ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ.এছ.এছ এক ভাৰতীয় সোঁপন্থী, হিন্দু ৰাষ্ট্ৰবাদী, অৰ্ধসামৰিক স্বেচ্ছাসেৱক সংস্থা। ইয়াক ভাৰতৰ শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ অনুষ্ঠান হিচাপে গণ্য কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ মূলতঃ সংঘ পৰিবাৰৰ এক অংশ আৰু ই সংঘ পৰিবাৰৰ নেতৃত্ব বহন কৰে। ১৯২৫ চনৰ ২৭ ছেপ্টেম্বৰত স্থাপিত হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৃথিৱীৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ
চমু  নাম আৰ.এছ.এছ.
প্ৰতিষ্ঠা ২৭ ছেপ্টেম্বৰ ১৯২৫ (৯৮ বছৰ আগত) (1925-09-27)
ধৰণ সোঁপন্থী স্বেচ্ছাসেৱক অৰ্ধসামৰিক
সক্ৰিয়তা সক্ৰিয়
উদ্দেশ্য হিন্দু ৰাষ্ট্ৰবাদ আৰু হিন্দুত্ব
প্ৰধান  কাৰ্যালয় নাগপুৰ, মহাৰাষ্ট্ৰ, ভাৰত
সদস্যপদ ৫০-৬০ লাখ
৫৬,৮৫৯ টা শাখা (২০১৬)
সৰসংঘচালক মোহন ভাগৱত
ভুক্তি সংঘ পৰিবাৰ

ইয়াৰ প্ৰাৰম্ভিক উদ্দেশ্য আছিল হিন্দু সংস্কাৰ আৰু নীতিৰে চৰিত্ৰ গঠন কৰি হিন্দু সম্প্ৰদায়ৰ মাজত একতা স্থাপন কৰা আৰু হিন্দু ৰাষ্ট্ৰ গঠন কৰা। এই সংস্থায়ে ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগায় আৰু হিন্দুত্ব বিচাৰধাৰাৰ সহায়ত হিন্দু সম্প্ৰদায়ৰ সৱলীকৰণ কৰিবলৈ চেষ্টা কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ে প্ৰথমতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ সোঁপন্থী গোটৰ পৰা অনুপ্ৰাণিত হৈছিল। পিছলৈ ই এক বৃহৎ হিন্দু ৰাষ্ট্ৰবাদী অনুষ্ঠানত পৰিণত হল। বৰ্তমান ইয়াৰ অধীনত বহুতো অনুষ্ঠান, প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ক্লাৱ আদি আছে আৰু ইয়াৰ জৰিয়তে সংঘয়ে নিজৰ বিচাৰধাৰা বিস্তাৰ কৰে।

ব্ৰিটিছৰ শাসন কালত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এবাৰ নিষিদ্ধ ঘোষিত হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এতিয়ালৈকে ই তিনিবাৰ নিষিদ্ধ ঘোষিত হৈছে। প্ৰথমে ১৯৪৮ চনত মহাত্মা গান্ধীৰ হত্যাৰ লগত পূৰ্বৰ সংঘৰ সদস্য জড়িত থকা বুলি গম পোৱাৰ পিছত দ্বিতীয়বাৰ ১৯৭৫-৭৭ চনৰ আপাতকালৰ সময়ত আৰু তৃতীয়বাৰ ১৯৯২ চনৰ বাবৰী মছজিদ ধ্বংসৰ পিছত।

তথ্য উৎস

Tags:

ভাৰতীয় জনতা পাৰ্টি

🔥 Trending searches on Wiki অসমীয়া:

ফকৰা যোজনাগৰু বিহুমূলা গাভৰুভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যঅসমীয়া বৰ্ণমালাকানাই বৰশী বোৱা শিলালিপিশৰৎ ঋতুপৰিৱেশ তন্ত্ৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিভঠেলিচামেলি মেমচা'বমহাকাব্যলুই পেষ্ট'ৰগ্ৰহনাৰীগায়ন-বায়নধেমাজি জিলানৰনাৰায়ণগণৰাজ্য দিৱস (ভাৰত)যোৰহাটঅখণ্ড সংখ্যাব্লগবেক্টেৰিয়াজৈৱিক কৃষিদিল্লীফুলগুৰি ধেৱাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅন্নপ্ৰাশনমাৰ্ঘেৰিটা মহকুমাবিশ্বনাথ চাৰিআলিযোগেশ দাসছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)অসমীয়া কবিতাঅযোধ্যা (পৌৰাণিক নগৰ)অমিয় কুমাৰ ভূঞাকৰ'নাভাইৰাছ ৰোগ ২০১৯আন্তৰ্জাতিক মানৱ অধিকাৰ আইনৰজনীকান্ত বৰদলৈকামৰূপী লোকগীতবাণিজ্যদৈনিক বাতৰিপৰিমেয় সংখ্যাম'হৰ শিঙৰ পেঁপাখামটি জনগোষ্ঠীবিশ্ব বেংকঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাঢেঁকীনৰকাসুৰশাল গছপাচন তন্ত্ৰকোণশ্ৰীনিবাস ৰামানুজনব্ৰহ্মপুত্ৰ উপত্যকাচৰক সংহিতাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকামৰুভূমিহিউৱেন-চাংযৌগিক সংখ্যাপাচনঅষ্ট্ৰেলিয়াচৰ্যাপদভাৰতীয় সাহিত্যঅসমৰ শাক-পাচলিৰ তালিকাখোলশূন্যবাজেটৰাভা জনগোষ্ঠীব্যক্তিত্বগান্ধাৰীঅনুৰাধা শৰ্মা পূজাৰীসত্ৰভাৰতীয় মহাকাশ গৱেষণা সংস্থাঅসমৰ চাহ জনগোষ্ঠীশিক্ষা মনোবিজ্ঞান🡆 More