বাণাসুৰ

বাণ (বা বাণাসুৰ) হিন্দু কিংবদন্তি মতে এজন সহস্ৰ বাহু থকা অসুৰ ৰজা আৰু বলিৰ পুত্ৰ। শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)ক ৰাজধানী কৰি বাণাসুৰে মধ্য অসমত ৰাজত্ব কৰিছিল বুলি বিশ্বাস কৰা হয়। পুৰাণিক কাহিনী অনুসৰি বাণাসুৰ এজন কিৰাট ৰজা আছিল। আনহাতে হিমাচলৰ লোককথা মতে তেওঁ শোণিতপুৰৰ (বৰ্তমানৰ হিমাচল প্ৰদেশৰ চাৰাহন) ৰজা আছিল।

বাণাসুৰ
তথ্য
পৰিয়াল বলি (পিতৃ)
দাম্পত্যসঙ্গী কন্দলা
সন্তান ঊষা

কিংবদন্তি

প্ৰতাপী অসুৰ ৰজা বাণাসুৰে এখন ডাঙৰ ৰাজ্য শাসন কৰিছিল। বিষ্ণুৰ কথা মতে বিশ্বকৰ্মাই প্ৰদান কৰা ৰাসলিংগক তেওঁ পূজা কৰিছিল। শিৱ‌ই তাণ্ডৱ নৃত্য কৰিলে ভক্ত বাণে তেওঁৰ সহস্ৰ বাহুৰে মৃদংগ বজাইছিল। বাণৰ ভক্তিত সন্তুষ্ট হৈ শিৱ‌ই তেওঁক বৰ দিয়ে আৰু বাণক ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। সময়ৰ লগে লগে বাণ নিষ্ঠুৰ আৰু দাম্ভিক হৈ উঠে। বহুতো ডেকাই কন্যাৰ পাণি গ্ৰহণ কৰিবলৈ বিচৰাত তেওঁ জীয়ৰী ঊষাঅগ্নিগড়ৰ দুৰ্গত বন্দী কৰি ৰাখে। এদিন ঊষাই সপোনৰ এজন পুৰুষক দেখা পাই প্ৰেমত পৰে। ঊষাৰ সখী আছিল বাণ ৰজাৰ মন্ত্ৰী কুম্ভাণ্ডৰ জী চিত্ৰলেখা। প্ৰতিভাবান চিত্ৰকৰ চিত্ৰলেখাই বহু ছবি আঁকি দেখুৱাই সপোনৰ পুৰুষজন শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ বুলি চিনাক্ত কৰে। মায়াজালেৰে চিত্ৰলেখাই অনিৰুদ্ধক অপহৰণ কৰি ঊষাৰ ওচৰলৈ লৈ আহে। এই কথা গম পাই বাণে অনিৰুদ্ধক বন্দী কৰি থয়। কৃষ্ণ‌ই অনিৰুদ্ধক মোকোলাবলৈ আহোঁতে বাণাসুৰৰ ৰক্ষক শিৱৰ লগত তেওঁৰ প্ৰচণ্ড যুঁজ হয়। এই যুদ্ধক হৰি-হৰ যুদ্ধ বোলে। যুদ্ধত তেজৰ নৈ বৈ যোৱা বাবে ঠাইডোখৰ পাছলৈ তেজপুৰ বা শোণিতপুৰ বুলি জনাজাত হয়। ব্ৰহ্মাৰ হস্তক্ষেপত কৃষ্ণ আৰু শিৱ‌ই যুঁজ বন্ধ কৰিবলৈ সৈমান হয়। ইয়াৰ পাছত কৃষ্ণই বাণাসুৰৰ দুখন হাতৰ বাহিৰে সকলোবোৰ কাটি পেলায়। বাণাসুৰে কৃষ্ণক ক্ষমা খোজে আৰু ঊষাক অনিৰুদ্ধলৈ বিয়া দিয়ে।

বংশ-পৰিয়াল

বাণাসুৰ 
Banasur Remarking on Evil

বাণাসুৰৰ বংশ এনে ধৰণৰ:

মিডিয়া আৰু সাহিত্য

ভাৰতীয় মহাকাব্য মহাভাৰত আৰু ভাগৱত পুৰাণত বাণাসুৰৰ কাহিনী বৰ্ণোৱা হৈছে। শক্তি দেৱীয়ে বিয়াৰ বাবে তেওঁক প্ৰত্যাখ্যান কৰাৰ কাহিনী তামিল সংগম সাহিত্যকৰ্ম মণিমেকলৈ আৰু পুৰাণানুৰু; ভট্টৱতাৰৰ বাণাসুৰ কথাত বৰ্ণিত হৈছে। ওড়িয়া ভাষাত শিশু শংকৰ দাসে ১৫ শ শতিকাত ৰচনা কৰা মহাকাব্যিক কবিতা ঊষাভিলাষতো বাণৰ কাহিনী কোৱা হৈছে।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৪ বছৰ বয়সতে "শোণিত কুঁৱৰী" নাটক ৰচনা কৰিছিল।

১৯৬১ চনত ৰাজাৰাজেশ্বৰী ফিল্ম্‌ছৰ বেনাৰত কাডাৰু নাগাভূষণমে "ঊষা পৰিণয়ম" নামৰ এখন তেলেগু বোলছবি নিৰ্মাণ কৰিছিল। প্ৰখ্যাত তেলেগু অভিনেতা এছ ভি ৰংগা ৰাৱে বাণাসুৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।

লাইফ অ'কে টেলিভিজন চিৰিজ "দেৱ'ন কা দেৱ...মহাদেৱ"ত বাণাসুৰৰ চৰিত্ৰ পঞ্জৱী অভিনেতা বিক্ৰমজিত বিৰ্কে ৰূপায়ণ কৰিছিল।

Far Cry 4 নামৰ ভিডিঅ' গেইমতো বাণাসুৰৰ চৰিত্ৰ আছে।

তথ্যসূত্ৰ

গ্ৰন্থপঞ্জী

  • Dictionary of Hindu Lore and Legend (আই.এচ.বি.এন. 0-500-51088-1) by Anna Dhallapiccola
  • Acharya Chandra Shekhar Shastri: Puranon ki Anmol Kahanian, 2006 আই.এচ.বি.এন. 81-902258-6-3

Tags:

বাণাসুৰ কিংবদন্তিবাণাসুৰ বংশ-পৰিয়ালবাণাসুৰ মিডিয়া আৰু সাহিত্যবাণাসুৰ তথ্যসূত্ৰবাণাসুৰ গ্ৰন্থপঞ্জীবাণাসুৰঅসুৰতেজপুৰশোণিতপুৰহিমাচল প্ৰদেশ

🔥 Trending searches on Wiki অসমীয়া:

শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাকোচ ৰাজবংশীগায়ত্ৰী মহন্তসদৌ অসম ছাত্ৰ সন্থামানৱ উন্নয়ন সূচকদৰ্শননীলপৱন বৰুৱাযীশুবৰ্মণ ৰাজবংশঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শননুমলীগড় তেল শোধনাগাৰআজান পীৰগোপীনাথ বৰদলৈসাঁচিপাতচন্দ্ৰকুমাৰ আগৰৱালাঅন্ধ্ৰপ্ৰদেশবিহুৰ সাজ-পোচাক আৰু অলংকাৰবাংলাদেশগোলকীকৰণঅসমীয়া গীতি সাহিত্যচিদাম্বৰম (চলচ্চিত্ৰ)ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহহাবুংবিহুমহাকাব্যকথা কবিতাঅসমত দেখা চৰাইবোৰপ্ৰেমচন্দৰজনীকান্ত বৰদলৈকুঁহিয়াৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাকানাই বৰশী বোৱা শিলালিপিশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯নামদাঙৰ শিলৰ সাঁকোসপ্তকাণ্ড ৰামায়ণপৰিস্থিতি বিজ্ঞানচৈয়দ আব্দুল মালিকবাজেটতথ্য জনাৰ অধিকাৰ আইন, ২০০৫সৌৰজগতক্ৰমবিকাশশিশু সাহিত্যঅৰ্জুন ভঞ্জননামঘোষাইছলাম১ এপ্ৰিলভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যচৰাইতানসেননাৰীবাদী তত্ত্ববন্দে মাতৰম্‌নলিনীবালা দেৱীসংগীতমহাদেশঅসমৰ তেল শোধনাগাৰভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবড়ো ভাষাঅসম আন্দোলনগৱেষণাঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকামণিকুন্তলা ভট্টাচাৰ্যৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানতাজমহলচ'জুনচামগুৰি সত্ৰগাঁওবুঢ়া (নাটক)চাপাটিছি জিনপিংচকলংগদ্যপূৰ্ণ স্বৰাজ🡆 More