বব্ৰুবাহনৰ যুদ্ধ: হৰিবৰ বিপ্ৰ ৰচিত কাব্য

বব্ৰুবাহনৰ যুদ্ধ হৈছে মূলত এখন কাব্য। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ মুঠ তিনিখন কাব্যগ্ৰন্থ - লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধৰ মাজত অন্যতম।

বব্ৰুবাহনৰ যুদ্ধ: বৈশিষ্ট্য, বিষয়বস্তু, কবি
যুদ্ধত নিজ পুত্ৰ বব্ৰুবাহনৰ হাতত অৰ্জুনৰ মৃত্যু (প্ৰায় ১৬১৬ চনৰ মোগলৰ সময়ৰ এক চিত্ৰ)

বৈশিষ্ট্য

বব্ৰুবাহনৰ যুদ্ধ মূলত এখন কাব্যগ্ৰন্থ। গ্ৰন্থখনৰ মূল জৈমিনী মহাভাৰতৰ অশ্বমেধ পৰ্ব। মূল গ্ৰন্থৰ ১২-১৪ আৰু ৩৭-৪০ অধ্যায়ৰ কথাবস্তুৰ আধাৰত মৌলিক কাব্যৰ দৰে এই কাব্যগ্ৰন্থখন ৰচনা কৰা হৈছে। মূল গ্ৰন্থৰ সপ্ততলৰ বৰ্ণনাক কবি জনে ইয়াত বাদ দিছে। কাব্যৰ কাহিনী বিকাশত সহায়ক নহয় বুলি ভোগৱতী নদীৰ পাৰৰ হাটকেশ্বৰ শিৱলিংগৰ কথাও কাব্যখনত বাদ দিয়া হৈছে। কাব্যখনৰ মূল আকৰ্ষণ হৈছে ঘৰুৱা চিত্ৰকলা, উপমা আৰু ইয়াৰ সহজ ভাষা। যুদ্ধৰ বৰ্ণনাৰ ক্ষেত্ৰত কবি জনাই মূল গ্ৰন্থখনক বিশেষ প্ৰাধান্য দিছে অৱশ্যে বব্ৰুবাহন আৰু বৃষকেতুৰ মাজত হোৱা যুদ্ধৰ বৰ্ণনাত কবি, মূলৰ পৰা যথেষ্ট আঁতৰি গৈছে। কাব্যৰ ভাষা পৌৰাণিক অসমীয়া ভাষা।

বিষয়বস্তু

বব্ৰুবাহন মণিপুৰ ৰাজ্যৰ ৰাজকন্যা চিত্ৰাঙ্গদা আৰু তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুতেক আছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যেতিয়া পঞ্চপাণ্ডৱে হস্তিনাপুৰত ৰাজত্ব কৰিছিল, তেতিয়া বব্ৰুবাহনে মণিপুৰত ৰাজত্ব কৰিছিল। তেওঁ পাণ্ডৱৰ অশ্বমেধ ঘোঁৰা বন্দী কৰি থৈ পিতৃ অৰ্জুনৰ লগত যুদ্ধ কৰি অৰ্জুনক পৰাস্ত কৰে।

প্ৰথম অৱস্থাত অৰ্জুনে বব্ৰুবাহনৰ হাতত মহা মহা বীৰ পৰাস্ত হোৱা দেখি অশ্বমেধ যজ্ঞক লৈ চিন্তিত হৈছে আৰু বৃষকেতুৰ ওচৰত এই লৈ দুখ প্ৰকাশ কৰিছে। অৰ্জুনৰ বিলাপ কাব্য খনৰ মূল আকৰ্ষণ। মূলত নথকা নানান বাদ্যৰ ব্যৱহাৰ, অতিৰিক্ত দেৱ-দেৱীৰ উল্লেখৰ লগতে বিপ্ৰ দেৱে মণিপুৰত বিজয় উৎসৱৰ অতিৰিক্ত বৰ্ণনা গ্ৰন্থখনত উল্লেখ কৰিছে।

কবি

চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম। তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল। এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন ক্ৰমে - "বব্ৰুবাহনৰ যুদ্ধ", "লৱকুশৰ যুদ্ধ" আৰু "তাম্ৰধ্বজৰ যুদ্ধ" উপৰিও আনএখন কাব্য হৈছে-"সুধন্বা-বধ" অৱশ্যে জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা বুলি নিশ্চিত নহয়।। হৰিবৰ বিপ্ৰক মাধৱদেৱৰ অন্যতম শিষ্য বংশীগোপালদেৱৰ ককা বুলিও ৰমানন্দ দ্বিজে ক'ব বিচাৰে আৰু ড° মহেশ্বৰ নেওগেও এই কথাত হয়ভৰ দিছে। তেওঁ প্ৰাক্ শংকৰী যুগৰ প্ৰসিদ্ধ কবি। হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন। কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে। যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৌলিকত্ব বহুখিনি চকুত পৰে। হৰিহৰ বিপ্ৰৰ পৃষ্ঠপোষক ৰজাজন হৈছে কমতাপুৰৰ দুৰ্লভনাৰায়ণ। হৰিবৰ বিপ্ৰৰ আনুমানিক জন্মস্থান কমতাপুৰৰ কোনো অঞ্চল আৰু তেওঁৰ জন্ম হয় ত্ৰয়োদশ শতিকাত।

তথ্যসূত্ৰ

Tags:

বব্ৰুবাহনৰ যুদ্ধ বৈশিষ্ট্যবব্ৰুবাহনৰ যুদ্ধ বিষয়বস্তুবব্ৰুবাহনৰ যুদ্ধ কবিবব্ৰুবাহনৰ যুদ্ধ তথ্যসূত্ৰবব্ৰুবাহনৰ যুদ্ধতাম্ৰধ্বজৰ যুদ্ধলৱ-কুশৰ যুদ্ধহৰিবৰ বিপ্ৰ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ ৰাষ্ট্ৰপতিহিউৱেন-চাংবিজ্ঞানশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাহিন্দী ভাষাবিশ্ব পশু চিকিৎসা দিৱসনগাঁও জিলাআহোম-মোগলৰ সংঘৰ্ষখোলগুৱাহাটীৰ পৰ্যটনস্থলসমূহৰ তালিকামৰিগাঁও জিলাযোগেশ দাসলীলা গগৈঅম্বুবাচীঅসমৰ জনগোষ্ঠীমাখিয়তীঅৰ্ণৱ, আস্থা আৰু JECআলোক তন্তুদ্ৰৌপদী মূৰ্মুভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাটাই সংস্কৃতিৰ ৰূপৰেখাবৰপেটাপৰ্যটনঅণুবীক্ষণ যন্ত্ৰশকুন্তলাবিজয় (অভিনেতা)সমোচ্চাৰিত শব্দবৰপেটা জিলাপানীআৰবী ভাষামে ডাম মে ফিঘৰআহোম জনগোষ্ঠীজিকিৰচিত্ৰ-ভাগৱতসমাজবাদদেৱালীআহোম ৰাজবংশঈয়াৰুইঙ্গমগণেশ গগৈডিমাছা জনগোষ্ঠীদেৱকান্ত বৰুৱাবড়ো চুক্তি ২০২০ঢ়আন্তৰ্জাতিক শ্ৰমিক দিৱসবাঢ়ৈটোকাঅসমত দেখা পোৱা মাছৰ তালিকাবট গছকলাউৎসৱধৰ্মমায়ামৰা সম্প্ৰদায়শেৱালি ফুলভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যডিম্পু বৰুৱামালিতাবেলি ফুলমাৰিয়া মণ্টেছৰীঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকান'বেল বঁটাঅসমৰ চাহ জনগোষ্ঠীসিংহ (ৰাশি)জ্ঞানপীঠ বঁটাসাহিত্য অকাডেমি বঁটাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাহাবুং২৮ এপ্ৰিলনীলমণি ফুকন (কনিষ্ঠ)হস্তীবিদ্যাৰ্ণৱকেতেকীম’বাইল ফোনবিহুৰ বাদ্যযন্ত্ৰকুশান নৃত্যকুমাৰ ভাস্কৰ বৰ্মামাজুলী🡆 More