ঘিলাখেল

ঘিলা খেল অসমৰ অতি প্ৰাচীন আৰু জনপ্ৰিয় খেল৷ মধ্যযুগৰ অসমৰ বহু পুথিত আৰু লোকগীতি সাহিত্যত ঘিলা খেলৰ বিৱৰণ পোৱা যায়৷ ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতত ঘিলা খেলিবলৈ যোৱা আৰু ঘিলা খেলৰ অন্তত নৈত গা ধোৱাৰ উল্লেখ পোৱা যায়৷ শ্ৰীকৃষ্ণৰ শিশুকালৰ ক্ৰীড়া বৰ্ণনাতো ঘিলা খেলৰ বিষয়ে উল্লেখ কৰা আছে৷ অসমৰ জনজাতীয় লোকসকলৰ মাজতো ঘিলাখেল অতি জনপ্ৰিয়৷ ডিমা হাচাও জিলাৰ ডিমাছা, কুকি লোকসকলৰ ল’ৰা-ছোৱালীৰ মাজত ঘিলাখেলৰ প্ৰচলন আছে৷ কুকিসকলৰ মাজত ইয়াক পৰম্পৰাগতভাবে খেলা হয়৷ তেওঁলোকে ঘিলাৰ দ্বাৰা তৈয়াৰী টাকুৰীত সূতা মেৰিয়াই মাটিলৈ দলিয়াই ’লাটুম’ খেল খেলে৷

ঘিলাখেল
ঘিলা খেল

ঘিলা কি

ঘিলা খেলৰ ঘিলাটো প্ৰকৃততে এটা গছৰ গুটি৷ এই গছ অসমৰ হাবিত পোৱা যায়৷ ঘিলাগছ দুবিধ৷ এবিধ কাঁইটীয়া লতাজাতীয় আৰু আনবিধ বৃক্ষ৷ লতাজাতীয় ঘিলাৰ নাম লতাঘিলা বা মাকৰি ঘিলা৷ লতাজাতীয় ঘিলাৰ বৈজ্ঞানিক নাম, Entada pursaetha. এইবিধ হোলোং গছত বগায়৷ ঘিলাগছ সাধাৰণতে পাহাৰীয়া ঠাইত হয় আৰু ইয়াৰ ফল হিচাপে ডালত দীঘল ছেঁই হয়৷ ছেঁইত পাঁছ-ছটামানকৈ গুটি থাকে৷ ছেঁইবোৰ পুৰঠ হ’লে গুটিবোৰ টান হয় ডাঠ মটীয়া বা ৰঙা-ক’লা ৰঙৰ হয় আৰু ছিৰা ফাটি পৰা গুটিবোৰ সংগ্ৰহ কৰি ঘিলা খেলা হয়৷ ঘিলাগছৰ গুটিৰে খেলা হয় বাবে এই খেলৰ নাম ঘিলাখেল৷

খেলৰ বিধি

ঘিলা গছৰ গুটিৰ পৰা পোৱা ঘিলাগুটিৰে বিভিন্ন ধৰণে খেল খেলা হয়৷ প্ৰায় সকলোবোৰ খেলতে খেলুৱৈসকল দুটা ফৈদত ভাগ হয়৷ এবিধ খেলত এটা দলে ঘিলাগুটিবোৰ মাটিত আঁচ টানি শাৰী শাৰীকৈ পাতি দিয়ে আৰু প্ৰতিপক্ষই কিছু আঁতৰত নিৰ্দিষ্ট কৰি থোৱা ঠাইৰ পৰা আন এটা ঘিলা দলিয়াই শাৰী পাতি থোৱা ঘিলাবোৰ ওফৰাবলৈ যত্ন কৰে৷ তেনেদৰে শাৰীত পাতি থোৱা ঘিলা ওফৰাব পাৰিলে প্ৰতিপক্ষ জিকে৷ আন এটা খেলত, পৰৱৰ্তীকালৰ মাৰ্বল গুটি খেলৰ দৰে এটা গাঁত কৰি লোৱা হয় আৰু নিৰ্দিষ্ট দুৰত্বৰ পৰা খেলুৱৈয়ে ঘিলাগটি দলিয়াই গাঁতটিত পেলাবলৈ যত্ন কৰে৷ এনেদৰে দলিয়াওঁতে ঘিলা গাঁতত পৰিলে সংখ্যা হিচাপ কৰি পিছত হৰা-জিকা নিৰ্ধাৰণ কৰা হয়৷

ঘিলাখেলৰ খেলুৱৈ

ঘিলাগছ যিহেতু অসমৰ হাবিতেই প্ৰচুৰ পৰিমাণে পোৱা গৈছিল, এই খেলৰ প্ৰচলনো অসমতেই আছিল বুলি ধৰিব পাৰি৷ সাধাৰণতে পথাৰত গৰু চাৰিবলৈ যোৱা গৰখীয়া ল’ৰাবোৰৰ মাজতেই ঘিলাখেল বেছিকৈ জনপ্ৰিয় আছিল৷ সেয়ে এই খেলক গৰখীয়া ল’ৰাৰে খেল বুলি অনুমান কৰিব পাৰি৷ হ’লেও ঘিলাখেল ঘৰুৱাভাৱেও ল’ৰা-ছোৱালী উভয়ে খেলে৷ ঘিলাগুটিৰ নিমজ আৰু আকৰ্ষণীয় আকাৰে গুটিটোৰ প্ৰতি এক সন্মোহন আনি দিয়ে, যাৰ ফলত অকল ল’ৰা-ছোৱালীয়ে নহয়, জিয়ৰী-বোৱাৰী আনকি প্ৰাপ্তবয়স্ক পুৰুষেও এই খেল নেখেলাকৈ থাকিব নোৱাৰে৷

তথ্য সংগ্ৰহ

Tags:

ঘিলাখেল ঘিলা কিঘিলাখেল খেলৰ বিধিঘিলাখেল ৰ খেলুৱৈঘিলাখেল তথ্য সংগ্ৰহঘিলাখেল

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ সত্ৰসমূহৰ তালিকাহীৰেন গোহাঁইহেমচন্দ্ৰ গোস্বামীমিঠু বৰুৱাচাহবৃত্তসোণোৱাল কছাৰীযোৰহাট জিলাঅসমৰ মাছ ধৰা সঁজুলিঅসমৰ জিলাসমূহজয়মতী কুঁৱৰীবুৰঞ্জী সাহিত্যনামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পভাৰতীয় দৰ্শনআহোম বিবাহ পৰম্পৰাঅসমত দেখা পোৱা সাপবোৰচন্দ্ৰকান্ত অভিধানশুৱালকুছিচৰিত পুথিগোৱালপাৰাআৰ্যভট্টকলিমাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডশিক্ষাঅসমৰ পোক - পৰুৱাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাৰঘুনাথ চৌধাৰীভাৰতীয় ভাষাজলবিদ্যুৎপিয়লি ফুকনপদ (ব্যাকৰণ)অসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাওডিছীনিমাতী কইনাজলবায়ুভাৰতত মহিলা শিক্ষাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাফলৰ তালিকাকলিকতাবিহুতথ্য জনাৰ অধিকাৰ আইন, ২০০৫অসমৰ কাঁহ শিল্পমৌখিক পৰম্পৰাআহোম ভাষাৱিকিমিডিয়া ফাউণ্ডেশ্যনমেখেলা চাদৰবাল্মীকিকৃষ্ণকান্ত সন্দিকৈমোহনদাস কৰমচান্দ গান্ধীশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমৰ চলচ্চিত্ৰগোলকীকৰণভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫তাজমহল২৬ এপ্ৰিলশব্দভাৰতৰ উচ্চতম ন্যায়ালয়মামণি ৰয়ছম গোস্বামীৰ উপন্যাসভাষাবিজ্ঞানবুৰঞ্জীনৱকান্ত বৰুৱাসংমিশ্ৰিত মীন-পালনঅভিযাত্ৰীশ্ৰীনিবাস ৰামানুজনআনন্দ চন্দ্ৰ আগৰৱালাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাবেণুধৰ শৰ্মাভগ্নাংশ (গণিত)নগাঁও জিলাবিশ্বকোষলোকভাষাৰাণী লক্ষ্মীবাই🡆 More