শিশু আলোচনী সঁফুৰা

সঁফুৰা (ইংৰাজী: Sofura) শিশুসকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। সঁফুৰাৰ প্ৰকাশক বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮২ চনৰ এপ্ৰিল মাহত। ১৯৯৬ চনৰ মাৰ্চ মাহলৈকে ৮৫টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত আলোচনীখনৰ প্ৰকাশ সাময়িকভাৱে বন্ধ হৈছিল। আলোচনীখনৰ সেই সময়ৰ সম্পাদক আছিল ড॰ ভবেন্দ্ৰনাথ শইকীয়া। কাৰ্যাধ্যক্ষ আছিল অম্বিকাপদ চৌধুৰী। ব্যৱস্থাপনা কৰিছিল পংকজপদ চৌধুৰী আৰু ধীৰাজ গোস্বামীয়ে। ২০০২ চনত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰেই সম্পাদনাত সঁফুৰা দ্বিতীয়বাৰৰ বাবে প্ৰকাশ পায়। সঁফুৰাৰ এতিয়াৰ প্ৰকাশক অসম বুক হাইভ। ২০০৩ চনৰ আগষ্ট মাহত ড॰ শইকীয়াৰ মৃত্যুৰ পিছত অমল দত্তই সঁফুৰাৰ সম্পাদনাৰ দায়িত্বভাৰ লয়। তেওঁৰ পিছত ভৱেশ মহন্ত অবৈতনিক সম্পাদক হিচাপে যুক্ত হয়।

সঁফুৰা
সঁফুৰা আলোচনীৰ আগষ্ট ২০০৪ ত প্ৰকাশিত বেটুপাত
সম্পাদক অমল দত্ত
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক অসম বুক হাইভ
প্ৰতিষ্ঠাপক ড॰ ভবেন্দ্ৰ নাথ শইকীয়া
প্ৰতিষ্ঠা এপ্ৰিল, ১৯৮২ চন
দেশ ভাৰত
ভাষা অসমীয়া
ৱেবচাইট sofura.org

নিয়মীয়া শিতানসমূহ

নিয়মীয়াকৈ প্ৰকাশ পোৱা গল্প আৰু কবিতাৰ উপৰিও তলৰ নিয়মীয়া শিতানসমূহ সঁফুৰাৰ অন্যতম আকৰ্ষণ।

  • আশা কৰোঁ তোমালোক ভালে আছা : শিশুহঁতলৈ সঁফুৰাৰ সম্পাদকৰ পত্ৰসদৃশ সম্পাদকীয়।
  • তোমালোকৰ প্ৰশ্ন : শিশুসকলৰ কৌতূহলী প্ৰশ্ন আৰু সঁফুৰা কাৰ্যালয়ে দিয়া তাৰ উত্তৰৰ শিতান।
  • কিমান যে কথা, কিমান যে ঘটনা : সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক ঘটনাৱলীৰ শিতান।
  • ফুলনি : শিশু উপযোগী অনুবাদ গল্প, সাধু তথা চমু ৰচনাৰ শিতান।
  • ঘৰত কৰিবলৈ কাম দিছোঁ : সাঁথৰ, যুক্তি-বুদ্ধিৰ খেল শব্দ-শৃংখল আদিৰ শিতান।
  • সঁচাও নহয়, মিছাও নহয় : ৰগৰ।
  • মহাদুষ্টৰ দুষ্টবুদ্ধি : খুহুতীয়া গল্প।

ধাৰাবাহিক উপন্যাসসমূহ

  • মৰমৰ দেউতা : ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু উপন্যাস মৰমৰ দেউতা সঁফুৰাৰ পাততে প্ৰথম প্ৰকাশ পায়। বিপুল নামৰ সংগদোষত পৰি স্বভাৱ নষ্ট হোৱা এটা ল'ৰাৰ কাহিনীৰে উপন্যাসখনে গঢ় লৈছে আৰু কিছু জটিল পৰিস্থিতিত বিপুলৰ অনুশোচনাৰ ভাৱ আৰু আত্মশুদ্ধিৰে ইয়াৰ সমাপ্তি ঘটিছে।
  • থুপুলৰ কাণ্ড : অনামিকা বৰাই ৰচনা কৰা এই ধাৰাবাহিক উপন্যাসখনত থুপুল নামৰ এজনী সৰু ছোৱালীৰ কাণ্ড-কাৰখানাৰ কথা বৰ্ণনা কৰিছিল।
  • সোণটি আৰু হেনৰীহঁত : বন্দীতা ফুকনৰ এই উপন্যাসখনৰ কাহিনী জনপ্ৰিয় কাল্পনিক চৰিত্ৰ সোণটিআমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ আৰু ইয়াৰ অভিজ্ঞতাক লৈ গঢ় লৈছে।
  • ৰে'লপথৰ অকণিহঁত : ই. নেছবিটৰ দ্য ৰে'লৱে চিল্ড্ৰেনৰ অৱন্তিকা পৰাশৰে কৰা অনুবাদ।
  • অজান দেশত পাহি : এল. ফ্ৰেংক বমৰ দ্য ৱিজাৰ্ড অফ অ'জৰ কুমুদ গোস্বামীয়ে কৰা অনুবাদ।

অন্যান্য

সঁফুৰাৰ পাতত ভৱেশ মহন্তই 'জ্ঞানদ্বীপত আৰ্যহঁত' নামে এক কাহিনীৰ মাধ্যমেৰে বৈজ্ঞানিক চিন্তা-চৰ্চাৰ এলানি লেখা লিখিছিল। ইয়াৰ লগতে ড॰ অৱনী কুমাৰ ভাগৱতীয়ে অসমৰ প্ৰাকৃতিক আৰু জৈৱিক বৈচিত্ৰ্য তথা বৈশিষ্ট্যক লৈ লিখা 'অসমৰ ভূগোল' নামে এলানি প্ৰবন্ধও প্ৰকাশ পাইছিল। কাৰ্লো কলডিৰ পিন'কিঅ'ক কাহিনীক সঁফুৰা কাৰ্যালয়ৰ সহায়ত অমল মেধিয়ে চিত্ৰৰূপ দিছিল।

তথ্যসূত্ৰ


Tags:

শিশু আলোচনী সঁফুৰা নিয়মীয়া শিতানসমূহশিশু আলোচনী সঁফুৰা ধাৰাবাহিক উপন্যাসসমূহশিশু আলোচনী সঁফুৰা অন্যান্যশিশু আলোচনী সঁফুৰা তথ্যসূত্ৰশিশু আলোচনী সঁফুৰাঅসমীয়াইংৰাজী ভাষাভবেন্দ্ৰ নাথ শইকীয়া

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত চৰকাৰৰংৰমন্যাসবাদবুৰঞ্জীআলি আঃয়ে লৃগাংপ্ৰকৃতিমাতৃভাষাজ্যোতিপ্ৰসাদ আগৰৱালাচীনা-তিব্বতীয় ভাষাজাপানত ইছলাম ধৰ্মকৃষ্ণসনামহী ধৰ্মকিলোগ্ৰামমণিকুন্তলা ভট্টাচাৰ্য৩১ মাৰ্চভাৰতীয় জাতীয় কংগ্ৰেছঘিলামৰাছুনামিডিব্ৰুগড় বিশ্ববিদ্যালয়মাঘ বিহুএমাজন (কোম্পানী)শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাবাবৰশ্ৰী শ্ৰী বটদ্ৰৱা থানঅশোকৰ অনুশাসনঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅৰুণোদইযোগাসনমৌন ওঁঠ মুখৰ হৃদয়যতি-চিনআগ্নেয়গিৰিঅসম বৈভৱলোকসভাঅসমৰ অৰ্থনীতিবাংলাদেশভাৰতীয় ৰেলবিশ্বব্ৰহ্মাণ্ডআব্ৰাহামিক ধৰ্মঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিনিমাতী কইনাপৃথিৱীৰ বায়ুমণ্ডলগোৱালপাৰা জিলাতেজপুৰসাহিত্য অকাডেমি বঁটাছাইমন কমিশ্যনবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যইণ্টাৰনেটবচন (ব্যাকৰণ)অসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাবিহুৰ বাদ্যযন্ত্ৰছি জিনপিংনাউৰুকালিদাসনাগৰিকত্ববতাহঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাৰিয়ান পৰাগগোলকীকৰণউৎসৱভূটানজাতনামমুদ্ৰাঅসমীয়া গীতি সাহিত্যবেদঅংকীয়া নাটপৃথিৱীঅসমৰ মন্ত্ৰ-সাহিত্যঅসমৰ গামোচাধানঅসমৰ নদীসমূহৰ তালিকাকমলাকান্ত ভট্টাচাৰ্য্যনাটোসাপমাৰ্ঘেৰিটা মহকুমা🡆 More