চেনাবৰ সোঁত

চেনাবৰ সোঁত (ইংৰাজী: Senabor Xoot) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ দ্বাৰা লিখিত এখনি উপন্যাস। উল্লেখযোগ্য যে এইখন তেখেতৰ প্ৰথম উপন্যাস। উপন্যাসখন ১৯৭২ চনত প্ৰকাশিত হৈছিল। ১৯৬৪ চনৰ পৰা তেখেতে অসমীয়া দৈনিক কাকত দৈনিক অসমত ধাৰাবাহিকভাৱে এই উপন্যাসখন লিখি আছিল।

চেনাবৰ সোঁত  
লেখক মামণি ৰয়ছম গোস্বামী
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৯৭২
মিডিয়া প্ৰকাৰ মুদ্ৰণ

ঔপন্যাসিকাৰ চমু পৰিচিতি

চেনাবৰ সোঁত 
ঔপন্যাসিকা মামণি ৰয়ছম গোস্বামী

মামণি ৰয়ছম গোস্বামী (১৯৪২-২০১১) হৈছে জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। তেখেতে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল। গল্পকাৰ হিচাবে আত্মপ্ৰকাশ কৰা ড॰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে অহিৰণ, চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি। তেখেতে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০০ চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেত ভাৰতৰ প্ৰথম Principal Prince Claus Laureate (২০০৮) আছিল।

গ্ৰন্থখনৰ চমু বিৱৰণ

উপন্যাসখনত ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিকসকলৰ জীৱন-ধাৰণৰ এক চিত্ৰ অংকন কৰা হৈছে। চেনাব নৈৰ ওপৰত নিৰ্মাণ কৰিবলৈ ওলোৱা এখন দলঙৰ নিৰ্মাণ কৰ্তৃপক্ষ আৰু তাৰ শ্ৰমিক পক্ষৰ মাজত সূত্ৰপাত হোৱা সংঘাত আৰু শোষণ এই উপন্যাসখনৰ মূল আধাৰ।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাদৈনিক অসমমামণি ৰয়ছম গোস্বামী

🔥 Trending searches on Wiki অসমীয়া:

লোকসভাভাৰতৰ প্ৰধানমন্ত্ৰীঢ়দৌল গোবিন্দ মন্দিৰবিশ্ব পৰিৱেশ দিৱসশিৱসাগৰ জিলামনোমতীমংগোলিয়াভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগমোহনদাস কৰমচান্দ গান্ধীকিতাপপৃথুদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানহীৰেন গোহাঁইবেলিমাৰ (নাটক)আহোম ৰাজবংশঅণুবীক্ষণ যন্ত্ৰপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰভাইৰাছটুক্ৰেশ্বৰী দেৱালয়চন্দ্ৰকুমাৰ আগৰৱালাভাৰত ত্যাগ আন্দোলনমহাভাৰতনীলমণি ফুকন (জ্যেষ্ঠ)বৰদৈচিলাজামুগুৰিহাটলোকাচাৰনলবাৰী জিলাৰাইমনা ৰাষ্ট্ৰীয় উদ্যানসৰ্বেপল্লী ৰাধাকৃষ্ণণবাণীকান্ত কাকতিকপৌ ফুলৰাভা জনগোষ্ঠীজাতনামএচিদ বৰষুণ২৬ এপ্ৰিলচ্যু-কা-ফাকামৰূপ জিলাজীৱনীঅসমীয়া প্ৰতিদিনঅখণ্ড সংখ্যাব্যৱস্থাপনাগুৰু আসনকাতি বিহুশিৱসাগৰবাগ্‌ধ্বনিঋতুব্যক্তিত্বপতঞ্জলিৰ যোগসূত্ৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগউমানন্দতৎসমভাৰতীয় জনতা পাৰ্টিৰাতি বিহুশেলাইধুবুৰী (লোকসভা সমষ্টি)নগাঁও জিলামোৰ জীৱন সোঁৱৰণকবিতাকছাৰী ৰাজ্যডি এন এজন গণ মনবিদ্যুৎবিপন্ন প্ৰজাতিমৃত্যুগগনাগড়গাঁওমে ডাম মে ফিমই আৰু নেফাখামটি জনগোষ্ঠীবিহুমহাদেশ🡆 More