ব্যাকৰণ বচন

বচন (ইংৰাজী: Number) শব্দৰ সাধাৰণ অৰ্থ কথা, উক্তি বা বক্তব্য। বচনৰ ইংৰাজী প্ৰতিশব্দ হ'ল 'number'। ব্যাকৰণত এই শব্দটো বিশেষ অৰ্থত প্ৰয়োগ হয়। বচন শব্দই ভাষাৰ আলোচনাত পদে বুজোৱা সংখ্যা বা পৰিমাণ বুজায়। যেনে :-

  • তুমি খেলি আছা। মই পঢ়িছোঁ।
  • সি নাচিছে। বদনে দেখোন হাঁহিছে।

এই বাক্য কেইটাৰ তুমি, মই, সি আৰু বদন - এই প্ৰত্যেকটো পদে এজন ব্যক্তিক বুজাইছে। সেইদৰে,

  • মোৰ কিতাপখন পঢ়া হ'ল। মানুহজন এতিয়াও আহি নাপালে।
  • কাম কৰোঁতে চোলাটো লেতেৰা হ'ল।

এই বাক্যকেইটাৰ কিতাপখন, মানুহজন, চোলাটো পদে কেৱল এটা বস্তু বা এজন ব্যক্তিক বুজাইছে।

এনেকৈ, কোনো বাক্যত পদে এটাক বুজালে একবচন বোলে। ওপৰত পোৱা তুমি, মই, সি, বদন আৰু কিতাপখন, মানুহজন, চোলাটো একোটাহঁত একবচনৰ পদ।

ঠিক তেনেদৰে তলৰ বাক্যকেইটালৈ মন কৰা হ'ল -

  • আমাৰ দেউতা ফুৰিবলৈ ওলাই গৈছে।
  • তোমালোকে কি খেলিবলৈ ভাল পোৱা?
  • ৰ'দত দিয়া কাপোৰবোৰ শুকাল।
  • গৰুবিলাক পথাৰত চৰি আছে।

ইয়াত, আমাৰ পদে কেৱল মোক বুজোৱা নাই; মোৰ সহোদৰ ভাই ককাই আৰু বাই ভনী সকলোকে একেলগে বুজাইছে।

  • তোমালোকে মানে তোমাক আৰু তোমাৰ লগৰবোৰক বুজাইছে।
  • কাপোৰবোৰ, - কাপোৰ এখন নহয়, একাধিক, বহুত।
  • গৰুবিলাক মানেও বহুত গৰু।

এনেকৈ, একাধিক সংখ্যা বা পৰিমাণ বুজোৱা পদবোৰ বহুবচনৰ পদ; অৰ্থাৎ আমাৰ, তোমালোকে, কাপোৰবোৰ আৰু গৰুবিলাক পদৰ বহুবচন হৈছে।

আকৌ, তলৰ বাক্যকেইটালৈ মন কৰা হ'ল -

  • আজি আমাৰ ঘৰলৈ মানুহ আহিব।
  • শিক্ষকে ছাত্ৰক পঢ়ায়।
  • গ্ৰন্থমেলাত কি কিতাপ কিনিলা?

ইয়াত প্ৰথম বাক্যত, আমাৰ ঘৰলৈ মানুহ কিমান আহে পদটোৰ পৰা জানিবৰ উপায় নাই; মানুহ এজনো আহিব পাৰে, বেছিও আহিব পাৰে।

দ্বিতীয় বাক্যত, শিক্ষকে ছাত্ৰক পঢ়ায় বোলোঁতে শিক্ষক আৰু ছাত্ৰ এজন এজনো হ'ব পাৰে, বেছিও হ'ব পাৰে। সেইদৰে, তৃতীয় বাক্যত, কিতাপ পদটোৰ পৰাও কিতাপ প্ৰকৃততে এখন নে এখনতকৈ বেছি তাৰ সংখ্যা জনা নাযায়।

এনেকৈ, ব্যক্তি, প্ৰাণী, বা বস্তুৰ সংখ্যা বা পৰিমাণৰ কোনো স্পষ্ট ধাৰণা দিব নোৱাৰে। সেইবাবে বচনহীন বা বচন নিৰপেক্ষ পদ।

পৃথিৱীৰ সৰহ সংখ্যক ভাষাতে একবচন আৰু বহুবচন পোৱা যায়। কিছুমান ভাষাত দুটাক একেলগে বুজোৱা দ্বিবচন এটাও আছে। সংস্কৃত ভাষাত একবচন, দ্বিবচন আৰু বহুবচন - এই তিনিটাকৈ বচন আছে। অসমীয়া, হিন্দী, বাংলা আদি ভাষাবোৰ সংস্কৃতৰ পৰাই ওলাইছে যদিও, এই ভাষাবোৰত দ্বিবচনৰ ৰূপ নাই। অসমীয়াত দুটা একেলগে বুজোৱা শব্দৰ প্ৰয়োগ কৰি দ্বিবচনৰ অৰ্থ প্ৰকাশ কৰা হয়।

তথ্যসূত্ৰ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ব'হাগ বিহুশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ২৫ এপ্ৰিলগাখীৰজুবিন গাৰ্গতোলনি বিয়াশক্তিবিশ্ব স্বাস্থ্য সংস্থাগান্ধাৰীঢ়চিলাৰায়নাৰীবাদহিতেশ্বৰ বৰবৰুৱাকামাখ্যা মন্দিৰসাহিত্যকমলাবাৰী সত্ৰজোনাকী (আলোচনী)হালধীয়া চৰায়ে বাওধান খায় (চলচ্চিত্ৰ)আৱাহন (আলোচনী)বকুল ফুলৰ দৰে (গ্ৰন্থ)বেলিমাৰ (নাটক)আনন্দৰাম ঢেকিয়াল ফুকনযোৰহাট জিলাৱিকিমিডিয়া ফাউণ্ডেশ্যনবৃত্তআন্তৰ্জাতিক শ্ৰমিক দিৱসৰজনীকান্ত বৰদলৈযোৰহাট জিলাৰ ইতিহাসদেওপাহাৰঅষ্ট্ৰেলিয়াঅসমীয়া গীতি সাহিত্যইজৰাইলকানাই বৰশী বোৱা শিলালিপিভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাগুৰু আসনবাজেটসঁফুৰা (শিশু আলোচনী)দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাভাৰতীয় সাহিত্যনীলমণি ফুকন (কনিষ্ঠ)উমানন্দঅসমৰ কুঁহিলা শিল্পবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসবড়ো জনগোষ্ঠীমই আৰু নেফাইয়াত এখন অৰণ্য আছিলসতী সাধনীপৰিৱেশ তন্ত্ৰসমাজতত্ত্ববাংলাদেশঅম্বুবাচীশ্বিলংৰামবিদ্যুৎমাধৱী লতালিখন পদ্ধতিব্যাকৰণভাস্কৰ (প্ৰথম)শেলাইশৰাইঘাটৰ যুদ্ধওজাপালিঅসম আৰক্ষীতৎসমগোৱালপৰীয়া লোকগীতভাৰতীয় ভাষাউদাৰনৈতিকতাবাদইষ্ট ইণ্ডিয়া কোম্পানীঅসমৰ পৰম্পৰাগত খেল-ধেমালিভাৰত ত্যাগ আন্দোলনপুৰাণসাপঅসমৰ চাহ জনগোষ্ঠীমহাভাৰতঈয়াৰুইঙ্গম🡆 More