ৰবট

ৰবট (ইংৰাজী: robot) হৈছে বিশেষভাবে কম্পিউটাৰৰ দ্বাৰা প্ৰগ্ৰেম কৰা স্বয়ংক্ৰিয়ভাবে কিছুমান জটিল কাৰ্য শৃংখল সম্পাদন কৰিব পৰা এক প্ৰকাৰৰ যন্ত্ৰ। ৰবটবোৰক বাহ্যিকভাবে নাইবা তাৰ ভিতৰতে থকা এক প্ৰকাৰৰ নিয়ন্ত্ৰকৰ যোগেদি নিয়ন্ত্ৰণ কৰা হয়। ৰবটবোৰ মানুহৰ শৰীৰৰ গঠনৰ আৰ্হিতো (যন্ত্ৰমানৱ) নিৰ্মাণ কৰা হয়, যদিও বেছিভাগ ৰবট সাধাৰণ যন্ত্ৰৰ দৰেই নিৰ্মাণ কৰা হয়।

ৰবট
এক্সপ ২০০৫ত ASIMO (২০০০)
ৰবট
কাৰখানাত ব্যৱহৃত এটা আৰ্টিকালচাৰ্ড ৱেলডিং ৰবট, ব্যৱসায়িক ৰবটৰ উদাহৰণ
ৰবট
এটা সৈনিক ৰবট

ৰবটবোৰ স্বয়ংচালিত বা অৰ্ধ স্বয়ংচালিত হব পাৰে আৰু মানৱকৃতি, যেনে হোণ্ডাৰ Advanced Step in Innovative Mobility (ASIMO) আৰু TOSYৰ TOSY Ping Pong Playing Robot (TOPIO) নাইবা ব্যৱসায়িক ৰবট, চিকিৎসাত ব্যৱহৃত ৰবট, ৰোগীক সহায়কৰা ৰবট, ডগ থেৰাপী ৰবট, সামগ্ৰিকভাবে প্ৰগ্ৰেম কৰা স্বাৰ্ম ৰবট, ইউএভি ড্ৰোণ যেনে General Atomics MQ-1 Predator, আৰু আনকি আনুবীক্ষণিক নেন ৰবট হব পাৰে। জীৱসদৃশ প্ৰকাশভংগী বা স্বয়ংক্ৰিয় সঞ্চালন অনুসৰণ কৰি কৰি ৰবটবোৰৰ জ্ঞান নাইবা চিন্তা শক্তিৰ বিকাশ হব পাৰে। ঘৰুৱা সহায়কাৰী বা মূল চালকৰ ঠাইত স্বয়ংচালিত গাড়ী হিচাপে আগন্তুক দশকবোৰত স্বয়ংচালিত যন্ত্ৰবোৰৰ সংখ্যা বৃদ্ধি হব বুলি আশা কৰা হৈছে।

ৰবটৰ ডিজাইন, নিৰ্মাণ, পৰিচালনা, আৰু প্ৰয়োগ লগতে সিহঁতক চালন কৰা কম্পিউটাৰ ছিষ্টেইম, চেনচৰি ফীডবেক, আৰু তথ্য আহৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰযুক্তিৰ শাখাটোক ৰবটিকছ বোলে। এই প্ৰযুক্তিবোৰত বিপদজনক পৰিৱেশ বা নিৰ্মাণ প্ৰক্ৰিয়া, নাইবা মানৱ সদৃশ প্ৰকাশ, ব্যৱহাৰ, বা জ্ঞানৰ প্ৰদানৰ বাবে স্বয়ংচালিত যন্ত্ৰ ব্যৱহাৰ কৰা হয়। বৰ্তমানৰ জৈৱ−অনুপ্ৰাণিত ৰবটিকছ (bio-inspired robotics)ৰ বহুতো ৰবট প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। এই ৰবটবোৰে চফ্ট ৰবট (soft robotics) নামৰ ৰবটিকছৰ এটা নতুন শাখাৰ সৃষ্টি কৰিছে।

ৰবটা (robota), অৰ্থ "forced labor"; পৰা আহৰণ কৰা হৈছে। ৰবট শব্দটো Czech লেখক কাৰেল চাপেক (Karel Čapek)ৰ ১৯২০ চনৰ নাটকR.U.R. (Rossumovi Univerzální Roboti - Rossum's Universal Robots)ত মানৱ সদৃশ কাল্পনিক চৰিত্ৰৰ বাবে প্ৰথম ব্যৱহাৰ কৰা হৈছিল, কিন্তু ইয়াৰ প্ৰকৃত আৱিষ্কাৰক আছিল কাৰেলৰ ভাতৃ জোছেফ চাপেক (Josef Čapek)

ইংলেণ্ডৰ বিষ্টলৰ ৱিলিয়াম গ্ৰে ৱাল্টাৰে ১৯৪৮ চনত প্ৰথম ইলেক্ট্ৰনিক স্বয়ংক্ৰিয় বৰট আৱিষ্কাৰৰ লগতে ১৯৪০ চনত জন টি পাৰচনে, ১৯৪০ শেষৰফালে জন টি পাৰচন আৰু ফ্ৰেংক এল. ষ্টুলেনে Computer Numerical Control (CNC) যন্ত্ৰ সঁজুলিৰ নিৰ্মাণে ইলেক্ট্ৰনিকছৰ বিকাশে এক নতুন মাত্ৰা লাভ কৰে। ১৯৫৪ চনত জৰ্জ ডেভলে ইউনিমেট নামৰ প্ৰথম ব্যৱসায়িক, ডিজিটেল আৰু কম্পিউটাৰ প্ৰগ্ৰেমেবল ৰবট নিৰ্মাণ কৰি উলিয়াই।

বহুক্ষেত্ৰত ৰবটে মানুহৰ ঠাই অধিকাৰ কৰিছে। বাৰে বাৰে কৰিবলগীয়া আৰু বিপদজনক কিছুমান কাম যিবোৰ মানুহে সাধাৰণতে কৰিব নিবিচাৰে, বা বিভিন্ন প্ৰতিবন্ধকতা, বা অতি জঘন্য পৰিবেশ যেনে সাগৰৰ অতি গভীৰ অঞ্চল আদিৰ বাবে কৰিব নোৱাৰে, তেনে কামবোৰ ৰবটে অতি সহজে সম্পাদন কৰিব পাৰে। বৰ্তমান প্ৰায় সকলো কামতে ৰবটৰ ব্যৱহাৰ এটা বিতৰ্কৰ বিষয় হিচাপে পৰিগণিত হৈছে। ৰবটে মানুহৰ কাম কাঢ়ি লৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি কৰিছে বুলিও কোৱা হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাকম্পিউটাৰ

🔥 Trending searches on Wiki অসমীয়া:

শূন্যচন্দ্ৰকুমাৰ আগৰৱালামাধৱ কন্দলিব্যষ্টিবাদী অৰ্থনীতিঅসমৰ জাতীয় গীতনলবাৰীশ্ৰীমদ্ভগৱতগীতাবৈচাগুগায়ন-বায়নচুটিগল্পভূপেন হাজৰিকাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰামধেনুইছলামঘিলাধাৰী ঘাটৰ সন্ধিকোষ (জীৱবিজ্ঞান)বিশ্ব বৌদ্ধিক সম্পত্তি দিৱসআকবৰমই আৰু নেফাযৌন সংগমসংগীতপৃথিৱীযাদৱ পায়েংশ্ৰীকৃষ্ণকীৰ্তনকৃত্ৰিম বুদ্ধিমত্তাবাঁহী (আলোচনী)ত্ৰিভুজৰেৱতী মোহন দত্তচৌধুৰীভাৰতত মহিলাৰ স্বাস্থ্যমৰাণ জনগোষ্ঠীউপভাষাবহনক্ষম ভূমি ব্যৱস্থাপনাকুলধৰ শইকীয়াচিত্ৰা মণ্ডলবিবাহডি এন এআলোচনীচামেলি মেমচা'বঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিকামৰূপ ৰাজ্যনুৰ জাহান (মোগল সম্ৰাজ্ঞী)তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ভাৰত-চীন যুদ্ধঅসমৰ সাহিত্যিকসকলৰ তালিকাঅসমীয়া গালি-গালাজপাঠ্যক্ৰমবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণকথা কবিতাসিংহসাপব্ৰজাৱলী ভাষাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰাষ্ট্ৰসংঘআহোম জনগোষ্ঠীঅসমীয়া গীতি সাহিত্যঅৰ্থনীতিবাল্য বিবাহবিশেষ শিক্ষাঅসমত দেখা পোৱা মাছৰ তালিকাকমলাকান্ত ভট্টাচাৰ্য্যখাদ্য সুৰক্ষাবিত্তীয় ব্যৱস্থাবিৰিঞ্চি কুমাৰ বৰুৱাবেণুধৰ শৰ্মাফকৰা যোজনাগোৱালপাৰা জিলাৰাষ্ট্ৰসংঘ দিৱসৰমন্যাসবাদ২৫ এপ্ৰিলভাওনাহেম বৰুৱা (ত্যাগবীৰ)ধ্যান চান্দগৌতম বুদ্ধফুলভাৰতৰ সংবিধানভাইৰাছ🡆 More