ডাকৰ বচন

উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত } বা } বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।


অসমৰ প্ৰচলিত ডাকৰ বচন অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য। সাধাৰণ মানুহেও বুজিপোৱাকৈ বৰ্ণোৱা এই যোজনাবোৰে অসমীয়া জনজীৱনৰ লগত খাপ খোৱাকৈ বিভিন্ন বিষয়ত গভীৰ উপদেশ প্ৰদান কৰে। অসমীয়া মানুহে, বিশেষকৈ অতীতত এই বহুচৰ্চিত বাস্তৱিক উপদেশৰ ভাণ্ডাৰৰ ৰচোতাৰ ওপৰত দাৰ্শনিক ব্যক্তিত্ব আৰোপ কৰি তেওঁক ডাকপুৰুষ বোলে। অসমীয়া সাহিত্যত ডাক পুৰুষৰ নামত চলিত বা জড়িত ‘ডাকৰ বচন’ৰূপে প্ৰসিদ্ধ প্ৰৱচনসমূহক আটাইতকৈ প্ৰাচীন এনেধৰণৰ মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হয়। বৰ্তমান যুগ, ভাষা আৰু জীৱন প্ৰসংগ সলনি হোৱাৰ বাবে অনেক ডাকৰ বচনৰ প্ৰয়োগ কমি গৈছে যদিয়ো কিছুসংখ্যক ডাকৰ বচন এতিয়াও প্ৰচলিত আৰু জনপ্ৰিয়। এই বচনবোৰ যুগ যুগ ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। ডাকৰ বচনবোৰত মানুহৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনত পালন কৰিব পৰা কিছুমান পৰামৰ্শমূলক উক্তি, য'ত ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, অৰ্থনীতি, কৃষিনীতি, ৰন্ধন প্ৰক্ৰিয়া, যাত্ৰাৰ ফল, ৰোগৰ বিৱৰণ আদিৰ উল্লেখ আছে।

নামৰ উৎপত্তি

ডাকপুৰুষ এজন সাধাৰণ গাঁৱলীয়া অথচ জীৱনৰ বিষয়ে গভীৰ অনুভৱ থকা ব্যক্তি হিচাপে উত্থাপন কৰা হয়। তেখেত বোলে জন্ম হোৱাৰ সময়ৰে পৰা বাস্তব জ্ঞানৰ অনুভৱশীল ব্যক্তি আছিল। প্ৰচলিত আছে, কেঁচুৱা অৱস্থাতে তেওঁক সেক দিবলৈ মাকে জুই জ্বলাবলৈ লৈ চুঙাৰে ফুৱাই ফুৱাইও নোৱাৰা দেখি মাকক কৈছিল "দীঘলকৈ মাৰিবাঁ ফু, তেতিয়াহে পাবা জুইৰ ভূ।" ডাকবচন বা ডাক প্ৰবচনবোৰৰ সৈতে ডাক, খনা, ডঙ্ক, ভড্ডৰ, ঘাঘ, ভড্ডৰি আদি ব্যক্তিৰ নাম জড়িত। কোনো কোনোৱে আকৌ ডাকাৰ্ণৱ গ্ৰন্থৰ সৈতেও ডাক-প্ৰবচনবোৰৰ সম্পৰ্ক স্থাপন কৰিব খোজে। কিন্তু ডাকাৰ্ণৱৰ বিষয়বস্তু আৰু প্ৰসঙ্গৰ সৈতে ডাকৰ বচনৰ মিল দেখা নাযায়।

জনপ্ৰৱাদত ডাকৰ বচন

ডাকক চতুৰ্থ-ষষ্ঠ শতিকাৰ বৰাহ-মিহিৰৰ সমসাময়িক বুলি ভৱা হয় আৰু বৰপেটা অঞ্চলৰ লোহি বা লোহিডঙৰা তেওঁৰ জন্ম হয় বুলি অনুমান কৰা হয়। জনপ্ৰৱাদ অনুসৰি এক কুমাৰণীৰ ঘৰত ডাকৰ জন্ম হৈছিল। উপজিয়েই মাত(ডাক) দিয়া বাবে তেওঁৰ নাম ডাক হয়। ল’ৰাকালতে ভেঁট ফুল তুলিবলৈ যাওঁতে লগৰ লগৰীয়াই পানীত পেলাই মাৰে। আন এক প্ৰৱাদমতে ডাকে হেনো মাত্ৰ ‘এদিন-এনিশা’লৈ জন্ম গ্ৰহণ কৰিছিল। এনে সামঞ্জস্যহীন প্ৰৱাদৰ পৰা ডাকক ঐতিহাসিক ব্যক্তি বুলি মানিবলৈ টান। সেয়েহে বহু পণ্ডিতে ডাকক এটা কাল্পনিক নাম বুলিয়ে গ্ৰহণ কৰিছে।

ডাকৰ বচন সম্বন্ধে বিভিন্ন মতসমূহ

ডাক শব্দৰ অৰ্থ হ’ল উচ্চাৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা; গতিকে যিবোৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে, সকীয়াই দিয়ে, সিয়ে হয়তো ডাকৰ বচন ৰূপে প্ৰসিদ্ধি লাভ কৰে। আন এক মত অনুসৰি আগৰে পৰা যিবোৰ ৰীতি-নীতিৰ কথা বা জ্ঞানীৰ উপদেশ জনসাধাৰণৰ মাজত ছন্দৰ মাজেদি চলি আহিছিল, সিবোৰকে হয়তো ডাক নামে কাল্পনিক পুৰুষ এজনৰ নামত প্ৰচাৰ কৰা হ’ল। হয়তো চহা জীৱনৰ গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক জ্ঞানৰ কথাবোৰেই ডাকৰ নামত সমাজত প্ৰচলিত হৈছিল। সম্ভৱতঃ এনেও হ’ব পাৰে যে অসমীয়া প্ৰৱচনৱলীৰ বাছকবনীয়া ভাগ ডাকৰ বচনৰূপে খ্যাত হৈছে। বংগদেশৰ বাঙালীসকলে দাবী কৰিছিল যে ডাক আৰু তেওঁৰ প্ৰবচন সমূহ তেওঁলোকৰহে সম্পত্তি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই এই কথা মানি ল'ব নোৱাৰি "বাঁহী"(২য় বৰ্ষ,প্ৰথম সংখ্যা,১৯১০)ত এটা "ডাকৰ পুথি" নামৰ এটি প্ৰবন্ধৰে সেই দাবী নাকচ কৰিছিল।

বৈশিষ্ট্য

ডাকৰ বচনবোৰত কৃষি, বতৰ, ভেষজ বিদ্যা, ৰাজনীতি আদি জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতা, বৰ্হিজগতৰ আৰু মানৱ জীৱনৰ ঘনিষ্ঠ জ্ঞানকে ধৰি সকলো ধৰণৰ বিষয়েই ঠাই পাইছে। পয়াৰ ছন্দত ৰচিত ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্ৰাহিতা আৰু প্ৰকাশিকা শক্তি চমকপ্ৰদ। কি মাটিত খেতি কৰিব লাগে, কেনে গৰু কিনিব লাগে, কেনে মাকৰ ছোৱালী অনা যুগুত, সু-নাৰী, কু-নাৰীৰ লক্ষণ, কেনেকৈ ৰন্ধা-বঢ়া কৰিব লাগে, কেতিয়া কোনফালে যাত্ৰা কৰিব লাগে-নালাগে, শৰীৰ ভালে ৰখাৰ নানা উপায়; এনেধৰণৰ দিহা ডাকৰ বচনবোৰত পোৱা যায়।

নাগৰিক জীৱন বা সভ্যতাৰ আঁচোৰ ডাকৰ বচনত নাই। ৰজাৰ উল্লেখ আৰু ৰাজধৰ্মৰ সামান্য আঁচোৰ কোনো কোনো বচনত চকুত পৰে যদিও ৰজাৰ ওপৰত কোনো গুৰুত্ব ডাকৰ বচনত দিয়া হোৱা নাই। 'ডাক' কথাটি তিব্বতী ভাষাতো প্ৰচলিত; অৰ্থ জ্ঞানী। গতিকে ডাকৰ বচন মানে জ্ঞানীৰ বচন বুলিয়ে ঠাৱৰ কৰিব পাৰি।

বংগদেশৰ খনাৰ বচনৰ লগতো ডাকৰ কেতবোৰ বচনৰ সাদৃশ্য দেখা যায়। জনসাধাৰণৰ মাজত চলা এই বচনবিলাক বিশ্লেষণ কৰিলে অনাখৰি চহা লোকৰো যে সৎ-অসৎ জ্ঞান আছে, ধনী-দুখীয়া নাইবা বলী-নিৰ্বলীৰ মাজত থকা পাৰ্থক্যৰ বোধ আছে তাক আছে তাক উপলব্ধি কৰিব পাৰি।

ডাকৰ বচনৰ সংগ্ৰহ

ডাকৰ জন্ম সম্পৰ্কীয়

  1. লেহী ডঙৰা ডাকৰ গাওঁ।
    সাতশ সাতোটা পুখুৰীৰ নাও॥
  2. লেহীৰ তিৰি পঞ্চৰাগ বুজে।
    ভৈদাৰ দমৰাই বিনা শিঙে যুঁজে॥

কৃষি বিষয়ৰ

  1. পুহত আহু জেঠত শালি
    তেহে জানিবা গৃহস্থালী॥
  2. ষোল্ল চাষে মূলা
    তাৰ অৰ্দ্ধেকে তুলা
    তাৰ অৰ্দ্ধেকে ধান
    বিনা চাষে পাণ॥
  3. আঠীয়াত গোবৰ মনোহৰত জাবৰ
    মালভোগত ছাই পুৰাত সাঁই॥
  4. তিনিশ ষাঠী জোপা ৰুবা কল
    মাহেকে পষেকে চিকুনাবা তল।
    পচলা লাভত খাবা
    লঙ্কাৰ বনিজ ঘৰতে পাবা॥
  5. এহাত এমুঠন কলৰ পোত।
    তেহে চাবা কলৰ গোট॥
  6. বোলন্ত ডাকে ঢিল মাটি পাই।
    কান্ধে নাঙ্গাল ধৰিয়া যাই॥
    মেঘক দেখি হালক বাই।
    জানা শস্যৰ লাভাক পাই॥
  7. নিছিঙাৰ পাণ
    নিদিয়াৰ ধান॥

বিভিন্ন বিষয়ৰ

  1. যদি বৰিসে জল ধাৰে।
    কি কৰিব তাক গণিতি কাৰে॥
  2. তথাপিতো তিথি বাৰক চাই।
    ডাকে বোলে কিচো বোলা জাই॥
  3. আসাঢ়ৰ নৱমি শুক্ল পক্ষত।
    যদি বৰিষে ভূমি তলত॥
  4. হাল ফাল বেচি চিন্তিয়ো দেৱ।
    ৰাজ গৃহত কৰিয়ো সেৱ॥
  5. যদি বৰষে জলৰ কণা।
    ৰঙ্গ কৰি নাচে কৃষক জনা॥
  6. ডাকে বোলে কেনে ধৰণি চহ।
    কঠীয়া নাঙ্গল নষ্ট নকৰহ॥
  7. পৌষ মাসে যদি মেঘ গৰ্জন।
    মাঘ মাহতে মেঘ সোসন॥
  8. চৈত্ৰত কেন্দু ফল নিৰন্তৰ।
    বৈসাগ মাহত পৰে পাথৰ॥
  9. ৰিনি ৰিনি জল পৰে জৈষ্ঠত।
    চাৰি মাহ বৃষ্টি হোৱে লোকত॥
  10. চৈত্ৰৰ চতুৰ্দ্দশি যদি সমতুল।
    ডাকে বোলে বৰ্ষা হোৱে বহুল॥
  11. তিথি বৃদ্ধিয়ে শয্যক নাশে।
    ঋক্ষ বৃদ্ধিয়ে তিল বিনাশে॥
  12. শ্ৰাৱন মাসত ৰোহিনি ঋক্ষত।
    যদি নবৰষে দেৱ।
  13. হাল ফাল বেচি কৰ সব লোক।
    দেৱি মহাদেৱ সেৱ॥
  14. বাৰিষা কালত বেঙ্গৰ ৰাৱ।
    হাল গৰু লৈ পথাৰক যাৱ॥
  15. মাঘত ৰ’দ বহাগত শীত।
    চাৰি মাহে অল্প বৃষ্টি ভূমিত॥

ৰন্ধন প্ৰকৰণ সম্বন্ধীয়

  1. চিত জেৰোৱা চলি কাতি।
    বতা হেঙ্গেৰা খাগৰা মুঠি॥
  2. স্বাস দীৰ্ঘ কৰি দিবা ফু।
    তেহে দেখিবা জুইৰ মু॥
  3. সোকোতাৰ পাত বেসুয়াৰৰ ঝোল।
    তৈলৰ ওপৰে দিয়া তোল॥
  4. পোৰোলা শাক ৰোহিত মাছ।
    ডাকে বোলে সেই ব্যঞ্জন সাচ॥
  5. মাগুৰ মাছক কচি কুটিয়া।
    হালধি মৰিচ হিঙ্গক দিয়া॥
    তৈল লোণ দি কৰিবা পাক।
    এই ব্যঞ্জন সাৰ বোলে ডাক॥
  6. কায়ৈ মাছক কচি কুটিয়া।
    হালধি মৰিচ হিঙ্গক দিয়া॥
    ওলোট পালট কৰিবা পিঠি।
    খাই পাইবা তেবে দৄষ্টি॥
    ( উলট পালট কৰিয়া পিঠ,
    খায়া পাবা ভোজন মিষ্ঠ )
  7. চেঙ্গা চেঙ্গলী জামিৰৰ ৰসে।
    কাহুদি দিয়া জেবে পৰিসে॥
    মুখৰ অৰুচি দূৰক যায়।
    আচোক নৰ দেবো মোহ পাই॥
  8. ইলিহ মাছক কচি কুটিয়া।
    ত্ৰিকুট দিয়া তৈল ভাজিয়া॥
    এই বেঞ্জন যি জনে খাই।
    আম্ৰৰ সদৄশ মুখ গন্ধাই॥
  9. কচ বচ চিতলৰ আদ খান।
    নেমু লোণ দি বুঝি পৰিমাণ॥
  10. আকে খাই পাই সন্তোষ প্ৰচুৰ।
    আন বেঞ্জঁনক ক ৰিব দূৰ॥
  11. চাউল দিবা যেতেক তেতেক।
    পানী দিবা তিনি তেতেক॥
  12. পাগ আহিলে দিবা কাঠি।
    তেবে কৰিবা জুই ভাঠি॥
  13. জেবে নিসিজে চাউল।
    তেবে বুলিবা ডাকক বাউল॥
  14. পকা তেতেলী বুঢ়া বৰালী।
    বিস্তৰ কৰি দিবাহা জালি॥
  15. বাঢ়ি দিবা টেঙাৰ ঝোল।
    খাবৰ বেলা মুণ্ড নোতোল॥

তথ্যসূত্ৰ

Tags:

ডাকৰ বচন নামৰ উৎপত্তিডাকৰ বচন জনপ্ৰৱাদত ডাকৰ বচন সম্বন্ধে বিভিন্ন মতসমূহডাকৰ বচন বৈশিষ্ট্যডাকৰ বচন ৰ সংগ্ৰহডাকৰ বচন তথ্যসূত্ৰডাকৰ বচন

🔥 Trending searches on Wiki অসমীয়া:

অসমৰ মুখা শিল্পঘৰচিৰিকাবকুল ফুলৰ দৰে (গ্ৰন্থ)স্বাধীনতা দিৱস (ভাৰত)ইংৰাজী ভাষাযৌন সংক্ৰামক ৰোগনলিনীবালা দেৱীযৌন সংগমআয়তক্ষেত্ৰপ্ৰাকৃতিক পৰিৱেশপালি ভাষাবাগ্‌ধ্বনিসমাৰ্থক শব্দসত্যনাথ বৰাবহুমূত্ৰ ৰোগভাৰত-আৰ্য ভাষা পৰিয়ালছক্ৰেটিছহোমেন বৰগোহাঞিশিৱসাগৰ জিলাসূৰ্যঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাআৰ্যভট্টনৱকান্ত বৰুৱাৰুদ্ৰেশ্বৰ দেৱালয়ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাঅনাভেদী যৌনক্ৰিয়াঋতুমৈদামবিষুৱ ৰেখাধুবুৰী (লোকসভা সমষ্টি)ফ্লোৰেন্স নাইটিংগেলপথৰুঘাটৰ ৰণমহো-হো উৎসৱআহোম ভাষাখ্ৰীষ্টান ধৰ্মঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅণুবীক্ষণ যন্ত্ৰকমলাকান্ত ভট্টাচাৰ্য্যপাচন তন্ত্ৰঅসমীয়া সাহিত্যত মালিতাসাধুকথামিডিয়াৱিকিমানুহনবীনচন্দ্ৰ বৰদলৈহাজং জনগোষ্ঠীধৰ্মদুৰ্গা পূজাফকৰা যোজনাবিহু নৃত্যকাৰ্বি ভাষাডুবি তাম্ৰলিপি আৰু ছীলগাঁও পঞ্চায়তপায়ু সংগমবাঁহী (আলোচনী)মোগল সাম্ৰাজ্যকেন্দ্ৰীয় শাসিত অঞ্চলসালোক সংশ্লেষণআগ্নেয়গিৰিগোলকীকৰণপৰ্যটনতেজপৰিৱেশ বিজ্ঞাননৰকাসুৰজয়সাগৰ পুখুৰীঅসমৰ জাতীয় গীতব’হাগলোক-নৃত্যআহোম ৰাজবংশচৰাইদেউ জিলামৰাণ জনগোষ্ঠীনাটকযুগ্ম সংখ্যাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাগোপাল কৃষ্ণ গোখলেঅসমীয়া বৰ্ণমালা🡆 More