আৰম্ভণিত ইয়াৰ ৰং হালধীয়া আছিল কিন্তু ইয়াৰ কাণ দুখন নিগনিয়ে কুটি পেলায় আৰু ইয়াৰ ফলত তাৰ ৰং সলনি হৈ নীলা হৈ যায়। আৰু এই কাৰণেই ই নিগনি দেখি ভয় কৰে। ই ড'ৰা ইয়াকি বা ড'ৰা কেক খায় ভাল পায়। ইয়াৰ পেটত এটা 4D পকেট লাগি থাকে য'ত বেম্বু ক'প্টাৰ, এনীহুৱেৰ ড'ৰ, স্মল লাইটৰ দৰে বহুতো সা-সঁজুলি আছে।
  • ন'বটা ন'বি: এজন স্কুলীয়া ল'ৰা। ই বৰ এলেহুৱা আৰু শুই ভাল পায়। ই পঢ়া-শুনা আৰু খেলাধূলাত বৰ দুৰ্বল সেয়েহে ইয়াক প্ৰায়েই ইয়াৰ বন্ধুসকলে জোকায়। কিন্তু ই বৰ সহজ-সৰল ল'ৰা আৰু আনক সদায় সহায় কৰে।
  • শ্বিজুকা মিনাম'ট': ন'বিটাৰ এজনী ভাল বন্ধু। এইৰ স্বভাৱ আৰু আচৰণ বৰ ভাল। ন'বিটাই এইক পছন্দ কৰে আৰু ভৱিষ্যতে দুয়োৰে বিয়া হয়।
  • টাকেশ্বি "জিয়ান" গৌডা: ন'বিটাৰ এজন বন্ধু। ইয়াৰ পৰিয়ালৰ এখন গেলামালৰ দোকান আছে। ই শক্তিশালী হোৱাৰ বাবেই ন'বিটাৰ লগতে আন লগৰ সমনীয়াক দম দেখুৱাই খেলনা আৰু কমিক বুক কাঢ়ি লয়। ই গান গায় বৰ ভাল পায় কিন্তু ইয়াৰ সুৰ বৰ বেয়া। মাজে মাজে ই ইয়াৰ সকলো বন্ধুক মাতি আনি গান শুনায়। ইয়াৰ গান কোনেও ভাল নাপায় যদিও ভয়তে শুনে।
  • ছুনিঅ' হুনেকাৱা: ন'বিটাৰ আন এজন বন্ধু। ই ধনী ঘৰৰ ল'ৰা হোৱাৰ বাবে বৰ অহংকাৰী। ই আনক নিজৰ দামী বস্তু দেখুৱাই ফুৰে। ই বৰ চতুৰ আৰু স্বাৰ্থপৰ। ই আৰু জিয়ানে মিলি ন'বটাক বৰ আমনি কৰে।

নামৰ উৎপত্তি

অসমীয়াত “ড'ৰেমন” বানানটো জাপানী বানান “ড'ৰাএমন” (ドラえもん)-ৰ ইংৰাজী উচ্চাৰণৰ প্ৰতিলেপন। সেয়ে অসমীয়াত আচল বানান “ড'ৰাএমন” নিলিখি “ড'ৰেমন” লিখা হয়।

“ড'ৰা” শব্দটি লোৱা হৈছে “ড'ৰা নেক'‌” (জাপানী: どら猫)-ৰ পৰা। “নেক'” শব্দৰ অৰ্থ মেকুৰী। “এমন” (衛門、右衛門) হৈছে “গোইমন”ৰ নিচিনা পুৰুষ প্ৰদত্ত নামৰ এটি প্ৰাচীন উপাদান। জাপানীত (ドラえもん) নামটি কাতাকানা (ドラ) আৰু হিৰাগানা (えもん)-ৰ শৈল্পিক মিশ্ৰণ।

হিন্দী সংস্কৰণ

২০০৫ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে হাংগামা টিভিত ড'ৰেমনৰ ভাৰতীয় সংস্কৰণ হিন্দী ভাষাত প্ৰথম সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত হাংগামাৰ ভগ্নী চেনেল ডিজনী চেনেল ইণ্ডিয়াত সম্প্ৰচাৰ আৰম্ভ কৰা হয়। ডিজনি চেনেলত ২০১০ চনৰ ১৯ নৱেম্বৰৰ পৰা সম্প্ৰচাৰ আৰম্ভ কৰা হয়। সেই পৰ্ববিলাক আছিল পুৰণি। যিবোৰ আগতে হাংগামা টিভিত সম্প্ৰচাৰ কৰা হৈছিল। ২০১৮ চনৰ এপ্ৰিলৰ পৰা হাংগামা টিভিত ড'ৰেমনৰ সম্প্ৰচাৰ বন্ধ কৰা হ'ল। বৰ্তমান অকল ডিজনি চেনেল ইণ্ডিয়াত ড'ৰেমনৰ ১৯৭৯ আৰু ২০০৫ চনৰ এনিমে সম্প্ৰচাৰ কৰা হয়। যদিও দুয়োটা চেনেলতেই ড'ৰেমনৰ চলচ্চিত্ৰসমূহ সম্প্ৰচাৰ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

ড'ৰেমন প্লটড'ৰেমন প্ৰধান চৰিত্ৰসমূহড'ৰেমন নামৰ উৎপত্তিড'ৰেমন হিন্দী সংস্কৰণড'ৰেমন তথ্য সংগ্ৰহড'ৰেমনইংৰাজী ভাষাএনিমেছনজাপানী ভাষামেকুৰী

🔥 Trending searches on Wiki অসমীয়া:

কোণবিহুৰ বাদ্যযন্ত্ৰভিটামিনবিহু নৃত্যশক্তিমানৱ শৰীৰমাটিৰ হিচাপপাৰিপাৰ্শ্বিক সংঘাতলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীমানস ৰাষ্ট্ৰীয় উদ্যানশ্ৰী সূৰ্য পাহাৰজল প্ৰদূষণমদন কামদেৱ দেৱালয়সংস্কৃত ভাষাত্ৰিপিটকতৎসমগায়ন-বায়নশ্বিলংঅসমীয়া ভাষাৰ শব্দসম্ভাৰহুমায়ুনৰ সমাধিক্ষেত্ৰপায়ু সংগমইয়াণ্ডাবু সন্ধিলক্ষ্মীধৰ শৰ্মাবৰগীতঅসমৰ ইতিহাসতথ্যপাইক প্ৰথাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকামহেন্দ্ৰ বৰাশব্দ প্ৰদূষণভাৰতৰ ৰাষ্ট্ৰপতিমেলেৰিয়াদশাৱতাৰআওৰালুই পেষ্ট'ৰআৱাহন (আলোচনী)ডাকৰ বচনহিউৱেন-চাংচ্যু-খ্ৰুং-ফাদেওপাহাৰঅতুল চন্দ্ৰ হাজৰিকাবৰ্মণ ৰাজবংশপাঠ্যক্ৰমফুলগুৰি ধেৱাপৰ্যটনধৰ্মদুৰ্যোগঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাসৌৰভ কুমাৰ চলিহাঅপাৰেটিং চিষ্টেমলোকভাষালক্ষ্মীনাথ বেজবৰুৱামাটিসুশোভন সোনু ৰায়বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনঅসমীয়া ভাষা উন্নতি সাধিনী সভাভাস্কৰ (প্ৰথম)কৃত্ৰিম বুদ্ধিমত্তাঋকবেদসংযুক্ত মুক্তি বাহিনী, অসমস্বামী বিবেকানন্দসম্পাদনাবাইখো পূজাউইলিয়াম শ্বেইকছপীয়েৰসত্ৰপাচনগঙ্গা নদীযাদৱ পায়েংৰাতি বিহুঅসমৰ জাতীয় গীতদামোদৰ দেৱদৌল গোবিন্দ মন্দিৰপৰিৱেশ তন্ত্ৰঅসমৰ মহকুমাসমূহৰ তালিকা🡆 More