লাইকা (ৰুছ: Лайка) (১৯৫৪ - ১৯৫৭) এটি ৰুছ কুকুৰ তথা পৃথিৱীৰ প্ৰথম মহাকাশচাৰী। ই পৃথিৱীৰ প্ৰথম জীৱ হিচাপে পৃথিৱীৰ কক্ষপথ পৰিভ্ৰমণৰ সৌভাগ্য অৰ্জন কৰিছিল। ১৯৫৭ চনৰ ৩ নৱেম্বৰত উৎক্ষেপণ কৰা ছোভিয়েট মহাকাশযান স্পুটনিক ২ ত উঠি লাইকায়ে মহাকাশ ভ্ৰমণ কৰিছিল। লাইকাৰ লগে লগে আন দুটা কুকুৰক এই মহা অভিযানৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। শেষলৈ লাইকাই নিৰ্বাচিত হয়। লাইকাৰ মূল নাম কুদৰিয়াভকা আৰু ই এটা মাইকী কুকুৰ।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মাহাকাশ যানৰ ভিতৰত লাইকা | |
অন্য নাম | কুদৰিয়াভকা |
---|---|
প্ৰজাতি | Canis familiaris |
Breed | মংগ্ৰেল |
লিংগ | মাইকী কুকুৰ |
জন্ম | লাইকা (Лайка) প্ৰায় 1954 মস্কো, ছোভিয়েট ইউনিয়ন |
মৃত্যু | ৩ নৱেম্বৰ, ১৯৫৭ (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "{" বছৰ) স্পুটনিক ২, পৃথিৱীৰ নিম্ন কক্ষপথত |
কিহৰ বাবে জনাজাত | পৃথিৱীৰ প্ৰথম মহাকাশচাৰী জন্তু |
মালিক | ছোভিয়েট মহাকাশ কাৰ্যসূচী |
ওজন | ৫ কিলোগ্ৰাম (১১ পাউণ্ড) |
অত্যধিক চাপ আৰু তাপমাত্ৰা বৃদ্ধিৰ কাৰণে উৎক্ষেপণৰ কেইঘণ্টা মানৰ পিছতেই লাইকাৰ মৃত্যু হৈছিল। তাপ নিয়ন্ত্ৰণ ব্যৱস্থাত বিজুতি হোৱাৰ বাবে এনে ধাৰণা কৰা হয়। এই মহাকাশ অভিযানৰ বহু বছৰ পিছত লাইকাৰ মৃত্যুৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰা হৈছিল।
লাইকাৰ মহাকাশ ভ্ৰমণে প্ৰমাণিত হয় যে, পৃথিৱীৰ কক্ষপথত উৎক্ষেপিত মহাকাশযানত ওজনহীন থকা সত্ত্বেও যাত্ৰীৰ পক্ষে বাচি থকা সম্ভৱ। ইয়াৰ পৰা মনুষ্যবাহী মহাকাশযান প্ৰকল্পৰ দিশ সূচনা হয়। কোনো জীৱৰ ওপৰত মহাকাশৰ পৰিৱেশৰ প্ৰভাৱ কেনেধৰণৰ হয় সেয়াও লাইকাৰ মাধ্যমত জনা গৈছিল।
২০০৮ চনৰ ১১ এপ্ৰিলত ৰুছ চৰকাৰে লাইকাৰ সন্মানৰ অৰ্থে এক স্মৃতিসৌধ স্থাপন কৰিছে। মস্কোৰ এক সামৰিক গৱেষণা প্ৰতিষ্ঠানৰ ওচৰত এই স্মৃতিসৌধ অৱস্থিত। এই প্ৰতিষ্ঠানত মহাকাশত লাইকাৰ অভিযানৰ সকলো পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল। ৰকেটৰ ওপৰত এটি কুকুৰ ৰৈ থকা আৰ্হিত এই সৌধ নিৰ্মাণ কৰা হৈছে। লাইকাৰ অভিযান যেতিয়া উৎক্ষেপণ কৰা হৈছিল তেতিয়া জীৱৰ ওপৰত মহাকাশৰ প্ৰভাৱ সম্পৰ্কে জনা সম্ভৱ নাছিল। সেই কাৰণে বহুতে কৈছিল যে, কোনো জীৱৰ পক্ষে মহাকাশলৈ গৈ বাচি থকা সম্ভৱ নহয়। কিন্তু তেতিয়াৰ পৰায়ে ৰুছসকলে কুকুৰক মহাকাশলৈ প্ৰেৰণ কৰি মনুষ্যবাহী মহাকাশ অভিযানৰ সপোন দেখিছিল।
স্পুটনিক ১ ৰ সফল অভিযানৰ পিছত ৰুছ নেতা নিকিতা খ্ৰোশছেভয়ে ৭ নৱেম্বৰত বলশেভিক বিপ্লৱৰ ৪০তম বৰ্ষপূৰ্তি উপলক্ষ্যে দ্বিতীয় এক মহাকাশ অভিযানৰ ইচ্ছা ব্যক্ত কৰে। আগৰটোতকৈ বহুত সৰু এটি উপগ্ৰহৰ নিৰ্মাণ কাম ইতোমধ্যে আৰম্ভ হৈছিল। কিন্তু এই উপগ্ৰহৰ নিৰ্মাণ কাম ডিচেম্বৰৰ আগতে শেষ হোৱাৰ সম্ভাৱনা নথকাৰ বাবে স্পুটনিক ২ অভিযানৰ আৰম্ভ কৰা হয়। স্পুটনিক ৩ ৰ মাধ্যমে এই উপগ্ৰহ কক্ষপথত প্ৰেৰণ কৰা হয়।
নৱেম্বৰৰ সময়সীমাৰ ভিতৰত শেষ কৰাৰ বাবে অপেক্ষাকৃত সাধাৰণ ও নিম্নমানৰ এটি আৰ্হি বনাব লগীয়া হৈছিল। ৰুছ বিজ্ঞানী সকলে পিছত ৰাজহুৱা কৰে যে অক্টোবৰৰ ১০ বা ১২ তাৰিখে এই অভিযানৰ সিদ্ধান্ত লোৱা হৈছিল। অৰ্থাৎ মহাকাশযান তৈয়াৰৰ বাবে তেওঁলোকে সময় পাইছিল মাত্ৰ ৪ সপ্তাহ। এই কাৰণে স্পুটনিক ২ অতি নিম্ন মানৰ আৰু অপৰীক্ষিত যন্ত্ৰপাতিৰে তৈয়াৰ কৰা হৈছিল। তদুপৰি জীৱন্ত যাত্ৰীক পঠোৱা বাবে ইয়াৰ লগত সৌৰ বিকিৰণ আৰু মহাজাগতিক ৰশ্মি পৰিমাপৰ ব্যৱস্থা সংযুক্ত কৰা হৈছিল।
মহাকাশযান খনত জীৱন ধাৰণৰ উপযোগী পৰিৱেশ সৃষ্টি কৰা হৈছিল। ইয়াত এটি অক্সিজেন উৎপাদক আৰু অক্সিজেনক বিষাক্ত হৈ যোৱাৰ পৰা ৰক্ষা আৰু কাৰ্বন ডাই অক্সাইড শোষণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি আছিল। এটি পাংখা আছিল যি কেবিনৰ তাপমাত্ৰা ১৫° চেলচিয়াছতকৈ বেছি হলেই সক্ৰিয় উঠে আৰু কুকুৰটোৰ সহনীয় তাপমাত্ৰা বজায় ৰাখে। ৭ দিন বাচি থকাৰ বাবে প্ৰয়োজনীয় খাদ্য জেলাটিন হিচাপে সৰবৰাহ কৰা হৈছিল। কুকুৰটোৰ আৱৰ্জনা সংগ্ৰহৰ বাবে এখন বেগৰ লগত সংযুক্ত কৰা হৈছিল। উঠি থিয় হোৱা, খোজকঢ়া বা শোৱাৰ বাবে লাইকা যাতে বেছি লৰচৰ কৰিব নোৱাৰে তাৰ বাবে শিকলিৰে বান্ধি থোৱা হৈছিল। কুকুৰটোক এটি বিশেষ ধৰণৰ মহাকাশচাৰীৰ পোছাক পিন্ধোৱা হৈছিল। তাৰ হৃদযন্ত্ৰৰ পাল্চ নিৰ্ণয়ৰ বাবে এটি ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম আছিল। তাৰ উপৰিও শ্বসনৰ হাৰ, সৰ্বোচ্চ ধমনী চাপ আৰু কুকুৰটোৰ চলাচল চিহ্নিত কৰাৰ উপযোগী যন্ত্ৰপাতিও আছিল।
কুকুৰটোৰ নাম প্ৰথম লাইকা নাছিল। মস্কোৰ ৰাস্তাত ঘূৰি ফুৰা এটা অঘৰী কুকুৰ আছিল। এই মাইকী মনগ্ৰেল কুকুৰটো যেতিয়া পোৱা গৈছিল তেতিয়া ইয়াৰ বয়স আছিল প্ৰায় ৩ বছৰ আৰু ভৰ আছিল প্ৰায় ৬ কেজি (১৩ পাউণ্ড)। ৰুছ বিজ্ঞানী সকলে ইয়াক কেইবাটাও নাম দিছিল তাৰে ভিতৰত: Kudryavka (Little Curly 'ৰ ৰুছ নাম), Zhuchka (Little Bug'ৰ ৰুছ নাম) আৰু Limonchik (Little Lemon 'ৰ ৰুছ নাম)। লাইকা নামটিই পৃথিৱীৰ সৰ্বত্ৰ জনপ্ৰিয় হৈ উঠে। কুকুৰৰ কেইবাটাও প্ৰজাতিৰ ৰুছ নাম আছিল লাইকা। ৰাস্তাৰ অঘৰী কুকুৰক চয়ন কৰাৰ মূল উদ্দেশ্য আছিল যে এনে কুকুৰে প্ৰচণ্ড শীত সহ্য কৰিব পাৰে আৰু কেইবাদিনো নোখোৱাকৈ থাকিব পাৰে। আমেৰিকানসকলে স্পুটনিকৰ শব্দ-কৌতুক হিচাপে লাইকাৰ নাম মুটনিক দিছিল। অৱশ্য বহু আমেৰিকানে লাইকাক কেৱল কাৰ্লি নামে মাতিছিল। লাইকাৰ কুলপৰিচয় সঠিকভাবে জনা নাযায়। সাধাৰণতে ধাৰণা কৰা হয়, যে ই হাস্কিৰ নিচিনা একপ্ৰকাৰৰ অন্যান্য নৰডীক প্ৰজাতিৰ পৰা আহিছে। হাস্কিৰ লগত টেৰিয়াৰেৰ অলপ সমন্বয় লক্ষ্য কৰা যায়।
ইয়াৰ আগতে যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া কেৱল অৰ্ধ-কক্ষীয় (চাব-অৰবিটেল) অভিযান সমূহত প্ৰাণী পঠিয়াইছিল। স্পুটনিক ২ ৰ বাবে আন তিনটা কুকুৰক প্ৰশিক্ষণ দিয়া হৈছিল। সিহঁতৰ নাম আলবিনা, মুছকা আৰু লাইকা। ৰুছ মহাকাশ-জীৱন বিজ্ঞানী অলেগ গেজেনক'য়ে লাইকাক নিৰ্বাচন কৰে আৰু তাক প্ৰশিক্ষণ দিয়ে। আলবিনা দুটি অধিক উচ্চতাৰ পৰীক্ষণমূলক ৰকেট উৎক্ষেপণৰ অংশ আছিল। মুছকাক যন্ত্ৰপাতিৰ কৰ্মক্ষমতা আৰু জীৱন ধাৰণৰ উপযোগী পৰিৱেশ নিশ্চিতকৰণত ব্যৱহৃত হৈছিল।
স্পুটনিক ২ ৰ কেবিন খুব সৰু আছিল। ইমান সৰু ঠাইত থাকিবলৈ কুকুৰ কেইটাক অভ্যস্ত কৰাৰ বাবে প্ৰায় ২০ দিন পৰ্যন্ত সিহঁতক ইয়াতকৈ সৰু কক্ষত ৰখা হৈছিল। ইমান সৰু ঘৰত থকাৰ কাৰণে সিহঁতৰ মল-মূত্ৰ ত্যাগ বন্ধ হৈ গৈছিল, বিশ্ৰামত ব্যঘাত ঘটাৰ বাবে সিহঁতৰ অৱস্থা স্বাভাৱিকৰ তুলনাত যথেষ্ট বেয়া হৈ গৈছিল। মল নৰম কৰিবৰ বাবে লেক্সাটিভ ব্যৱহাৰ কৰিও কোনো সুফল পোৱা নগৈছিল। গৱেষক সকলে বুজিলে যে অনেক দিনৰ নিয়মিত প্ৰশিক্ষণৰ বাদে কোনো গত্যন্তৰ নাই। কুকুৰ কেইটাক এটি চেন্ত্ৰীফিউজত ৰখা হৈছিল যাতে ষ্টিমুলেছনৰ মাধ্যমত ৰকেট উৎক্ষেপণৰ সময়ৰ ত্বৰিত পৰিৱেশ সৃষ্টি হয়। তাৰ উপৰি মহাকাশযানৰ শব্দৰ ষ্টিমুলেছন কৰা এটি যন্ত্ৰৰ মাধ্যমেও সিহঁতক প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াত সিহঁতৰ হৃদ্কম্পনৰ হাৰ দ্বিগুণ হৈ গৈছিল আৰু চাপ ৩০-৬৫ টৰ পৰ্যন্ত বাঢ়ি গৈছিল। সিহঁতক এক প্ৰকাৰৰ পুষ্টিকৰ জেল খাবলৈ দিয়া হৈছিল। মহাকাশত এই জেলকে সিহঁতৰ খাদ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।
উৎক্ষেপণ স্থলীলৈ লৈ যোৱাৰ আগতে এজন বিজ্ঞানীয়ে লাইকাক তেওঁৰ লগত নিজৰ ঘৰলৈ লৈ যায়। ছোভিয়েট মহাকাশ অভিযানৰ বিষয়ে লিখা এটি কালপঞ্জিমূলক গ্ৰন্থত ড॰ ভ্লাদিমিৰ ইয়াজদোভ্স্কিয়ে লিখিছে, "মই তাইৰ বাবে সুন্দৰ কিছু কৰিব বিচাৰিছিলোঁ : কাৰণ তাইৰ আয়ু খুব কম আছিল। "
নাছাৰ এটি দলিলত উল্লেখ কৰা হৈছে, ১৯৫৭ চনৰ ৩১ অক্টোবৰ অৰ্থাৎ উৎক্ষেপণৰ ৩ দিন পূৰ্বেই লাইকাক কৃত্ৰিম উপগ্ৰহটোৰ ভিতৰত স্থাপন কৰা হৈছিল। উৎক্ষেপণৰ দিনা তাত প্ৰচণ্ড শীত পৰিছিল। এই কাৰণে এটি নমনীয় নলীৰ সহায়ত তাৰ ভিতৰত গৰম পানী প্ৰৱাহিত কৰাৰ মাধ্যমত লাইকাৰ ধাৰকটোক গৰম ৰখা হৈছিল। উৎক্ষেপণৰ ঠিক আগে আগে লাইকাক সকলো সময়তে পৰ্যবেক্ষণ কৰাৰ বাবে দুজন সহকাৰী নিয়োগ কৰা হৈছিল।
ৱিকিমিডিয়া কমন্সত লাইকা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
This article uses material from the Wikipedia অসমীয়া article লাইকা, which is released under the Creative Commons Attribution-ShareAlike 3.0 license ("CC BY-SA 3.0"); additional terms may apply (view authors). আন একো উল্লেখ নাথাকিলে এই বিষয়বস্তু CC BY-SA 4.0 ৰ আওতাত উপলব্ধ। Images, videos and audio are available under their respective licenses.
®Wikipedia is a registered trademark of the Wiki Foundation, Inc. Wiki অসমীয়া (DUHOCTRUNGQUOC.VN) is an independent company and has no affiliation with Wiki Foundation.