সাধু

সাধু, হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ যিকোনো পবিত্ৰ ব্যক্তি যিয়ে পাৰ্থিৱ জীৱন ত্যাগ কৰিছে। কেতিয়াবা বিকল্পভাৱে ইহঁতক যোগী, সন্ন্যাসী বা বৈৰাগী বুলিও কোৱা হয়। সাধুৰ অৰ্থ হ'ল যিজনে 'সাধনা' পালন কৰে বা আধ্যাত্মিক অনুশাসনৰ পথ তীক্ষ্ণভাৱে অনুসৰণ কৰে। যদিও সাধুৰ বিপুল সংখ্যক যোগী, সকলো যোগী সাধু নহয়। এজন সাধুৰ জীৱন কেৱল পূৰ্ণ ব্ৰহ্মৰ ধ্যান আৰু চিন্তাৰ জৰিয়তে চতুৰ্থ আৰু অন্তিম আশ্ৰম (জীৱনৰ পৰ্যায়) মোক্ষ (মৃত্যুৰ আৰু পুনৰ্জন্মৰ চক্ৰৰ পৰা মুক্তি) লাভৰ বাবে উৎসৰ্গিত। সাধাৰণতে সাধু বুলি ক'লে আমি গেৰুৱা বস্ত্ৰ পিন্ধি সন্যাস ধাৰণ কৰা সকলকহে বুজো। মনিয়েৰ মনিয়েৰ-উইলিয়ামছৰ মতে, সাধু (সংস্কৃত: সাধু) শব্দটো ঋগবেদ আৰু অথৰ্ববেদত দেখা যায় য'ত ইয়াৰ অৰ্থ হৈছে পোন, সোঁ, পোনে পোনে লক্ষ্যলৈ যোৱা। বৈদিক সাহিত্যৰ ব্ৰাহ্মণ স্তৰত এই শব্দটোৱে প্ৰসংগ অনুসৰি সুস্বাস্থ্য, দয়ালু, ইচ্ছুক, ফলপ্ৰসূ বা কাৰ্যক্ষম, শান্তিপূৰ্ণ, নিৰাপদ, ভাল, গুণী, সন্মানীয়, ধাৰ্মিক, উচ্চবৰ্ণৰ ব্যক্তিক বুজায়। কিন্তু আচলতে সাধুৰ পৰিভাষা একমাত্ৰ কবীৰ চাহাবৰ ক্ষেত্ৰতে শুদ্ধ প্ৰমাণিত হয়। সাধুক স্বভাৱৰ দ্বাৰাহে চিনিব পাৰি বস্ত্ৰৰ দ্বাৰা নহয়, যিটো কবীৰ চাহাবৰ ক্ষেত্ৰত খাটে। কবীৰ চাহাবে নিজৰ বাণীত কৈছে যে -साधु भूखा भाव का, धन का भूखा नाहीं। धन का भूखा जो फिरै,सो तो साधु नाहीं। অৰ্থাৎ কবীৰ চাহাবে কৈছে যে, সঁচা সাধু সেইজন যি ভাৱৰ ভোকাতুৰ আৰু যাক ধন সম্পত্তিৰ লোভ নাই। সাধু হবলৈ সন্যাস লোৱাৰ প্ৰয়োজন নাই, কাৰণ সন্যাস লৈ ভিতৰৰ বিকাৰসমূহ নষ্ট নহয়। বিকাৰসমূহ নষ্ট কৰিবলৈ আৰু মোক্ষ পাবলৈ হলে আমি সত্য সাধনা কৰিব লাগিব। ঘৰৰ বাহিৰলৈ গৈ সন্যাস লৈ এইটো সম্ভৱ নহয়। সন্যাস ঘৰ ত্যাগ কৰি নহয় মানুহৰ ভিতৰৰ বিকাৰসমূহ- কাম, ক্ৰোধ, লোভ, মোহ, মদ ও মাৎসৰ্য এইবোৰ ত্যাগ কৰিব পাৰিলে হে সম্ভৱ হব। যদি ঘৰৰ বাহিৰলৈ গৈ সন্যাস লৈও মানুহৰ ভিতৰত এই বিকাৰসমূহ ৰৈ যায় তেন্তে একো লাভ নহয়। এই বিকাৰসমূহ সম্পূৰ্ণৰূপে আঁতৰাবলৈ কবীৰ চাহাবৰ নীতি আদৰ্শ মানি চলিবই লাগিব। কবীৰ চাহাবৰ নীতি আদৰ্শ মানি চলিলেহে সাধুতাৰ প্ৰকৃত নিদৰ্শন পোৱা যাব আৰু পৃথীৱী স্বৰ্গতকৈও অধিক সুখময় হব। কবীৰ চাহাবে নিজৰ বাণীত কৈছে- जाति न पूछो साधु की पूछ लीजिए ज्ञान। मोल करो तलवार का, पड़ा रहन दो म्यान॥ অৰ্থাৎ কবীৰ চাহাবে কৈছে, সাধুৰ জাতি সুধিব নালাগে, তেওঁৰ পৰা জ্ঞান হে লব লাগে। কোনো ব্যক্তিৰ জ্ঞান তেওঁৰ জাতিৰ লগত তুলনা কৰিব নালাগে কাৰণ ব্যক্তিৰ জ্ঞানেই তেওঁৰ মূল্য।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ঁ (চন্দ্ৰবিন্দু)অপভ্ৰংশবিহু নৃত্যলাচিত বৰফুকনবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যঅসমীয়া গীতি সাহিত্যমাধৱ কন্দলিসত্যনাথ বৰাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলকলাখাৰসমাজতত্ত্বযতীন বৰাব্ৰহ্মগুপ্তবাগ্‌ধ্বনিশ্ৰী সূৰ্য পাহাৰঋকবেদনীলকণ্ঠী ব্ৰজভাৰতীয় ৰেলঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবৰপেটাকলিতা জনগোষ্ঠীগৱেষণাঅংকঅসমৰ মন্ত্ৰ-সাহিত্যঅসমৰ জিলাসমূহহীৰেন গোহাঁইঅংগৰাগ মহন্তৱিকিমিডিয়া ফাউণ্ডেশ্যনকৃত্ৰিম বুদ্ধিমত্তানামঘৰভাষাবিজ্ঞান২০২৩ জি-২০ নতুন দিল্লী সন্মিলনবিয়া নামআৰবী ভাষাব্যক্তিত্বধাতু আৰু অধাতুহালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)অসমীয়া ভাষাৰ শব্দসম্ভাৰঅসমৰ চাহ জনগোষ্ঠীচ্যু-লিক-ফামাধৱী লতাআলি আঃয়ে লৃগাংঅনুবাদঅসমীয়া ব্যাকৰণশ্বিলংবিশ্বকোষঅসমীয়া খাদ্যাভ্যাসবৰ্মণ ৰাজবংশবিশেষ্য পদএচিদ বৰষুণআধুনিকতাবাদআনন্দৰাম বৰুৱাসপ্তকাণ্ড ৰামায়ণঅপৰিমেয় সংখ্যাঅসমীয়া গালি-গালাজপাৰিজাত হৰণ নাটহিন্দু ধৰ্মৰমন্যাসবাদউত্তৰ-পূব ভাৰতঈয়াৰুইঙ্গমঅনুৰাধা শৰ্মা পূজাৰীবসন্ত ৰোগসত্ৰঅসমীয়া জাতিমালিতাতেজকাৰেংঘৰধৰ্মঢেঁকীআমতিনিচুকীয়া জিলামণিকৰ্ণেশ্বৰ দেৱালয়🡆 More