কবিতা লিমাৰিক: কবিতাৰ শৈলী

লিমাৰিক (ইংৰাজী: Limerick) হৈছে পাঁচশাৰীৰ ছন্দযুক্ত কবিতা যিবোৰত ঘাইকৈ হাস্যৰস বা ধেমেলীয়া কথা সন্নিবিষ্ট হৈ থাকে। ১৯ শতিকাত এডৱাৰ্ড লিয়েৰে এই কবিতাৰ ধাৰাটো জনপ্ৰিয় কৰি তোলে। লিমাৰিক ক-ক-খ-খ-ক ছন্দৰে লিখা হয় অৰ্থাত প্ৰথম, দ্বিতীয়, পঞ্চম শাৰীৰ মাজত আৰু তৃতীয় আৰু চতুৰ্থ শাৰীৰ মাজত ছন্দৰ মিল থাকে। তৃতীয় আৰু চতুৰ্থ শাৰী সাধাৰণতে আন তিনিশাৰীৰ তুলনাত কম দীঘল হয়।

উৎপত্তি

লিমাৰিকৰ উৎপত্তি সম্বন্ধে বিভিন্নজনে বিভিন্নজনে বিভিন্নমত আগবঢ়ায়। বহুতে লিমাৰিকৰ জম্ম আয়াৰলেণ্ডৰ লিমাৰিক নামৰ চহৰত ১৭০০ খ্ৰীষ্টাব্দত হোৱা বুলি অনুমান কৰে। আইৰিছ সৈন্যবিলাক ১৭০০ খ্ৰীষ্টাব্দত ফৰাচী যুদ্ধৰ পৰা লিমাৰিক চহৰলৈ ঘূৰি আহোঁতে “will you come up to limerick” বুলি গোৱা ধেমেলীয়া গীতটোৰ পৰাই পিছৰ কালত ৰচিত চুটি ধেমেলীয়া কবিতাক “লিমাৰিক” নামেৰে নামকৰণ কৰা বুলি অনুমান কৰা হয়।

আনহাতে, কিছুমান তথ্যৰ মতে পুৰণি ইংলেণ্ডৰ ক্লাবসমূহত হেনো এবিধ সময় কটোৱা ধেমালিৰ চলন্তি আছিল। পোনতে কোনোবা এজনে এটা নতুন গানৰ প্ৰথম কলিটো গাই গীতটো জুৰি দিয়ে। বাকী সদস্যসকলে তেতিয়া উঠি পৰি লাগে তাৰ পাছত খাপ খোৱাকৈ পাছৰ কলিকেইটা সুৰৰ ভাষাত গুথি উলিয়াবলৈ। কোনোবা পাকত যেতিয়া এটা সুন্দৰ ধেমেলীয়া গান সম্পূৰ্ণ হৈ উঠে তেতিয়া উলাহতে গোটেইবোৰে একেলগে গুনগুনাই উঠে

      “will you come up,
          Will you come to Limerick”

এনেদৰে থাউকতে ৰচনা কৰা গীতবোৰৰ শেষত যোগ দিয়া ঘোষাফাঁকিত থকা “লিমাৰিক” শব্দটোক কোনোবাই পাচোঁটা চৰণৰ এই নতুন ধৰণৰ কবিতাবিধৰ নাম থলে আৰু তেতিয়াৰপৰাই এই কবিতাবিধৰ নাম হৈ পৰিল লিমাৰিক।

আনহাতে, আন এটা সূত্ৰৰ মতে লিমাৰিক হেনো আয়াৰলেণ্ডৰ কণ কণ ল’ৰা-ছোৱালীৰ ওমলাঘৰৰহে সৃষ্টি। ওমলাঘৰৰ যিকোনো নিচুকণি গীতৰ একোটা স্তৱকৰ ওৰ পৰিলেই বুঢ়ী-আইতাহঁতে হেনো এইদৰে একোঁফাকি ঘোষা জুৰি দিছিল:

      “we’ll all come up,
        Come up to Limerick”

আৰু ইয়াৰ পৰাই হেনো আৰম্ভণি হৈছিল লিমাৰিকৰ।

আকৌ কোনো কোনোৰ মতে অষ্টাদশ শতিকাত আয়াৰলেণ্ডৰ “মিআগ্” (maigue) কবিসকলে লিমাৰিক নামৰ খুহুতীয়া কবিতাবোৰৰ ৰচনা আৰম্ভ কৰিছিল।

“লিমাৰিক” একপ্ৰকাৰ কাব্য সৃষ্টিৰূপে প্ৰতিষ্ঠা লাভ কৰে এডৱাৰ্ড লিয়েৰৰ হাতত। ১৮৪৫ চনত লিয়েৰে তেখেতৰ প্ৰথমখন লিমাৰিক সংকলন “A book of nonsense” প্ৰকাশ কৰে।

কবিতা লিমাৰিক: কবিতাৰ শৈলী 
এডৱাৰ্ড লিয়েৰৰ "A book of Nonsense"

অসমীয়া ভাষাত লিমাৰিকৰ বাটকটীয়া আছিল মহেন্দ্ৰ বৰা। ১৯৭০ত প্ৰকাশিত তেখেতৰ অসমীয়া কবিতাপুথিৰ সংকলন “এই নদীয়েদি”ত পৰিশিষ্ট হিচাপে এক ডজন লিমাৰিক পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে। লিমাৰিকৰ গাঁথনি : লিমাৰিক একোটাহঁত পাঁচটা শাৰীৰ স্তৱক আকাৰৰ হয়। তাৰে প্ৰথম,দ্বিতীয় আৰু পঞ্চম শাৰীকেইটা দ্বিমাত্ৰিক ছন্দ-সম্বলিত, আৰু মাজৰ তৃতীয় আৰু চতুৰ্থ চৰণ দুটা দ্বি-মাত্ৰিক। প্ৰতিটো “মাত্ৰা”ত দুটা চুটি “অক্ষৰ”(syllable) ৰ পিছত থাকিব লাগে এটা দীঘল “অক্ষৰ”।

প্ৰথিতযশা অসমীয়া সাহিত্যিক ড॰ মহেন্দ্ৰ বৰাদেৱে এটা পূৰ্ণাংগ লিমাৰিকত থকা লক্ষণসমূহ এইদৰে আগবঢ়াইছে :

এক: এটা স্তৱকেই একোটা কবিতা। দুই: প্ৰতিটো স্তৱকত চৰণ থাকে পাঁচটা। তিনি: চৰণসমূহৰ মিলৰ গাঁথনিটো এনেকুৱা

            ক,ক,খ,খ,ক

চাৰি: মাজৰ চৰণ দুটা বাকীকেইটাৰ তুলনাত চুটি, চুটি মানে একোটাকৈ পৰ্ব কম থাকে। পাঁচ: শেষ চৰণটো আধাডুখৰীয়াকৈ, সম্পূৰ্ণকৈ নহয়, প্ৰথম চৰণৰ হুবহু পুনৰাবৃত্তি।

লিমাৰিকৰ বিভিন্ন নাম

লিমাৰিকক বঙালী ভাষাকবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে নাম দিছিল “খাপছাড়া”। অসমীয়া ভাষাত হীৰেন ভট্টাচাৰ্যদেৱে নাম দিছিল “পদ-ধেমালি” বুলি। “পঞ্চপদী” শব্দটিও কোনো কোনোৱে লিমাৰিকৰ প্ৰতিশব্দ বুলি ব্যৱহাৰ কৰা দেখা যায়। আনহাতে বহুতে লিমাৰিকক অসমীয়াত “উপপদ্য” আৰু “আপদীয়া পদ্য” নামেৰেও নামাংকৃত কৰিছে।

ড॰ মহেন্দ্ৰ বৰাদেৱৰ দুটামান লিমাৰিক :

        (১)

ভুল কৰি কাশীধাম নামি দেখে নৈনী

হাওৰাতে থাকি গ’ল সৰুজনী ঘৈণী

মচি উঠি জ্বৰ ঘাম

ল’লে তেওঁ ৰাম নাম

মুটিয়াই সুধিলেহি লাগে নেকি খৈণী॥


        (২)

থাপ মাৰি ডেকা ল’ৰা উলিয়ালে কেচি

চিপাহীয়ে কাটি দিলে চুলি যাৰ বেচি

ফেচনৰ ফুটিল বেলুন

থানাতেই বহিল চেলুন

নিবনুৱা নাপিতেও চোক দিলে কেচি॥

        (৩)

এক কথা পুলিচৰ দুই কথা নাই

উকীলকে ধৰি নিলে পঢ়ি থকা পাই

খোল কিয় উকীল খানা

খুলি ৰখা দোকান মানা

সাত বাজে বুজা নাই আইনৰ জাঁই॥


        (৪)

আছিল এজনী মিচ্ লেডী-টাইপিষ্ট্

ভুল কৰি কপি কৰে ভোটাৰৰ লিষ্ট্

ঘোচ খাই কিচমিচ

হ’ল তাই ডিচমিচ

গালি পাৰে চাহাবক পঘাখোৱা বীষ্ট্॥

        (৫)

জীয়েকলে’ লাগে হেনো ভাল এটি পাত্ৰ

চলি যায় হয় যদি এম.এ.ৰ ছাত্ৰ

মুখস্থ গোটেইখন

ৰন্ধন প্ৰকৰণ

গচকিহে পোৱা নাই পাকঘৰ মাত্ৰ॥

নৱকান্ত বৰুৱাৰ লিমাৰিক :

        (১)

মন্ত্ৰী গ’ল

কলগছৰ ভুৰত

ভুৰত নাই মাইল-মিটাৰ মহামস্কিল

কেনেকৈনো কেৰেণীয়ে কৰে টি.এ.বিল

সঁচাকৈয়ে ডি. চি. বোৰ একোৱেই নাই মূৰত॥


        (২)

কবি আনন্দ চন্দ্ৰ

শাৰদ মেঘৰ মন্ত্ৰ

নিজেই সুৰা নিজেই চাকি

নিজেই নিজক দিয়েহি বাকি

বকুল বনত তৰাৰ সতে কটায় ৰাতি অতন্দ্ৰ॥


        (৩)

বিদ্ৰোহী কবি প্ৰসন্নলাল

যদিও নীলক কৰিব নোখোজে লাল

তেওঁৰ নীলা তেজত ফুলা

ৰঙা পদুম পাহি মেলা

দেখি চোৱা গুবৰুৱাবোৰ কোন ফালে পলাল॥

তথ্য সংগ্ৰহ

  • অসমীয়া লিমাৰিক চয়ণ: প্ৰবীণ শইকীয়া-বৰ্ণালী শইকীয়া

Tags:

ইংৰাজী ভাষাকবিতা

🔥 Trending searches on Wiki অসমীয়া:

শিঙি মাছবৌদ্ধ ধৰ্মমাঘনোৱা দ’লএইড্‌ছদেৱদাসী নৃত্যএৰী ৰেচমবাথৌ ধৰ্মখোলকৃষ্ণচূড়াআমেৰিকা (মহাদেশ)ষড়ভুজপ্ৰাকৃতিক পৰিৱেশসালোক সংশ্লেষণবসন্ত ঋতুতিতাবৰ মহকুমাকাছাৰ জিলাৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসভট্টদেৱৰ গদ্যশৈলীআলুভূপেন্দ্ৰ সংগীতঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগসত্ৰজৈৱিক কৃষিহয়গ্ৰীৱ মাধৱ মন্দিৰৰোমান সাম্ৰাজ্যবুঢ়ী আইৰ সাধুলেছবিয়ানদিনৱিকিপিডিয়াভীষ্মকভূপেন হাজৰিকাৰ সাহিত্যবেলি ফুলনাগামিজহাজোলক্ষ্মীধৰ শৰ্মাসাঁথৰগৰ্ভপাতদিহানামভাষাবিজ্ঞান উপক্ৰমণিকাচৰাইগমাৰীজৱাহৰলাল নেহৰুনলবাৰী জিলাপাচন তন্ত্ৰবট গছভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসমীয়া ভাষাহোমি জাহাঙ্গীৰ ভাবালোকসভাৰ অধ্যক্ষকলিতা জনগোষ্ঠীভাওনাজোনবিল মেলাহাঁওফাঁওযতীন্দ্ৰ নাথ দুৱৰাসাঁচিপাতশিৱসাগৰৰ শিৱদৌলবদলা পদ্ম আতা সত্ৰঅসমৰ ইতিহাসআৰ্যভট্টদীপলিনা ডেকাভটিমাভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহমঙ্গল গ্ৰহমাৰিয়া মণ্টেছৰীবাৰেচহৰীয়া ভাওনা মহোৎসৱৰাম সৰস্বতীকৃষ্ণস্বামী বিবেকানন্দহেমাঙ্গ বিশ্বাসসপ্তকাণ্ড ৰামায়ণদূৰবীক্ষণ যন্ত্ৰনেমুবাঁহগৰুহাবুংদেৱদাৰুভাস্কো দা গামাশ্ৰী সূৰ্য পাহাৰ🡆 More