মায়ং

মায়ং (ইংৰাজী: Mayong), অসমৰ মৰিগাঁও জিলাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এটা অঞ্চল৷ এই অঞ্চলক যাদু-মন্ত্ৰৰ স্থান (Land of Black Magic) বুলিও অভিহিত কৰা হয়৷ মায়ং গুৱাহাটীৰ পৰা প্ৰায় ৪০ কি:মি: দূৰত্বত অৱস্থিত৷ এই অঞ্চলটো দেশৰ ভিতৰতে যাদু-মন্ত্ৰৰ কিংবদন্তীপূৰ্ণ ইতিহাসৰ বাবে প্ৰসিদ্ধ৷ মধ্যযুগৰ সময়ছোৱাত এই অঞ্চলটো প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়৷

মায়ং (Mayong)
—  গাঁও  —
স্থানাঙ্ক
দেশ মায়ং ভাৰত
ৰাজ্য অসম
জিলা মৰিগাঁও
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড
  • • ফোন • +913678
মায়ং
মায়ং অঞ্চলৰ এখন ছবি

নামকৰণ

মায়ঙৰ এই নামৰ সৈতে বহুতো প্ৰবাদ আৰু কিংবদন্তি জড়িত হৈ আছে৷ ইয়াৰে উল্লেখযোগ্যসমূহ হ'ল-

  • কিছুলোকৰ মত অনুসৰি মায়ং নামটো 'মায়া' শব্দৰ পৰা আহিছে৷ কাৰণ অতীজৰে পৰা এই অঞ্চলটোৰ যাদুবিদ্যাৰ বাবে 'মায়াৰ দেশ ( land of illusion) গণ্য কৰা হয়৷
  • অন্য কিছু লোকৰ মত অনুসৰি সমগ্ৰ উত্তৰ-পূব ভাৰত অসমৰ অন্তৰ্ভুক্ত হৈ থকাৰ সময়ত মাইবং গোষ্ঠীৰ ডিমাচা লোকসকল আহি মায়ঙত বসবাস কৰিবলৈ লয়৷ এই পাহাৰীয়া অঞ্চলটো সেইসময়ত হাতীৰ বসতিস্থল আছিল৷ ডিমাচা শব্দ 'Miyong'ৰ অৰ্থ হাতী৷ গতিকে 'মায়ং' নামটো এই শব্দৰ পৰাই উদ্ভৱ হয়৷
  • কিংবদন্তি অনুসৰি মায়ঙ নামটোৱে 'শক্তি দেৱীৰ অংশ' বুজায়৷ 'মা' ৰ অৰ্থ শক্তি দেৱী আৰু Ongo ৰ অৰ্থ অংশ৷

যাদু-মন্ত্ৰ

যাদু-মন্ত্ৰৰ ব্যৱহাৰৰ বাবে মায়ং খুবেই প্ৰসিদ্ধ আছিল৷ এইসম্পৰ্কে বহুতো কাহিনী প্ৰচলিত থকাৰ সম্ভেদ পোৱা যায়৷ উদাহৰণস্বৰূপে, মন্ত্ৰৰ বলেৰে আলহীৰ গাত পিৰা লাগি ধৰা, বহুতো দুৰত্ব কম সময়ৰ ভিতৰতে অতিক্ৰম কৰা, পিঠিত কাঁহৰ কাঁহী আঠা লাগি ধৰা আদি ঘটনাৰ কথা জনা যায়৷ এই অঞ্চললৈ যাদুশিক্ষাৰ উদেশ্যেৰে বহু দুৰ-দূৰণিৰ পৰাও লোক অহা বুলি জানিব পৰা যায়৷ কেইটামান ব্যতিক্ৰমৰ বাহিৰে প্ৰায়ভাগ মন্ত্ৰই মৌখিকভাৱে ইজনৰ পৰা সিজনলৈ বিস্তৃতি লাভ কৰিছিল৷

কিংবদন্তি

কিংবদন্তিত মায়ঙকে ধৰি প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ গুৰুত্বপূৰ্ণ উল্লেখ আছে৷ উদাহৰণস্বৰূপে কচাৰী ৰাজত্বৰ মহাৰজা ঘটোৎকচে মহাভাৰতৰ যুদ্ধত অংশ লৈ যাদুমন্ত্ৰৰ প্ৰয়োগ কৰাৰ কথা জনা যায়৷

নৰবলি

ঐতিহাসিক সাক্ষ্য অনুসৰি আধুনিক কালৰ আগভাগলৈকে শক্তি সাধনাৰ ক্ষেত্ৰত নৰবলি অৰ্থাৎ মানৱ-উৎসৰ্গাৰ প্ৰথা প্ৰচলিত আছিল। শেহতীয়াকৈ খন্দনৰ জৰিয়তে তৰোৱাল আৰু অন্যান্য চোকা হাথিয়াৰ সন্ধান পোৱা গৈছে আৰু এইবোৰৰ সৈতে দেশৰ অন্যান্য প্ৰান্তত মানৱ-উৎসৰ্গাত ব্যৱহৃত হাথিয়াৰৰ সাদৃশ্য দেখা যায়। ভাৰতীয় প্ৰত্নতাত্বিক প্ৰাধিকাৰী (ASI) গুৱাহাটী চক্ৰৰ অধীক্ষক প্ৰত্নতাত্বিক কে মঞ্জুলে এইদৰে কয় যে, “The swords are huge, similar to what were used in human sacrifice in some parts of the country. The villagers, too, told us that their forefathers used to talk about human sacrifice. We have reason to believe that human sacrifice might have taken place in the Ahom era in Mayong. At present, the ritual of animal sacrifice is prevalent in Mayong as it is in other Shakti shrines in the state. But we need to find out more evidence to arrive at a conclusion.”।

প্ৰত্নতত্ব তথা পৰ্যটন

মায়ং 
মায়ং অঞ্চলৰ পৰা দৃশ্যমান হোৱা ব্ৰহ্মপুত্ৰ

চহকী বন্যজীৱ, প্ৰত্নতাত্বিক তীৰ্থস্থান, ইক'-টুৰিজিম, এডভেন্সাৰ টুৰিজিম, সাংস্কৃতিক পৰ্যটন আৰু নদী পৰ্যটনৰ বাবে মায়ং পৰ্যটন আৰু প্ৰত্নতাত্বিক দিশত এক আকৰ্ষণৰ ক্ষেত্ৰ হৈ পৰিছে। মায়ং প্ৰত্নতাত্বিক ধ্বংসাৱশেষ, বহু আৱিষ্কৃত আৰু আন বহুতো অনাৱিষ্কৃত শিল্পকৃতি সমলেৰে ভৰপূৰ। গাঁওখনত থকা মায়ং কেন্দ্ৰীয় সংগ্ৰহালয় আৰু এম্প'ৰিয়ামত (Mayong Central Museum and Emporium) যাদু-মন্ত্ৰ (Black Magic) আৰু আয়ুৰ্বেদৰ বহু প্ৰাচীন পাণ্ডুলিপি সংৰক্ষিত হৈছে।

লগতে চাওক

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

মায়ং নামকৰণমায়ং যাদু-মন্ত্ৰমায়ং কিংবদন্তিমায়ং নৰবলিমায়ং প্ৰত্নতত্ব তথা পৰ্যটনমায়ং লগতে চাওকমায়ং তথ্যসূত্ৰমায়ং বাহ্যিক সংযোগমায়ংঅসমইংৰাজী ভাষাগুৱাহাটীব্ৰহ্মপুত্ৰমৰিগাঁও জিলা

🔥 Trending searches on Wiki অসমীয়া:

নৰসিংহ (উদ্ভিদ)সংখ্যাঅজামিলঅসমৰ সাহিত্যিকসকলৰ তালিকাকুশান নৃত্যভাৰতৰ উপৰাষ্ট্ৰপতিনিৰ্মলপ্ৰভা বৰদলৈশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯দিছপুৰৰাইমনা ৰাষ্ট্ৰীয় উদ্যানপঞ্চভুজ৩০ এপ্ৰিলমহীচন্দ্ৰ মিৰিচুতীয়া ৰাজ্যবাঁহী (আলোচনী)মাটিনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাসিন্ধু নদীসাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকাইংৰাজী ভাষাএজাৰহয়গ্ৰীৱ মাধৱ মন্দিৰএইড্‌ছখ্ৰীষ্টান ধৰ্মপ্ৰহ্লাদ চৰিত্ৰঢ়অভয়াপুৰীকামৰূপ জিলাবিহুৰ বাদ্যযন্ত্ৰঅসমীয়া গীতি সাহিত্যপৰ্যটনৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩ৰংকেৰআন্তৰ্জাতিক শ্ৰমিক দিৱসজতুৱা ঠাঁচকামাখ্যা মন্দিৰহোমেন বৰগোহাঞিবানপানীগোৱালপাৰাআজান পীৰভৈৰৱী মন্দিৰঅসম চাহদঁতাল হাতীৰ উঁয়ে খোৱা হাওদালিংগঅসমৰ জাতীয় গীতৰাজস্থানম’বাইল ফোনবিজয় (অভিনেতা)আন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিস্বৰাজস্বচ্ছ ভাৰত অভিযানলোকসভাকাকৈজানা সংৰক্ষিত বনাঞ্চলধাতু আৰু অধাতুচৰাইঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাশালস্তম্ভ ৰাজবংশসাক্ষৰতাউৎসৱকলাগুৱাহাটী বিশ্ববিদ্যালয়কনকলতা বৰুৱালক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদাননৰকাসুৰযোগাসনএচিদ বৰষুণ২৯ এপ্ৰিলগোৱালপৰীয়া লোকগীতঅসীমত যাৰ হেৰাল সীমানগাঁওপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যআনন্দৰাম বৰুৱাদেওধনী নৃত্যসতী সাধনীসৰ্বশিক্ষা অভিযানচান্দ সদাগৰ🡆 More