চৰক পূজা: হিন্দু লোক-উৎসৱ

চৰক পূজা (ইংৰাজী: Charak Puja) পশ্চিমবঙ্গ, বাংলাদেশ আৰু অসমৰ বঙালী অধ্যুষিত অঞ্চলক এক গুৰুত্বপূৰ্ণ লোকোৎসৱ। চ’ত মাহৰ শেষৰ দিনা এই পূজা অনুষ্ঠিত হয় আৰু বহাগৰ দুই তিনিদিন ব্যাপি চৰক পূজাৰ উৎসৱ চলে। ই চ’ত মাহত পালিত শিৱৰ গাজন উৎসৱৰ এক অংশবিশেষ। এই উৎসৱক কেন্দ্ৰ কৰি বিভিন্ন স্থানত মেলা বহে, যাক চৰক সংক্ৰান্তিৰ মেলা বুলি অভিহিত কৰা হয়। ই আছিল বঙালী লোকসমাজৰ সংস্কৃতি। বেছিভাগ উপাসক আছিল নিম্ন বৰ্ণৰ। সেয়েহে এই পূজাত কোনো ব্ৰাহ্মণৰ প্ৰয়োজন হোৱা নাছিল।

চৰক
চৰক
চৰক গছ
পালন কৰে বাংলাদেশ, পশ্চিমবঙ্গ, অসম
প্ৰকাৰ বঙালীসকলৰ ধৰ্মীয় উৎসৱ
তাৰিখ চ’ত মাহৰ শেষ দিনা (এপ্ৰিল)
সংঘটন বাৰ্ষিক

ইতিহাস

লিঙ্গপুৰাণ, বৃহদ্ধৰ্মপুৰাণ আৰু ব্ৰহ্মবৈৱৰ্তপুৰাণত চ’ত মাহত শিৱ আৰধনা প্ৰসঙ্গত নৃত্য-গীত আদি উৎসৱৰ উল্লেখ থাকিলেও চৰক পূজাৰ উল্লেখ নাই। পঞ্চদশ ষোড়শ শতাব্দীত ৰচিত গোবিনানন্দৰ বৰ্যক্ৰিয়াকৌমুদীআৰু ৰঘুনন্দনৰ তিথিতত্ত্বত এই পূজাৰ উল্লেখ পোৱা নাযায়। তথাপিও পাশুপত সম্প্ৰদায়ৰ মাজত প্ৰাচীন কালত এই উৎসৱৰ প্ৰচলন আছিল। উচ্চবৰ্ণৰ লোকৰ মাজত অৱশ্যে এই পূজাৰ প্ৰচলন খুব প্ৰাচীন নহয়। জনশ্ৰুতিমতে ১৪৮৫ খ্ৰীষ্টাব্দত সুন্দৰানন্দ ঠাকুৰ নামে এজন ৰজাই এই পূজাৰ প্ৰথম প্ৰচলন কৰিছিল। কথিত আছে, চ’ত মাহৰ শেষৰ দিনা শিৱ-উপাসক বাণৰজা দ্বাৰাকাধীশ কৃষ্ণৰ সৈতে যুদ্ধত ক্ষত-বিক্ষত হৈ মহাদেৱক সন্তুষ্ট কৰিবলৈ ভক্তিসূচক নৃত্য-গীত আদি আৰু নিজৰ দেহৰ তেজেৰে অভীষ্ট সিদ্ধ কৰে। সেই স্মৃতিত শৈৱ সম্প্ৰদায়ে এই দিনটোত শিৱক সন্তুষ্ট কৰিবলৈ উৎসৱৰ আয়োজন কৰে। এনে ধৰণৰ জনশ্ৰুতিও আছে যে সেই সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰা কৃষকসকলক চ’ত মাহৰ শেষৰ দিনা বৰশীত বিন্ধাই চকৰীত ঘূৰোৱা হৈছিল। এই আচাৰ ১৮৯০ চন মানলৈ প্ৰচলিত আছিল।

আচাৰ অনুষ্ঠান

চৰক পূজাৰ এক বিশেষ অঙ্গ নীলপূজা। পূজাৰ আগদিনা চৰক গছডালক ধুই মচি পৰিষ্কাৰ কৰা হয়। এটা পানীৰে ভৰা পাত্ৰত শিৱৰ প্ৰতীক শিৱলিঙ্গ বা সেন্দূৰেৰে লেপা দীঘল কাঠৰ তক্তা এখন ৰখা হয়, যিটোক বুঢ়াশিৱ বুলি কোৱা হয়। পূজাৰ বিশেষ বিশেষ অঙ্গ হ’ল- কুম্ভীৰৰ পূজা, জ্বলন্ত এঙাৰৰ ওপৰেৰে খোজ কঢ়া, কাঁইট আৰু চুৰীৰ ওপৰত জপিওৱা, শিৱৰ বিয়া, অগ্নিনৃত্য, চৰক গছত ওলোমা, হাজৰা পূজা কৰা আদি।

পূজাৰ ভক্ত বা সন্ন্যাসীসকলে পূজাৰ কেইদিনামান আগৰে পৰা কঠোৰ ব্ৰত আৰু সংযম পালন কৰে। এজনক দীঘল নেজ এডাল লগাই হনুমানৰ দৰে সজোৱা হয়। তেওঁৰ মূৰত থাকে উজ্জ্বল ৰঙা ৰঙৰ ফুল। স্থান বিশেষে ৰামায়ণৰ হনুমানৰ গন্ধমাদন পৰ্বত কঢ়িয়াই অনাৰ দৃশ্য অভিনীত হয়। ইয়াকে কোৱা হয়, ‘গিৰি সন্ন্যাস’। ইয়াৰ পিছত সন্ন্যাসীসকলে মহাসমাৰোহেৰে আমগছৰ এটা ডাল ফলেৰে সৈতে ভাঙি আনে; যাক কোৱা হয় ‘বাবক সন্ন্যাস’। চৰক পূজাৰ আগদিনা নীলচণ্ডিকাৰ বা নীলপূজা অনুষ্ঠিত হয়। এই কেইদিন এটা দলে গাঁৱত ঘূৰি ফুৰে। দলত থাকে এজন শিৱ আৰু দুজন সখি। সখিহঁতৰ ভৰিত থাকে ঘুঙুৰা। তেওঁলোকৰ লগত থাকে ঢোল-কাহ সহ এটা বাদকৰ দল। সখিহঁতে গান-বাজনাৰ তালেতালে নাচে। তেওঁলোকক ‘দেল’ বা নীল পাগলৰ দলো বোলা হয়। তেওঁলোকে ঘৰেঘৰে ঘূৰি ‘গাজন’ৰ গীত গায় আৰু নৃত্যগীত পৰিবেশন কৰে। বিনিময়ত দান হিচাপে যি পোৱা যায়, তাৰে পূজাভাগ কৰা হয়। এদিন পূৰ্বে ৰাতি হাজৰা পূজা হয় আৰু শিৱক উদ্দ্যেশি খিচাৰী আৰু শোলমাছ নিবেদন কৰা হয়। মাজৰাতি শিৱৰ আৰাধনাৰ সময়ত দুই এজন সন্ন্যাসী প্ৰবল বেগেৰে মূৰ জোকাৰি সজ্ঞাহীন হৈ পৰে। এই অৱস্থাক দেৱতাই ভৰ কৰা বুলি কোৱা হয়। এই সময়ত তেওঁলোকে দৰ্শকমণ্ডলীৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু সেয়া অভ্ৰান্ত বুলি বিশ্বাস কৰা হয়। চৰকৰ দিনা সন্ন্যাসীসকলে বিশেষ বিশেষ ফল, ফুল, বাদ্য সহকাৰে নানা ভঙ্গীমাত শিৱপ্ৰণাম কৰে। ইয়াৰোপৰি দেৱতাৰ প্ৰতি অচলা ভক্তি প্ৰদৰ্শনৰ হেতু তেওঁলোকে চোকা লোহাৰ বৰশি, গছৰ কাঁইটৰ ওপৰত জাপ দিয়ে অথবা ভৰি ওপৰলৈ কৰি মূৰ তললৈ দি ওলমি থাকে। আত্মনিৰ্যাতনৰ বাবে তেওঁলোকে আঢ়ৈৰ পৰা চাৰি-পাঁচ ইঞ্চি দীঘল লোৰ শলা গোটেই দিনটো জিভাত বিন্ধাই ৰাখে। সন্ধ্যাৰ আগেআগে পুখুৰীত গৈ সেইটো খুলি পেলায়; যাক কোৱা হয় ‘বাণ-সন্ন্যাস’। পিঠিৰ ছাল ফুটাই এডাল সৰু বেত সুমুৱাই ৰখা আচাৰক কোৱা হয় ‘বেত্ৰ সন্ন্যাস’। চৰক গছত স্থাপন কৰা কাঠৰ চকৰিত পিঠিত লোহাৰ বৰশি ফুটুৱাই ওলমি থাকি চক্ৰকাৰে ঘুৰোৱা হয় আৰু এই প্ৰক্ৰিয়াক কোৱা হয় ‘বৰশি সন্ন্যাস’।

অন্যান্য সংস্কৃতিৰ সৈতে সাদৃশ্য

ভাৰতমহাৰাষ্ট্ৰৰ বগাড় উৎসৱ, চিক্কিম-ভূটানৰ চোৰগ, শ্ৰীলংকাৰ টুককুম, অন্ধ্ৰপ্ৰদেশৰ সিৰিমনু অথবা মেক্সিকোৰ প্ৰাচীন ‘ Danza de los Voladores’ উৎসৱ চৰক পূজাৰ অনুৰূপ। উক্ত উৎসৱ বা অনুষ্ঠানবোৰতো পবিত্ৰ গছত ভক্তসকলত বান্ধি জোৰেৰে ঘূৰোৱা হয়।

গেলাৰী

তথ্য উৎস

Tags:

চৰক পূজা ইতিহাসচৰক পূজা আচাৰ অনুষ্ঠানচৰক পূজা অন্যান্য সংস্কৃতিৰ সৈতে সাদৃশ্যচৰক পূজা গেলাৰীচৰক পূজা তথ্য উৎসচৰক পূজাঅসমঅসমীয়া লোক-সংস্কৃতিইংৰাজী ভাষাচ’তপশ্চিমবঙ্গবঙালী ভাষাবহাগবাংলাদেশশিৱ

🔥 Trending searches on Wiki অসমীয়া:

যতীন্দ্ৰ নাথ দুৱৰাডিগবৈগড়গাঁওসমাজবাদফকৰা যোজনাশালস্তম্ভ ৰাজবংশআওৰাটুক্ৰেশ্বৰী দেৱালয়ভূগোলপ্লেটোপঞ্চভুজজৈৱ বৈচিত্ৰ্যকাৰ্বি আংলং জিলালোকবিশ্বাসসম্ৰাট অশোকআন্তৰ্জাতিক শ্ৰমিক দিৱসমৌখিক ইতিহাসকৃষ্ণকান্ত সন্দিকৈশ্ৰীমদ্ভগৱতগীতাহিউৱেন-চাংজলসিঞ্চনঅসমীয়া কবিতাপ্ৰাকৃতিক পৰিৱেশআমেৰিকা যুক্তৰাষ্ট্ৰউচ্চ ৰক্তচাপগান্ধীবাদৰূপালীমমহেন্দ্ৰ বৰাবিত্তীয় ব্যৱস্থাবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণঅসমৰ সাধুকথাঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫মেলেৰিয়াভীমৰাও ৰামজী আম্বেদকাৰকুলিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঢেঁকীবাথৌ পূজাসন্ধিবিশ্ব স্বাস্থ্য সংস্থামোহনদাস কৰমচান্দ গান্ধীব্যাকৰণপাচন তন্ত্ৰঅসমৰ চাহ জনগোষ্ঠীমৌ-মাখিস্বদেশী আন্দোলনকামৰূপী লোকগীতদৌল গোবিন্দ মন্দিৰলাচিত বৰফুকনঅসমৰ জনগোষ্ঠীসংস্কৃত ভাষাপৰিৱেশ তন্ত্ৰঅসমীয়া গীতি সাহিত্যপাইথেগাৰাছৱিকিপিডিয়াবকুল ফুলৰ দৰে (গ্ৰন্থ)যক্ষ্মাচৰ্যাপদহাজোউত্তৰ-পূব ভাৰতমানৰ অসম আক্ৰমণমিচিং জনগোষ্ঠীৰ সাজপাৰভাৰতীয় মহাকাশ গৱেষণা সংস্থাযোগ দৰ্শনবিশ্বকোষযতি-চিনভাস্কৰ (প্ৰথম)তাল (বাদ্যযন্ত্ৰ)যোৰহাট জিলাৰ ইতিহাসমৰুভূমিঅসমৰ মুখা শিল্প🡆 More